আইতাক মই কিদৰে পঢিবলৈ শিকালোঁ


১। পাঠটো মনোযোগেৰে পঢ়া। পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে আৰু কিয় ভাল লাগিছে কোৱা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। সৰু সৰু দলত ভাগ হোৱা। এতিয়া, প্রতিটো দলৰ সদস্যসকলে পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) দফাটোৰ প্রথম বাক্যটোত উল্লেখ কৰা ‘মই’ শব্দটোৱে কাক বুজাইছে?

উত্তৰঃ দফাটোৰ প্রথম বাক্যটোত উল্লেখ কৰা ‘মই’ শব্দটোৱে লেখকজনক বুজাইছে।

(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?

উত্তৰঃ সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে বাতিপুৱাৰ বাতৰি কাকতখন আবেলি পৰতহে হাতত পাইছিল।

(গ) প্রতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল ।

উত্তৰঃ প্রতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা বাছেৰে আহিছিল।

(ঘ) বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্রহেৰে বাট চাই থকাৰ কাৰণ কি?

উত্তৰঃ বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্রহেৰে বাট চাই থকাৰ কাৰণ হল কাকত-পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ।

এইদৰে পাঠটোৰ প্রতিটো দয়ন পঢ়োৱাৰ পাছত সেই দফাটোৰ পৰা প্রশ্ন সুধিব আৰু লিখিবলৈ দির।

৩। উত্তৰ লিখা।

(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা।

উত্তৰঃ পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম হ’ল কাশীযাত্ৰী।

(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল।

উত্তৰঃ আইতাকে কাকতখন ভাল পাইছিল কাৰণ কাকতখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল।

(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি?

উত্তৰঃ আইতাকে কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল।

৪। পাঠটোত থকা কিছুমান শব্দ বাঁও-ফালে দিয়া হৈছে। সোঁ-ফালে শব্দবোৰৰ অৰ্থ আছে। সৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা। প্রয়োজন হ’লে শিক্ষকৰ সহায় ল’বা।

বাওঁফালেসোঁফালে
স্বচ্ছল    অতিক্রম      উদ্‌গ্রীব
দৃঢ়সংকল্প     অক্ষম    প্ৰচেষ্টা    সিদ্ধান্ত
কঠোৰ পণ, নিশ্চিত সংকল্প।
পাৰ হৈ যোৱা কার্য।
বিশেষ চেষ্টা, যত্ন।
ব্যগ্র, উৎকণ্ঠিত, আগ্রহান্বিত।
নোৱৰা, অপাৰগ।
সুচল অবস্থা, ফটফটীয়া।
নির্ধাৰণ, মীমাংসা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৫। দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাৰ মনৰ দৃঢ়তা প্রকাশ পাইছে, আলোচনা কৰি কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৬। তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?

– “ভাল কামৰ বাবে যদি প্রতিজ্ঞাবদ্ধ হোৱা তেন্তে শতেক বাধা-বিঘিনি অতিক্রম কবি তুমি লক্ষ্যত উপনীত হ’ব পাৰিবা।”

উত্তৰঃ উক্ত কথাষাৰ আইতাক লেখকে তেতিয়া কৈছিল যেতিয়া বাষষ্ঠি বছৰ বয়সীয়া আইতাকে পঢ়িব নোৱাৰিব বুলি সন্দেহ প্ৰকাশ কৰিছিল।

– “যি  শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই  শিক্ষা দান কৰা শিক্ষয়িত্রীক মই কিয়বা সন্মান নকৰিম।”

উত্তৰঃ উক্ত কথাষাৰ আইতাকে শিক্ষয়িত্ৰী শিশু সুধা মূৰ্তিক কৈছিল। আইতাকে সুধাৰ চৰণ স্পৰ্শ কৰা বাবে তেওঁ আচৰিত হোৱাত আইতাকে কথাষাৰ কৈছিল।

৮। উপযুক্ত স্থানত যতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা।

আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ হাঁহি হাঁহি ক’লোঁ বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে হাত-মুখৰ ছাল শোটোৰা- শোটোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম পাৰিব আপুনি 

উত্তৰঃ আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি হাঁহি ক’লোঁ — ‘বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা? আপোনাৰ আটাইবোৰ চুলি পকিছে। হাত-মুখৰ ছাল শোটোৰা-শোটোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধিনি ঘৰৰ কাম ! পাৰিব আপুনি?”

৯। পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা।

উত্তৰঃ বেয়া, অধীৰ, জনপ্ৰিয়, প্ৰবল, স্বচ্ছল।

১০। পাঠটোত থকা যুৰীয়া শব্দবোৰ চিনাক্ত কৰা।

উত্তৰঃ পাঠটোত থকা যুৰীয়া শব্দবোৰ হ’ল-

ককাদেউতা-আইতা, কাকত-পত্ৰ, কাম-কাজ, লুকা-চুৰি, লেখা-পঢ়া, ল’ৰা-ছোৱালী, মনে-প্ৰাণে, শিক্ষা-দীক্ষা, ধন-সম্পত্তি, হাঁহি-হাঁহি, শোটোৰা-শোটোৰ, বাধা-বিঘিনি, ছাত্ৰ-ছাত্ৰী।

১১। তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা।

(ক) ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল।

উত্তৰঃ ৰামে = ৰাম + এ — শব্দবিভক্তি।

সীতাৰ = সীতা + ৰ — শব্দবিভক্তি।

(খ) বনত তেওঁলোকে ফল-মূল খাই জীৱন নির্বাহ কৰিলে।

উত্তৰঃ বনত = বন + অত — শব্দবিভক্তি।

তেওঁলোকে = তেওঁলোক + এ – শব্দবিভক্তি।

খাই = খা + ই — ক্ৰিয়াবিভক্তি।

কৰিলে = কৰ্ + ইল্ + এ — ক্ৰিয়াবিভক্তি।

(গ) চৈধ্য বছৰৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল।

উত্তৰঃ বছৰৰ = বছৰ + ৰ   — শব্দবিভক্তি।

অযোধ্যালৈ = অযোধ্যা + লৈ — শব্দবিভক্তি।

১২। অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা।

উত্তৰঃ দৈনিক অসম, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, আমাৰ অসম,  অসম বাণী, সাদিন, অগ্ৰদূতদ্য, আছাম ট্ৰিবিউন, দ্য টাইমছ অৱ ইণ্ডিয়া ইত্যাদি।

১৩। চাৰি/পাঁচজনীয়া দলত ভাগ হোৱা। প্রতিটো দলে তলৰ যিকোনো এটাৰ বিষয়ে স্থানীয় দৈনিক বাতৰি কাকতত দিবলৈ এটি বাতৰি যুগুত কৰা।

(ক) তোমালোকৰ অঞ্চলত এটা বাঘ ওলাইছে।

(খ) তোমালোকৰ বিদ্যালয়ৰ প্রধান শিক্ষকে বাষ্ট্রীয় পুৰস্কাৰ লাভ কৰিছে।

(গ) এই বছৰৰ গ্ৰন্থমেলাত কেইবাখনো শিশু-উপযোগী পুথি প্রকাশ পাইছে।

(ঘ) বৰষুণৰ পানীয়ে তোমালোকৰ বিদ্যালয়ৰ চৌহদ বুৰাই পেলাইছে।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৪। এখন দৈনিক বাতৰি কাকত এসপ্তাহৰ বাবে ভালদৰে চোৱা আৰু কোন দিনা কি কি শিতান থাকে, সেয়া বাৰৰ নামেৰে সৈতে এখন তালিকা যুগুত কৰা। যেনে-

বাতৰি কাকতৰ নাম: 

বাৰ                                                শিতান
সোমবাৰসম্পাদকীয়সম্পাদকলৈ চিঠিসংবাদ-প্রবাহখেলৰ পৃথিৱীধাৰাৱাহিক গল্প/উপন্যাস
মঙ্গলবাৰ
বুধবাৰ
বিৰস্পতি বাৰ
শুক্ৰবাৰ
শনিবাৰ
ৰবিবাৰ

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------




Post Id: DABP000704