অসমীয়া জনপ্ৰিয় সাথঁৰ 

১) দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে  । 

উঃ ঘড়ী ।

২) শোষক বীৰৰ ভাই , মূৰ দুপিয়াই তেজ খাই  ।

 উঃ তেজপিয়া  ।

৩) তুলা হেন ভাঁহে শিল হেন তল পৰে  ।

 উঃ ভেকুলী ।

৪) পেট আছে পেটু নাই , মুখ আছে জিভা নাই  ।

 উঃ কলহ ।

৫) বাঘ হেন জপিয়াই , কুকুৰহেন বহে  ।

 উঃ ভেকুলী ।

৬) পিটিকিলেই ভাঙে , আফলিয়ালেও নাভাঙে ।

 উঃ ভাত ।

৭) গীত গায় , কথা কয় , মানুহ দুনুহ কোনো নাই  ।

 উঃ ৰেডিয় ।

৮)  আগ তিতা গুৰি মৌ , কি কৰিছা ভাবলি বৌ  ।

 উঃ কুহিঁয়াৰ ।

৯) নদী নলা শুকাই গল , গছৰ আগত পানী ৰস  ।

 উঃ নাৰিকল ।

১০) ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা  ।

 উঃ চোলা  ।

১১) ওপৰৰ পৰা পৰিল ধুম তাৰ কতিত এশ লুম  ।

  উঃ কঠাল ।

১২) কমাৰ ঘৰৰ ভাটি , বতাহ খায় উজান ভাটি  ।

 উঃ নাক ।

১৩) এজোৰ পক্ষী আছে কাকো কোনেওঁ নেদেখি  ।

 উঃ চকু ।

১৪) এক ঠেঙীয়া বগলী , নিতৌ নাচে গধূলি  । 

উঃ বিচনী  ।

১৫) ৰজাৰ ঘৰৰ কালি গাই , ওক পিয়ন দি মৰি যায়  ।

  উঃ কল গছ ।

১৬) বাৰীত কাহে , মাতিলে নাহে  । 

উঃ কুঠাৰ ।

১৭) এক ঠেঙীয়া  বগলী , নিতে আছে গধূলী  । 

উঃ  ধুপ ।

১৮) ৰজাৰ ঘৰৰ কালি গাই ঘাটে ঘাটে পানী খায়  ।

  উঃ বৰশী ।

১৯) উপি উপি উপি বাটতআছে চুপি  ।

 উঃ  চিণাজোক  ।

২০) ঘৰৰ তলত ঘৰ তাতে পৰি মৰ  ।

  উঃ আঁঠুৱা ।

২১) উণ উণ উণ ধৰিবৰ নাই ঠুন  ।

  উঃ কণী ।

২২) বাৰীৰ পিছৰ ৰঙা চৰাই মুখ চাই চাই গালী পাৰে  ।

 উঃ জলকীয়া ।

২৩) আকাশত ঘৰ পাতালত দুৱাৰ ওলাই ওলাই চায় ৰজীৰ কোঁৱৰ  । 

 উঃ টুনিচৰাইৰ বাহ  ।

২৪) সৰগলৈ  নাজাবা সতফুল নখাবা কেচাঁপাতত নাবান্ধিবা লোণ উপজিয়ে লৰমাৰে কোন।

 উঃ জেঠী ।

২৫) খলপা খলপী গাটো, কোৱাচোন কি সেই টোঙাটো  ।

 উঃ ঔটেঙা  ।

২৬) দিনত ভৰি পৰে লৰা-ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। 

উঃ পঢ়াশালি ।

২৭) ওৰে গাত কটা, ভিতৰত বহি মেল কৰে হাজাৰ লোকৰ বেটা। 

উঃ কঁঠাল ।

২৮) গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, ইটো কি নিলাজৰ সঁচ।

 উঃ আনাৰস ।

২৯) চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰে পেট ফুটা।

 উঃ তাঁতৰ খুটা।

৩০) ওপৰৰ পৰা পৰিল ধুম বোলে মাৰ গাটো শুং।

 উঃ বেল ।

৩১) ডোকা কালত আকাশ বোৱা, বুঢ়া কালত তলমুৱা।

 উঃ বাঁহ ।

৩২) খাওঁতে খায় পেটো নভৰে মুখেও নাপায়।

 উঃ উজুটি ।

৩৩) বুড়ীৰ ঘৰৰ ভিজা কঁঠা, সেইখন নহলেই ডাঙৰ লেঠা। 

উঃ জিভা ।

৩৪) নাম শুনিলেই বা মনত পৰিলে জিভাৰ পানী পৰে।

 উঃ টেঙা ।

৩৫) এক ঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।

 উঃ বিচনী ।

৩৬) সাহটো পেলাই বাকলিটো খায়, সেইটোনো কি ফল কোৱাচোন ভাই।

 উঃ ঔ ।

৩৭) তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল।

 উঃ জাকৈ ।

৩৮) নদ নদী শুকাই গল গছৰ ওপৰত পনী ৰল ।

উত্তৰ  নাৰীকল ।
                  
৩৯) ৰজা ঘৰৰ কলি গাই ঘাতে ঘাতে পানী খাই।

 উত্তৰঃ বৰশী ।

৪০) হাবিত কাঁহে ওলাই নাহে।

 উত্তৰঃ  কুঠাৰ ।

৪১) পাত  আছে ডাল নাই, কথা আছে মাত নাই।

 উত্তৰঃ  কিতাপ ।

৪২) বাৰিত থাকিলে সেউজীয়া বজাৰত বেচিলে কলা ঘৰত আনিলে ৰঙা ।
উত্তৰঃ চাহ পাত ।

৪৩) মামাৰ ঘৰৰ বাৰীলৈ গ'লোঁ, ফুল দেখি চমক খালোঁ, ফুললৈ মেলিলো হাত, ফুল গ'ল ওঠৰ হাত।

উত্তৰঃ বৰশী

৪৪)  পুৱাৰ ভাগত চাৰিখন দুপৰীয়া দুখন সন্ধিয়া হলে তেওঁক লাগে ভৰি চাৰিখন তেওঁ বাৰু কোন কৰিছানে মন ।
উত্তৰঃ মানুহ ।

৪৫। বাৰিত কাহে, মাতিলে নাহে।
উত্তৰঃ কোঠা

৪৬। নদ-নদী শুকাই গ'ল, গছৰ আগত পানীৰ ৰল।
উত্তৰঃ নাৰিকল

৪৭।  কলিঙ্গ লিঙ্গ কাটি লৱঙ্গৰ ল লোৱা, ৰান্ধিব নালাগে,  কাটিব নালাগে মজা মাৰি খোৱা।
উত্তৰঃ কল

৪৮। সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে। 
উত্তৰঃ জোন




সংগ্ৰাহকঃ অপূৰ্ব কাকতি