গছ ভালপোৱা ককাৰ খং

ভাল পাঁলো ৰঘুনাথ 
তুমি মোক পুতেৰাৰ
বিয়ালৈ মাতিলা,
পিছে ৰভাখন দিবলৈকে 
আমলখি গছজোপা 
কিয়নো কাটিলা
আলহী-অতিথি যাব
ৰভা নাইকিয়া হব 
বোৱাৰীয়ে ঘৰখন 
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ 
আমলখি গছজোপা 
সহজতে পাবানে ঘূৰাই
দৰাটিক মাতাচোন
এজোলোকা আশীবাদ 
দিওঁ আৰু যাওঁ,
গছজোপা কটা বাবে 
লুচি-ভাজি, ৰসগোল্লা 
একোকে নাখাওঁ।

                                                                    কবি- ভবেন্দ্ৰ নাথ শইকীয়া।
৩) কোৱা আৰু লিখা ।
(ক) কবিতাটোত কাৰ বিয়া কথা কৈছে   
উঃ কবিতাটোত  ৰঘুনাথৰ  লৰাটোৰ বিয়াৰ কথা কৈছে ।


(খ) আমলখি গছজোপা কিয় কাটিলে
উঃ আমলখি  গছজোপা  বিয়াৰ ৰভা দিবলৈ কাটিলে ।

(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে
উঃ বোৱাৰীয়ে আহি  ঘৰখন পূৰাব বুলি কোৱা হৈছে  । 


(ঘ) সহজতে কি বস্ত  ঘূৰাই নাপাব বুলি ককাই কৈছে 
উঃ  সহজতে  আমলখি  গছজোপা ঘূৰাই নাপাব বুলি কৈছে  ।


(৪) কোৱা আৰু লিখা ।
(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল 
উঃ বিয়া খাবলৈ  আহি ককাই যেতিয়া দেখিছিল যে আমলখি গছযোপা কাটি দিলে তেতিয়া ককাৰ খং উঠিছল ।

(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে 
উঃ  বিয়া ঘৰত ককাই আমলখি গছযোপা কাটি দিয়াৰ বাবে একো নেখালে  ।



(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল
উঃ  খং  উঠাৰ  পাছতো  ককাই দৰাক এজোলোকা আশীবাদ দিব বিচাৰিছিল  ।



৫) তলৰ কবিতা ফাকি গদ্যৰুপত লিখা-
আলহী-অতিথি যাব
ৰভা নাইকিয়া হব 
বোৱাৰীয়ে ঘৰখন 
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ 
আমলখি গছজোপা 
সহজতে পাবানে ঘূৰাই
(৬) কবিতাটোৰ মূলভাব লিখা।
৭) বাক্য ৰচনা কৰা ।
এজোলোকা - ৰহিমৰ ককাকে তাক এজোলোকা আশীবাদ দিব বিচাৰিছে  ।
আলহী-অতিথি - বিয়াৰ পাছত ৰাতুলৰ ঘৰৰ পৰা আলহী - অতিথি যাব  ।
আশীবাদ- মিনাই  মাকৰ ওচৰলৈ আশীবাদ বিচাৰি গৈছিল ।
সহজতে - জ্ঞান সহজতে লাভ কৰিব লোৱাৰি ।
ঘূৰাই- ৰামে গীতাক তাইৰ কিতাপ খন ঘূৰাই দিয়া নাই ।
ৰভা- বিয়া সভা আদিত ৰভা দিয়া হৈ  । 
 ৮) ক অংশৰ লগত খ অংশৰ অথৰ মিল থকা শব্দবোৰ আঁচ টানি
মিলোৱা-
ক অংশৰ             খ অংশৰ
ৰভা                       কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিমাণ কৰা চা 
দৰা                         বৰ
গছ                         বৃক্ষ     
ঔছধ                      দৰব 

৯) তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা।
১০) কেৱল বৃক্ষৰোপণ কৰিলেই নহয়,  তাক প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব
- কথাষাৰ দলীয়ভাৱে আলোচনা কৰা আৰু দলৰ এজনে বণনা কৰা ১১) গছ আমাৰ পৰম মিত্ৰ- এই বিষয়টো লৈ শ্ৰেণীত পতা তক প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা।
১২) আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা ।
১৩) কিছুমান গছৰ ফল-ফুল, ডাল-পাত, গা-গছ আদি  আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী । কলগছ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তালিকাখন পূৰ কৰা ।
১৪) সাঁথৰ ভাঙা।
(ক) খাল-বিল শুকাই গল,
        গছৰ আগত পানী ৰল।
উঃ নাৰিকল  ।

(খ) ৰজাৰ লাঠি
      ঘন ঘন গাঁঠি।
উঃ  কুহিঁয়াৰ ।




Post Id: DABP000826


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------