কাৱৈ মাছঃ কাৱৈ মাছ মূলত পতঙ্গভোজী মাছ। শামুক, লালুকী, গৰু বা ছাগলীৰ নাড়ী ভূৰু, চাউলৰ মল, সৰিয়হৰ খলিহৈ আদি খাদ্য হিচাবে দিব পাৰি। উচ্চ মানৰ পেলেট খাদ্য দিব পাৰিলে ভাল ফল পোৱা যায়। দানা ৩০-৩৬% শতাংশ প্ৰ'টিনযুক্ত হ'ব লাগে। কাৱৈ মাছৰ বৈজ্ঞানিক নাম হৈছে এনাবাট টেষ্টুডিনিয়াছ(Anabas testudineus)। ইয়াৰ ইংৰাজী নাম হৈছে ক'ই(Koi) আৰু ই প্ৰচ্ছদ আৰু বাকলিৰ সহায়ত বগুৱা বাই বহু দুৰলৈ যাব পাৰে বাবে ইয়াক ক্লাইম্বিং পাৰ্চ (Climbing perch)বুলি জনা যায়।









 
Post Id: DABP000958