ৰুমীয়া বেগম

  মৰমৰ অভিশাপ  
      

কিমান যে ৰাতি
এনেকৈ পাৰ কৰিছোঁ , 
বুকুত নোপোৱা বেদনা  লৈ
নিদ্ৰাহীন  প্ৰতিটো  ৰাতিত তোমাৰ মোলৈ দিয়া মৰমৰ অভিশাপবোৰ ভাঁহি উঠে দুচকুৰ পাহিত
সাক্ষী আছে মোৰ শিতানৰ গাৰুটি
কিয় জানো,
ভাঙিব ধৰা সপোনটো আকৌ আলফুলকৈ জোৰা লগাব উঠিপৰি লাগিছিলো , 
জানো কৰ পৰা আহিল ধুমুহা এজাক
ভাঙি থৈ গল মোৰ মনৰে পজাটো
বুকুৰ উমেৰে গঢ়া মৰম নামৰ পখিলাজাক উৰি যাবগৈ ,
সৌৱা, তিৰবিৰ আকাশীয়ে মাতিছে, জোনাকীৰ দেশলৈ বুলি ....





Post Id: DABP000975