বৰগীত 


বৰগীত – বৰগীত হ’ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্রীমাধৱদেৱে ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত । মহাপুৰুষ মাধৱদেৱৰ বৰগীতত কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্র প্রতিফলিত হৈছে । এই বৰগীতবােৰৰ ভাষা ব্ৰজাৱলী । বৰগীতসমূহ নির্দিষ্ট ৰাগ আৰু তালত | বন্ধা । এই গীত পৰিৱেশন কৰোঁতে খােল , তাল আৰু মৃদংগ বজোৱা হয় । গীতবােৰ পুৱা , দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গােৱা হয় ।

 মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে । সেয়েহে তাক বৰগীত বুলি কোৱা হয়।

 



সংগ্ৰহ-

সপ্তম শ্ৰেণী অসমীয়া কিতাপ




Post Id: DABP001298