ব্ৰজাৱলী ভাষা


ব্ৰজাৱলী ভাষা ব্ৰজাৱলী ভাষা হ’ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্রীমাধৱদেৱ প্ৰমুখ্যে বৈষ্ণব কবিসকলে ব্যৱহাৰ কৰা এটা ভাষা । ই মৈথেলী , অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হােৱা " এটা ভাষা । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষ ব্যৱহাৰ কৰিছিল । ইয়াৰ অন্য নাম ব্রজবুলি ভাষা । এই ভাষা তেওঁ বৰগীত আৰু অংকীয়া নাট ৰচনাৰ সময়ত ব্যৱহাৰ কৰিছিল। এই ভাষাৰ সমৰূপ ভাষা বাংলা আৰু উৰিষ্যাত প্ৰচলিত থাকিলেও অসমত প্ৰচলিত ব্ৰজাৱলী ভাষা সেইবোৰতকৈ ভিন্ন ধৰনৰ আছিল।


ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল: ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা। খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। গ) ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।



ব্ৰজাৱলী ভাষা অভিধান-



সংগ্ৰহ-
পুৰণি সপ্তম শ্ৰেণী অসমীয়া কিতাপ-২০১৮





Post Id: DABP001297