তেজৰে কমলাপতি

(পুৱা গোৱা বৰগীত)

ৰাগ-শ্যাম

তেজৰে কমলাপতি পৰভাতে নিন্দ ।

তেৰি চান্দ মুখ পেখো উঠৰে গােৱিন্দ ।।

ৰয়নী বিদূৰ দিশ ধৱলি বৰণ ।

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ।।

শতপত্র বিকশিত ভ্ৰমৰ উৰায় ।

ব্রজবধূ দধি মথে তুৱা গুণ গাই ।।

দাম - সুদাম ডাকে তেৰি লৈয়া নাম ।

হেৰ দেখ উঠিয়া আসিল বলৰাম ।।

নন্দ গেল বাথানে গােৱাল গেল পাল ।

ৱিষ্ঠ সুৰভী চাৰিতে লাগে উঠৰে গােপাল ৷৷

ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু ।

সকালে মেলিয়াে বৎস হাম্বালাৱে ধেনু ৷৷

কহয় মাধৱ মাই ! কিনু তপসাইলা ।

ত্রিজগত পতি হৰি ৰাখােৱাল পাইলা ।।


(হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত’ পুথিৰ পৰা লােৱা হৈছে।) 





Post Id: DABP001296