অৰ্থপূৰ্ণ বাক্য় সাজা 


  অ , আ  

১) আঁকোৰ-গজালি - ( একেটা কথাতে লাগি থকা ) ঃ

২) আজলমঠ - ( জানিও একো নজনা ভাও জোৰা ) ঃ

৩) অমাতৰ মাত-  ( শুৱলা মাত) ঃ

৪) অৱালচন্দ- ( কামৰ অযোগ্য) ঃ

৫) অকাজভাগী - ( কামৰ অযোগ্য ) ঃ

৬) অজীণ পাতীক -   (দন্দুৰা) ঃ

৭) অতপালি - ( বৰ দুষ্টালি ) ঃ 

৮) অঘাইত ( বৰ ডাঙৰ ) ঃ

৯) অঘাইতং ( দুষ্ট) ঃ

১০) অনুষ্টুপীয়া - ( সামন্য়ভাৱে) ঃ

১১) অপুদ্ঘাত - ( আচৰিত) ঃ

১২)  অনাই-বনাই - ( কাম নোহোৱাকৈ ঘূৰি ফুৰা ) ঃ

১৩) অলপ ধতুৰা - ( সামান্য সাহ থকা ) ঃ

১৪) অলপ পানীৰ মাছ - ( নিমাখিত ) ঃ

১৫) অহৌ হৌৱা - ( কথা পেটত নথকা ) ঃ

১৬) অচলা ভক্তি - ( স্থিৰভাৱে কৰা ভক্তি ) ঃ

১৭) অবচন বোলা - ( ক'ব নলগীয়া কথা কোৱা ) ঃ

১৮) অতৰচেলাই - ( নিছলা ) ঃ

১৯) অথাই সাগৰ - (ডাঙৰ বিপদ ) ঃ

২০) অপাৰ সমুদ্ৰ - ( মহাবিপদ ) ঃ

২১) অহুকাণে - পহুকাণে - ( ঘুনুক- ঘানাককৈ শুনা ) ঃ 

২২) আবৈয়াল - ( অবুজন ) ঃ

২৩) আপুৰুগীয়া - ( অতি মৰমৰ ) ঃ

২৪) আচহুৱা - ( অচিনাকি ) ঃ 

২৫) আটন্তিয়াৰ - ( চহকী ) ঃ

২৬) আতোল্তোল্ - ( অতি মৰমৰ ) ঃ

২৭) আদ্যোপান্ত - ( আদিৰপৰা  অন্তলৈ ) ঃ

২৮) আটোম টোকাৰি - ( পৰিপাটি ) ঃ 

২৯) আথে -বেথে - ( অতি আদৰেৰে ) ঃ

৩০) আধাকটা - ( নিলাজ ) ঃ

৩১) আধা নাৰ্জি - ( আধা হানি হোৱা ) ঃ

৩২) আভুৱা ভাঁৰ - ( ঠগা ) ঃ 

৩৩) আশাশুধীয়া - ( অকপট ) ঃ 

৩৪) আওমৰমে মৰা - ( অস্বাভাৱিকৰূপে মৰা ) ঃ 

৩৫) আকাশত চাং পতা - ( অস্বাভাৱিক কল্পনা কৰা ) ঃ

৩৬) আলাসুৰ লাডু - ( অতি মৰমৰ ) ঃ 

৩৭) আপুত্ৰৰ পুত - ( পুত্ৰহীনৰ পুত্ৰস্বৰূপে ) ঃ 

৩৮) আলিবাটত চালি ধৰা  - ( কাম-বন নকৰি ধুনু মাৰি ফুৰ ) ঃ

৩৯) আলৈ-আথানি - ( নিৰাশ্ৰয় ) ঃ

৪০) অন্ঠ-কন্ঠ - ( টেঁটুলৈকে ) ঃ 

৪১) আনে-বানে - ( য'তে-ত'তে ) ঃ 

৪২) আউলী-বাউলী - ( শোকত বলিয়াৰ দৰে হোৱা ) ঃ

৪৩) আমন-জিমন - ( মন মাৰি ) ঃ

৪৪) আউল ধৰ - ( ল'ৰা-ছোৱালী ) ঃ 

৪৫) আউল ভাং - ( শৃংখলা লগা ) ঃ

৪৬) আউল লাগ - ( কেৰোণ লগা ) ঃ

৪৭) আচঁলৰ ধন - ( অতি আদৰৰ ) ঃ 

৪৮) আঁঠৱাৰ তলৰ মহ - ( অধীন লোক ) ঃ 

৪৯) আলপৈচান ধৰা - ( সেৱা-শুশ্ৰৃষা কৰা ) ঃ 

৫০) আতঁ মাৰ - ( পৰিপাটিকৈ কৰা ) ঃ

৫১) আঁত লগা - ( আউল ভঙা ) ঃ

৫২) আপোনপেটীয়া - ( স্বাৰ্থপৰ ) ঃ

৫৩) আলেঙে  আলেঙে - ( আঁতৰে  আঁতৰে ) ঃ

৫৪) আলৈ-বিলৈ - ( দুখ-দুৰ্গতি ) ঃ

৫৫) আমা- ডিমা - (নিচেই সৰু ) ঃ

৫৬) অজৌ গছৰ বজৌ গুটি - ( অতি দুষ্ট ) ঃ 


 উ ,ঊ , এ, ও 

১)  উতনুৱা -  ( উদ্ধত ) ঃ

২) উভৈনদী - ( উপচি পৰা ) ঃ

৩) উবুৰি খাই পৰা - ( যথেষ্ট সহায় কৰা ) ঃ

৪) ঊনৈশ বা-বলা - (আনন্দত আত্মহাৰা হোৱা ) ঃ

৫) ওভত গোৰে নচা - ( অতপালি কৰা ) ঃ

৬) উভয় গোৰে নচা - ( অতপালি কৰা ) ঃ

৭) ঊনৈশ-বিশ - ( কম-বেছি ) ঃ

৮) উখল-মাখল - ( খৰ-খেদা কৰাত হুলস্থূল হোৱা ) ঃ

৯) উখনা-উখনি - ( কথাৰ কটা-কাটি হোৱা ) ঃ

১০) উগুল-উখনি - ( কি কৰো ) ঃ

১১) উলহ-মালহ - ( অতিশয় আনন্দ ) ঃ

১২) উদুলি-মুদুলি - ( বহুত মানুহৰ সমাগত হোৱাৰ বাবে হুলস্থূল হোৱা ) ঃ

১৩) উধা-মুখাকৈ- ( গম-পতি নোমোৱাকৈ ) ঃ

১৪) উখা-মুখাকৈ - (নাচাই - নিচিন্তি ) ঃ

১৫) উলা-মুলা - ( সামান্য ) ঃ

১৬) উচ্-পিচ্ - ( থেৰো-গেঁৰো ) ঃ

১৭) উলট্-পালট্ - ( খেলি-মেলি ) ঃ

১৮) এলা-পেচা - ( সামান্য ) ঃ

১৯) একা-চেকা - ( বেগতে খং উঠা ) ঃ

২০) একাদশত বৃহস্পতি - ( সৌভাগ্য উপস্থিত হ ) ঃ

২১) এলাই বাদু - ( অকাজী ) ঃ

২২) ওখোৰা-মোখোৰা - ( ওখ-চাপৰ ) ঃ

২৩) ওভতগোৰে নাচ - ( দেও পাৰ ) ঃ


  ক, খ  

১) কণাৰ লাখুটি - ( একমাত্ৰ সহায় ) ঃ

২) পাণ-বাগৰা - ( ইটোৰ পৰা সিটোৱে শুনা ) ঃ

৩) কাঠৰ কঠুৱা - ( নিৰ্দয় ) ঃ

৪) কাঠ-সংস্কাৰ কৰা - ( মৃতকক দাহ কৰা ) ঃ

৫) কাণ সৰালি মাৰ - ( টলকা মাৰি শুনি থাক ) ঃ 

৬) কাঠচিতীয়া - ( নিষ্ঠুৰ ) ঃ 

৭) খকামকাকৈ - ( নভবা নিচিন্তাকৈ ) ঃ 

৮) খকা-খুন্দা - ( খৰিয়াল ) ঃ

৯) খাই পাত ফলা - ( অশলাগী ) ঃ

১০) খূদুৱনি - ( সন্দেহৰ ভাব ) ঃ

১১) খামি ডাঠ - ( সাহসী ) ঃ

১২) খট্ বান্ধ - ( বাদানুবাদ ) ঃ

১৩) খকৰা মুকুটি - ( মুঠি মাৰি বুঢ়া আঙুলিৰ মূৰেৰে গালত জোৰেৰে কৰা আঘাত ) ঃ

১৪) খদম্দম্ - ( খৰখেদা ) ঃ 

১৫) খণ্ড-পুষ্প - ( খৰতকীয়া ) ঃ



 গ, ঘ 

১) গছত তুলি গুৰি কটা - ( ঠগা ) ঃ

২) গাখীৰেৰে ম'হৰ খুঁটি - ( মহা সুখ ) ঃ

৩) গেলাত টেঙা দিয়া - (কষ্টতে বেছি কষ্ট দিয়া ) ঃ

৪) গা চাই গামোচা - ( যথাযোগ্য বস্তু ) ঃ

৫) গাত জুই জ্বলা - ( বৰকৈ উত্তেজিত হোৱা ) ঃ

৬) গা ধন - ( কন্যাৰ বাবে দৰাৰপৰা লোৱা ধন ) ঃ

৭) গা বাজ - ( চেতনা আহ ) ঃ

৮) গাজত লগা - ( মনত লাগি যোৱা ) ঃ

৯) গোকত - ( অতি বেয়া ) ঃ

১০) গিৰিসাই - ( ততক্ষণাত ) ঃ

১১) গেলা গপ - ( মূল্যহীণ অহংকাৰ ) ঃ

১২) গেৰেউ-গেথেউ - ( সৰহকৈ বা অসমত খাই গা গধুৰ হোৱা ) ঃ

১৩) গেজেৰা মৰা - ( কেটেৰা-জেঙেৰা কৰা ) ঃ

১৪) গোট গৰু - ( মূৰ্খ ) ঃ

১৫) গুটিদিয়েক - ( দুই-এটা ) ঃ

১৬) গোটাচেৰেক - ( দুই-চাৰিটা ) ঃ

১৭) গজ্পুৰীয়া ভেম - ( মিছা ভেম ) ঃ

১৮) ঘমঘণ্ঢ - ( গোলমাল ) ঃ

১৯) ঘাইশাক মৰলীয়া - ( আচল বস্তু ) ঃ

২০) ঘাট-মাউৰা - ( মাক-বাপেক মৰি আশ্ৰয়হীন হোৱা ) ঃ

২১) ঘাৰ মোচৰা খা - ( ডিঙি পাক খা ) ঃ

২২) ঘুনুক-ঘানাক - ( অলপকৈ শুনা ) ঃ

২৩) ঘিট্ঘিটনি - ( বহু লোক বা জন্তুৰ সংগম ) ঃ

২৪) ঘিট্মিট্ - ( ঘোৰ আন্ধাৰ ) ঃ



 চ , ছ , জ 

১) চকুৱেদি সৰিয়হ ফুল দেখা - ( অতি মাৰ খোৱা ) ঃ 

২) চুক-ভেকুলী - ( একো নজনা ) ঃ

৩) চুঙাৰ বাদুলি - ( অনভিজ্ঞ মানুহ ) ঃ

৪) চৰাইৰ কাণে পহুৰ কাণে শুনা - (উৰা-বাতৰিস্বৰূপে শুনা ) ঃ

৫) চিকুটি লাউ বুঢ়া কৰ - ( শত্ৰ্ক সজাগ কৰ ) ঃ

৬) চিলিম ছিগ - ( উপায় নাশ হ ) ঃ

৭) চিকা-চন্দা - ( ভাল-বেয়া বিচাৰ কৰি খোৱা ) ঃ

৮) চকু মেলি চা - ( কৃপাদৃষ্টি কৰ ) ঃ

৯) চাউল উঠ - ( জীৱিকাৰ উপায় নাইকিয়া হ ) ঃ

১০) চাউল মৰ -জীৱিকাৰ উপায় নাইকিয়া হ ) ঃ

১১) চাউল উকলা , চাউল টুটা - ( শেষ-হোৱা ) ঃ

১২) চাউল খাঁ - ( ভোগ কৰ ) ঃ

১৩) চান কাঢ় - ( কোনো বস্তুৰ ভাগ কাঢ়ি লোৱা ) ঃ

১৪) চালি-জাৰি চা - ( ভালকৈ বিচাৰি চা ) ঃ

১৫) চুচুক-চামাক্ - ( লাজুকুৰীয়াভাবে ) ঃ

১৬) চালে-বেৰে কোবোৱা - ( সামঞ্জস্যহীন ) ঃ

১৭) চেলেকা-চুবুৰীয়া - ( অ'ত-ত'ত লগাকৈ ) ঃ

১৮) চেঁচুকৰ ডেমডেউকা - ( অতি আলসুৱা ) ঃ

১৯) চৰখৰিয়াত পৰা - ( বিপদত পৰা ) ঃ

২০) ছেগ মাৰি - ( সুবিধা মতে ) ঃ

২১) ছেগা-চোৰোকা - ( এঠাইত হোৱা , এঠাইত নোহোৱা , মাজে-সময়ে হোৱা ) ঃ

২২) জয়জয়-ময়ময় - ( সকলো প্ৰকাৰৰ উন্নতি হোৱা ) ঃ

২৩) জধামূৰ্খ - ( একো নজনা ) ঃ

২৪) জয়দেউ কাকূতি - ( একাগ্ৰভাৱে কৰা কাকূতি ) ঃ

২৫) জম্জল্ পট্পট্ - ( স্পষ্ট ) ঃ

২৬) জীয়াতু - ( মহাশাষ্টি ) ঃ

২৭) জলাকলা কৰ - ( বৰকৈ কষ্ট দে ) ঃ

২৮) জলাঞ্জলি দি - ( আশা ত্যাগ কৰা ) ঃ

২৯) জাঙুৰ খা - ( খং কৰি উঠ ) ঃ

৩০) জাঙুল খা - ( একে ঠাইতে গোট খোৱা ) ঃ 

৩১) জেঙা মৰা - ( লেঠা মৰা ) ঃ

৩২) জয়ঘণ্টা লৰা - ( অপমান কৰিবৰ কাৰণে বা দুখ দিবৰ কাৰণে চুলিত ধৰি টিলিঙাৰ দৰে জোকাৰা ) ঃ 

৩৩) জয়ঢোল কোবা - ( আনন্দ কৰ ) ঃ

৩৪) জযে জযে - ( সৰ্বপ্ৰথমে ) ঃ



 ট , ঠ , ড , ঢ 

১) টুপাই বুৰ  মাৰ - ( সমূলি আসৈ মাত ) ঃ

২) টটাটিঙা - ( চালাক-চতুৰ ) ঃ

৩) টাটক-নাটক - ( লগনীয়া ) ঃ

৪) টালি বাজি - ( সাৰিবলৈ বিচৰা ) ঃ 

৫) টোকোৰা-পঁজা - ( জুপুৰী ঘৰ ) ঃ

৬) ঠেকত পেলা - ( বিপদত পৰা ) ঃ

৭) ঠেকত পেলা - ( বিপদত পেলা ) ঃ

৮) ঠেৰু ছিগা - ( নিৰাশ্ৰয় ) ঃ

৯) ঠেৰেহা মাৰ  - ( নপকি টান মৰা ) ঃ

১০) ঠেহেৰা - ( কঠুৱাভাৱে ক ) ঃ

১১) ঠেহ পাত - ( ওফোন্দ পাত ) ঃ

১২) ঠোঁটা-মোজা লাগ - ( সামান্য তৰ্কাতৰ্কি কৰা ) ঃ

১৩) ডাল দৰিদ্ৰ - ( অতি দুখীয়া ) ঃ

১৪) ডালে-পাতে কোবোৱা - ( সংগতিহীন ) ঃ

১৫) ডলাৰ বগৰী - ( ঘনাই ঠাই সলোৱা মানুহ ) ঃ

১৬) ডিঙিৰ হাৰমাল - ( এৰিব নোৱৰা আহুকলীয়া ) ঃ

১৭) ঢিমক-ঢামাক্ - ( কম পোহৰ ) ঃ

১৮) ঢক্ ফুট - ( প্ৰকাশ হোৱা ) ঃ

১৯) ঢাঁহি-ঢুঁহি - ( ছিঙি ভাঙি ) ঃ

২০) ঢাপত গজা - ( নিজে নিজে হোৱা ) ঃ

২১) ঢোলৰ লগত টেমেকা - ( ডাঙৰৰ পিছে পিছে ফুৰা সামান্য মানুহ ) ঃ

২২) চৌছিৰা - ( তেনেই ফটা ) ঃ

২৩) ঢৌটোকে ৰৌটো কৰা - ( সামান্য কথাকে ডাঙৰ কৰা ) ঃ

২৪) ঢৌতে খৰ মাৰি - ( কামৰ মাজতো সময় উলিয়াই) ঃ


 ত , থ , দ , ধ , ন  

১) তয়াময়া - ( বৰ ডাঙৰ ) ঃ

২) তল-ওপৰ ( তোলপাৰ, হুলস্থূল ) ঃ

৩) তলা-নলা - ( অনুসন্ধান ) ঃ

৪) তিতা-কেঁহা লগা - ( বেজাৰ লগা ) ঃ

৫) ততাতৈয়াকৈ - ( বেগত, খৰ্ ধৰ্ কৈ ) ঃ

৬) তৰা-নৰা ছিঙা - ( থৰ কাচুতি এৰি ) ঃ

৭) তলে তলে - ( মনে মনে  ) ঃ

৮) তলে পুতল - ( গোপনে কাৰ্য কৰা ) ঃ

৯) থৰক্-বৰক্ - ( থিৰ নোবোৱা , অস্থিৰ ) ঃ

১০) থুনুক-থানাক - ( বুজা-নুবুজা ) ঃ

১১) থৈয়া-নথৈয়া - ( ভয়ানক ) ঃ

১২) থানবান - ( খেলিমেলি ) ঃ

১৩) থিয় দঙা দে - ( অ'ত-ত'ত ধৰি থিয় হ'ব পৰা ) ঃ

১৪) থেৰো-গেঁৰো - ( কি কৰো ) ঃ

১৫) থৌকি-বাথৌ - ( বৰকৈ তল-ওপৰ কৰি থকা ) ঃ

১৬) দোপত দোপে - ( ক্ৰমে ক্ৰমে  ) ঃ

১৭) দেহে-কেহে - ( কায়মনোবাক্যে ) ঃ

১৮) দিহা-পোহা - ( পৰামৰ্শ ) ঃ

১৯) দীঘল দি পৰা - ( সেও হ ) ঃ

২০) দেহা মাৰ - ( কঠোৰ পৰিশ্ৰম কৰ ) ঃ

২১) দীক্চো - ( বহুদূৰ ) ঃ

২২) দোধোৰ মোৰ - ( কোনটো কৰিব ) ঃ

২৩) দূৰতে বিদূৰ - ( নিলগতে আতঁৰ হোৱা ) ঃ

২৪) দূখে কুলাই- পাচিয়ে নধৰা - ( অতিশয় দুখ হোৱা ) ঃ

২৫) ধোঁৱা-খুলীয়া - ( অতি খৰচী লোক ) ঃ

২৬) ধোদৰ পচলা - ( অকামিলা ) ঃ

২৭) ধলপুৱা - ( নিচেই পুৱা ) ঃ

২৮) ধুন-ধুপাল মাৰ - ( পিন্ধি উৰি তমস্কাৰ হ ) ঃ

২৯) ধুম-ধুপাল লাগ - ( বৰকৈ হাই-উৰুমি কৰ ) ঃ

৩০) ধেল ওপঙা দে - ( আধা মৰা হ ) ঃ

৩১) ধোবাং বাং - (বৰকৈ ) ঃ

৩২) ধৰ্ পাকৰ - ( হঠাতে হৈ-চৈ লাগি পৰা ) ঃ

৩৩) নলে-গলে লগা - (পৰম বন্ধু ) ঃ

৩৪) নলগা জেঙাৰ লাগ - ( অযথা  মূৰ পাতি ল ) ঃ

৩৫) নাক কোঁচা - ( ঘিণ কৰা ) ঃ

৩৬) নাম নুমা - ( খ্যাতি নষ্ট কৰা ) ঃ

৩৭) নগুৰ শাস্তি - ( অতিশয় শাস্তি ) ঃ

৩৮)  নমো নমো পাৰিজাত - ( বৰ পবিত্ৰ যেন দেখুওৱা ) ঃ

৩৯) ন দি ক - ( ডাঠি ক ) ঃ

৪০) নপতা ফুকন - ( নিজে নিজে ডাঙৰ বুলি ভবা ) ঃ

৪১) নিমাওমাও - ( মাত বোল নোহোৱা ) ঃ

৪২) নাই-নুই কৰ - ( থাকিও নাই বুলি ক ) ঃ

৪৩) ন দেনায় , ন ধৰ্মায় - ( অনৰ্থক , কোনো কামত নহা ) ঃ



 প , ফ, ব , ৰ ,ভ, ম  

১) পানীৰ মিঠৈ - (কাল্পনিক কথা ) ঃ

২) পাবত গজা - ( মূল নোহোৱা ) ঃ

৩) পোটক তোল - ( প্ৰতিকাৰ কৰ , প্ৰতিফল ল ) ঃ

৪) পোহাৰি চুপতি - ( অৰ্থশূন্য কথা , মূল্যহীন কথা ) ঃ

৫) পৰালি পৰ - ( ক্ষতি হ , শেষ হ ) ঃ

৬) পকা থেকেৰা - ( অতি স্বাস্থ্যৱান ) ঃ

৭) পেঁপুৱা লাগ - ( বিবুদ্ধি হ ) ঃ

৮) পেটৰ পুৱালি - ( নিজৰ যেন ) ঃ

৯) পাল পৰীয়া দিয়া - ( নৰিয়া টান হোৱা ) ঃ

১০) ফুট ল - ( মনে মনে সম্ভেদ ল ) ঃ

১১) ফুটুকাৰ ফেন - ( কামত নহা ) ঃ

১২) ফেপেৰি পাত - ( উভতি ধৰ ) ঃ

১৩) ফেৰ মাৰ - ( প্ৰতিযোগিতা কৰা ) ঃ

১৪) ফেৰ পাত - ( যুঁজিবলৈ সাজু হ ) ঃ

১৫) ফেৰ ধৰ - (হদয়পুষ্ট হ ) ঃ

১৬) ফেৰফেৰীয়া - ( কম পৰিমাণে কিন্তু একেৰাহে বলি থকা ) ঃ

১৭) ফেঁহুজালি দিয়া - ( পুৱতি সময় , দোকমোকালি সময় ) ঃ

১৮) ফৰিংফুটা জোনাক - ( পৰিষ্কাৰ , সুন্দৰ জোনাক ) ঃ

১৯) ফেটী সাপৰ পোৱালি - ( ভৱিষ্যতৰ শক্ৰ ) ঃ

২০)ফেৰিয়া-ফেৰি - ( যুঁজিবলৈ বা বিবাদ কৰিবলৈ উদ্যত হৈ থকা ) ঃ

২১) বাৰে জোৰা দিয়া - ( সজাই-পৰাই কোৱা ) ঃ

২২) বিধি-পথালি - ( বাধা জন্মোৱা ) ঃ

২৩) বিধিৰ লিখন - ( ভাগ্য ) ঃ

২৪) বিনা মেঘে বজ্ৰপাত - ( অকস্মাত হোৱা বিপদ ) ঃ

২৫) বগলী ভকত - ( বাহিৰে সাধু , ভিতৰে অসত ) ঃ

২৬) বাপতি সাহোন - (পৈত্ৰিক সম্পত্তি ) ঃ

২৭) বিনন্দ-বিলাস - ( অতি আৰাম ) ঃ

২৮) ৰং লগাই ক - ( বুজিব পৰাকৈ, জোৰা দি ক ) ঃ

২৯) বাৰে বঙলুৱা - ( নানা ঠাইৰপৰা অহা বিদেশী মানুহ ) ঃ

৩০) বাগি মৰা - ( সাৰিবলৈ চেষ্টা কৰ , দায়িত্ব এৰাবলৈ চেষ্টা কৰ ) ঃ

৩১) বাগি ধৰ - ( ইটোৱে নকৰিলে সিটোৱেও নকৰা ) ঃ

৩২) বাজি মাৰ - ( আৰি মাৰ ) ঃ

৩৩) বাছকবনীয়া - ( অতি উত্তম ) ঃ

৩৪) বিনন্দীয়া - (অতি ধুনীয়া ) ঃ

৩৫) বিৰ্ দি বাট নোপোৱা - ( বহু মানুহৰ সমাগত হোৱা ) ঃ

৩৬) বঢ়া-বচন , বঢ়া-কথা - ( বেয়া ভাষা প্ৰয়োগ কৰা ) ঃ

৩৭) ভেম ধৰ - ( ফিতাহি মাৰ ) ঃ

৩৮) ভেদ ভাং - ( গোপন কথা প্ৰকাশ কৰ ) ঃ

৩৯) ভিকাচন ভাগ - ( জীৱিকাৰ পথ নাইকিয়া হ ) ঃ

৪০) ভিৰাই লৰ মাৰ - ( বেগাই দৌৰা ) ঃ 

৪১) ভোটাকাৰ - (জাকত-জিলিকা ) ঃ

৪২) ভমকা-ফুলীয়া - ( জকমকীয়া ) ঃ

৪৩) মৰ সাহ - ( অতিপাত সাহ ) ঃ

৪৪) মৰণত শৰণ দি - ( প্ৰাণপণে ) ঃ

৪৫) মজা দে - ( কষ্ট দে ) ঃ

৪৬) মজা পা - ( দুখ পা ) ঃ

৪৭) মজা কৰ - ( আৰাম কৰ ) ঃ

৪৮) মৰ জাহ দে - ( জানি-শুনি বিপদ হ'ব পৰা কামত হাত দে ) ঃ

৪৯) মৰে-জীওঁ  সো-আধিকৈ - ( মৰণত শৰণ দি ) ঃ

৫০) মূৰৰ চুলিৰ সমান আয়ুস হ - ( দীৰ্ঘজীৱী হ ) ঃ

৫১) মূৰত আকাশী সৰগ ভাগি পৰ - ( ঘোৰ বিপদ হোৱা ) ঃ

৫২) ম'হতকৈ শিং চৰা - ( চম্ভালিব নোৱৰা ) ঃ

৫৩) মূধাফুটা - ( শিৰ ফুটা ) ঃ

৫৪) মিজিং মাজাং - ( চুচুক-চামাক থকা ) ঃ 


 য , ৰ , ল  

১) যমৰ যাতনা - ( উগ্ৰ শাস্তি ) ঃ

২) যমৰ ঘৰৰপৰা অহা - ( টান নৰিয়াৰপৰা ৰক্ষা পোৱা ) ঃ

৩) যাউতিযুগীয়া -  ( চিৰস্থায়ী ) ঃ

৪) যুগমীয়া - ( চিৰস্থায়ী ) ঃ

৫) যমৰ আগতেল খোৱা - ( অতি দুষ্ট ) ঃ

৬) যমৰ গূ-মূত খাবলৈকে - ( নামটো  ৰাখিবলৈকে ) ঃ

৭) ৰৈ-বৈ যোৱা - ( অশেষ খ্যাতি অৰ্জা ) ঃ

৮) ৰিং মাৰিলে শুনা - ( অলপ আঁতৰতে ) ঃ

৯) ৰসতে নাম থোবা - ( উতসাহ থাকোতেই কাম শেষ কৰা ) ঃ

১০) ৰাংঢালী - (ৰঙত চঞ্চল হৈ থকা ) ঃ

১১) ৰাঁই-জাঁই কৰা - ( দুৰ্বল হোৱা বা বায়ু বৃদ্ধিৰ বাবে মূৰ ঘূৰোৱা যেন লগা ) ঃ

১২) ৰং-চং - ( বাহ্যিক সৌন্দৰ্য ) ঃ

১৩) ৰচকী পখিলা - ( অতিপাত ধুন মাৰি ফুৰা তিৰোতা ) ঃ

১৪) লাংলা থাংথাং - ( বেমেজালি ) ঃ

১৫) লপলপ্কৈ - ( খৰ-ধৰকৈ ) ঃ

১৬) লহ্পহ্কৈ - ( ধুনীয়াকৈ ) ঃ

১৭) লেইলেই-ছেইছেই - ( ঘিণ কৰা ) ঃ

১৮) লেঙপেঙীয়া - ( গা নধৰাকৈ ওখ হোৱা ) ঃ

১৯) লটি-ঘটি - ( অ'লৈত'লৈ গৈ দুখ হোৱা ) ঃ

২০) লোদোৰ-পোদোৰ - ( হৃষ্টপুষ্ট ) ঃ

২১) লৌৱা-লপা - ( মিছলীয়া ) ঃ



  শ , স , হ  

১) শ'লঠকত পৰা - ( সাৰি যাব নোৱাৰাকৈ অসুবিধাত পৰা ) ঃ

২) শঠা-মিতিৰ - ( স্বাৰ্থসিদ্ধিৰ বাবে কপটভাৱে পতা মিতিৰ ) ঃ

৩) শুকান বালি তিওৱা - ( অতি অভাৱী মানুহক সহায় কৰি থাকিবলগা হোৱা ) ঃ

৪) শেনৰ এজাত - ( দুভঁজীয়া কথা ) ঃ

৫) শিৰফুটা - ( প্ৰসিদ্ধ) ঃ

৬) শিলৰ ৰেখা - ( লৰচৰ নোহোৱা ) ঃ

৭) শহাকণীয়া - ( সদায় সৰ্তক হৈ থকা ) ঃ

৮) শাল চকুৱা - ( ভালকৈ নিৰীক্ষণ কৰিব পৰা ) ঃ

৯) শালৰ মাজৰ শিঙি - ( মিলিব নোৱৰা ) ঃ

১০) সাতাম পুৰুষীয়া - ( চিৰকলীয়া ) ঃ

১১) সান্দহ খোৱা বালি তল যা - ( সুবিধা সমূলঞ্চ  নষ্ট হ ) ঃ

১২) সাংগেপাংগে - ( সানমিহলি হৈ ) ঃ

১৩) সময়ৰ শৰ - ( সময়মতে কৰিবলগীয়া কাম) ঃ

১৪) সাৰমৰ্ম - ( মূল কথা ) ঃ

১৫) হৰিভৰ দিয়া - ( সন্মতি দিয়া ) ঃ

১৬) হৰি ভকত - ( অতি মিলনৰ মানুহ ) ঃ

১৭) হেতা-ওপৰা কৰা - ( জোঁটা-পোতা কৰা ) ঃ

১৮) হুৰমুৰ যাত্ৰা - ( ততাতৈয়াকৈ কৰা ) ঃ

১৯) হুৱা দুৱা লগা - ( হাই উৰুমি কৰা ) ঃ

২০) হুল চঁচা - ( অহিত চিন্তা ) ঃ

২১) হাতত সাৰে ভৰিত সাৰে - ( মনে মনে ) ঃ

২২) হুনুবাৰ্তা - (উৰা বাতৰি ) ঃ

২৩) হৰণলুকি দিয়া - ( লুকুওৱা ) ঃ

২৪) হুৰাওৰাৱে - ( উচ্চ শব্দৰে ) ঃ





Post ID: DABP001363