হেৰুৱা সপোন
----------------
 কবি- ৰুমীয়া বেগম


বুকুত এজাক বৰষুণ আছিল ,চকুলো সৰিছিল টোপাটোপে ,বুকুও কঁপিছিল সঘনাই , দেহৰ শিৰে শিৰে বৈ গৈছিল কোনোবা চিনাকি মৰমৰ পৰশ....
উফ.....কি যে আমেজ সেই পৰশত 
দুই ওঁঠৰ পৰশত মৰহি যোৱা চুলিকোছা, লাজত ৰঙা পৰি যোৱা তিকটিকিয়া দুগাল....
এন্ধাৰত ক্ৰমে বৈ যোৱা দুহাতে তোমাৰ 
আবেগত কঁপি উঠা দুই ওঠে মতলীয়া মোৰ মন....
উফ!!😢
এয়া যে মোৰ ভ্ৰম 
এয়া যে মোৰ কল্পনা
এয়া যে মোৰ সপোন , নিমিষতে ভাঙি টুকুৰা টুকুৰ হলগৈ 
সপোনবোৰ সপোন হৈয়ে ৰৈ গল
তোমাক পোৱাৰ আশাবোৰ বুকুতে মাৰ গল
জীৱনে হেতালি খেলিলে
হিয়াখনিও মৰহি গল......





Post Id: DABP001312