ইশ্বৰ

নিচিনো তোমাক        ক'ত আছা প্ৰভু 

আমি অতি সৰু ল'ৰা।

চিয়ঁৰি চিয়ঁৰি        মাতিলে তোমাক 

নামাতা দূৰৈৰ পৰা ।। 

নাজানো তোমাক        মিনতি কৰিব

আমি অতি সৰু ল'ৰা । 

আছানেকি প্ৰভূ        সৰগত তুমি

হই জোন বেলি তৰা ।। 

নুবুজোঁ তোমাৰ        মৰমৰ মাত 

আমি অতি সৰু ল'ৰা । 

ৰিণিকি ৰিণিকি        সুৰ এটি আছে 

জানো ক'ৰবাৰ পৰা ।। 

তথাপি তোমাক        ভাল পাওঁ প্ৰভু 

আমি অতি সৰু ল'ৰা । 

তোমাৰ চেনেহ        দয়াৰ আমাৰ

বুকুখনি থাকে ভৰা ।। 

নোৱাৰাঁ বুজিব        তৌমাৰ মহিমা

আমি অতি সৰু ল'ৰা । 

বিলোৱা হিয়াত        মৰমৰ জেউতি

নিতে আঁতৰৰ পৰা ।