অসমৰ বানপানী
( আৰম্ভনি - বানপানীৰ কাৰণ - প্ৰতিৰোধৰ উপায় সামৰনি )
আৰম্ভনীঃ পানীয়েই প্ৰাণ আৰু প্ৰাণৰূপে পানীৰ আকৃতিক আধাৰ হল নদীসমূহ। আগৰ কালত মানুহে গা-মূৰ তিওৱাৰ পৰা আৰম্ভ কৰি খোৱা-পিয়া পযৰ্ন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল।
নদীৰ পানীয়ে দেশৰ শস্য-মতস্যৰ উতপাদন বঢ়াইছিল। নাৱেৰে নদীয়েদি মানুহে যাতায়ত, বেহাবেপাৰ আদি কৰিছিল আৰু আজিও এনেবোৰ কাৰ্যত মানুহে নদীৰ সুজোগ গ্ৰহণ কৰিয়ে আছে।
নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে-সময়ে আকৌ নদীবোৰ ভয়ংকৰ সুৰ্তি ধাৰণ কৰি প্ৰৱল বানপানীৰে দেয প্লাৱিত কৰি মহা পয়মাল ঘটোৱাও দেখা যায়।
বানপানীৰ কাৰণ ঃ অসম নদীমাতৃক দেশ। মহাবাহু ব্ৰহ্মপত্ৰকে ধৰি নানান নদী-নলাৰে অসমদেশ উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায় পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা বানপনীৰ পৰা মানুহৰ অপকাৰ নহৈ বৰঞ্চ উপকাৰ হে হয়। বানপানীত পোক-পৰুৱা আৰু বেয়া আৱৰ্জনাবোৰ উটি ভাহি যায়। পলস পৰি শস্য়ৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ-পুঠিও বৃদ্ধি পায়। বানপানীৰ সুযোগ লৈ মানুহে নাৱেৰে গৈ দুৰ দুৰণিৰ পৰা কম খৰচতে আৱশ্য়কীয় বস্তু-বাহিনি গোটাই আনিব পাৰে। কিন্তু ই যদি প্ৰৱল হয়, তেন্তে উপকাৰতকৈ অপকাৰ হে হয় বেছি। ১৯৫০ চনৰ ভুঁইকঁপৰ পাছৰে পৰা আমাৰ দেশত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেশা গৈছে।
সম্ভৱতঃ ভুঁইকঁপৰ জোকাৰনিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে-যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। আনহাতে অসমৰ বাৰিষা নিৰ্ভৰ কৰে মৌচুমি বতাহৰ ওপৰত। মৌচুমি বায়ু আগতীয়া হলে বাৰিষা আগতীয়া হয়, শেহতীয়া হলে বাৰিষাও পলমকৈ হয়। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমিৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হলে একেৰাহে ধৰাসাৰে হয়, নহলেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষা আৰম্ভনিৰ পৰা শেহলৈ অগা-পিছাকৈ ৪\৫ বাৰ বানপানী হোৱা দেখা গৈছে। অকাল বাৰিষাই অনিষ্ট কৰে, সেয়ে যদি প্ৰৱলতা হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। পথাৰৰ শস্য় হানিৰ উপৰিও পোহনীয়া গৰু-মহ, হাহঁ-কুকুৰা, ঘৰ-দুৱাৰ, উটি-ভাহি যায়। মানুহ-দুনোহো মৃত্যু-মুখত পাৰে। আগৰ কালতকৈ এতিয়াৰ বানপানীত হোৱা মানুহৰ মৃত্যুৰে লেখ বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আগৰ দিনত বান-পানী প্ৰায় সকলোতে সমানভাৱে হৈছিল। মৌচুমি বতাহৰ অনিয়ন্ত্ৰিত গতি আৰু অপৰিকল্পিত বান্ধ-মথাউৰি আদিৰ বাবে আজি-কালি কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয় আৰু কৰবাত মথাউৰি ভাঙি ,কৰবাত বা আকৌ পানী বন্ধ হৈ আকস্মিক আৰু অস্বাভাবিক ধৰণৰ বানপানী হয়। বান-পানীয়ে আলি-পদূলি, বান্ধ-মথাউৰি আদি ভাঙি বেয়াকৈ অনিষ্ট কৰে। আজি কেইবছৰমানৰ পৰা বানপানীৰ লগে লগে ঠায়ে ঠায়ে প্ৰৱল গৰা-খহনীয়া হৈ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবাখনো গাওঁ-নগৰ নিশ্চিহ্ন হবৰ উপক্ৰম হৈছে।
বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাত আৰু কেৱল বানপানী বিধ্ৱস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণৰ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া, তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হলে তেওঁলোকে চিৰকালৰ কাৰণে দুভাৰ্গ্যৰ কৰাল গ্ৰামত পতিত হয়।
প্ৰতিৰোধৰ উপায়ঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে বান-পাড়ীত লোকৰ সাহায্যাৰ্থে দান-বৰঙনি আগবঢ়ায় যদিওঁ সিয়ে দুৰ্গতি মোচনৰ কাৰণে যথেষ্ট নহয়।
ইফালে বানপানীৰ নিচিনা দুযোৰ্গবোৰ ঘনাই হৈ থাকিলে দেশৰ উন্নয়নমূলক আচঁনি সমূহ বাধাপ্ৰাপ্ত হয়। সেইবাবে সামাজিক সাহায্য়াৰ উপৰিও স্থায়ীভাৱে বান নিয়ন্ত্ৰনৰ ব্য়ৱস্থা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে ততকালীন, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন এই তিনিটা পৰ্যায়ত বানপানী নিয়ন্ত্ৰনৰ নীতিগ্ৰহন কৰিছে যদিও তাৰপৰা অসমে পাবলগীয়া উপকাৰ পোৱা নাই, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে যথাযথ আৰ্থিক সাহায্য় পোৱা নাই। অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্য়ৱস্থা কৰিছে সচাঁ, কিন্তু মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই কোনো নহয় কোনো ঠাই আকস্মিক ভাৱে ভাঙি আৰু কোনো ঠাইত পানী ওলোৱা পথ বন্ধ কৰি হিতে বিপৰীত হোৱাদিহে হৈছে।
অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰন কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন। অৱশ্যে এই কাম সহজসাধ্য় নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হৱ। কিন্তু, এই কাৰ্যৰউপকাৰিতালৈ চাই চৰকাৰে হোঁহোকা-শিছলা কৰাটো উচিত নহব। গংগাৰো মাত্ৰা, মাহীৰো বাৰ্তাৰ নিচিনা একেলগে ইয়াৰ দ্ৱাৰা দুটা কাম সিদ্ধি হব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান-নিয়ন্ত্ৰনৰ দ্ৱাৰা অনাৱশ্য়কীয় ঠাইৰ পৰা পানী উলিয়াই দি আৱশ্য়কীয় ঠাইত যোগান ধৰিব পৰা যাব আৰু জলবিদ্যুত উতপাদন কৰিব পৰা হব। বৰ্তমান অসমত বিদ্যুতৰ চাহিদা অনুযায়ি উতপাদন প্ৰকল্প নায়েই। ভাৰতত অন্য়ান্য় ৰাজ্যত নদী-নিয়ন্ত্ৰনৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্ৰন কৰিব নোৱাৰাৰ কাৰণ একো নাই।
গৰা-খহনীয়া আৰু ভুমিস্খলন প্ৰতিৰোধৰ কাৰণে বুৰুজ, বান্ধ আদিৰ উপৰিও বৃক্ষ-ৰোপনত অধিক মনোযোগ দিব লাগিব। ইয়াৰ পৰাও দুটা উপকাৰ পোৱা যাব। অসমৰ নদীৰ পাৰৰ মাটি শিমলু জাতীয় গছৰ কাৰণে উপযোগী। এই গছ আকৌ জুইশালা তৈয়াৰ কৰাৰ কাৰণে অপৰিহাৰ্য। অসমত ডাঙৰ ডাঙৰ নদীৰ পাৰবোৰত পৰিকল্পিত ভাৱে শিমলু গছ ৰুই দিলে ভূমিস্খলন প্ৰতিৰোধৰ লগে লগে জুইশলা কাৰখানাৰো উপকাৰ হব।
বান-নিয়ন্ত্ৰিত কৰিবলৈ হলে মৌচুমি বতাহৰ গতিও যিমানদুৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগেব। অসমৰ হাবি-বন, পৰ্বত -পাহাৰবোৰ জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষন কৰিবলৈ মৌচুমি বায়ুৰ গতি সুস্থিৰ বহ বুলি আশা কৰিব পাৰি। প্ৰৱল বানপানী আৰু অকাল বানপানী দুয়োটাই অনিষ্টকাৰী। মৌচুমিৰ গতি স্থিৰ হলে কিছু পৰিমানে অকাল বানপানীৰ পৰা হাত সাধিব পৰা যাব পাৰে।
সামৰণিঃ প্ৰকৃতিৰ কোনো বস্ত্উোৱে সম্পুৰ্ণৰূপে ধ্ৱংশ কৰি বা উপকাৰী নহয়। প্ৰাকৃতিক আয়ওলৈ আনি তাৰ কল্যানকৰ গুনক কাৰ্যত লগাব কৃতিত্ৱ। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী-নিয়ন্ত্ৰিত কৰিব পাৰিলে অসম ভাৰতৰ শস্য় আৰু বিদ্যুত-শক্তিৰ ভঁৰাল হোৱাৰ খ্য়াতি লাভ কৰিব বুলি ভবাটো আলক সপোন হব নিশ্চয়।
Mousumi Kalita
MA in Assamese (G.U.)
Check by - Mukesh Borah
16 Comments