১। অসমৰ ৰপ্তানী  বস্তুবোৰ কি কি?

উত্তৰঃ চাহপাত, খনিজতেল, কয়লা, চুনশিল, মৰাপাট, কাঠ, বাঁহ-বেত, সৰিয়হ ।

২। ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ।

উত্তৰঃ ১৭৪৬ চনত।

৩। কাৰেংঘৰ কোনে সজাইঠছিলঃ

উত্তৰঃ ৰাজেসৰ সিংহই।

৪। সদৌ অসম ছাত্ৰ সহাৰ অসমত বিদেশী নাগৰিক বহিকাৰ আদোলন কতিয়া আৰভ হয়।

উত্তৰঃ ইং ১৯৭৯ চনত।

৫। শ্ৰীসূৰ্য্য পাহাৰ ক'ত অৱস্থিত?

উত্তৰঃ গোৱালপাৰা।

৬। অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি?

উত্তৰঃ চিহ্নযাত্ৰা (মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল)

৭। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ তিনিবাৰ।

৮। অসমত চেনীকল কোন কোন ঠাইত আছে?

উত্তৰঃ কামপুৰ, বৰুৱা বামুণ গাঁও, বিশ্বনাথ চাৰিআলি আৰু চাৰগোলা।

৯। অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে?

উত্তৰঃ ৰহাত।

১০। অসমত সুতা কটা কল ক'ত আছে?

উত্তৰঃ জাগীৰোডত।

১১। অসমৰ কোন খন জিলাত মানসিক চিকিসালয় আছে?

উত্তৰঃ তেজপুৰ।

১২। পোৱামক্কা ক'ত অৱস্থিত ?

উত্তৰঃ- কামৰূপ জিলা হাজোত।

১৩। নামদাঙৰ শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ- ১৭০৩ খ্ৰীষ্টাব্দত।

১৪। আমাৰ ৰাজ্যখনৰ নাম অসম কেনেদৰে হ'ল ?

উত্তৰঃ- আহোমসকলে ইয়াত ৰাজত্ব কৰাই পৰা।

১৫। শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত ?

উত্তৰঃ- গোৱালপাৰত ।

১৫। গোঁহাই কমলআলিৰ দিঘল কিমান আছিল ?

উত্তৰ- ৫৬০ কিলোমিটাৰ ।

১৬। বৰ্তমান অসমৰ ৰাজধানী ক'ত ?

উত্তৰঃ- বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ ।

১৭। পুৰণি কামৰূপৰ ৰাজধানী নাম কি আছিল ?

উত্তৰঃ- পুৰণি কামৰূপৰ ৰাজধানী আছিল - প্ৰাগজ্যোতিষপুৰ।

১৮। অসমৰ পুৰণি নাম কি আছিল ?

উত্তৰঃ- অসমৰ পুৰণি নাম আছিল কামৰূপ ।

১৯। অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বদীদ কোন ?

উত্তৰঃ- অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ পিয়লি ফুকন আৰু মণিৰাম দেৱান।

২০। আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল ?

উত্তৰঃ- আহোমসকলে অসমত প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল।

২১। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল ?   

উত্তৰঃ- ল'ৰা ৰজা প্ৰকৃত নাম আছিল- চুলিকফা।

২২। প্ৰচীন কামৰূপৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ- প্ৰাচীন কামৰূপৰ ভাগ ৪ টা । সেইকেইটা হৈছে - কামপীঠ, স্বৰ্ণপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ ।

২৩। অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ?

উত্তৰঃ-  অসমত ১৮৬১ চনত পুলিচ বাহিনী গঠন কৰা হৈছিল 

২৪। আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ- আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল - ৰুদ্ৰসিংহ ।

২৫। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ- মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল।

২৬। অসমলৈ কোনে মান আনিছিল ?

উত্তৰঃ- অসমলৈ বদন বৰফুকনে মান আনিছিল ।

২৭। কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- কোঁচ ৰাজ্য মহাৰাজ বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিল ।

২৮। ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ- ভীস্মক ৰজাই বিৰ্দভ ৰাজ্যত ৰাজত্ব কৰিছিল।

২৯। আহোমৰ কোন ৰাজ কুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া দিছিল ? 

 উত্তৰঃ- আহোমৰ ৰমণী গাভৰু ৰাজ কুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া দিছিল ।

৩০। কোঁচ ৰজা নৰনাৰায়নৰ সেনাপতিৰ নাম কি ?

উত্তৰঃ- কোঁচ ৰজা  নৰনাৰায়নৰ সেনাপতিৰ জনৰ নাম হৈছে চিলাৰায়।

৩১। ঘটোতকচ কোন ৰাজ্যৰ অধিবাসী আছিল ?

উত্তৰঃ- ঘটোতকচ হিড়াম্বাপুৰৰ অধিবাসী আছিল ।

৩২। বাণ ৰজাই ক'ত ৰাজ্ত্ব কৰিছিল ?

উত্তৰঃ- বাণ ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিল ।

৩৩। শিৱদৌলৰ উচ্চতা কিমান ?

উত্তৰঃ- শিৱদৌলৰ উচ্চতা ১০৪ ফুট ।

৩৪। জয়সাগৰ পুখুৰী কেতিয়া খন্দা হৈছিল ?

উত্তৰঃ- জয়সাগৰ পুখুৰী ১৬৯৭খ্ৰীষ্টাব্দত খন্দা হৈছিল ।

৩৫। বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল ? 

উত্তৰঃ- বাণ ৰজাৰ জীয়েকৰ নাম আছিল উষা ।

৩৬। অসমৰ ৰপ্তানী বস্তু কি কি ?

উত্তৰঃ- অসমৰ ৰপ্তানী বস্তু বোৰ নাম হৈছে- চাহপাত, কয়লা, চুণশিল, খনিজতেল, মৰাপাট, কাঠ, সৰিয়হ আৰু বাঁহ-বেত আদি ।

৩৭। অসম কেতিয়া ইংৰাজ হাতলৈ যায় ?

উত্তৰঃ- অসম ইং ১৮২৬ চনত ইংৰাজ হাতলৈ যায় ।

৩৮। কোনে প্ৰাগজ্যোতিষ পুৰত ৰাজত্ব কৰিছিল ?

উত্তৰঃ- মহীৰঙ্গ দানৱে প্ৰাগজ্যোতিষ পুৰত ৰাজত্ব কৰিছিল ।

৩৯। কোন ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ- গদাধৰ সিংহৰ ৰজা দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ।

৪০। অসম কিহৰ বাবে বিখ্যাত ? 

উত্তৰঃ- অসম চাহপাত, খনিজতেল আৰু কাজিৰঙাৰ পৃথিৱী বিখ্যাত এটা খৰ্গৰ বাবে বিখ্যাত ।

৪১। অগ্নিগড় ক'ত অৱস্থিত ?   

উত্তৰঃ- অগ্নিগড় তেজপুৰত অৱস্থিত ।

৪২। দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি ?

উত্তৰঃ- দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হৈছে - নৰকাসুৰ আৰু ভগদত্ত ।

৪৩। আহোমসকলে অসমত কেতিয়া ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰঃ- আহোমসকলে অসমত ১২২৮ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল ।

৪৪। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল ?

উত্তৰঃ- শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল ।        

৪৫। আহোমসকল প্ৰথম আৰু শেষ ৰজা দুজনৰ নাম কি ?

উত্তৰঃ- আহোমসকল প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ ।

৪৬। কোন আহোম ৰজাই প্ৰথমে অসমৰ মাটি জৰীফ কৰাইছিল ?

উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহ ৰজাই প্ৰথমতে অসমৰ মাটি জৰীফ কৰাইছিল ।         

৪৭। কোন আহোম ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ- স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল।

৪৮। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল ?

উত্তৰঃ- পুৰন্দৰ সিংহ ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল।

৪৯। অসমীয়া চুটি গল্পৰ জন কোন ?

উত্তৰঃ- অসমীয়া চুটি গল্পৰ জনকৰ নাম হৈছে- লক্ষ্মীনাথ বেজবৰুৱা।

৫০। আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল ?

উত্তৰঃ- আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম হৈছে- চন্দ্ৰকান্ত সিংহ ।

৫১। অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল ? 

উত্তৰঃ- অসমীয়া নাট্য সাহিত্যৰ জনৰ নাম হৈছে- মহাপুৰুষ শংকৰদেৱ ।

৫২। অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ ভট্ৰদেৱে ৰচনা কৰিছিল।

৫৩। সতী জয়মতী কোন আছিল ?

উত্তৰঃ- সতী জয়মতী আছিল- গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহ মাতৃ। ল'ৰা ৰজাই তেওঁক নিৰ্যাতন কৰি জেৰেঙা পথাৰত হত্যা কৰিছিল।

৫৪। অসমীয়া ভাষাত পোন প্ৰথম ছপা হোৱা বুৰঞ্জীখনৰ নাম কি ? 

উত্তৰঃ- অসমীয়া ভাষাত পোন প্ৰথমে ছপা হোৱা বুৰঞ্জীখনৰ নাম হৈছে- ৰাধানাথ বৰবৰা আৰু কাশীনাথ তামুলী ফুকন ৰচিত "অসম বুৰঞ্জী"                                                                              ৫৫। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ কেইখন আৰু কি কি ?

উত্তৰঃ- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ ৪ খন । সেইকেইখন হৈছে- কীৰ্ত্তন, দশম, ভক্তি ৰত্নাৱলী আৰু নামঘোষা।

৫৬। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ- স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল - লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

৫৭। মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম কি ?

উত্তৰঃ- মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম হৈছে- সপ্তকাণ্ড ৰামায়ন।

৫৮।  অসমৰ প্ৰথম বেৰিষ্টাৰ কোন ?

উত্তৰঃ- অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে- আনন্দৰাম বৰুৱা।

৫৯। কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰঃ- কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল- শত্ৰু দমন।

৬০।দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয় ?

উত্তৰঃ- ১৯৮১ চনৰ ১২ জানুৱাৰীত দীপৰ বিলক পক্ষীৰ অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয়।

৬১। অসমৰ প্ৰথম মহিলা আই এ এছ কোন ?

উত্তৰঃ- পাৰুল দাস অসমৰ প্ৰথম মহিলা আই এ এছ।

৬২। সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম কি ?

উত্তৰঃ- সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম হৈছে- কৃষ্ণকান্ত সন্দিকৈ।

৬৩। অসমত তেলৰ পুং ক'ত ক'ত আছে ?

উত্তৰঃ- অসমত তেলৰ পুং ডিগবৈ, ডুলিয়াজান, নাহৰকটীয়া,মৰাণ, গেলেকী, হুগ্ৰীজান, সোণাৰী, ৰুদ্ৰসাগৰ, লাহোৱাল আদিত।

৬৪। অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম কি ?

উত্তৰঃ- অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম হৈছে- উষা বৰঠাকুৰ।

৬৫। অসমত জুইখলা কাৰখানা ক'ত  আছে ? 

উত্তৰঃ- অসমত জুইখলা কাৰখানা ধুবুৰীত আছে।

৬৬। অসমত সাৰ কাৰখানা ক'ত আছে ?

উত্তৰঃ- অসমত সাৰ কাৰখানা নামৰূপত আছে।

৬৭। অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাওঁ, লালবস্তি          ( তেজপুৰ )

৬৮। অসমত গৰম পানীৰ উহঁ ক'ত আছে ?

উত্তৰঃ-  অসমত গৰম পানীৰ উহঁ গোলাঘাট জিলাৰ নামবৰ হাবিত।

৬৯। অসমত চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে ?

উত্তৰঃ-  অসমত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট আৰু টোকোলাইত।

৭০। অসমত পেট্ৰ' কেমিকেল কমপ্লেক্স ক'ত আছে ?

উত্তৰঃ- অসমত পেট্ৰ'কেমিকেল কমপ্লেক্স নামৰূপত আৰু বঙ্গাইগাওঁত আছে।

৭১। অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম কি ?

উত্তৰঃ- অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম হৈছে- শিলঘাট।

৭২। অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ক'ত ক'ত আছে ?

উত্তৰঃ- অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট, তিনিচুকীয়া, নগাঁও, ডিফু, গুৱাহাটী, তেজপুৰ, বৰপেটা, বঙ্গাইগাঁও।

৭৩। সৈনিক স্কুল অসমৰ কোন ঠাইত আছে ?

উত্তৰঃ- সৈনিক স্কুল অসমৰ গোৱালপাৰা ( মৰনৈ ) আছে।

৭৪। অসমত কৃষি বিশ্ববিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসমত কৃষি বিশ্ববিদ্যালয় যোৰহাট, বিশ্বনাথ চাঁৰিআলি আছে।

৭৫। অসমৰ ক'ত ক'ত পশুচিকিতসা মহাবিদ্যালয় আছে ?

উত্তৰঃ- গুৱাহাটী ( খানাপাৰা ) আজাদ ( উত্তৰ লক্ষীমপুৰ )।

৭৬। কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?

উত্তৰঃ- কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম হৈছে- 'জয়মতী কুঁৱৰী'।

৭৭। প্ৰথম অসমীয়া পি.এইচ. ডি কোন ?

উত্তৰঃ- প্ৰথম অসমীয়া পি.এইচ. ডি ড' ময়দুল ইছলাম বৰা।

৭৮। অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখন কি আছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখনৰ নাম হৈছে- 'বীণ বৈৰাগী'।

৭৮। প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম কি আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম  আছিল- কাৰ্টুনঃ সম্পাদক পুলক গগৈ।

৭৯। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?

উত্তৰঃ- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।

৮০। অসমৰ প্ৰথম মহিলা স্নাতক কোন কোন ?

উত্তৰঃ- অসমৰ প্ৰথম মহিলা স্নাতক আছিল- সুধালতা দুৱৰা আৰু সুখলতা দুৱৰা।

৮১। কোনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল ?

উত্তৰঃ- দেশভক্ত তৰুণ ৰাম ফুকনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল।

৮২। কোনে প্ৰথমে অসমত চাহগছ আৱিস্কাৰ কৰে ?

উত্তৰঃ- মিঃ এ, চি, ব্ৰচে আৱিস্কাৰ কৰিছিল।

৮৩। অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. কোন বাৰু ?

উত্তৰঃ- অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. আনন্দৰাম বৰুৱা। 

৮৪। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ৰাজ্যপাল আছিল- বিষ্ণুৰাম মেধি।    

৮৫। উজনী অসমৰ প্ৰথম স্নাতক কোন আছিল ?

উত্তৰঃ- উজনী অসমৰ প্ৰথম স্নাতক আছিল জগন্নাথ বৰুৱা।

৮৬। প্ৰথম অসমীয়া ৰহস্য কাহিনীৰ লেখক কোন ?

উত্তৰঃ-  প্ৰথম অসমীয়া ৰহস্য কাহিনীৰ লেখক হৈছে- কুমুদেশ্বৰ বৰঠাকুৰ।

৮৭। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল- ফকৰুদ্দিন আলি আহমেদ।

৮৮। কথাছবি নির্মাণ হােৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?        

 উত্তৰঃ- কমলেশ্বৰ চলিহা ৰচিত ৰূপহী । 

৮৯। কেতিয়াৰ পৰা কেতিয়ালৈকে অসমত বঙলা ভাষা চলিছিল ?

উত্তৰঃ- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমত বঙলা ভাষা চলিছিল।

৯০। 'ৰামধেনু'ৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ-  'ৰামধেনু'ৰ প্ৰথম সম্পাদক আছিল- ইন্দ্ৰকমল বৰুৱা।

৯১। প্ৰথম অসমীয়া উপন্যাসৰ নাম কি ?

উত্তৰঃ- প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে- ''ভানুমতি"।

৯২।অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম মহিলা আলোচনীখনৰ নাম কি ?          

উত্তৰঃ- অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম মহিলা আলোচনীখনৰ নাম- হৈছে কমললয়া কাকতি আৰু কনকলতা চলিহা সম্পাদিত "ঘৰ জেউতি''।

৯৩। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ- সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম- যতীন্দ্ৰ নাথ দুৱৰাৰ ''বনফুল''।

৯৪। কোন অসমীয়াই প্ৰথমে চাহখেতি কৰিছিল ?

উত্তৰঃ-  বি.এ জগন্নাথ অসমীয়াই প্ৰথমে চাহখেতি কৰিছিল

৯৫। প্ৰথম অসমীয়া দৈনিক কাকতখনৰ নাম কি ?

উত্তৰঃ- প্ৰথম অসমীয়া দৈনিক কাকতখনৰ নাম হৈছে- ''দৈনিক বাতৰি''।

৯৬। বৰ্তমান অসমৰ জনসংস্যাৰ কিমান ?

উত্তৰঃ-  বৰ্তমান অসমৰ জনসংস্যাৰ ২ কোটি ২২ লাখ ৯৪ হাজাৰ ৫৬২ জন।

৯৭। 'আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ- 'আৱাহনৰ প্ৰথম সম্পাদক আছিল- দীন নাথ শৰ্মা।

৯৮। অসমত কেতিয়া চিকিতসা বিদ্যালয় স্থাপন কৰে ?

উত্তৰঃ- অসমত ১৯০২ চনত চিকিতসা বিদ্যালয় স্থাপন কৰে।

৯৯। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আলোচনী খনৰ নাম কি ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আলোচনী খনৰ নাম হৈছে- অৰুনোদয়।

১০০। অসমত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে ?

উত্তৰঃ- অসমত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ তিতাবৰ,দুধনৈ, নলবাৰী, ৰঙিয়া, মিৰ্জা, ৰহা, ডিব্ৰুগড় আদি।

১০১। জ্ঞানপীঠ বটাঁ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?

উত্তৰঃ- জ্ঞানপীঠ বটাঁ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে- ''মৃত্যুঞ্জয়''।

১০২। কোন অসমীয়াই প্ৰথমে বিজ্ঞানৰ অধ্যয়নৰ বাবে বিলাতলৈ গৈছিল ?

উত্তৰঃ- ডাঃ আওৰঙ্গ শ্বাহ অসমীয়াই প্ৰথমে বিজ্ঞানৰ অধ্যয়নৰ বাবে বিলাতলৈ গৈছিল।

১০৩। কোন অসমীয়া কবিয়ে প্ৰথম পদ্মশ্ৰী উপাধি লাভ কৰিছিল ?

উত্তৰঃ- কবি নলীনি  বালা দেৱীয়ে অসমীয়া কবিয়ে প্ৰথম পদ্মশ্ৰী উপাধি লাভ কৰিছিল।

১০৪। বৰ্তমান অসমৰ মাটিকালি কিমান  ?

উত্তৰঃ- বৰ্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গমিটাৰ।