জীয়াই থাকিবৰ বাবে আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ । যেনে খেতি কৰিবলৈ মাটি , ঘৰ সাজিবলৈ বাঁহ - বেত , কাঠ , খেৰ , শিল - বালি , উশাহ - নিশাহৰ বাবে বায়ু , পিয়াহ পলুৱাবলৈ পানী , জুই জ্বলাবলৈ খৰি , কয়লা আদি । এই আটাইবােৰ বস্তুৱেই প্ৰকৃতিত পােৱা যায় । প্ৰকৃতিত পােৱা সকলােবােৰ সামগ্রী সম্পদ নহয় । প্রকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযােগী কৰি লােৱা হয় তেতিয়াহে তাক প্রাকৃতিক সম্পদ বুলি কোৱা হয় । প্রাকৃতিক সম্পদ বুলিলে ভূ - পৃষ্ঠৰ উপৰিভাগৰ আৰু ভূ - গর্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায় । 

                কিছুমান প্রাকৃতিক সম্পদ যেনে — বায়ু , মাটি , উদ্ভিদ , সৌৰ শক্তি আদি বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় । কাৰণ প্রাকৃতিকভাৱে গছ - গছনি গজি থকাৰ উপৰি মানুহেও সময়ে সময়ে গছ - গছনি ৰােপণ কৰি থাকে । সূৰ্যৰ পৰাও অহৰহভাবে শক্তি আহৰণ কৰিব পৰা যায় । মাটি , বায়ু আদি এবাৰ ব্যৱহাৰ কৰাৰ পিছতাে পুনৰ ব্যৱহাৰৰ সুবিধা থাকে । এনে ধৰণৰ প্রাকৃতিক সম্পদবােৰেই হৈছে নৱীকৰণক্ষম সম্পদ ।

          আনহাতে কিছুমান প্রাকৃতিক সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি হ’বলৈ বহুত সময় লাগে । যেনে খনিজ পদার্থ , কয়লা , খাৰুৱা তেল ইত্যাদি । ভূগৰ্ভত মজুত থকা এইবােৰ প্রাকৃতিক সম্পদ সৃষ্টি হ’বলৈ বহু নিযুত বছৰ লাগে । এইবােৰেই হৈছে অনৱীকৰণক্ষম সম্পদ । অধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ শেষ হৈ যাব পাৰে । অনৱীকৰণক্ষম হােৱাৰ বাবে এইবােৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হােৱাতাে দৰকাৰ ।

বনজ সম্পদ :

         অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ । এই বনাঞ্চলসমূহত বহুতাে মূল্যৱান উদ্ভিদ পােৱা যায় । অসমৰ নামনি অঞ্চলত শাল , চেগুন , গমাৰী , শিশু , আজাৰ আদি মূল্যৱান কাঠ পােৱা যায় । অসমৰ পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাত হােলােং , বনচুম , তিতার্চপা আদি গছ পােৱাৰ উপৰি উত্তৰ কাছাৰ পাহাৰত বিভিন্ন প্রজাতিৰ বাঁহ পােৱা যায় । অসমৰ নৈ - উপনৈসমূহৰ দুয়ােপাৰে খয়েৰ , শিশু , শিমলু , কদম , কৰৈ আদিৰ লগতে নলখাগৰি , খেৰ আদি উদ্ভিদো পােৱা যায় ।

         অসমৰ হাবি বহুসংখ্যক চৰাইৰ বাসভূমি । যেনে- ভাটৌ , মইনা , শগুণ , ফেঁচা , ময়ুৰ , দেওহাঁহ , ধনেশ ইত্যাদি । অসমৰ এটা খড়গৰ গঁড় পৃথিৱী বিখ্যাত । অসমৰ হাবিত পােৱা হাতী , টেকীয়াপতীয়া বাঘ , নাহৰফুটুকী বাঘ , হৰিণা , বন গাহৰি , বনৰীয়া গৰু , ভালুক , বনৰীয়া ম'হ , শিয়াল , হলৌ বান্দৰ , সােণালী বান্দৰ , হ’লক গিবন আদি আপুৰুগীয়া প্রাণী । প্রাণীসমূহ চাবলৈ দেশ - বিদেশৰ পৰা বহুতাে পর্যটক আহে ।

           অসমৰ শাল , চেগুন , তিতাচঁপা , শিশু , কৰৈ আদি উদ্ভিদৰ কাঠ বৰ মূল্যৱান । এই কাঠ আৰু বাঁহ বেতেৰে মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সা - সৰঞ্জাম তৈয়াৰ কৰি লয় । অসমৰ হাবিত বহুতাে ঔষধি গুণযুক্ত উদ্ভিদ পােৱা যায় । অসমৰ হাবিৰ পৰা বৰি , ফল - মূল , ৰবৰ , ঔষধি গুণযুক্ত উদ্ভিদ , খেৰ আদি সংগ্রহ কৰি কিছুমান মানুহে জীৱিকা নির্বাহ কৰে । ব্যৱসায়িক ভিত্তিত অসমত উৎপন্ন হােৱা শাল , চেগুন কাঠ আৰু ঔষধি গুণযুক্ত উদ্ভিদ দেশৰ বাহিৰলৈ পঠিওৱা হয় । এই বনজসম্পদসমূহৰ ওপৰত ভিত্তি কৰি অসমত জুইশলা , গাইউড , কাগজ আৰু ৰেচম আদি উদ্যোগ গঢ়ি উঠিছে । 

জলজ সম্পদ :

          ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্রধান নৈ । এই নৈ দুখনৰ বহুতাে উপনৈ আছে । এই নৈ - উপনৈবােৰত জাহাজঘাট , ফেীঘাট আদি গঢ়ি উঠিছে । এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যােৱা কৰিবলৈ আৰু বস্তু বাহানি কঢ়িয়াবলৈ মানুহে জল পৰিবহণ ব্যৱস্থাৰ সুযােগ গ্রহণ কৰিছে । ব্রহ্মপুত্র নৈত পােৱা শিহু হ’ল পৃথিৱীৰ এবিধ বিৰল প্রজাতিৰ প্রাণী ।

            নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয় । নৈ - উপনৈসমূহৰ বালিৰে ঘৰ দুৱাৰ , ৰাস্তা আদি নির্মাণ কৰা হয় । নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযােগী । ব্রহ্মপুত্র আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপ লাইনৰ সহায়ত জনসাধাৰণক যােগান ধৰা হয় । ভূ - পৃষ্ঠৰ পানীভাগৰ দৰে ভূ - গর্ভৰ পানীভাগাে আমাৰ সম্পদ । ঘৰুৱা কাম - কাজ , খেতিপথাৰ , উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হােৱা কিছু পানী ভূ - গর্ভৰ পৰা আহৰণ কৰা হয় । নৈ - উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল - বিল , পুখুৰী আদি জলাশয়েৰে ভৰা । দীপৰ বিল , চান্দডুবি বিল , চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযােগ্য জলাশয়ৰ উদাহৰণ । বনৰীয়া প্রাণী , চৰাই - চিৰিকটি আদিয়ে এই জলাশয়বােৰৰ পানী খাই পিয়াহ পলুৱায় । নৈ - উপনৈ আৰু খাল - বিল আদি জলাশয়বােৰে মাছৰ চাহিদা চান্দডুবি বিল কিছু পুৰণ কৰে । কিছুমান লােকে মীনপালন কৰিও জীৱিকা নির্বাহ কৰে । নৈ - উপনৈসমূহৰ কাষৰীয়া অঞ্চলত সৃষ্টি হােৱা ঘাঁহনিয়ে ওচৰ - পাজৰৰ হেজাৰ - বিজাৰ গৰু - ম'হক খাদ্যৰ যােগান ধৰে । নৈ উপনৈৰ চৰ - চাপৰি অঞ্চলবােৰত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ শাক - পাচলিৰ খেতি হয় । সাধাৰণতে নগৰ - চহৰৰ ব্যস্ত জীৱনৰ পৰা আঁতৰি মানুহে কেতিয়াবা প্ৰকৃতিৰ সান্নিধ্যত কটাবলৈ ভাল পায় । সেইবাবে জলাশয়সমূহৰ ওচৰে - পাজৰে শীতকালত মানুহে বনভােজ খাবলৈ যায় ।

           নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয় । নৈ - উপনৈসমূহৰ বালিৰে ঘৰ দুৱাৰ , ৰাস্তা আদি নির্মাণ কৰা হয় । নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযােগী । ব্রহ্মপুত্র আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপ লাইনৰ সহায়ত জনসাধাৰণক যােগান ধৰা হয় । ভূ - পৃষ্ঠৰ পানীভাগৰ দৰে ভূ - গর্ভৰ পানীভাগাে আমাৰ সম্পদ । ঘৰুৱা কাম কাজ , খেতিপথাৰ , উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হােৱা কিছু পানী ভূ - গর্ভৰ পৰা আহৰণ কৰা হয় । নৈ - উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল - বিল , পুখুৰী আদি জলাশয়েৰে ভৰা । দীপৰ বিল , চান্দডুবি বিল , চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযােগ্য জলাশয়ৰ উদাহৰণ । বনৰীয়া প্রাণী , চৰাই - চিৰিকটি আদিয়ে এই জলাশয়বােৰৰ পানী খাই পিয়াহ পলুৱায় । নৈ - উপনৈ আৰু খাল - বিল আদি জলাশয়বােৰে মাছৰ চাহিদা কিছু পুৰণ কৰে । কিছুমান লােকে মীনপালন কৰিও জীৱিকা নিবাহ কৰে । নৈ - উপনৈসমূহৰ কাষৰীয়া অঞ্চলত সৃষ্টি হােৱা ঘাঁহনিয়ে ওচৰ - পাজৰৰ হেজাৰ - বিজাৰ গৰু - ম'হক খাদ্যৰ যােগান ধৰে । নৈ উপনৈৰ চৰ - চাপৰি অঞ্চলবােৰত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ শাক - পাচলিৰ খেতি হয় । সাধাৰণতে নগৰ - চহৰৰ ব্যস্ত জীৱনৰ পৰা আঁতৰি মানুহে কেতিয়াবা প্রকৃতিৰ সান্নিধ্যত কটাবলৈ ভাল পায় । সেইবাবে জলাশয়সমূহৰ ওচৰে - পাজৰে শীতকালত মানুহে বনভোেজ খাবলৈ যায় । 

 কৃষিজাত সম্পদ  :

           মাটিৰ গুণাগুণ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয় । গ্রীষ্মকালত অসমত যথেষ্ট বৰষুণ হয় । এইসময়ত ধান , মৰাপাট , লাউ , জিকা , ভােল , কোমােৰা আদিৰ খেতি কৰা হয় । আনহাতে শীতকালত বৰষুণ কম হােৱা বাবে ঘেঁহু , গােমধান , সৰিয়হ , আলু , ফুলকবি , বন্ধাকবি , গাজৰ , নেমু , বীন আদিৰ খেতি কৰা হয় । অসমত মাটিকঁঠাল , কুঁহিয়াৰ , মধুৰিআম , লিচু , কল , কমলা আদি ফল - মূলৰ উপৰি মাহজাতীয় শস্য , বিভিন্ন প্রকাৰৰ শাক , তামােল - পাণ আদিৰাে খেতি কৰা হয় । চাহ অসমৰ প্রধান ৰােপণ খেতি । ইয়াৰ উপৰি কফি , ৰবৰ আদিৰ খেতিও কৰা হয় । মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযােগী বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয় ।

কয়লা :

           বহু নিযুত বছৰৰ আগতে পৃথিৱীখন গছ - গছনিৰে ভৰা জলাহভূমি আছিল । সেইসময়ত হােৱা প্রাকৃতিক দুর্যোগৰ ফলত এই গছ - গছনিবােৰ ভূ - গর্ভৰ বহু তললৈ গৈ পােত গৈছিল । এই পােত যােৱা গছ - গছনিবােৰৰ ওপৰত তৰপে তৰপে বােকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল । ভূ - গর্ভৰ তলিত পােত যােৱা এই গছ - গছনিবােৰ লাহে লাহে ভূ - পৃষ্ঠৰ প্রচণ্ড চাপ আৰু ভূ - গর্ভৰতাপৰ প্রভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল । প্রকৃতিত পােৱা সবাতােকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম ।

           অসমৰ মাকুম , লিডু , মাৰ্ঘেৰিটা , জয়পুৰ আদিত কয়লা পােৱা যায় । মাকুমৰ কয়লা খনি অতি পুৰণি । কার্বিপাহাৰৰ কয়লাজান , শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পােৱা যায় । কয়লা খনিত কাম কৰি বহুতাে মানুহে জীৱিকা নির্বাহ কৰে । কিন্তু কেতিয়াবা কয়লা খনিৰ পৰা অবৈজ্ঞানিক প্রণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ পাজৰৰ পৰিৱেশ প্ৰদূষিত হােৱা দেখা যায় ।

খাৰুৱা তেল :

              বহু নিযুত বছৰৰ আগতে সাগৰ - মহাসাগৰ  আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্রাণীবােৰৰ মৃত্যু হােৱাৰ পিছত সাগৰ - মহাসাগৰৰ বহু তললৈ গৈ বােকাৰ মাজত পােত গৈছিল । এই  মৃত উদ্ভিদ আৰু প্রাণীবােৰেই ভূ - পৃষ্ঠৰ প্রচণ্ড চাপ , ভূ - গর্ভৰ তাপ আঁৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্রাকৃতিক গেছলৈ পৰিণত হয় । খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্রাকৃতিক গেছ গেছীয় অৱস্থাত থাকে । খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতাে পােৱা যায় । সাগৰৰ তলিৰ নিচিনা ভূ গর্ভতাে খাৰুৱা তেল পােৱা যায় । অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ’ল নাহৰকটীয়া , হুগ্ৰীজান , মৰাণ , ৰুদ্ৰসাগৰ , গেলেকী , লাকুৱা আদি ।

       ভূ - গভৰ পৰা আহৰণ কৰা খাৰুৱা তেলসমূহ শােধনাগাৰত শােধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি । শােধনাগাৰত তেল শােধন কৰি পেট্রল , ডিজেল , কেৰাচিন , নেথেলিন , মম আদি পৃথক কৰা হয় । অসমৰ ডিগবৈ , নুনমাটি , বঙাইগাঁও আৰুনুমলীগড়ত তেল শােধনাগাৰ আছে । শােধনাগাৰত তেল শােধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযােগে কিছু অংশ অসমৰ বাহিৰলৈও পঠিওৱা হয় । খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে । খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছুসংখ্যক উদ্যোগ গঢ়ি উঠিছে । খাৰুৱা তেল আহৰণৰ ফলত ক্রমান্বয়ে ভূ - গভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে । সেয়েহে ইয়াৰ মিতব্যয়ী ব্যৱহাৰৰ অতি প্রয়ােজন ।

 চোণশিল :

           চূণশিল অসমৰ আন এবিধ খনিজ সম্পদ । ডিমা - হাছাও জিলাৰ উমৰাংছু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু ডিলাই পাহাৰত চূণশিল পােৱা যায় । বিলাতী মাটি প্রস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয় । বােকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চূণশিল ব্যৱহাৰ কৰা হয় । চুণশিলৰ পৰা চকপেঞ্চিল , দাঁত ঘঁহা দ্ৰৱ , ৰং আদি প্রস্তুত কৰা হয় ।

           প্রাকৃতিক সম্পদবােৰ আমাৰ ৰাজ্যত মজুত থকাৰ বাবে এইবােৰৰ ব্যৱহাৰ সহজসাধ্য হে এই সম্পদবােৰে আমাৰ দেশক ঔদ্যোগীকৰণত সহায় কৰি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰি কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ - বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ আমাৰ ৰাজ্যখন অর্থনৈতিকভাৱে লাভান্বিত হৈছে । এই প্রাকৃতিক সম্পদবােৰৰ সঠিক ব্যৱহাৰ কৰ সকলােৰে বাবে কাম্য ।