অসমৰ ঠায়ে ঠায়ে বিভিন্ন দৌল , দেৱালয় , সত্ৰ , মঠ-মন্দিৰ , মছজিদ আদি আছে । এইবোৰ হ'ল কামৰূপৰ নৱগ্ৰহ, কামাখ্য়া , উমানন্দ, পোৱামক্কা , হয়গ্ৰীৱ-মাধৱ মন্দিৰ আদি । শিৱসাগৰ জিলাৰ শিৱদৌল, জয়দৌল ইত্য়াদি । যোৰহাট জিলাৰ মাজুলীৰ আউনীআটি , দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ । ধুবুৰীৰ টেগবাহাদুৰ গুৰুদ্বাৰ, পাণবাৰীৰ মিৰজুমলাৰ মছজিদ, দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভূৱন পাহাৰৰ মন্দিৰ আদি আছে । এইবোৰো আমাৰ ঐতিহ্য়ৰ প্ৰতীক।