পুৰণিকালৰে পৰা অসমীয়া সমাজত কিছুমান ৰীতি -নীতিৰ প্ৰচলন হৈ আহিছিল । কিছুমান কাম - কাজ বা নীতি-নিয়ম বহুদিনৰ পৰাই ধাৰাবাহিকভাৱে চলি আহিছিল । এই ৰীতি- নীতিবোৰে সমাজখন শৃংখলাবদ্ধভাৱে চলিবলৈ  সহায় কৰে । যেনে- ঘৰলৈ আলহী আহিলে তামোল- পাণ আৰু চাহ - জলপান আগবঢোৱা , পৰিয়ালৰ জ্য়েষ্ঠজনক সন্মান কৰা , কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতিপথাৰত চাকি জ্বলোৱা আদি । অসমৰ স্থানীয় ভাষা অসমীয়া । ইয়াৰ উপৰি অসমত বিভিন্ন জনজাতীয় ভাষা আৰু হিন্দী, বাংলা, নেপালি আদি ভাষাও প্ৰচলন হৈ আছে । অসমীয়া ভাষাত বিভিন্ন জনজাতীয় ভাষাসমূহৰ শব্দ সোমাই আছে । অসমীয়া সাহিত্য়ই লিখিত ৰূপ পোৱাৰ আগতে নানা গীত-পদ, ফঁকৰা- যোজনা, সাঁথৰ , সাধুকথা আদি লৌকিকভাৱে চলি আহিছে । 

       কোনো এটা জাতিৰ সাজ-পাৰে সেই জাতিটোৰ সংস্কৃতিৰ পৰিচয় দিয়ে । অসমত বাস কৰা বিভিন্ন জাতি আৰু জনজাতিসকলৰো নিজা নিজা সাজ-পাৰ আছে । সাধাৰণতে অসমৰ  মহিলাসকলে ৰিহা , মেখেলা , চাদৰ আদি পিন্ধে । পুৰুষে ধূতি , চেলেং - চাদৰ , কুর্তা আদি পিন্ধে । জনজাতীয় লােকসকলৰাে নিজৰ নিজৰ সাজ - পাৰ আছে । তেওঁলােকৰ সাজ - পাৰ সাধাৰণতে উজ্জ্বল ৰঙৰ হয় । যুগৰ লগতে মানুহৰ সাজ - পাৰৰাে পৰিৱৰ্তন ঘটে , সেয়েহে আজিকালি পুৰুষে লং - পেন্ট , চার্ট , পাইজামা আৰু মহিলাসকলে শাৰী , চুৰিদাৰ আদিও পৰিধান কৰা দেখা যায় ।

          অসমীয়া সমাজত আ - অলংকাৰৰ গুৰুত্ব অতি বেছি । বিবাহ , নৃত্য , উৎসৱ - পার্বণ আদিত আ অলংকাৰৰ ব্যৱহাৰ কৰাটো পৰম্পৰা । অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা কিছুমান আ অলংকাৰ হ’ল — কেৰু , জোনবিৰি , ঢােলবিৰি , গামখাৰু , লােকাপাৰ , খােপাফুল , কাণফুল , গলপতা , আঙঠি , থুৰীয়া , ডুগডুগী , নাকফুল আদি ।

          বিহু অসমীয়াৰ জাতীয় উৎসৱ । সেইবাবে জাতি - ধর্ম নির্বিশেষে সকলাে অসমীয়াই বিহু উৎসৱ পালন কৰে । জাতীয় উৎসৱৰ মাজেৰে জাতিৰ সভ্যতা - সংস্কৃতিৰ প্রতিফলন হয় । অসমৰ জাতীয় উৎসৱ বিহু কৃষিভিত্তিক হােৱা বাবেই অসমৰ সকলাে জনজাতিয়েই এই বিহু পালন কৰে । অৱশ্যে জনজাতিসমূহৰ কিছুমান নিজস্ব পৃথক ৰীতি - নীতি থাকে আৰু বিহু কেইটা সামান্য পৃথকভাৱে পালন কৰে । বড়ােসকলে বৈশাগু আৰু খেই পূজা পালন কৰে । কার্বিসকলেংকাৰ আৰু হেচ্ছা , মিচিংসকলে আলি - আই - লিগাং পালন কৰে । ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাব্রা আৰু হানিগাব্রা ৰাভাসকলে বাইখাে , দেউৰীসকলে বৈশাগীত আদি উৎসৱ পালন কৰে । এই সকলােবােৰ উৎসৱ কৃষিৰ লগত জড়িত । ইয়াৰ উপৰি অসমত কিছুমান ধর্মীয় আৰু সামাজিক উৎসৱাে পালন কৰা হয় ।

          অসমৰ প্রচলিত নৃত্য - গীতসমূহৰ ভিতৰত জিকিৰ , মহখেদা গীত , নাও খেলৰ গীত , বিহু গীত , হুঁচৰি , দেউৰী নৃত্য , ঝুমুইৰ নৃত্য , খেৰাই নৃত্য , দেওধনী নৃত্য আদি । এই নৃত্য গীতসমূহৰ লগত সাধাৰণতে ঢােল , পেঁপা , গগনা , টকা , চিফুং , সূতলী , খােল , তাল , দোতােৰা , বাঁহী , শিঙা , বীণ , টোকাৰী আদি বাদ্যযন্ত্র ব্যৱহাৰ কৰা হয় ।

         অসমীয়া সংস্কৃতিৰ আন দুবিধ নৃত্য হ’ল— পুতলা নাচ আৰু ওজাপালি । পুতলা নাচৰ সহায়ত ৰামায়ণ মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয় । ওজাপালি অসমৰ পুৰণিকলীয়া গীত - নৃত্যৰ অনুষ্ঠান ।

          অসমীয়া মানুহৰ খোৱা- বোৱাত স্বকীয় বৈশিষ্ঠ আছে। আসমৰ মাটি ধান খেতিৰ বাবে উপযোগী । সেইবাবে অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত ।তাৰ উপৰি অসমৰ মানুহে চাউলৰ পৰা বিভিন্ন খাদ্য়বস্তু প্ৰস্তুত কৰি লয় ।

                                                  এই খাদ্য়বোৰ হ'ল চিৰা , মুৰি 

                                                   হুৰুম , আখৈ , সান্দহ, কৰাই

                                                   গুডি, কোমল চাউল, তিল

                                                   পিঠা, ঘিলা পিঠা আদি।

       অতি প্ৰাচীন কালত ভাৰত তথা ভাৰতৰ বাহিৰৰ দেশৰ পৰা ভিন ভিন পথেদি বিভিন্ন জনগোষ্ঠীয় লোকসকল অসমলৈ আহিছিল বুলি  আমাৰ পণ্ডিতসকলে কৈছে । উদাহৰণস্বৰূপে - অষ্ট্ৰিক,তিব্বতধৰ্মী, ককেছীয় , টাই মংগোলীয় গোষ্ঠী আদি । তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত পৰিছে  বুলি পণ্ডিতসকলে স্বীকাৰ কৰে ।