বৰগীত ( উঠৰে উঠ বাপু )

কঠিন শব্দৰ অৰ্থ : 

নিশি- ৰাতি , নিশা 

পৰভাত - প্ৰভাত, ৰাতিপুৱা 

তেজ - ত্যাগ কৰা

নিন্দ - নিদ্ৰা, টোপনি

সুচান্দ - চন্দ্ৰটোৰ দৰে সুন্দৰ

বয়ন - মুখ

ভূষণ - অলংকাৰ

মগন - মগ্ন, নিমজ্জিত হোৱা 

সো - সেই, ( ইয়াত সেইজন অৰ্থাত )

ত্ৰিজগত পতি - স্বৰ্গ, মৰ্ত্য, পাতাল - এই তিনি জগতৰ যি অধিকাৰী

ভগৱান শ্ৰীকৃষ্ণ।

মূৰুখ - মূৰ্খ, মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য হ'ল দাস্যভাৱৰ প্ৰকাশ । মাধৱদেৱে তেওঁৰ ৰচনাত নিজকে মূঢ়মতি মূৰুখ আদি বুলি উল্লেখ কৰে।

- আৰ্হি প্রশ্ন :

 ( ক ) অতি চমু প্রশ্ন  ঃ ( প্রতিটো প্ৰশ্নৰ মূল্যাংক - ১ )

 ১ । মাধৱদেৱৰ জন্ম কত হৈছিল ?

 ২ | শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

৩। কোনখন গ্ৰন্হক মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

৫। 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো কি ৰাগত বন্ধা ?