সম্পদৰ সংৰক্ষন 

জীৱনধাৰনৰ বাবে আমি নানা ধৰনৰ সম্পদ ব্যনহাৰ কৰোঁ ।মানুহৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে এনে সম্পদৰ ব্যৱহাৰো বৃদ্ধি পাইছে । যধে-মধে গছ কটা, বন্যপ্ৰানী বধ কৰা , পাহাৰ কাটি দ-ঠাই পূৰোৱা, যতে ততে খনন কৰা আদি কাৰ্যসমূহে  পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰে  । সেয়েহে আমি সম্পদসমূহ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি যথাসম্ভৱ সংৰক্ষন কৰা উচিত  ।

ভৱিষ্যতৰ বাবে আঁচনি কৰি সম্পদৰ যথাযোগ্য ব্যৱহাৰ আৰু সঞ্চয় কৰাই হৈছে সম্পদ সংৰক্ষন  ।

বহু বছৰ আগতে পৃথিৱীৰ বুকুত ডাইনছৰৰ দৰে বৃহৎ আকাৰৰ প্ৰানীৰ পৰা আৰম্ভ কৰি বহুতো সৰু-ডাঙৰ প্ৰানীৰ আৰ্ৱিভাব হৈছিল  । জীয়াই থকাৰ উপযুক্ত পৰিৱেশৰ অভাৱত ইয়াৰে কিছুমান প্ৰানী পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হব  ধৰিছে  । এনেধৰনে প্ৰাকৃতিকভাৱে লাহে লাহে জীৱনৰ বিলুপ্তি ঘটে । তাৰ উপৰি যধে-মধে  গছ কটা, বন্যপ্ৰানী বধ  কৰা আদি কাৰ্যসমূহৰ  বাবেও পৃথিৱীৰ পৰা প্ৰানীবোৰ নোহোৱা হৈছে  ।

মৰিছাছ দ্বীপত দদ নামৰ এবিধ চৰাই আছিল  । এই চৰাইবোৰে আন খদ্যৰ লগত সেই দ্বীপতে হোৱা কেলভেৰিয়া -মেজৰ নামৰ এবিধ গছৰ গুটিও খাইছিল  । গুটিবোৰ বৰ টান আছিল বাবে মাটিত ৰুই দিলে নগজিছিল । কিন্ও দদ চৰাইবোৰে গছৰ গুটিবোৰ খাই বিষ্ঠা হিছাপে উলিয়াই দিয়াৰ পিছত গুটিবোৰ সহছে গজিছিল । মৰিছাছ দ্বীপলৈ অহা জাহাজৰ নাবিকবোৰে এই দৌৰিব নোৱাৰা চৰাইবোৰ ধৰি ধৰি খাবলৈ ললে । মাৰিবলৈ সহজ বাবে নাবিকবোৰে প্ৰয়োজনতকৈ বেছিকৈ চৰাই মাৰিবলৈ ধৰাৰ ফলত কিছু বছৰৰ ভিতৰত দদ চৰাই মৰিছাছ দ্বীপৰ পৰা সম্পূৰ্ন লোপ  পালে । লগতে কেলভেৰিয়া - মেজৰ নামৰ গছবিধো তাত নোহোৱা হল ।

১৬০০ চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ এই চাৰিশ বছৰত পৃথিৱীৰ পৰা ২৭০ বিধ প্ৰানী বিলুপ্ত হৈছে । বিলুপ্ত হোৱা প্ৰানীবোৰৰ ভিতৰত ১৫০ বিধ প্ৰজাতি হৈছে পক্ষী ।     

কি কি কাৰনত বনাঞ্চল ধবংস  হৈছে আৰু বন্যপ্ৰানীৰ সংখ্যা কমি আহিছে তাক জানোঁ আহা ।* জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ খদ্য, বস্এ আৰু বাসস্হলৰ চাহিদা বাঢ়ি গৈ আছে । ফলত মানুহে হাবি -বন ধবংসকৰি আৱাসিক আৰু ঔদ্যোগিক অঞ্চল গঢ়ি তুলিছে । 

* যধে- মধে হাবি -বন ধবংস কৰাৰ ফলত কিছুমান প্ৰানী , যেনে - এটা খড়ূগযুক্ত গঁড়, নল -গাহৰি , বনৰীয়া মহ, লাজুকী বান্দৰ, সোনালী বান্দৰ , দেওহাঁহ, কাছ আদি পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হব ধৰিছে ।

* পাহাৰৰ হাবি- বন  কাটি মুকলি কৰি জুম খেতি কৰা হৈছে ।

* বিৰ্স্তীন তৃনভূমিবোৰ চহাই কৃযিভূমিত পৰিনত কৰা হৈছে ।

* জলাশয়বোৰ পুতি মানুহে সেইবোৰত বসতি কৰিবলৈ লৈছে । জলাশয়বোৰ পুতি পেলোৱাৰ ফলত জলজ জীৱৰ আৱাসভূমি কমি আহিছে আৰু লগতে জলজ উদ্ভিদ আৰু প্ৰানীৰ মৃত্যু ঘটিছে ।

বন্যপ্ৰানীৰ শৰিৰৰ বিভিন্ন অংশ , যেনে - দাঁত, শং, খড়ূগ, ছাল, পাখি আদিৰ বাবে বন্যপ্ৰানী বধ কৰাৰ ফলত হাতী, মহ, গঁড়, বাঘ, সিংহ, ময়ূৰ আদিৰ সংখ্যা কমি আহিছে । এনে পৰিস্হিতি  উদ্ভৱ হলে পৰিস্থতিতন্ত্ৰত খাদ্যশৃংখলৰ ব্যাঘাত ঘটে আৰু প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয় । পৃথিৱীত গছ- গছনি আৰু প্ৰানীবোৰ থাকিলেহে মানুহৰ বাবে উপযুক্ত পৰিৱেশ থাকিব । সেয়েহে বনজ সম্পদৰ সংৰক্ষনৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

চৰকাৰে এই বনজ সম্পদসমূহৰ ৰক্ষনাৱেক্ষন দিবলৈ আৰু সংৰক্ষন কৰিবৰ উদ্দেশ্য কিছুমান গছ-গছনি , বন্যপ্ৰানী আৰু চৰাই - চিৰিকটিৰে ভৰি থকা প্ৰাকৃতিক  অঞ্চলক ক্ৰমে সংৰক্ষিত বনাঞ্চল, অভয়াৰন্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী উদ্যান, উদ্ভিদ উদ্যান হিচাপে  স্বীকৃতি দিছে ।

বনজ সম্পদত চহকী প্ৰাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষনা  কৰে । এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰানীৰ  সুৰক্ষাৰ ব্যৱস্থা  বন বিভাগে লয় । কোনো  অঞ্চল এটা বন্যপ্ৰানীৰ আৱাসস্থলী হিচাপে বিবেচিত হবলৈ হলে প্ৰয়োজনীয় তিনিটা উপাদান  যেনে- খাদ্য, পানী আৰু বাসস্থান থাকিব লাগিব । এই তিনিটা উপাদান সঠিকভাৱে থাকিলেহে জৈৱ - বৈচিএ্যৰ সৃষ্টি হয় । কোনো কাৰনত বন্যপ্ৰানীৰ আৱাসভূমিত  এই তিনিটা উপাদান সঠিকভাৱে  নাথাকিলে প্ৰয়োজন  সাপেক্ষে উন্নয়ন কৰি পুনৰাই বন্যপ্ৰানী থকাৰ উপযোগী কৰি তোলা হয় ।

পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰানী, চৰাই -চিৰিকটি,

পোক- পতংগ অনুজীৱ আদিয়ে জৈৱ বৈচিএ্যৰ সৃষ্টি কৰে ।

অভয়াৰন্যঃ জৈৱ -বৈচিএ্যৰ ওপৰত ভিওি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ন একোটা এলেকাক অভয়াৰন্য বুলি ঘোষনা কৰে । অভয়াৰন্য মানুহৰ ঘন বসতিপূৰ্ন অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত । ইয়াত বন্যপ্ৰানী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষনাৱেক্ষন দিয়া হয় । ইয়াত বন্যপ্ৰানীবোৰ বিপদমুক্তভাৱে বিচৰন কৰি ফুৰিব পাৰে ।অভয়াৰন্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোনাৰে আৰু বন্যপ্ৰানীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয় ।

ৰাষ্টীয় উদ্যানঃ প্ৰত্যেকখন স্বধীন দেশৰ নিজৰ নিজৰ ৰাষ্ট্ৰীয় উদ্যান থাকে । এখন দেশৰ এখনতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে । এই ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতি আৰু বন্যপ্ৰানীবোৰক বিশেষভাৱে ৰক্ষানাৱেক্ষন দিয়া হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খড়্গ থকা গঁড়ৰ সংৰক্ষনৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া হয় । মানাহ, নামেৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সুৰক্ষা আৰু সংৰক্ষনৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হাতত লোৱা হৈছে । ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰনতে  একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভিতৰ অঞ্চলত  জনসাধাৰনৰ বাবে প্ৰৱেশ নিষেধ থাকে । এই অঞ্চলটো বন্যপ্ৰানী বাবে সংৰক্ষিত । এই সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা দেশ- বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে ।

উদ্ভিদ উদ্যানঃ

উদ্ভিদ উদ্যান হলে এনে কিছু সংৰক্ষিত অঞ্চল যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষন কৰি ৰখা হয় । এই উদ্ভিদ উদ্যানত দৰ্শনাৰ্থীয়ে চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈঞ্জানিক নামৰ ফলক লগোৱা থাকে ।

ছাএ- ছাএীসকলে ইয়ালৈ ক্ষেএ ভ্ৰমন কৰিবলৈ আহি উদ্ভিদ সম্পকীয় বিভিন্ন তথ্য সংগ্ৰহ কৰে । এই উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটক আহে । গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদৰত উদ্ভিদ উদ্যান আছে । অসমত বৃহৎ এলেকাৰ উদ্ভিদ উদ্যান এতিয়াও স্থাপন হোৱা নাই ।

অভয়াৰন্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহ বিশেষ গুনবিশিষ্ট হলে আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিঞ্জান আৰু সাংস্কৃতিক সংস্থাই আন্তৰ্জাতিক স্তৰত প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান ৰূপে স্বীকৃতি দিয়ে । অসমৰ কাজিৰঙা আৰু মানাহ দুয়োখন ৰাষ্ট্ৰীয় উদ্যানেই বিশ্ব ঐতিহ্যৰ স্থান ৰূপে স্বীকৃতি পাইছে  ।

অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰন্যৰ নাম আৰু সেইবোৰ থকা উল্লেখযোগ্য প্ৰানী আৰু পক্ষীৰ বিষয়ে জানো আহা ।

ৰাষ্ট্ৰীয় উদ্যান/ অভয়াৰন্য  -  উল্লেখযোগ্য প্ৰানী আৰু পক্ষী

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - এটা খড়্গযুক্ত গঁড় , নাহৰফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই আদি ।

মানাহ ৰাষ্ট্ৰীয় উদ্যান -ঢেঁকীয়াপতীয়া বাঘ, সোনালী বান্দৰ, নল গাহৰি, খাগৰিকটা পহু, বনৰীয়া কুকুৰা, ময়ূৰ আদি ।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান - ঢ়েকীয়াপতীয়া বাঘ, হাটী, টুপীমূৰীয়া বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী আদি ।

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান - বনৰীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া মহ, আদি । 

ওৰাং ৰাষ্ট্ৰীয় উদ্যান -দেওহাঁহ, বনৰীয়া মহ, গড়, বাঘ, ময়ূৰ,আদি ।

সোনাই ৰূপাই অভয়াৰন্য- হাতী, হৰিনা, বনৰীয়া মহ, সোনালী বান্দৰ, কলা ভালুক, বনৰীয়া গাহৰি, নাহৰফুটুকী বাঘ, দেওহাঁহ আদি ।

পবিতৰা অভয়াৰন্য- এটা খড়্গযুক্ত গঁড়, বনৰীয়া মেকুৰী, নাহৰফুটুকী বাঘ, সুগৰিপহু আদি ।

গৰমপানী অভয়াৰন্য- হাতী, নাহফুটুকী বাঘ, হলক গিবন আদি । 

লাওখোৱা অভয়াৰন্য- এটা খড়্গযুক্ত গঁড়, বনৰীয়া মহ, হাতী, বাঘ, বনৰীয়া হাঁহ, ময়ূৰ আদি ।

অভয়াৰন্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালনাৰ বিভিন্ন দিশৰ ভিতৰত মুখ্য ব্যৱস্থা কেইটা হল--

* বন্যপ্ৰানীৰ আৱাসথলীৰ  সুৰক্ষা ।

* মানুহ আৰু ঘৰচীয়া প্ৰানীৰ মুক্ত বিচৰনত বাধা আৰোপ । 

* পানীৰ সমস্যা দূৰীকৰনৰ বাবে নিজৰা, বিল, জলীহ, দলনি আদিৰ সংৰক্ষন  ।

* তৃনভূমিৰ সংৰক্ষন ।

অভয়াৰন্য আৰু ৰাষ্ট্ৰীয় উদ্যানত থকা বন্যপ্ৰানী আৰু বনজ উদ্ভিদসমূহ আইন আৰু সংবিধানৰ দ্বাৰা সুৰক্ষিত ।

বনাঞ্চলৰ ৰক্ষনাৱেক্ষনত বিছনয়সকলে অৰিহনা যোগোৱা এটা কাহিনী জানোঁ আহা- 

ৰাজস্থানত বিছনয় নামৰ এটা জনগোষ্ঠী আছে । তেওঁলোকৰ এটা বৈশিষ্ট্য হল গছ-গছনি আৰু বন্যপ্ৰানী সংৰক্ষন কৰা । তোমালোকে যদি কেতিয়াবা ৰাজস্থানৰ বিছনয় সম্প্ৰদায়ৰ মানুহ থকা গাঁওবোৰলৈ যোৱা, তেতিয়া দেখিবা যে তাত বিভিন্ন ধৰনৰ বন্যপ্ৰানী যেনে - নীলগাই, হৰিনা, আদি মুক্তভাৱে বিচৰন কৰে । আনকি এটা সময়ত  বনাঞ্চল ৰক্ষা কৰিবলৈ গৈ বিছনয় সম্প্ৰদায়ৰ কেইবা শ মানুহে প্ৰান দিবলগীয়া হৈছিল । 

প্ৰায় দুশ পঞ্চাশ বছৰ আগেযে ৰাজসসসসসস্থানৰ যোধপুৰত এজন ৰজা আছিল । এবাৰ তেওঁক এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হৈছিল ।ওচৰতে বিছনয় সম্প্ৰদায়ৰ মানুহৰ গাঁও এখন আছিল । ৰজাই গাঁওখনৰ ওচৰতে থকা বনাঞ্চলৰপৰা গছ কাটিবলৈ কেইজনমান খৰিকটীয়া পঠিয়ালে । কিন্ও বিছনয় সম্প্ৰদায়ৰ মানুহবোৰে খৰিকটীয়াবোৰক গছ কাটিবলৈ নিদি খেদি পঠিয়ালে । এই কাৰ্যত ৰজাৰ ভীষন খং উঠিল । ৰজাই গছ কাটিবলৈ খৰিকটীয়াবোৰৰ লগত সন্য- সামন্ত পঠিয়াই দিলে । বিছনয়সকলে গম পালে যে ৰজাৰ সৈন্য- সামন্ত লৈ খৰিকটীয়াবোৰ বনাঞ্চলত উপস্থিত হৈছেহি । তেতিয়া ওচৰৰ বহুতো বিছনয় সম্প্ৰদায়ৰ গাঁৱৰ ৰাইজ একগোট হৈ বনাঞ্চল ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল । প্ৰতিজন মানুহে এজোপাকৈ গছ সাৱটি থাকিল । তেওঁলোকে সৈন্যবোৰক উদ্দেশ্য কৰি কলে তোমালোকে প্ৰথমতে আমাক কাটা, তাৰ পাছতহে গছ কাটিব পাৰিবা । তেনে পৰিস্থিতি দেখি সেনাপতিজনে সৈন্যসকলক গাঁৱৰ ৰাইজক মাৰি পেলাবলৈ আদেশ দিলে । সেইমতে কাম হল । এই ঘটনাত কমেও ৩৬০ জন মানুহৰ মৃত্যু ঘটিল । এনে দৃশ্য দেখি খৰিকটীয়াবোৰ গছ কাটিবলৈ অমান্তি হল ।

এই ঘটনাৰ পাছত ৰজাৰ মনলৈ বৰ অনুতাপ আহিল  । তেওঁ গাৱলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খুজিলে । শষত ৰজাই নিজেই ঘোষনা কৰিলে যে বিছনয় সম্প্ৰদাটৰ লোকে বাস কৰা গাঁৱৰ ওচৰে - পাজৰে গছ কটা আৰু প্ৰানী বধ কৰাটো নিষেধ । অতিজৰে পৰা বিছনয় সম্প্ৰদায়ৰ লোকে এনেদৰে বনাঞ্চল ৰক্ষা কৰি আহিছে । এই কাহিনীটো এটা উদাহৰনহে মাএ । আজিও পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে বনাঞ্চল ৰক্ষা কৰি আহিছে । 

পৰিৱেশ সংৰক্ষনৰ সজাগতা আনিবলৈ জনসাধাৰনে লোৱা কিছুমান ব্যৱ,সস্থা -

*  ২ফ্ৰব্ৰৱাৰীত প্ৰকৃতি সংৰক্ষনৰ বাবে বিশ্ব জলাহ দিৱস পালন কৰা হয় ।

* বৃক্ষৰোপন কাৰ্যসূচীৰ দ্বাৰা পৃথিৱীৰ উপৰিভাগ সেউজ কৰাৰ প্ৰতি সজাগতা বৃদ্বি কৰিবলৈ ২১ মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় । 

* ২২ মে দিনটো বিশ্ব জৈৱ - বৈচিএ্য দিৱস হিচাপে পালন কৰা হয় ।

* মানুহৰ মাজত বন্যপ্ৰানীৰ সংৰক্ষনৰ বাবে সজাগতা আনিবলৈ অক্টবৰ মাহৰ প্ৰথম সপ্তহতো বিশ্ব বন্যপ্ৰানী সপ্তহ হিচাপে পালন কৰা হয় ।

* পৃথিৱীখন কেৱল মানুহৰেই নহয় ই আন জীৱৰো বাসস্থান । কিন্ও মানুহৰ কিছুমান কাম - কাজে অন্য জীৱৰ বসবাসৰ প্ৰতি ভাবুকি আনিছে । ইয়াৰ প্ৰতি সজাগতা আনিবলৈ ৩অক্টবৰ দিনটো বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয়।

মানাহ আৰু বন্যপ্ৰানীৰ সংঘাত----

পৰিৱেশৰ ভাৰসাম্যতা ৰাখিবলৈ এটা অঞ্চলৰ প্ৰায় ৩৩ শতাংশ বনাঞ্চল থকাৰ প্ৰয়োজন । জনসংখ্যা বৃদ্বি আৰু নগৰ চহৰৰ প্ৰসাৰ ঘটনাৰ বাবে মানুহে বনাঞ্চল ধবংস কৰি তাত কৃষিকাৰ্য, ঘৰ -দুৱাৰ ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ উদ্যোগ আদি গঢ়ি তুলিছে । বনাঞ্চলত থকা বিল , পিতনি , দলনি আদি পুতি মানুহে তাতো বসতি কৰিছে । ইয়াৰ ফলত বন্যপ্ৰানী আৱাসভূমি, খদ্য আৰু পানীৰ নাটনি হৈছে । মানুহে বনাঞ্চল ধবংস কৰি বন্যপ্ৰানী আৱাসভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত থাকিবলৈ লোৱাৰ ফলত সঘনাই বন্যপ্ৰানী আৰু মানুহৰ সংঘাত হৈছে । বন্যপ্ৰানীবোৰে খাদ্য আৰু পানীৰ সন্ধানত নগৰ চহৰৰ ঘন বসতিপূৰ্ন ঠাইলৈ ওলাই আহে । বন্যপ্ৰানীবোৰে ঘৰচীয়া জীৱ-জন্ওবোৰ খাদ্য বাবে আক্ৰমন কৰে বা হত্যা কৰি খায় । মাজে মাজে বনৰীয়া মহ বনৰীয়া হাতী আদি জাক পাতি আহি মানুহৰ ঘৰ -দুৱাৰ, শস্যপথাৰ আদিৰ অনিষ্ট কৰে । পাহাৰৰ পৰা জাকে জাকে বান্দৰবোৰ নামি আহি মানুহৰ বাৰীৰ ফল - মূল খায় আৰু ঘৰৰ বস্তু লগু-ভগু কৰে । ইয়াৰ ফলত মানুহে আতংকিত হোৱাৰ উপৰি উভয় পক্ষৰ সংঘাতত কেতিয়াবা মানুহ নাইবা বন্যপ্ৰানী আঘাতপ্ৰাপ্ত হব লগা হয় বা মৃত্যুমুখত পৰে । এইদৰে মানুহ আৰু বন্যপ্ৰানী সংঘাতত মৃত্যু হোৱা বন্যপ্ৰানী সংখ্যা দিনক দিনে বাঢ়ি গৈছে । কেতিয়াবা বন্যপ্ৰানীবোৰ ৰেলপথ আৰু আলিবাটলৈ ওলাই অহাৰ ফলত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত কৰে । মানুহ আৰু বন্যপ্ৰানীৰ সঘনাই হোৱা সংঘাতৰ বাবে মানুহেই প্ৰকৃততে দোষি ।

কাৰন মানুহে ইহঁতৰ আৱাসভূমি ধবংস কৰি তাত বসবাস কৰিব লৈছে ।

class 5 environment