অতীজৰে পৰা মানুহে বিভিন্ন কাৰনতে এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰি আহিছে । চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে খোজকাঢ়িয়েই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিছিল । দূৰ দূৰনিলৈ যাএা কৰিবৰ বাবে আৰু বয় বস্ত কঢ়িয়াবৰ বাবে পৰিৱেশ অনুযায়ী বিভিন্ন প্ৰানী ব্যৱহাৰ কৰিছিল । উদাহৰনস্বৰূপে - মৰুভূমিত উট দুৰ্গম পাহাৰীয়া ঠাইত ঘোঁৰা গাধ হাতী ইত্যাদি । চকাৰ আৱিষ্কাৰ লগে লগে মানুহে প্ৰানীয়ে টনা গাড়ী যাতায়াতৰ বাবে ব্যৱহাৰ কৰিবলৈ ললে । মেৰু অঞ্চলৰ বৰফ পিছল হোৱা বাবে চকা থকা গাড়ী চলাবলৈ অসুবিধা । সেয়েহে এই অঞ্চলত বল্গা হৰিনে চোঁচৰাই নিয়া শ্লেজ গাড়ী ব্যৱহাৰ কৰা হয়। এনেধৰনেৰে এনেধৰনেৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়াত । বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমি দ্ৰত আৰু উন্নত মানৰ যাতায়াত ব্যৱস্থাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ । বিভিন্ন দেশৰ মাজত শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আৰু শিক্ষা কৃষি শিল্প বানিজ্য চিকিসা ব্য়ৱস্থা খেলা ধূলা আদিৰ আদান প্ৰদান কৰিবলৈ উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন । এখন দেশৰ অৰ্থনৈতিক বিকাশ উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে ।

বিভিন্ন ৰাজ্য আৰু দেশৰ মাদচত যাতায়াতৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ জলপথ আৰু আকাশীপথ ব্যৱহাৰ কৰা হয় । এই পথবোৰত বিভিন্ন ধৰনৰ যান বাহন চলোৱা  । এই যান বাহনবোৰে মানুহে আৰু বিভিন্ন বয় বস্ও কঢ়িয়ায় যান বাহনৰ সহায়ত মানুহ আৰু বয় আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহন ব্যৱস্থা । পৰিবহন ব্যৱস্থাৰ অবিহনে যাতায়াত সম্ভৱ নহয় ।

আমাৰ দেশৰ বিভিন্ন পৰিবহন ব্যৱস্থাৰ বুজ লওঁ আহা-



 ৰেল পৰিবহন ভাৰতবৰ্ষৰ সবাতোকৈ গুৰুত্বপূৰ্ন পৰিবহন ব্যৱস্থাৰ । ১৮৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাই আৰু থানেৰে মাজত প্ৰায় । ২১ মাইল দীঘল ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰা হয় । ভাৰতবৰ্ষত ব্ৰডগজ আৰু মিটাৰ গজ এই প্ৰকাৰ ৰেলপথৰ ব্যৱস্থা আছে যদিও পাহাৰীয়া অঞ্চত ঠেক গজ ৰেলপথো আছে । উওৰ পূৰ্বাঞ্চলৰ মেঘালয় আৰু ছিকিমত এতিয়াও ৰেলপথৰ ব্যৱস্থা হোৱা নাই ।

অসমত ১৮৮২-১৮৮৪ চনৰ ভিতৰত ডিব্ৰ শদিয়া ৰেলপথ নিৰ্মান কৰা হৈছিল । এইটো আছিল অসমৰ প্ৰথম ৰেলপথ । এই ৰেলপথে ডিব্ৰগড় আৰু তিনিচুকীয়া জিলাৰ চাহ খাৰুৱা তেল আৰু বাঁহ উপাদান কৰা অঞ্চলবোৰ সংযোগ কৰিছিল । ক্ৰমান্বয়ে ৰেলপথৰ সম্প্ৰসাৰন কৰি বৰ্তমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈও ৰেল পৰিবহনৰ সুব্যৱস্থা আছে ।

ৰেলপথ সমূহেৰে দৈনিক বয় বস্ও েঠাইৰ পৰা আনঠাইলৈ কঢ়িওৱা সহজ হৈ পৰিছে ।মানুহে কমসময়ৰ ভিতৰতে আৰু কম খৰছতে বহু দূৰ দূৰনিলৈ অহা যোৱা কৰাত সুবিধা হৈছে । আৰম্ভনিতে ৰেলবিলাক ভাপ ইঞ্জিনেৰে চলোৱা হৈছিল । বৰ্তমান ডিজেল আৰু ইলেক্ ট্ৰিক ইঞ্জিনৰ সহায়ত চলোৱাৰ ফলত অতি বেগেৰে ৰেল চলাচল সম্ভৱ হৈছে ।

পথ পৰিবহন - ৰেল পৰিবহন পিছতেই দ্বিতীয় গুৰুত্বপূৰ্ন পৰিবহন ব্যৱস্থা হল পথ পৰিবহন । পথ পৰিবহন ব্যৱস্থাৰ ফলত গাঁও বিলাকৰ সৈতে নগৰ আৰু ব্যৱসায়িক কেন্দ্ৰসমূহৰ মাজত সম্পৰ্ক স্থাপন হোৱাত সহজ হৈছে । দুৰ্গম পাহাৰীয়া অঞ্চল সীমান্ত অঞ্চল আৰু দেশৰ আন আন ৰাজ্যৰ লগতো পথল পৰিবহন ব্যৱস্থা আছে । 



    ভাৰতবৰ্ষৰ পথ পৰিবহন ব্যৱস্থাই সামৰি লোৱা পথবোৰ হল  - ৰাষ্ট্ৰীয় ঘাইপথ সীমান্ত অঞ্চলৰ পথ ৰাজ্যিক আৰু আন্ত ৰাজ্যিক পথৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থৰ যোগান ধৰে । আনহাতে গাঁও অঞ্চলৰ পথ আৰু পৌৰ নিগমৰ পথৰ বাবে ৰাজ্য চৰকাৰে অৰ্থৰ যোগান ধৰে । ৰাজ্যৰ ৰাজধানীৰ সৈতে জিলাৰ মুখ্য সদৰ আৰু আন উল্লেখযোগ্য নগৰ চহৰবোৰক ৰাজ্যিক ঘাইপথে সংলগ্ন কৰিছে । এই পথবোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সংলগ্ন । পথ পৰিবহন ব্যৱস্থাই দৈনিক মানুহ আৰু মাল বস্ত কঢিয়াই আমাৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিছে ।

উওৰ ভাৰতৰ মানালি লেহ ৰাষ্ট্ৰীয় পথ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পথ পৰিবহন ব্যৱস্থা । এই পথে লেহ লাডাখৰ দৰে অতি দুৰ্গম ঠাইক দেশৰ আন আন ঠাইৰ লগত সংযোগ স্থাপন কৰিছে । 



বৰ্তমান অসমত প্ৰায় ৪২,৬৪১ কিঃমিঃ পথ নিৰ্মান কৰা হৈছে । এই পথসমূহক তিনি ভাগত ভাগ কৰিব পাৰি । ৰাষ্ট্ৰীয় ঘাই পথ জিলা গড়কাপ্তনি পথ জিলা আৰু পঞ্চায়ত পথ । ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জিলাৰ সদৰ ঠাইসমূহক সংযোগ কৰিছে । উওৰ পূৰ্বাঞ্চল আৰু দেশৰ আন আন ৰাজ্যৰ লগতো ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ আছে ।

জল পৰিবহন -

ভাৰতবৰ্ষৰ জল পথ দুটা ভাগত ভগাব পাৰি । আন্তঃ দেশীয় আৰু উপকূলীয় বা মধ্য সাগৰীয় জল পৰিবহন । ভাৰতবৰ্ষত বৰ্তমানলৈ কেইখনমান নদীতহে আন্তঃ দেশীয় জল পৰিবহন ব্যৱস্থা আছে । উওৰ ভাৰতৰ নদী সমূহত বাৰমাহেই পানী উপচি থাকে বাবে গোটেই বছৰ জুৰি জলপৰিবহন ব্যৱস্থাৰ সুচল হৈ থাকে । জল পৰিবহন ব্যৱস্থা অতি কম খৰচী ।

ভাৰতত ১২টা প্ৰধান জাহাজ বন্দৰ আছে । ইয়াৰ ভিতৰত চাৰিটা বন্দৰ হল মুম্বাই চেন্নাই বিশাখাপট্তনম্ আৰু কলকাতা ।

অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কিঃমিঃ দীঘল জলপথক ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষনা কৰা হৈছে । বৰ্তমান ব্ৰহ্মপুএ নদীৰ পাৰত থকা জাহাজঘাটসমূহ হল ডিব্ৰগড় দিচাংমুখ নিমাতীঘাট বিশ্বনাথ চাৰিআলি শিলঘাট গুৱাহাটী গোৱালপাৰা আৰু ধুবুৰী । নদীপথসমূহত যাএী মালবাহী জাহাজ আৰু মটৰ নাওঁসমূহ চলাৰ বাবেও আমাৰ যাগাযোগ ব্যৱস্থা সুচল হৈ পৰিছে । বৰ্তমান দেশী বিদেশী পৰ্যটকৰ বাবে খোৱা লোৱাৰ সুবিধা থকা কিছুমান বিলাসী জাহাজ ব্ৰহ্মপুএত চলিবলৈ আৰম্ভ কৰিছে ।

আকাশী পথ পৰিবহন -

ভাৰতবৰ্ষত বিমানসেৱা চৰকাৰী আৰু বেচৰকাৰী খগুৰ অন্তৰ্গত । এয়াৰ ইগুিয়া ইগুিয়ান এয়াৰলাইনচ আদি বিমানসেৱা চৰকাৰী খগুৰ অন্তৰ্গত । জেট এয়াৰৱেজ এয়াৰ ডেক্কান ইগুিগ স্পাইচ জেট কিংফিছাৰ আদি বেচকাৰী খগুৰ অন্তৰ্গত । এই বিমান সেৱাই দশৰ বিভিন্ন স্থানৰ লগত সংযোগ ৰাখিছে । কিছুমান বিমান সেৱাৰ জৰিয়তে বিদেশলৈও যাএা কৰিব পাৰি । 

কেৰালাৰ কচিনত নতুনকৈ ব্যক্তিগত খগুত আন্তৰ্জাতিক বিমান বন্দৰ গঢ়ি উঠিছে । এইটোৱেই ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তিগত খগুৰ আন্তৰ্জাতিক বিমান বন্দৰ ।

১৯৮১ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হোৱাৰ ফলত যোগাযোগ ক্ষেএৰ অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰন হৈছে । তদুপৰি ১৯৮১ চনৰ পৰা বায়ুদূত নামৰ নতুন বিমান সেৱা প্ৰৱৰ্তন কৰাৰ ফলত অসম আৰু উওৰ পূব অঞ্চলৰ ৰাজ্যবোৰৰ মাজত যোগাযোগ ব্যৱস্থা সহজসাধ্য হৈছে । বায়ুদূত বিমান সেৱাই সংযোগ কৰা ৰাজ্যবোৰ হল গুৱাহাটী বৰাপানী (মেঘালয়) গুৱাহাটী কমলপুৰ (এিপুৰা) ডিব্ৰগড়ৰ চাবুৱা তেজ অৰুনাচল  ।ইতিমধ্যে বৰজাৰ বিমান বন্দক আন্তৰ্জাতিক বিমান বন্দৰলৈ উন্নীত কৰা হৈছে ।

 এই চাৰি প্ৰকাৰৰ পৰিবহন ব্যৱস্থাৰ উপৰি ৰচী -পৰিবহন ব্যৱস্থাও ভাতৰবৰ্ষত আছে। এই ৰচী পৰিবহন ব্যৱস্থা কম খৰচী । পাহাৰীয়া দুৰ্গম অঞ্চলত খনিৰ পৰা চূনশিল কয়লা আদি খনিজ পদাৰ্থ কঢ়িয়াবলৈ এই ব্যৱস্থাৰ সহায় লোৱা হয় ।অসমৰ কাৰ্বি আংলঙৰ ডিলাই পাহাৰ আৰু বোকাজানৰ বিলাতী মাটি উদ্যোগৰ মাজত চূনশিল কঢ়িয়াবলৈ প্ৰায় ৩৫ কিঃ মিঃ দূৰত্বৰ একমাএ ৰচী পৰিবহন ব্যৱস্থা আছে । 

এই পৰিবহন ব্যৱস্থাসমূহৰ বাবে আমি পৃথিৱীৰ যিকোনো ঠাইলৈ সহজে আৰু সোনকালে অহা যোৱা কৰাৰ সুবিধা হৈছে । পৰিবহন ব্যৱস্থাসমূহৰ ভিতৰত উৰাজাহাজেৰে অতি কম সময়তে এখন দেশৰ পৰা আন এখন দেশলৈ যাএা কৰিব পাৰি । এই যাএা আৰামদায়ক কিন্ও ব্যয়বহুল । ভাৰতবৰ্ষত সৰ্বসাধাৰন লোকে যাতায়াতৰ বাবে পথ পৰিবহন আৰু ৰেল পৰিবহনেই বেছিকৈ ব্যৱহাৰ কৰা দেখা যায় । উন্নত পৰিবহন ব্যৱস্থাই দেশ এখনৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট বৰঙনি যোগায় ।