Post Independence Period 

 স্বাধীনোওৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা 


 A. Very Short Type Questions: 

1. জাতীয় শিক্ষা নীতি, 1986 ৰ পৰামর্শ অনুযায়ী ভাৰতত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উ: অপাৰেচন ব্লেকবোৰ্ড।

 

2. বর্তমান ভাৰতৰ ভাগ্য শ্রেণীকক্ষসমূহত গঢ় লয়” -এই মন্তব্যটো আয়ােগে আগবঢ়াইছিল।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উ: কোঠাৰী আয়োগ।


3. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম লিখা।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উ: গুৱাহাটী চেমিনাৰী।


4. ‘জাতীয় শিক্ষানীতি, 1986’ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপােষকতা কৰা ব্যক্তিজনৰ নাম লিখা|

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উ: ৰাজীৱ গান্ধী।


5. অসমৰ প্রথম মাধ্যমিক বিদ্যালয়খনৰ নাম লিখা।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উ: গুৱাহাটী চেমিনাৰী


6. কোন শিক্ষাৰ আয়োগে শিক্ষাৰ 10 + 2 + 3 গাঁথনিৰ পৰামর্শ দিছিল?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উ: কোঠাৰী আয়োগে।


7. অপাৰেচন ব্লেকবর্ড’ মানে কি?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উ: কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1987 চনত প্ৰস্তত কৰা এখন আঁচনি. ইয়াৰ ঊদ্দেশ্য হ'ল সমগ্ৰ ৰাষ্ট্ৰতে প্ৰাথমিক বিদ্যালয়সমূহৰ উন্নতি সাধন কৰা।


B. Short Type Questions:

1. কোঠাৰী আয়ােগৰ পৰামর্শ অনুযায়ী কর্ম-অভিজ্ঞতা’ কি?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

: কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী ইয়াৰ সংজ্ঞা হ'ল গৃহ, স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী অথবা আন যিকোনো উতপাদনমূলক পৰিস্হিতিত অংশ গ্ৰহণ কৰা কাৰ্য্যই হৈছে কৰ্ম অভিজ্ঞতা. কৰ্ম- অভিজ্ঞতা প্ৰবৰ্তনে আধুনিক শিক্ষাত থকা কৰ্ম বিমুখতাৰ দুৰ্বলতা গুচাব পাৰে. ই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী, বিজ্ঞানভিওিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা।


2. মুডালিয়াৰ আয়ােগৰ পৰামর্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হােৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ ১। SEBA

২। Act of 1961


3. মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাবে বৃত্তিমূলক যােগ্যতা বিকাশ’সম্পর্কে মুডালিয়াৰ আয়ােগৰ পৰামর্শসমূহ কি আছিল?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উ: মুদালিয়াৰ আয়োগৰ মতে গণতান্ত্রিক দেশৰ ছাত্র-ছাত্রীসকলৰ বৃওীয় যোগ্যতাৰ বিকাশ সাধন কৰি দেশৰ উতপাদন ক্ষমতা বৃদ্ধি কৰাটো শিক্ষাৰ এক লক্ষ্য. এই সম্পৰ্কে আয়োগে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছিল।

. ছাত্র- ছাত্রীসকলৰ মনত প্ৰতিটো কৰ্মৰ প্ৰতি সন্মাৰ ভাৱ গঢ়ি তুলি তেওঁলোকৰ মাজত এক কৰ্ম সংস্কৃতি সৃষ্টি কৰিব লাগে।

. শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ নিপুনতা আৰু যোগ্যতাৰ বিকাশ সাধন কৰিব লাগে।

. শিক্ষাৰ মাধ্যমিক পৰ্যায়ৰ কাৰ্যসূচীবিভাজিত কৰি বিভিন্ন কাৰিকৰী বিষয় যেনেঃ কৃষি, কাৰিকৰী বাণিজ্য আদি পাঠ্যসূচীত অন্তভূক্ত কৰিব লাগে ।


4. ১৯৫২-৫৩ চনৰ মুদালিয়াৰ আয়ােগৰ দুটা উদ্দেশ্য লিখা।

উঃ ১। ভাৰতৰ মাধ্যমিক শিক্ষাৰ অৱস্থা সম্পৰ্কে অনুসন্ধান কৰা আৰু প্ৰতিবেদন প্ৰস্তুত কৰা।

২।  প্ৰাথমিক, বুনিয়াদী আৰু উচ্চশিক্ষাৰ লগত এই পৰ্যায়ৰ শিক্ষাৰ সম্বন্ধ সংস্থাপন কৰা।


5. কোঠাৰী আয়ােগে আগবঢ়োৱা ১০ + ২ + ৩ ধাৰা বর্ণনা কৰা ।

উঃ কোঠাৰী আয়োগৰ মতে সমগ্য দেশতে শিক্ষাৰ গাঠনি একে হোৱা উচিত. ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে (১০+২+৩) শিক্ষা গাঠনি প্ৰস্তত কৰিছিল আৰু ২০ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল।

আয়োগে সাধাৰণ শিক্ষাক তিনিতা পৰ্যায়ত ভাগ কৰিছে।

ক) প্ৰথম পৰ্যায়ঃ প্ৰাক-প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা।

খ) দ্বিতীয় পৰ্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা।

গ) তৃতীয় পৰ্যায়ঃ পূৰ্ব স্নাতক, স্নাওকোওৰ আৰু গৱেষণামূলক শিক্ষা।

আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

1) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হব।

2) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক (৪-৫ বছৰীয়া হ'ব)

খ) উচ্চ প্ৰাথমিক (২-৩ বছৰীয়া হ'ব)

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হ'ব।

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হ'ব।

৫) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব।


6। 'নবােদয় বিদ্যালয়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উঃ ১) এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা।

২)  এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উতকৰ্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় সংস্থাপন কৰা।

৩) এইবিধ স্কুলৰ শিক্ষা হব আবাসিক আৰু ইয়াৰ শিক্ষা বিনামূলীয়া।


7. অসমত মাধ্যমিক শিক্ষাৰ তিনিটা সমস্যা উল্লেখ কৰা।

উঃ ১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই।

২) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়. এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন।

৩) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে।


8. নবােদয় বিদ্যালয় কি?

উঃ নতুন শিক্ষানীতিয়ে মাধ্যমিক পৰ্যায়ৰ বাবে এক পদচিহ্ন স্হাপনকাৰী স্কুলস্হাপনৰ পৰামৰ্শ দিছিল। এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা। ইয়াত পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষিত থাকিব। ইয়াৰ শিক্ষা হব আবাসিক আৰু অবৈতনিক।


9. পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা।

উঃ ) নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ছাত্র ছাত্রীসকলৰ জ্ঞান অভিজ্ঞতা নিৰ্ভৰযোগ্যভাৱে পৰিমাপণ কৰিবলৈ এক উন্নতমানৰ মূল্যায়ণ প্ৰক্ৰিয়াৰ সৃষ্টি কৰাৰ পৰামৰ্শ দিছে।

২)  ছাত্র ছাত্রীসকলৰ অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ পৰামৰ্শ দিছে।


10.  ডিগ্ৰীৰ পৰা চাকৰৰিক যােগসূত্রহীন কৰা মানে। কি বুজায়?

উঃ এই শিক্ষানীতিৰ এটা প্ৰধান দিশ হ'ল ডিগ্ৰীক চাকৰিৰ পৰা পৃথক কৰাটো। কাৰণ ডিগ্ৰী আৰু চাকৰিক বিচ্ছিন্ন কৰিলেই দেশৰ নিবনুৱা সমস্যাৰ সমাধান নহয়। তাৰ পৰিৱৰ্তে শিক্ষাক চাকৰি আৰু কৰ্মৰ সৈতে সংযোগ আৰু সমন্বয় ৰক্ষা কৰাৰহে প্ৰয়োজন।


11. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায়?

উঃ ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ অৰ্থ হ'ল জাতি, বৰ্ণ, নিৰ্বিশেষে সকলোকে উন্নতমানৰ শিক্ষা প্ৰদান কৰা। ১০+২+৩ শিক্ষাৰ গাঠনি সমগ্ৰ দেশতে কাৰ্যকৰী কৰি তোলা হ'ব। ছাত্র ছাত্রীসকলৰ মাজত শিক্ষাৰ জৰিয়তে জাতীয় সংহতি আৰু আন্তজাৰ্তিক সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰা।


12. শিক্ষাৰ বৃত্তিমুখীকৰণে কি বুজায়? 

উঃ কোঠাৰী আয়োগৰ মতে শিক্ষা আৰু দেশৰ অৰ্থনৈতিক বিকাশ ওতঃপ্ৰোতভাৱে জড়িত।  এই কথাৰ ওপৰত গুৰুত্ব দি আয়োগে শিক্ষাক বৃওিমুখীকৰণৰ পৰামৰ্শ দিছিল। পৰামৰ্শবোৰ তলত আলোচনা কৰা হ'ল-

১) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীক বৃওিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমত অন্তৰ্ভক্ত কৰিব লাগে।

২) আয়োগে বৃওিমুখী শিক্ষাৰ সম্পসাৰণৰ বাবে জনিয়ৰ টেকনিকেল, টেকনিকেল হাইস্কুল, পলিটেকনিক আদি অনুষ্ঠান প্ৰতিষ্ঠাৰ পৰামৰ্শ দিছিল।

৩) বৃওিমূলক প্ৰতিষ্ঠানসমূহত শিক্ষকৰ অৰ্হতা আৰু দৰমহাৰ ওপৰত গুৰুত্ব দিব লাগে।

৪) ছাত্র ছাত্রীসকলৰ বাবে অংশকালীন পাঠ্যক্ৰম, তিনিমহীয়া পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিল।


13. কর্ম অভিজ্ঞতা কি?

উঃ  শিক্ষাক জীৱন আৰু উতপাদন মূখীতাৰ সৈতে জড়িত কৰিবলৈ সাধাৰণ অথবা বৃত্তীয় সকলো শিক্ষাৰ ক্ষেত্রতে কৰ্ম অভিজ্ঞতাক এক অবিচ্ছেদ্য অংগ হিচাপে অন্তৰ্ভক্ত কৰিব লাগে। আয়োগে কৰ্ম অভিজ্ঞতা সংজ্ঞা দি কয়- কৰ্ম অভিজ্ঞতা হৈছে বিদ্যালয়, ঘৰ, কৰমশালা, উদ্যান, উদ্যোগ অথবা অন্য যিকোনো উতপাদনশীল পৰিস্হিতিত উতপাদনৰ কাৰ্যৰ সৈতে জড়িত হোৱা। এই ক্ষেত্রত আয়োগে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা উল্লেখ কৰিব পাৰি।


14.  এনপিইক চুড়ান্ত ৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি?

উঃ ভাৰত চৰকাৰে ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত  দেশৰ পৰিবৰ্তিত পৰিস্হিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষা নীতি প্ৰস্তুত কৰি তোলাৰ পৰামৰ্শ দিছিল। এনপিইক চুড়ান্ত ৰূপ দিয়াৰ আঁৰৰ লক্ষ্যবোৰ হ'ল-

১)  সকলো ছাত্র ছাত্রীকে জাতি, বৰ্ণ, লিংগ, স্হান, নিৰ্বিশেষে উন্নতমানৰ শিক্ষা প্ৰদান কৰা।

২)  শিক্ষাৰ লক্ষ্যই ল'ৰা ছোৱালীৰ মনত সামাজিক, ধৰ্মনিৰপেক্ষতা, আৰু গণতান্ত্রিক মনোভাৱ সৃষ্টি কৰা।

৩) ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰে সমৃদ্ধ হৈ শিক্ষাৰ লক্ষ্যই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শান্তি-শৃংখলা বজাই ৰখা।


15. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।

উঃ আজিৰ শিশু কালিলৈ দেশৰ নেতা। এজন ভাল নেতাৰ ওপৰতহে দেশৰ ভৱিষ্যত নিৰ্ভৰ হয়। সেয়েহে ছাত্র ছাত্রীসকলক নেতৃত্বৰ শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়। যি সকল ছাত্রই মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পিছত কোনো মহাবিদ্যালয় অথবা কাৰিকৰী অনুষ্ঠানত নামভৰ্তি নকৰে তেওঁলোকে জীৱনৰ বিভিন্নলক্ষেত্রত প্ৰৱেশ কৰাৰ বাবে অসমাৰ্থ হব লাগে। সেয়েহে তেওঁলোকক সমাজৰ মধ্যস্হ পৰ্যায়ৰ নেতৃত্ব প্ৰদান কৰিব লাগে। 

সমাজৰ লোকসকলে গণতন্ত্রক সফল কৰিব লাগিলে নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত নহলে গণতন্ত্র সফল নহব আৰু এই প্ৰশিক্ষণত বিশেষকৈ অনুশাসন আৰু নেতৃত্বৰ শিক্ষা জড়িত হৈ থাকে।

 প্ৰাথমিক অথবা বুনিয়াদী বিদ্যালয় সমূহে ইয়াৰ সামৰ্থ অনুসৰি অনুশাসিত কামৰ প্ৰশিক্ষণ দিব লাগে আৰু বিশ্ববিদ্যালয়ে জীৱনৰ বিভিন্ন ক্ষেত্রত উচ্চ পৰ্য্যায়ত নেতৃত্বৰ প্ৰশিক্ষণ দিব লাগে।

 মাধ্যামিক শিক্ষাৰ এইক্ষেত্রত বিশেষ দায়িত্ব হল সমাজত বিভিন্ন ক্ষেত্রত যেনে-সামাজিক, ৰাজনৈতিক, উদ্যোগিক অথবা সাংস্কৃতিক ব্যক্তিক নেত্বতৃৰ প্ৰশিক্ষণ দিব লাগে যাতে তেওঁলোকৰ নিজৰ সৰু দল ব সম্প্ৰদায়ৰ ক্ষেত্রত নেতৃত্বৰ ভূমিকা লব পাৰে।


16. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ মতে প্রাথমিক স্তৰৰ গাঁথনি সম্পর্কে আলােচনা কৰা।

উঃ শিক্ষা আয়োগৰ মতে দায়িত্বশীল আৰু উপযুক্ত নাগৰিক তৈয়াৰ কৰাই প্ৰাথমিক স্তৰৰ শিক্ষাৰ মূল উদ্দেশ্য. ভাৰতীয় সংবিধানত ১৪ বছৰ বয়স পৰ্যন্ত প্ৰত্যেক শিশুকে যি অবৈতনিক আৰু আৱশ্যিক শিক্ষাদানৰ দায়িত্ব ৰাষ্ট্ৰৰ ওপৰত অৰ্পণ কৰা হৈছে তাকে এই অৰ্থত প্ৰাথমিক শিক্ষা স্তৰ বুলি কোৱা হয়। সেয়েহে শিক্ষা আয়োগে প্ৰস্তাৱিত বিদ্যালয় শিক্ষাৰ সংগঠনত ৬ৰ পৰা ১৪ বছৰ বয়স পৰ্যন্ত শিশুৰ শিক্ষাক প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰিছিল।

   সেই সময়ত প্ৰাথমিক শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে বিস্তৃত আছিল। আয়োগে প্ৰাথমিক শিক্ষাকাল বিস্তৃত কৰি তোলাৰপৰামৰ্শ আগবঢ়াইছিল। আয়োগৰ মতে প্ৰাক প্ৰাথমিক শিক্ষাৰ পিছত শিশুৱে ৬ বছৰ বয়সত প্ৰাথমিক শিক্ষাস্তৰত নামভৰ্তি কৰিব লাগে। এই প্ৰাথমিক শিক্ষাস্তৰ হ'ব ৭ বা ৮ বছৰৰ বাবে. আয়োগে প্ৰস্তাৱিত এই ৯ আৰু ৮ বছৰৰ প্ৰাথমিক শিক্ষাস্তৰক দুটা পৰ্যায়ত ভাগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল. প্ৰথম ৪ বা ৫ বছৰৰ প্ৰাথমিক শিক্ষাক বোলা হয় নিম্ন প্ৰাথমিক পৰ্যায়। আনহাতে ২ বা ৩ বছৰৰ শিক্ষাক উচ্চ প্ৰাথমিক পৰ্যায় বুলি কোৱা হৈছিল। অৰ্থাত আয়োগৰ পৰামৰ্শ অনুযায়ী প্ৰাথমিক শিক্ষাক দুটা ভাগত বিভক্ত কৰিব বিচৰা হৈছিল।


17. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ পৰামর্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা ।

উঃ ১) সৰ্বতোমুখী বিকাশ-শিক্ষাৰ লক্ষ্য ব্যক্তিৰ বাস্তৱিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰিৰ পৰা হব লাগে। শিক্ষা আৰু আধ্যাত্মিক বিকাশ সাধন, শিক্ষা আৰু আধ্যাত্মিক বিকাশ সাধন, শিক্ষা আৰু বাস্তৱিক দিশৰ বিকাশ সাধন  কেতবোৰ ব্যৱস্হাৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰি শিক্ষাৰ্থীক প্ৰদান কৰিলে, তেওঁলোকৰ সৰ্বতোমুখী ব্যাক্তিৰ গুণ বিকাশ কৰিব পাৰি। 

২) মানৱ সম্পদ বা শক্তিৰ বিকাশঃ শিক্ষাৰ লক্ষ্যই মানৱ সম্পদৰ বা শক্তিসমূহৰ বিকাশ সাধন কৰি দেশৰ অৰ্থনৈতিক অৱস্থাপন উন্নীত আৰু আগুৱাই যোৱাৰ বাবে কৰা উচিত।

৩) গণতন্ত্র, সামাজিকতা, আৰু ধৰ্মনিৰপেক্ষতাৰ বিকাশঃ  শিক্ষাৰ লক্ষ্যই ল'ৰা ছোৱালীৰ মনত সামাজিকতা, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্রিক মনোভাৱৰ সৃষ্টি কৰিব পৰা হ'ব লাগে। ইয়াৰ বাবে শিক্ষাত নৈতিক মূল্যবোধ, গণতান্ত্রিক মূল্যবোধ সমূহ অন্তৰ্ভুক্তি হোৱা উচিত।

৪) জীৱনব্যাপী শিক্ষাঃ শিক্ষাৰ লক্ষ্যই যুৱক-যুৱতী, গৃহিণী, কৃষক, শ্ৰমিক, বুদ্ধিজীৱি সকলোৱে যাতে নিজৰ ৰুচি মতে গোটেই জীৱন শিক্ষা আহৰণ কৰিব পাৰে তাৰ সুবিধা প্ৰদান কৰিব লাগে।


18. আধুনিকীকৰণৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি?

উঃ শিক্ষাৰ আধুনিকীকৰণৰ দ্বাৰাই সমাজৰ প্ৰগতি সাধন কৰিব পৰা যায়। আধুনিক সমাজৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গ্ৰহণযোগ্যতা আৰু প্ৰয়োগিকতা। মৌলিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন সাধন কৰা প্ৰক্ৰিয়াকে আধুনিকীকৰণ বুলি বৰ্ণনা কৰিব পাৰি।

আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ তলত উল্লেখ কৰা হ'ল-

১) জ্ঞানৰ বিস্ফোৰণঃ বিজ্ঞান-প্ৰযুক্তিৰ বিকাশৰ লগে লগে জ্ঞানৰ বিস্ফোৰণ ঘটিছে আৰু ইয়াৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। গতিকে জ্ঞানৰ নতুনত্ব প্ৰদান কৰিবলৈ শিক্ষাৰ উদ্দেশ্য, শিক্ষা- পদ্ধতি আদিত নতুন প্ৰচেষ্টাৰ অনুভৱ কৰা হৈছে যাৰ জৰিয়তে ব্যাক্তিয়ে আধুনিকীকৰণৰ পথত অগ্ৰসৰ হ'ব পাৰে।

২) দ্ৰুত সমাজ পৰিবৰ্ওনঃ শিক্ষাৰ পৰিবৰ্তনে সমাজৰ পৰিবৰ্তন সাধন কৰিছে. গতিকে শিক্ষাৰ দ্বাৰা সমাজৰ পৰিবৰ্তন আনি সমাজ বিকাশশীল আৰু গতিশীল প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত কৰিব পাৰি। 

৩) দ্ৰুত অগ্ৰগতিঃ সামাজিক গতিশীলতা আনিবলৈ হ'লে দ্ৰুত অগ্ৰগতি সাধনৰ চেষ্টা কৰা উচিত। নতুন সমাজ ব্যৱস্হাত দেখা দিয়া অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সমস্যাবোৰ সমাধানৰ বাবে দ্ৰুতভাৱে অগ্ৰগতি লাভ কৰাটো প্ৰয়োজন। 


19. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে চাৰিটা উপায়ৰ পৰামর্শ দিয়া।

উঃ ১) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্হা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে।

২) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰৰ অধিক শক্তিশালী কৰি তুলিব লাগে। 

৩) অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে। ইয়াৰ বাবে শিক্ষকসকলৰ মাজত আলোচনা চক্ৰ, কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ আদি সংস্থাপন ব্যৱস্থা কৰিব লাগে। 

৪) বৃওীয় শিক্ষাৰ কৰ্ম নিযুক্তিৰ নতুন নতুন সম্ভাৱনীয়তাসমূহ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই উদ্ভাৱন কৰিব লাগে। গাঁও অঞ্চলত কৃষিভিওিক শিল্পকেন্দ্ৰ আৰু নগৰ অঞ্চলত আধুনিক জীৱনৰ প্ৰয়োজনভিওিক শিল্প প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। 


20. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ প্ৰয়ােজনীয়তা সৃষ্টিকাৰী পৰিস্থিতি ব্যাখ্যা কৰা।

উঃ স্বাধীন ভাৰতত মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ প্ৰথম দলিল হ'ল মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদন। স্বাধীনোওৰ ভাৰতৰ জাতীয় পুনৰ গঠনৰ প্ৰসংগত মাধ্যমিক শিক্ষা ব্যৱস্থাৰ পৃথকভাৱে আৰু পৰিপূৰ্ণ ৰূপত আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছিল। সেয়ে ভাৰত চৰকাৰে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ এ. লক্ষ্মণস্বামী মুডালিয়াৰৰ সভাপতিত্বৰ ১৯৫২ চনৰ ২৩ চেপ্তেম্বৰত ৯ জন সদস্য বিশিষ্ট মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল। সভাপতিৰ নাম অনুসাৰে এই আয়োগ 'মুডালিয়াৰ আয়োগ' নামে খ্যাত।

   মাধ্যমিক শিক্ষাৰ সকলো দিশৰ প্ৰতি মাধ্যমিক শিক্ষা আয়োগে দৃষ্টি নিক্ষেপ কৰি অনেক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই ১৯৫৩ চনৰ জুন মাহত আয়োগৰ প্ৰতিবেদন সম্পূৰ্ণ কৰে। আগষ্ট মাহৰ ২৯ তাৰিখে প্ৰতিবেদনখন চৰকাৰৰ ওচৰত দাখিল কৰিছিল। এই প্ৰতিবেদনত মুঠ ১৫ টা অধ্যায় আছিল। আয়োগৰ প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে আলোচনা কৰা হৈছিল। এই অধ্যায় দুটা ভাগত বিভক্ত। ইয়াৰ প্ৰথম ভাগত মাধ্যমিক শিক্ষাৰ দোষ- ত্রুটিসমূহৰ উল্লেখ কৰা হৈছিল আৰু দ্বিতীয় ভাগত মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে আয়োগে নিজৰ মত ব্যক্ত কৰিছে। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আয়োগে প্ৰচলিত মাধ্যমিক শিক্ষাত থকা আসোঁৱাহসমূহ আঙুলিয়াই দিছিল। 


21. কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ যুগুত কৰা হৈছিল, ব্যাখ্যা কৰা?

উঃ ১৯৮৫ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীয়ে ঘোষণা কৰে যে ভাৰতত নতুন শিক্ষানীতি প্ৰস্তুত কৰা হব। কাৰণ ভাৰতবৰ্ষ যদিও বিজ্ঞান আৰু কাৰিকৰী দিশত যথেষ্ট আগবাঢ়িছে তথাপিও দেশৰ বৃহত জনসম্পদৰ বিকাশৰ বাবে যথেষ্ট কৰণীয় আছে। সেই উদ্দেশ্য প্ৰকাশ কৰা 'শিক্ষাৰ প্ৰত্যাহ্বান' ৰ ওপৰত সেই সময়ৰ শিক্ষামন্ত্রী কৃণ্ষ কান্ত পান্তে সমগ্ৰদেশৰ ৰাইজৰ মাজত এই সম্পৰ্কীয় আলোচনাৰ আহ্বান জনায়। সেই অনুসৰি এই শিক্ষাৰ প্ৰত্যাহ্বান কলৈ সমগ্ৰদেশতে বিভিন্ন অধিবেশন, আলোচনাচক্ৰ, অধ্যয়ন চক্ৰ আদি অনুষ্ঠিত হয়। এক নতুন শিক্ষানীতি প্ৰবৰ্তনৰ বাবে চলা ৰাষ্ট্ৰজোৰা এই বিতৰ্কৰ অংশ স্বৰূপে ভাৰত চৰকাৰৰ শিক্ষামন্ত্রী দপ্তৰে ১২ খন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু ইয়াৰ পৃষ্ঠপোষকতাত ১৭ খন আলোচনা চক্ৰ অনুষ্ঠিত কৰে।  এই সকলো বিলাকৰ পৰা পোৱা বিভিন্ন পৰামৰ্শাৱলী অথবা যোগাযোগৰ ওপৰত শিক্ষামন্ত্রী দপ্তৰে বিতং আলোচলা কৰি, মানব সম্পদ উন্নয়ন মন্ত্রাণালয়ে জাতীয় শিক্ষানীতি ১৯৮৬ এক উপসংস্থাপন শীৰ্ষক এক প্ৰতিবেদন প্ৰস্তুত কৰে। ইয়াৰ পিছত ইয়াৰ প্ৰয়োজনীয় সংশাধন ঘটাই ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ খচৰাখন প্ৰস্তুত কৰি ইয়াক ১৯৮৬ চনৰ মে মাহৰ প্ৰথম সপ্তাহত সংসদত দাখিল কৰা হয়।

   এই ৰাষ্ট্ৰীয় শিক্ষানীতিখনক লোক সভাই ১৯৮৬ চনৰ মাহৰ ৮ তাৰিখ আৰু ৰাজ্যসভাই ১৯৮৬ ৰ মে মাহৰ ১৩ তাৰিখে গৃহীত কৰে। ইয়াকেই ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ স্বৰূপে জনা যায়।


22. শিক্ষকৰ মৰ্য্যদা আৰু দায়িত্ব সম্পর্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শবােৰ কি কি?

উঃ ১) শিক্ষকসকলৰ নিয়োগকৰণত যোগ্যতাৰ মান বিচাৰ কৰাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুৰুত্ব দিছে।

২)  সকলো শিক্ষকৰ বাবে দৰমহাৰ সমান নীতি গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে।

৩) শিক্ষকসকলৰ বাবে প্ৰাক্-কালীন আৰু কৰ্মকালীন প্ৰশিক্ষণৰ পৰামৰ্শ দিছে। 

৪) প্ৰাথমিক শিক্ষক সকলৰ বাবে জিলা পৰ্যায়ত শিক্ষা আৰু প্ৰশিক্ষণ শিক্ষা (DIET) সংস্থাপন কৰাৰ পৰামৰ্শ দিছিল। 


23. আমাৰ শৈক্ষিক ব্যৱস্থাৰ সৈতে দুর্বলতম যােগসূত্র আছে। আমাৰ মাধ্যমিক শিক্ষাৰ’ —এই দৃষ্টিভংগীক কিদৰে ব্যাখ্যা কৰিছিল মুদালিয়াৰ আয়ােগে? 

উঃ প্ৰাথনিক আৰু উচ্চ শিক্ষাৰ মধ্যৱৰ্তী শিক্ষাস্তৰকে মাধ্যমিক শিক্ষা বুলি কোৱা হয়। এখন দেশৰ সামগ্ৰিক বিকাশত মাধ্যমিক শিক্ষা ব্যৱস্হাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।  সেয়েহে মাধ্যমিক শিক্ষাক জাতি গঠনৰ শিক্ষা ৰূপে বিবেচনা কৰা হয়। প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ লগত যোগসূত্র ৰক্ষা কৰি এক স্বয়ং সম্পূৰ্ণ শিক্ষা ব্যৱস্হা গঢ়ি তোলাই মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য। স্বাধীনতাৰ পূৰ্বেই ভাৰতত মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছিল। কিন্তু স্বাধী নতাৰ পিছত পৰিবৰ্তিত সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ প্ৰয়োজন গভীৰভাৱে অনুভৱ কৰা হৈছিল। সেয়েহে স্বাধীনোত্তৰ ভাৰতত এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছিল। এই ক্ষেত্রত মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩, কোঠাৰী আয়োগ ১৯৬৪-৬৬ আৰু জাতীয় শিক্ষা-নীতি ১৯৮৬ ৰ পৰামৰ্শাৱলী বিশেষ গুৰুত্বপূৰ্ণ।


24. 1986 জাতীয় শিক্ষানীতি, ১৯৮৬ ৰ পৰামর্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উঃ জাতীয় শিক্ষানীতি ১৯৮৬ ৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ হ'ল-

১।  সৰ্বতোমুখী বিকাশ।

২। মানৱ সম্পদ বা শক্তিৰ বিকাশ। 

৩।  গনতন্ত্র, সামাজিকতা আৰু ধৰ্মনিৰপেক্ষতাৰ। 

৪ ।  আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শান্তিৰ সমন্বয়। 

৫।  মূল্যবোধৰ বিকাশ সাধন। 

৬ ।  জীৱনব্যাপী শিক্ষা। 


25. নবােদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উঃ ১। এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা। 

২।  এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উতকৰ্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় সংস্থাপন কৰা।


26. ECCE কি?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উঃ  ECCE  ৰ সম্পূৰ্ণ আকাৰটো হ'ল -

Early Childhood Care Education.  শিশুৰ বিকাশত জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰে। শৈশৱপ শিশুৰ যতন আৰু শিক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে শিশু কেন্দ্ৰিক শিক্ষাৰ প্ৰবৰ্ত্তনৰ কথা কোৱা হৈছে। এই স্তৰৰ শিক্ষাই শিশুৰ খেলা তথা তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত। এই স্তৰৰ শিশুৰ বাবে সংহত শিশু বিকাশ আঁচনি তথা, শিশুৰ যতনৰ বাবে দিনৰ ভাগত শিশু যতনৰ বাবে দিনৰ ভাগত শিশু যতন কেন্দ্ৰ শিক্ষকৰ প্ৰশিক্ষণক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়।


27. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে তুমি কি বুজা?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উঃ মাধ্যমিক শিক্ষাৰ বৃওিমুখীকৰণ বুলিলে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত বিভিন্ন বিষয় যেনে কাৰিকৰী, বাণিজ্য আৰু বৃওিমূলক বিষয় অন্তৰ্ভক্ত কৰি অৰ্থনৈতিক স্বাৱলম্বীতা লাভ কৰাটোকে বুজায়, কিয়নো মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য ছাত্র ছাত্রীসকলক ভৱিয্যতৰ বাবে প্ৰস্তুত কৰি তোলা। সেয়েহে ছাত্র ছাত্রী সকলক ভৱিষ্যতৰ ওপৰত গঢ়ি তুলিবলৈ হ'লে মাধ্যমিক শিক্ষাৰ বৃওিমুখীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। 


28. ছাত্ৰসকলৰ মাজত 1 নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়ােগে আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ ১। ছাত্র ছাত্রীসকলক অনুশাসন আৰু নেতৃত্বৰ শিক্ষা প্ৰদান কৰা উচিত।

২।  ছাত্র ছাত্রীসকলৰ মাজত সু-নাগৰিক গুণসমূহ আৰু বৃওীয় যোগ্যতা বিকশাই তিলিব লাগে।


29. জাতীয় শিক্ষা ব্যৱস্থা’ বুলিলে কি বুজা? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ ভাৰত চৰকাৰে ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত দেশৰ পৰাবৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষা নীতি প্ৰস্তুত কৰি তোলাৰ পৰামৰ্শ দিছিল। সেই মৰ্মে ১৯৮৬ চনৰ ভাৰতীয় শিক্ষা নীতিত জাতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলো লোককে শিক্ষা গ্ৰহণ সমানে সুবিধা দিয়া হয়।


30. কোঠাৰী আয়ােগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

১) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব। 

২) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক (৪-৫ বছৰীয়া হ'ব)

খ) উচ্চ প্ৰাথমিক (২-৩ বছৰীয়া হ'ব )

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হব। 

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হব । 

৫) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব। 


31.  ECCE বুলিলে কি বুজা?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ  ECCE  ৰ সম্পূৰ্ণ আকাৰটো হ'ল-

Early Childhood Care Education. শিশুৰ বিকাশত জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰে। শৈশৱপ শিশুৰ যতন আৰু শিক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে শিশু কেন্দ্ৰিক শিক্ষাৰ প্ৰবৰ্ত্তনৰ কথা কোৱা হৈছে। এই স্তৰৰ শিক্ষাই শিশুৰ খেলা তথা তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত। এই স্তৰৰ শিশুৰ বাবে সংহত শিশু বিকাশ আঁচনি তথা, শিশুৰ যতনৰ বাবে দিনৰ ভাগত শিশু যতনৰ বাবে দিনৰ ভাগত শিশু যতন কেন্দ্ৰ শিক্ষকৰ প্ৰশিক্ষণক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। 


32. অসমৰ মাধ্যমিক শিক্ষাৰ দুটা সমস্যা বর্ণনা কৰা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উঃ অসমৰ মাধ্যমিক শিক্ষাত দেখা দিয়া সমস্যাসমূহৰ সমাধানৰ বাবে দুটা পৰামৰ্শ হ'ল-

১) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্হা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিব লাগে।

২) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্হা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে। এনে সমিতিবোৰত চৰকাৰৰ অনুমতি প্ৰভাৱ গুচাব লাগে।


33. মুদালিয়ৰ আয়ােগে উল্লেখ কৰা মাধ্যমিক শিক্ষা পদ্ধতিৰ তিনিটা দোষ উল্লেখ কৰা।

উঃ ১)  পৰীক্ষা ব্যৱস্থাৰ ক্ৰটি। 

২)  পাঠ্যপুথিৰ দোষ। 

৩) প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ। 


34. বৃত্তীয় শিক্ষা সম্বন্ধে কোঠাৰী আয়ােগে আগবঢ়োৱা মত কি আছিল?

উঃ ১) আয়োগে বৃওীয় শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে জনিয়ৰ টেকনিকেল, টেকনিকেল হাইস্কুল, পলিটেকনিক আদি অনুষ্ঠান প্ৰতিষ্ঠাৰ পৰামৰ্শ দিছিল। 

) ছাত্র-ছাত্রীসকলৰ বাবে অংশকালীন পাঠ্যক্ৰম, তিনিমহীয়া পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিল। 

৩) আয়োগে প্ৰতিখন ৰাজ্যতে কৃষি বিশ্ববিদ্যালয় সংস্থাপনৰ পৰামৰ্শ দিছিল ।

৪) মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত বাণিজ্য, প্ৰশাসন, স্বাস্থ্য আদি বিভিন্ন বিষয়ৰ ব্যৱস্থা কৰাত আয়োগে গুৰুত্ব দিছে। 


35. নতুন শিক্ষা নীতিত উল্লেখ থকা ‘সমতাৰ শিক্ষা’ কি?

উঃ নতুন শিক্ষানীতিয়ে বৈষম্য আঁতৰ কৰাৰ বাবে আৰু যি সকলক এতিয়ালৈকে সমতাদিয়া হোৱা নাই তেওঁলোকক বিশেষ প্ৰয়োজন পূৰণৰদ্বাৰা শিক্ষাৰ সমান সুযোগ দিয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হব। মহিলা সকলৰ মৰ্যাদাৰ মৌলিক পৰিবৰ্ত্তনৰ এক আহিলা হিচাপে শিক্ষাক ব্যৱহাৰ কৰা হ'ব।

 

36. মুদালিয়ৰ আয়ােগত উল্লেখ থকা শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা ।

উঃ ১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ'ল এক বৃহত প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানেৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব।  ছাত্র ছাত্রীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে। 

প্ৰতিজনলোকৰ মৰ্য্যদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বৰ্তি থাকে। সেয়েহে প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনে- মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে।

২) ব্যক্তিত্বৰ বিকাশঃ আয়োগে কয় যে  মাধ্যমিক শিক্ষাই ছাত্র- ছাত্রীসকলৰ সৃজনীমূলক শক্তিৰ প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ'ক বুজি উঠিব পাৰে তথা পৰবৰ্তী কালত ইয়াৰ বিকাশ ঘটাব পাৰে। 

  আনহাতে আমাৰ পাঠ্যক্ৰম সমূহৰ যোগেদি কলা, শিল্প, সংগীত, নৃত্য তথা 'হবি' সমূহক যথাযথ সন্মান দিয়া উচিত। 


37. মাধ্যমিক শিক্ষাবৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ আলােচনা কৰা।

উঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত বৃত্তিমুখীকৰণ সম্পৰ্কে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছিল- 

১) এই শিক্ষানীতিত অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মাধ্যমিক স্তৰৰ শিক্ষাৰ বৃত্তিমুখীকৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল। 

২)  জাতীয় স্বাৰ্থৰ পৰিপ্ৰেক্ষিতত বৃত্তিমুখীকৰণৰ বাবে বিভিন্ন ধৰণৰ বৃত্তিকৰণৰ বাবে বিভিন্ন ধৰণৰ বৃত্তিকেন্দ্ৰিক পাঠ্যক্ৰম পৃথকভাৱে প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়া হয়। 

৩) কৰ্ম জগতৰ বিভিন্ন বৃত্তি নিৰ্বাচনত সহায় কৰা আৰু ইয়াৰ দক্ষতা অৰ্জনত সহায় কৰাই এই বৃত্তিমুখী শিক্ষাৰ মূল্য উদ্দেশ্য। 

৪) এই বৃত্তীয় পাঠ্যক্ৰম ১৯৯০ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিক স্কুলৰ শতকৰা ১০ ভাগ ছাত্রই গ্ৰহণ কৰাটো সম্ভৱপৰ কৰি তোলা হ'ব। 


38. শিক্ষাৰ আয়োগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা।

উঃ কোঠাৰী আয়োগৰ মতে সমগ্য দেশতে শিক্ষাৰ গাঠনি একে হোৱা উচিত। ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে (১০+২+৩) শিক্ষা গাঠনি প্ৰস্তত কৰিছিল আৰু ২০ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল। 

আয়োগে সাধাৰণ শিক্ষাক তিনিতা পৰ্যায়ত ভাগ কৰিছে- 

ক) প্ৰথম পৰ্যায়ঃ প্ৰাক-প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা। 

খ) দ্বিতীয় পৰ্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা। 

গ) তৃতীয় পৰ্যায়ঃ পূৰ্ব স্নাতক, স্নাওকোওৰ আৰু গৱেষণামূলক শিক্ষা। 

আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

1) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব। 

2) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হ'ব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক (৪-৫ বছৰীয়া হ'ব)

খ) উচ্চ প্ৰাথমিক (২-৩ বছৰীয়া হ'ব)

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হ'ব ।

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হব। 

৫) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব।


39. মাধ্যমিক শিক্ষাক কিয়। ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপে বিবেচনা কৰা হয়?

উঃ মাধ্যমিক শিক্ষা হল প্ৰাথমিক শিক্ষা আৰু উচ্চশিক্ষাৰ মাজৰ চাবিকাঠী. মাধ্যমিক শিক্ষা হল এক অতি গুৰুত্বপূৰ্ণ শিক্ষাস্তৰ। এখন দেশৰ সামগ্ৰিক বিকাশত মাধ্যমিক শিক্ষা ব্যৱস্হাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে. সেয়েহে মাধ্যমিক শিক্ষাক জাতি গঠনৰ শিক্ষা ৰূপে বিবেচনা কৰা হয়। প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ লগত যোগসূত্র ৰক্ষা কৰি এক স্বয়ং সম্পূৰ্ণ শিক্ষা ব্যৱস্হা গঢ়ি তোলাই মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য। স্বাধীনতাৰ পূৰ্বেই ভাৰতত মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছিল। কিন্তু স্বাধীনতাৰ পিছত পৰিবৰ্তিত সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ প্ৰয়োজন গভীৰভালে অনুভৱ কৰা হৈছিল। সেয়েহে স্বাধীনোত্তৰ ভাৰতত এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছিল। সেয়েহে মাধ্যমিক শিক্ষাক ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপে বিবেচনা কৰা হয়। 


(40. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।)

উঃ কোঠাৰী আয়োগৰ মতে সমগ্য দেশতে শিক্ষাৰ গাঠনি একে হোৱা উচিত। ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে (১০+২+৩) শিক্ষা গাঠনি প্ৰস্তত কৰিছিল আৰু ২০ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল।

আয়োগে সাধাৰণ শিক্ষাক তিনিতা পৰ্যায়ত ভাগ কৰিছে.

ক) প্ৰথম পৰ্যায়ঃ প্ৰাক-প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা

খ) দ্বিতীয় পৰ্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা.

গ) তৃতীয় পৰ্যায়ঃ পূৰ্ব স্নাতক, স্নাওকোওৰ আৰু গৱেষণামূলক শিক্ষা.

আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

1) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হব.

2) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক (৪-৫ বছৰীয়া হ'ব)

খ) উচ্চ প্ৰাথমিক (২-৩ বছৰীয়া হ'ব)

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হ'ব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হব.

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হব.

৫) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব.) 


41. এনপিচি ১৯৮৬ ৰদ্বাৰা দেখুওৱা ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ উপাদান কি?

উঃ ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ খনত সৰ্বমুঠ ১২টা ভাগ আছে। সেইবোৰ হ'ল -প্ৰথম ভাগ পৰিচিত, দ্বিতীয় ভাগ- শিক্ষাৰ সাৰমৰ্ম আৰু ভূমিকা, তৃতীয় ভাগ- ৰাষ্ট্ৰীয় শিক্ষাৰ ব্যৱস্থা, চতুৰ্থভাগ-সমতাৰ বাবে শিক্ষা, পঞ্চমভাগ- বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ পুনৰ সংগঠন, ষষ্ঠভাগ- কাৰিকৰী আৰু ব্যৱস্হাপনা শিক্ষা, সপ্তমভাগ- শিক্ষা ব্যৱস্হাক কৰ্মক্ষম কৰি তোলা, অষ্টমভাগ-শিক্ষাৰ বিষয়বস্তু আৰু প্ৰক্ৰিয়াৰ পুনৰ সংগঠন, নবমভাগ- শিক্ষক, দশমভাগ- শিক্ষাৰ ব্যৱস্হাপনা, একাদশভাগ- সম্পদ আৰু পৰ্যালোচনা, দ্বাদশভাগ- ভবিষ্যত।


42. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য  হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা ।

উঃ মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ হ'ল এক বৃহত প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানেৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্র- ছাত্রীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাৱৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে।

     চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্র কেতিয়াও সফল হব নোৱাৰে।  গতিকে মাধ্যমিক শিক্ষাই ছাত্র- ছাত্রীসকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্হাৰ সৃষ্টি কৰিব লাগে। 

মাধ্যমিক শিক্ষাৰ এক অন্যতম লক্ষ্য হব লাগে ছাত্র ছাত্রীসকলৰ মনত নাগৰিকত্বৰ ভাব যোগাই তোলা। কিয়নো আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। সেয়েহে তেওঁলোকক শাৰিৰীক মানসিক আধ্যত্মিক সকলো দিশৰ পৰা প্ৰশিক্ষণ দিয়াটো অতিকৈ প্ৰয়োজনীয়।


43. মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্রীয় সংহতিৰ বিষয়ে আলােচনা কৰা।

উঃ  পাঠ্যক্ৰমিক আৰু সহঃ পাঠ্যক্ৰমিক কাৰ্যসূচী সমূহৰ যোগেদি ছাত্র-ছাত্রীৰ মাজত জাতীয় সচেতনতা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাব জগাই তুলিব লাগে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ বাবেও শিক্ষাৰ বিকাশ কৰাব লাগে।


44. মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্ত  সমূহ কি কি? 

উঃ  ১)  ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বৰ্তমান অৱস্হাৰ সকলোবোৰ দিশ অনুসন্ধান কৰা আৰু সেই সম্বৰ্কে প্ৰতিবেদন দাখিল কৰা। 

২) শিক্ষাৰ লক্ষ্য, সংগঠন আৰু অধ্যয়নৰ উপাদান সম্পৰ্কে অনুসন্ধান কৰা। 

৩)  প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত সম্পৰ্ক সংস্থাপন কৰা। 

৪)  বিভিন্ন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয়ৰ মাজত সম্পৰ্ক সংস্থাপন কৰা। 

৫) অন্যান্য প্ৰাসংগিক সমস্যা সম্পৰ্কে অনুসন্ধান কৰা। 


45. অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰভাৱ কেনেকুৱা?

উঃ অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্রত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ১৯৮৬ ৰ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল-

১) নবোদয় বিদ্যালয়ঃ নতুন শিক্ষানীতিয়ে নবোদয় বিদ্যালয় স্হাপনৰদ্বাৰা মাধ্যমিক শিক্ষাৰ এক বিশেষ অভাৱ পূৰণ কৰিলে।  বিশেষকৈ যিসকল ছাত্র ছাত্রীৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই সমূহ বিদ্যালয়ৰ উদ্দেশ্য। কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় সংস্থাপন প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া। 

২) শিক্ষা বৃত্তিমুখীকৰণৰ জৰিয়তেঃ  ছাত্র-ছাত্রীসকলক বিভিন্ন ক্ষেত্রৰ কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যায়। পদ্ধতিগত তথা সু-পৰিকল্পিতভাৱে শিক্ষাক বৃত্তিমুখী কৰি তুলিব লাগিব। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক মাধ্যমিক পৰ্যায়তে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলুব লাগিব যদিও মাধ্যমিক শিক্ষাৰ পিছত + ২ স্তৰত প্ৰধানকৈ এই শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। 


46. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত প্ৰভাৱিত গাঁথনিগত পৰিৱর্তনসমূহ ব্যাখ্যা কৰা।

উঃ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰ শিক্ষা ব্যৱস্হাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল জাতি, বৰ্ণ, নিৰ্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া হয়। ১৯৬৮ চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা সাধাৰণ 'স্কুল ব্যৱস্থা' এইক্ষেত্রত অধিক ফলপ্ৰসু হ'ব। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলোৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে।  দেশৰ সকলো অংশতে ১০+২+৩ সূত্রৰ গাঁথনিৰে শিক্ষা দিয়াৰ ব্যৱস্থা গিৰহণ কৰিছে। ইয়াৰে প্ৰথম দহ বছৰৰ ৫ বছৰ প্ৰাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্ৰাথমিক আৰু ২বছৰীয়া মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজ্য। 

ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম হব ৰাষ্ট্ৰীয় ভিত্তিৰ আৰু ইয়াৰ কিছুমান সাধাৰণ দিশ থাকিব আৰু আন কিছুমান পৰিবৰ্তনীয় দিশ থাকিব । সাধাৰণ দিশবোৰৰ ভিতৰত থাকিব ভাৰতৰ ইতিহাস, স্বাধীনতা আন্দোলন সাংবিধানিক দায়বদ্ধতা আৰু আন প্ৰয়োজনীয় জাতীয় চিহ্নিত দিশসমূহ । এই দিশবোৰৰ মাজেৰে মূল্যবোধৰ বিকাশ কৰা হব আৰু ভাৰতীয় সংস্কৃতিৰ ধাৰা, গণতন্ত্রৰ ধাৰা, ধৰ্মনিৰপেক্ষতাবাদ, সমভাৱাপন্নতা, স্ত্রী-পুৰুষৰ সমতা, পৰিবেশৰ সংৰক্ষণ, সামাজিক বাধা দূৰীকৰণ, সৰু পৰিয়ালৰ আদৰ্শ গ্ৰহণ, বিজ্ঞানসন্মত দৃষ্টিভংগী আহৰণৰ কথা প্ৰকাশ পাব ।  ভাৰতবৰ্ষই সদায় শান্তি আৰু জাতিসমূহৰ বুজাবুজিৰ বাবে কাম কৰি যাব আৰু পৃথিৱীখনক এক পৰিয়াল হিচাবে গণ্য কৰিব ।


47. শিক্ষাৰ মান সম্পৰ্কত এনপিচিয়ে আগবঢ়োৱা পৰামর্শসমূহ উল্লেখ কৰা ।

উঃ শিক্ষাৰ মান সম্পৰ্কত এনপিচিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ হ'ল-

১)  শিক্ষা গাঁঠনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ ।

২)  ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময় সীমা ।

৩) শিক্ষক, পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰাক্ষণ ব্যৱস্থা, স্কুল ঘৰ আৰু শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা ।

৪) উপলব্ধ শিক্ষাৰ সা-সুবিধাবোৰৰ প্ৰয়োগকৰণ ।


48. এখন গণতান্ত্রিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে বৃত্তিগত দক্ষতা’ৰ গুৰুত্ব কি ?

উঃ মাধ্যমিক আয়োগে মত পোষণ কৰিছিল যে প্ৰচলিত শিক্ষা ব্যৱস্হাই ছাত্রৰ ব্যক্তিত্বৰ বিকাশ সাধনত সহায় কৰিব পৰা নাই । গতিকে গণতান্ত্রিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল  প্ৰত্যেকজন ছাত্রৰে ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সৰ্বাংগীন বিকাশ সাধন কৰা । সেয়ে এই দিশত ব্যক্তিগত দক্ষতাৰ গুৰুত্ব তলত উল্লেখ কৰা হ'ল-

১)  মাধ্যমিক শিক্ষাত ছাত্র ছাত্রীৰ শাৰিৰীক, মানসিক, সামাজিক, আনুভূতিক আৰু ব্যৱহাৰিক চাহিদাসমূহৰ পৰিতৃপ্তিৰ ব্যৱস্থা কৰিব লাগিব ।

২) প্ৰত্যেক ব্যক্তিয়ে যাতে সৃজনীশক্তিৰ প্ৰকাশ কৰি সভ্যতা সংস্কৃতিলৈ বৰঙণি যোগাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । 

৩) মাধ্যমিক শিক্ষাৰ দ্বাৰা দলগত জীৱন যাপনৰ প্ৰয়োজনীয় গুণাৱলীৰ বিকাশ ঘটাব লাগিব । এই গুণসমূহ হৈছে-নিয়মানুৱৰ্ওিতা , সগযোগিতা,  সামাজিক সংবেদনশীলতা আৰু সহিঞ্ষুতা ।

৪) ছাত্রৰ মনৰ উদাৰ জাতীয়, ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী গঢ়ি তুলি তেওঁলোকৰ চাৰিত্রিক গুণাৱলীৰ বিকাশ ঘটাব লাগিব । 


49. চমুটোকা লিখা পৰাপক্ষত প্রতিটোৰ বাবে আঠটাকৈ বাক্য 

(a) Higher Secondary Education Council.! উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ? 

উঃ কোঠাৰী আয়োগৰ পৰামৰ্শ ক্ৰমে ১৯৮৪ চনত অসম মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হয় ।  ইয়াৰ যোগেদি উচ্চতৰ মাধ্যমিক শিক্ষা পৰ্যায়ৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব পৰিষদৰ হাতত পৰ্দান কৰা হয়। বৰ্তমান এই পৰিষদে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ সংস্থাপন অনুমতি, স্বীকৃতি আদি প্ৰদান কৰা, নীতি নিয়ম ভংগকাৰী অনুষ্ঠান ৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্হা গ্ৰহণ কৰা, পাঠ্যপুথি আদি প্ৰস্তুত কৰা, পৰীক্ষা সম্পাদন  কৰি ছাত্রক যোগ্যতাৰ মান-পত্র প্ৰদান কৰা আদি সকলো দায়িত্ব আৰু কৃতিত্ব  পালন কৰা হয় । 


(b) 10 + 2 + 3 system . ( ১০ + ২ + ৩ পদ্ধতি )

উঃ কোঠাৰী আয়োগৰ মতে সমগ্য দেশতে শিক্ষাৰ গাঠনি একে হোৱা উচিত। ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে (১০+২+৩) শিক্ষা গাঠনি প্ৰস্তত কৰিছিল আৰু ২০ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল । 

আয়োগে সাধাৰণ শিক্ষাক তিনিতা পৰ্যায়ত ভাগ কৰিছে.

ক) প্ৰথম পৰ্যায়ঃ প্ৰাক-প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা । 

খ) দ্বিতীয় পৰ্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা । 

গ) তৃতীয় পৰ্যায়ঃ পূৰ্ব স্নাতক, স্নাওকোওৰ আৰু গৱেষণামূলক শিক্ষা। 

আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

1) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হব । 

2) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক ( ৪ - ৫ বছৰীয়া হব )

খ) উচ্চ প্ৰাথমিক (২ - ৩ বছৰীয়া হব )

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হব । 

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হব । 

৫) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হব । 


(c) Vocationalization of secondary education .  মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ 

উঃ মাধ্যমিক শিক্ষাৰ বৃওিমুখীকৰণ বুলিলে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত বিভিন্ন বিষয় যেনে কাৰিকৰী, বাণিজ্য আৰু বৃওিমূলক বিষয় অন্তৰ্ভক্ত কৰি অৰ্থনৈতিক স্বাৱলম্বীতা লাভ কৰাটোকে বুজায়, কিয়নো মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য ছাত্র ছাত্রীসকলক ভৱিয্যতৰ বাবে প্ৰস্তুত কৰি তোলা.সেয়েহে ছাত্র ছাত্রী সকলক ভৱিষ্যতৰ ওপৰত গঢ়ি তুলিবলৈ হ'লে মাধ্যমিক শিক্ষাৰ বৃওিমুখীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় । 


(d) Kothari Commission and Secondary education in Assam. কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা 

উঃ ১৯৬৪ চনত গঠন হোৱা কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ পৰিপৰ্তন সাধন কৰিছিল । দেশৰ শিক্ষা গাঠনিক নতুনকৈ ১০+২+৩ স্বৰূপে গঢ় দি তোলা হৈছিল ।  আয়োগৰ পৰামৰ্শ অনুসৰি ১০ বছৰীয়া মাধ্যমিক স্কুল আৰু ২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যৱস্হা অসম মাধ্যমিক শিক্ষা সংস্হাই গ্ৰহণ কৰিছিল. ১৯৭৩ চনৰ পৰা তাৰ কাৰ্যকৰীকৰণ কৰা হয় । পূৰ্বৰ ১০ বছৰীয়া হাইস্কুল আৰু ১২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যৱস্হাও নতুন ব্যৱস্থাৰ সমান্তৰালভাৱে চলি থাকে ।  উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ শিক্ষা দিবলৈ বৰ্তমান সময়ত অসমত কেতবোৰ "জুনিয়ৰ কলেজ" গঢ় লৈ উঠিছে । 

কোঠাৰী আয়োগৰ পৰামৰ্শক্ৰমেই স্কুলত বিজ্ঞান আৰু গণিত শিক্ষাত অধিক গুৰুত্ব দিয়া হয় আৰু এই  দুই বিষয় সকলো ছাত্র ছাত্রীৰ বাবে বাধ্যতামূলক কৰি তোলা হয় লগতে কৰ্ম-অভিজ্ঞতা বিষয় অন্তৰ্ভক্ত কৰা হয় । 


50. কোঠাৰী আয়ােগৰ নিযুক্তি সম্পর্কত আলােচনা কৰা ।

উঃ ভাৰতীয় চৰকাৰে শিক্ষাৰ আমূল পৰিবৰ্তন সাধনৰ লক্ষ্যৰে তথা সকলো স্তৰৰ শিক্ষাৰ নীতি নিৰ্ধাৰণৰ বাবে এক প্ৰস্তাৱৰ জৰিয়তে ১৯৬৪ চনৰ ১৪ জুলাইত এখন শিক্ষাৰ আয়োগ গঠন কৰে ।  এই আয়োগৰ সভাপতি আছিল সেই সময়ৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সভাপতি ড° ডি. এচ. কোঠাৰী । এই আয়োগ খনৰ মুঠ সদস্যৰ সংখ্যা আছিল ১৭ জন. ভাৰতীয় শিক্ষা ব্যৱস্থাত এইখনেই সৰ্ববৃহত প্ৰতিবেদন । এই প্ৰতিবেদন খন  ২০টা অধ্যায় আৰু ৩৭২ পৃষ্ঠা জোৰা আছে. ১৯৬৬ চনৰ ২০ জুনত এই প্ৰতিবেদনখন চৰকাৰৰ হাতত দাখিল কৰা হৈছিল ।  প্ৰতিবেদনৰ আৰম্ভণিৰ বাক্যত কোৱা হৈছে "এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে"। কোঠাৰী আয়োগৰ এই প্ৰতিবেদনখনক 'শিক্ষা আৰু জাতীয় বিকাশ আঁচনি' স্বৰূপেও অভিহিত কৰা হয় । 


C. Essay Type Questions: 

1. মাধ্যমিক শিক্ষা সম্পৰ্কত জাতীয় শিক্ষানীতি, 1986 -ৰ পৰামর্শসমূহ আলােচনা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উঃ মাধ্যমিক শিক্ষা ব্যৱস্হা যাতে উন্নত হয় তথা সকলোৱে, বিশেষকৈ যি ঠাইত এই শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ।  ইয়াৰ বাবে প্ৰয়োজনীয় কথা কেইটা হ'লঃ 

১। মাধ্যমিক শিক্ষাৰ সুবিধা নোহোৱা ঠাইলৈ যাতে এই সুবিধা আগবঢ়াই নিব পাৰি তাৰ ব্যৱস্হা কৰা । 

২। অন্য ঠাই সময়তো এই ব্যৱস্হা শক্তিশালী কৰি তোলা । 

৩। নবোদয় বিদ্যালয় সংস্থাপন ।

ক) নবোদয় বিদ্যালয়ঃ নতুন শিক্ষানীতিয়ে নবোদয় বিদ্যালয় স্হাপনৰদ্বাৰা মাধ্যমিক শিক্ষাৰ এক বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই সমূহ বিদ্যালয়ৰ উদ্দেশ্য । এই ক্ষেত্রত দৰিদ্ৰতা অথবা থকা ঠাই কেতিয়াও ইয়াৰ সৃষ্টিকাৰী হব নোৱাৰি । কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় স্হাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া ।  আবাসিক বিধৰ এই নবোদয় বিদ্যালয়সমূহে দেশৰ বিভিন্ন ছাত্র-ছাত্রীসকলৰ মাজত শিক্ষাৰ উতকৰ্ষ সাধনৰ সুবিধা দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংহতি স্হাপনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পাব পাৰিব। 

খ) শিক্ষা বৃত্তিমুখীকৰণঃ শিক্ষা বৃত্তিমুখীকৰণৰ জৰিয়তে ছাত্র-ছাত্রীসকলক বিভিন্ন ক্ষেত্রৰ কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যাব । পদ্ধতিগত তথা সু-পৰিকল্পিতভাৱে শিক্ষাক বৃত্তিমুখী কৰি তুলিব লাগিব. ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক মাধ্যমিক পৰ্যায়তে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিব লাগিব যদিও মাধ্যমিক শিক্ষাৰ পিছত + ২ স্তৰত প্ৰধানকৈ এই শিক্ষা প্ৰদানৰ ব্যৱস্হা কৰিব লাগে । 


2. মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উঃ কোঠাৰী আয়োগে শিক্ষা সংগঠনৰ পুনৰ গঠনৰ হকে মতপোষণ কৰে। এই পুনৰ সংগঠনত আয়োগে প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ শিক্ষাক সামৰি লৈছে । আয়োগে ভাৰতবৰ্ষত ইতিমধ্যেই চলি থকা স্কুলীয়া আৰু উচ্চ শিক্ষাৰ ক্ষেত্রত কিছুমান অতি গুৰুত্বপূৰ্ণ জ্ঞংশাধনৰ প্ৰস্তাৱ আগবঢ়াইছিল । আয়োগে আগবঢ়োৱা শিক্ষাৰ বিভিন্ন স্তৰৰ নতুন পদ্ধতি তলত দিয়া ধৰণৰ হ'ব-

১) প্ৰাক প্ৰাথমিকঃ (১ ৰ পৰা ৩বছৰলৈ)

২) প্ৰাথমিকঃ (প্ৰথম শ্ৰেণীৰ পৰা সপ্তমলৈ অথবা প্ৰথমৰ পৰা অষ্টমলৈ)

ক) নিম্ন প্ৰাথমিক শ্ৰেণীঃ (৪ বা ৫ বছৰলৈ) প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ অথবা প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ।

খ) উচ্চ প্ৰাথমিক শ্ৰেণীঃ (৩ অথবা ২ বছৰলৈ) পঞ্চমৰ পৰা সপ্তমলৈ অথবা ষষ্ঠৰ পৰা অষ্টমলৈ।

৩) মাধ্যমিক শ্ৰেণীঃ অষ্টমৰ পৰা দ্বাদশলৈ অথবা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ।

ক) নিম্ন মাধ্যমিক শ্ৰেণীঃ অষ্টমৰ পৰা দশমলৈ অথবা নৱম আৰু দশম (৩ অথবা ২ বছৰৰ বাবে)

খ) উচ্চতমৰ মাধ্যমিক শিক্ষা শ্ৰেণীঃ (দুবছৰৰ বাবে) একাদশ আৰু দ্বাদশ

৪) উচ্চ শিক্ষাঃ (৩ বছৰৰ বাবে ডিগ্ৰী আৰু ইয়াৰ পিছত বিভিন্ন সময়ৰ উচ্চ শিক্ষা) 

পেছাদাৰী ডিগ্ৰীঃ এম. এ. এম. বি. বি. এচ. এল. এল. বি আদি

সাধাৰণ ডিগ্ৰীঃ পেছাদাৰীৰ বাহিৰে অন্য

স্নাতকঃ প্ৰথম ডিগ্ৰী

স্নাতকোত্তৰঃ প্ৰথম ডিগ্ৰীৰ বাহিৰে বাকীবোৰ


3. মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে কোঠাৰীআয়ােগৰ পৰামর্শসমূহ আলােচনা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উঃ আয়োগে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে যে ভাৰতবৰ্ষৰ শ্ৰেণীকোঠা সমূহতেই বৰ্তমান দেশৰ ভাগ্যৰ গঠন কাৰ্য্য চলি আছে. আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা ওলাই অহা ছাত্র-ছাত্রীৰ মানদণ্ড আৰু সংখ্যাৰ ওপৰত আমাৰ দেশৰ ৰাষ্ট্ৰীয় পুনৰ গঠনৰ মানদণ্ড নিৰ্ভৰ কৰিব যাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰা। এই ক্ষেত্রত কোঠাৰী আযোগে শিক্ষাৰ নিম্নলিখিত লক্ষ্য সমূহৰ পৰামৰ্শ আগবঢ়াইছে-

১) শিক্ষা আৰু উতপাদন ক্ষমতাঃ আয়োগৰ মতে, জাতীয় আয় বৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যাতে ই উতপাদনশীলতা বৃদ্ধি কৰিব পাৰে। বিজ্ঞান শিক্ষাৰ বিকাশৰদ্বাৰা শিক্ষা আৰু উতপাদনৰ মাজ যোগসূত্র সৃষ্টি কৰিব পাৰে। এই ক্ষেত্রত, কৰ্মঅভিজ্ঞতা, উতপাদন প্ৰক্ৰিয়াত বিজ্ঞানৰ প্ৰায়োগিকতা, বৃত্তিমুখী শিক্ষাৰ কথা উনুকিয়াব পাৰি। আয়োগে আগবঢ়োৱা লক্ষ্যকেইটা হ'ল-

ক) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰা । 

খ) কৰ্ম অভিজ্ঞতা ।

গ) বৃত্তিমুখীকৰণ । 

২) শিক্ষা, সামাজিক আৰু জাতীয় সংহতিঃ ভাৰতবৰ্ষ জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন বৃহত জনগোষ্ঠীৰ দেশ । গতিকে ভাৰতবৰ্ষৰ সামাজিক আৰু জাতীয় সংহতি এক প্ৰধান সমস্যা । শিক্ষাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰি আৰু সাম্প্ৰদায়িক, সামাজিক আৰু জাতীয় সংহতিৰ আদৰ্শৰ বিকাশ লাভ কৰিব পাৰি । এই ক্ষেত্রত সমূহীয়া স্কুল ব্যৱস্থা স্কাউট আৰু গাইড সংঘ, জাতীয় সেৱা আঁচনি আদি গ্ৰহণ কৰিব পৰা যায় । মাতৃভাষা, হিন্দী আৰু অন্যান্য আধুনিক ভাষাৰ শিক্ষাৰ ব্যৱস্হা কৰিব পাৰিলে ভাল ।  গতিকে শিক্ষাৰ এটা প্ৰধান লক্ষ্য হ'ল জাতীয় সচেতনতাৰ মনোভাৱ বৃদ্ধি কৰা ।  আয়োগৰ মতে, এই সংহতি সৃষ্টি কৰিবলৈ হ'লে তলত দিয়া দিশবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব-

ক) সাধাৰণ বিদ্যালয়

খ) সামাজিক আৰু জাতীয় সেৱা

গ) ভাষা

) জাতীয় সচেতনতাৰ বিকাশ

ঙ) আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা

৩) শিক্ষা আৰু আধুনিকীকৰণঃ শিক্ষাৰ আধুনিকীকৰণৰ দ্বাৰাই সমাজৰ প্ৰগতি সাধন কৰিব পৰা যায়। আধুনিক সমাজৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গ্ৰহণযোগ্যতা আৰু প্ৰায়োগিকতা  । মৌলিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন সাধন কৰা প্ৰক্ৰিয়াকে আধুনিকীকৰণ বুলি বৰ্ণনা কৰিব পাৰি। ইয়াৰ বাবে আয়োগে নিম্নলিখিত ভাৱে মতামত আগবঢ়ায়-

ক) জ্ঞানৰ বিস্ফোৰণ । 

খ) দ্ৰুত সমাজ পৰিবৰ্ত্তন । 

গ) দ্ৰুত অগ্ৰগতি  । 

৪) সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষাঃ শিক্ষা ব্যৱস্হাই শিক্ষাৰ্থী সকলৰ মাজত মৌলিক বিধৰ সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশত গুৰুত্ব আৰোৰ কৰিব লাগে । সমাজৰ বৃদ্ধি তথা বিকাশৰ সৈতে সমাজৰ প্ৰতি থকা দায়িত্ব তথা নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ সমূহক চৰ্চা অথবা প্ৰশংসা কৰাৰ বাবেও ছাত্র- ছাত্রীক শিকাব লাগে । ইয়াৰ বাবে- 

) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পৰিচালিত কৰা শিক্ষানুষ্ঠানত সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা দিব লাগে।

খ) ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠানেও এনে ব্যৱস্হা ল'ব লাগে।

গ) স্কুলৰ সময় তালিকাত এনে শিক্ষা দিয়াৰ বাবে পৃথককৈ শ্ৰেণীৰ ব্যৱস্হা কৰিব লাগে।

ঘ) ধৰ্মৰ তুলনামূলক অধ্যয়নৰ বাবে বিশেষ পুথি আৰু সাহিত্য প্ৰণয়নৰ বাবে বিশ্ববিদ্যালয়ে ব্যৱস্থা ল'ব লাগে।

ঙ) পাঠ্যক্ৰমত বিশ্বৰ বিভিন্ন ধৰ্মৰ বিষয়বস্তুত সন্নিৱিষ্ট কৰিব লাগে।

চ) শিক্ষাৰ্থীৰ মাজত দলীয় মৌন উতসাহ প্ৰদান কৰিব লাগে ।

৫) ধৰ্মনিৰপেক্ষতা আৰু ধৰ্মঃ ভাৰতবৰ্ষৰ নিচিনা এখন বহু ধৰ্মীয় ৰাষ্ট্ৰত ধৰ্ম, ধৰ্মীয় শিক্ষা আৰু ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্রত ৰাষ্ট্ৰৰ অনুভব ব্যক্ত কৰা উচিত। ধৰ্মনিৰপেক্ষতা অবলম্বনৰ অৰ্থ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্রত দেশৰ সকলো নাগৰিকেই, তেওঁ যি ধৰ্মৰেই নহওক কিয়, সম অধিকাৰ লাভ কৰিব । কোনো ধৰ্মীয় সম্প্ৰদায়কে অনুগ্ৰহ অথবা ভেদভাব দেখুওৱা নহব। কোনো এক বিশেষ ধৰ্মৰ ধৰ্মীয় মতে চৰকাৰী স্কুলত শিকোৱা নহব। বৰঞ্চ ইয়াত সকলো ধৰ্মৰ লোকক নিজৰ ধৰ্মীয় বিশ্বাস আৰু প্ৰাৰ্থনাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। ইয়াৰ ফলত বিভিন্ন ধৰ্মীয় দল সমূহৰ মাজত সদ্ভাৱ বৃদ্ধি পাব আৰু কেৱল ধৰ্মীয় সহনশীলতাই নহয় বৰঞ্চ সকলো ধৰ্মৰ প্ৰতি মানুহ শ্ৰদ্ধাশীলগহে হ'ব। এনেকুৱা সমাজত 'ধৰ্মীয় শিক্ষা' আৰু ধৰ্মৰ বিষয়ক শিক্ষাৰ প্ৰভেদক কাৰ্য ৰূপত দাঙি ধৰিব লাগে।


4. 1952-53 চনৰ মুডালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা পূৰ্বে প্ৰচলিত শিক্ষা ব্যৱস্হাক থকা আসোঁৱাহ বিশ্লেষণ কৰিছিল। আয়োগৰ মতে প্ৰচলিত শিক্ষাৰ আসোঁৱাহবোৰ হ'ল তলত আলোচনা কৰা ধৰণৰ-

১) জীৱন বিচ্ছিন্নতা ।

২) সংকীৰ্ণ আৰু একপক্ষীয় । 

৩) ইংৰাজী ভাষাৰ প্ৰধান্য । 

৪) ক্ৰটিপূৰ্ণ শিক্ষাদানৰ পদ্ধতি । 


5. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামর্শ আগবঢ়োৱা ৷

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উঃ অসমৰ মাধ্যমিক শিক্ষাত দেখা দিয়া সমস্যাসমূহৰ সমাধানৰ বাবে চাৰিটা পৰামৰ্শ হ'ল-

১) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্হা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিব লাগে।

২) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে। এনে সমিতিবোৰত চৰকাৰৰ অনুমতি প্ৰভাৱ গুচাব লাগে।

৩) অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে। 

৪) স্কুলত শিক্ষক নিযুক্তিৰ ব্যলস্হা উন্নত কৰি তুলিব লাগে। স্কুলবোৰত উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে।


6. মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে মুডালিয়াৰ আয়ােগে আগবঢ়োৱা পৰামৰ্শসমূহ বর্ণনা কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ'ল এক বৃহত প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানেৰে প্ৰশিক্ষণ দিব লাগিব । ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব । ছাত্র ছাত্রীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি - নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে । 

প্ৰতিজনলোকৰ মৰ্য্যদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বৰ্তি থাকে । সেয়েহে প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত । গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনে- মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে। 

২) ব্যক্তিত্বৰ বিকাশঃ আয়োগে কয় যে  মাধ্যমিক শিক্ষাই ছাত্র- ছাত্রীসকলৰ সৃজনীমূলক শক্তিৰ প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ'ক বুজি উঠিব পাৰে তথা পৰবৰ্তী কালত ইয়াৰ বিকাশ ঘটাব পাৰে । 

  আনহাতে আমাৰ পাঠ্যক্ৰম সমূহৰ যোগেদি কলা, শিল্প, সংগীত, নৃত্য তথা 'হবি' সমূহক যথাযথ সন্মান দিয়া উচিত । 

৩)  বৃত্তীয় যোগ্যতাৰ বিকাশ সাধনঃ  আমাৰ দেশৰ বাবে অন্যতম এটা গুৰুত্ব কথা হল ছাত্র ছাত্রীসকলৰ মাজত উতপাদনশীল অথবা কাৰিকৰী আৰু বৃত্তীয় যোগ্যতাৰ বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা । 

ছাত্র ছাত্রীসকলে কামৰ সৰুবৰ চিন্তা নকৰি সকলো কামৰ মৰ্য্যদা অনুভৱ কৰিব লাগে.  কামৰ মৰ্যদাৰ ধাৰণাৰ বিকাশৰ ক্ষেত্রত শিক্ষক আৰু বিদ্যালয়ে এক  ভূমিকা গ্ৰহণ কৰা উচিত । 

শিক্ষাৰ সকলো পৰ্য্যায়তে কাৰিকৰী কৌশল আৰু যোগ্যতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগে যাতে উদ্যোগিক আৰু কাৰিকৰী বিকাশৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি উলিয়াব পৰা যাব । 

৪) নেতৃত্বৰ শিক্ষাঃ আজিৰ শিশু কালিলৈ দেশৰ নেতা । এজন ভাল নেতাৰ ওপৰতহে দেশৰ ভৱিষ্যত নিৰ্ভৰ হয়. সেয়েহে ছাত্র ছাত্রীসকলক নেতৃত্বৰ শিক্ষা দিয়াটো অতি প্ৰয়োজনীয় । যি সকল ছাত্রই মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পিছত কোনো মহাবিদ্যালয় অথবা কাৰিকৰী অনুষ্ঠানত নামভৰ্তি নকৰে তেওঁলোকে জীৱনৰ বিভিন্নলক্ষেত্রত প্ৰৱেশ কৰাৰ বাবে অসমাৰ্থ হব লাগে । সেয়েহে তেওঁলোকক সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব প্ৰদান কৰিব লাগে । 

সমাজৰ লোকসকলে গণতন্ত্রক সফল কৰিব লাগিলে নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত নহলে গণতন্ত্র সফল নহব আৰু এই প্ৰশিক্ষণত বিশেষকৈ অনুশাসন আৰু নেতৃত্বৰ শিক্ষা জড়িত হৈ থাকে ।

    প্ৰাথমিক অথবা বুনিয়াদী বিদ্যালয় সমূহে ইয়াৰ সামৰ্থ অনুসৰি অনুশাসিত কামৰ প্ৰশিক্ষণ দিব লাগে আৰু বিশ্ববিদ্যালয়ে জীৱনৰ বিভিন্ন ক্ষেত্রত উচ্চ পৰ্য্যায়ত নেতৃত্বৰ প্ৰশিক্ষণ দিব লাগে। 

    মাধ্যামিক শিক্ষাৰ এইক্ষেত্রত বিশেষ দায়িত্ব হল সমাজত বিভিন্ন ক্ষেত্রত যেনে- সামাজিক, ৰাজনৈতিক, উদ্যোগিক অথবা সাংস্কৃতিক ব্যক্তিক নেত্বতৃৰ প্ৰশিক্ষণ দিব লাগে যাতে তেওঁলোকৰ নিজৰ সৰু দল ব সম্প্ৰদায়ৰ ক্ষেত্রত নেতৃত্বৰ ভূমিকা লব পাৰে । 


7. শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা যায় ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উঃমাধ্যমিক শিক্ষাৰ বৃওিমুখীকৰণ বুলিলে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত বিভিন্ন বিষয় যেনে কাৰিকৰী , বাণিজ্য আৰু বৃত্তিমূলক বিষয় অন্তৰ্ভক্ত কৰি অৰ্থনৈতিক স্বাৱলম্বীতা লাভ কৰাটোকে বুজায়, কিয়নো মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য ছাত্র ছাত্রীসকলক ভৱিয্যতৰ বাবে প্ৰস্তুত কৰি তোলা । সেয়েহে ছাত্র ছাত্রী 

সকলক ভৱিষ্যতৰ ওপৰত গঢ়ি তুলিবলৈ হ'লে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় । 


8. 1986 67  কি জাতীয় শিক্ষা নীতিৰ পাঁচটা গুৰুত্বপূৰ্ণ পৰামৰ্শৰ বিষয়ে লিখা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উঃ ১) জাতীয় শিক্ষা নীতিৰ অৰ্থ হল কোনো এক নিৰ্দ্দিষ্ট পৰ্যায়লৈ জাতি, ধৰ্ম, বৰ্ণ, লিংগ অথবা স্হান অনুসৰি সকলো ছাত্র ছাত্রীৰে তুলনামূলক মানদণ্ডৰ শিক্ষা লাভৰ সুবিধা লাভ কৰা । 

২) জাতীয় শিক্ষাই দেশৰ বাবে- এক সাধাৰণ শিক্ষা ব্যৱস্হাৰ কথা পূৰ্বালোকন কৰে । 

৩) ৰাষ্ট্ৰীয় শিক্ষা নীতি এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঠনিৰ ওপৰত ভিত্তি কৰা হব। সকলো শৈক্ষিক কাৰ্যসূচীয়েই ধৰ্মনিৰপেক্ষ মূল্যবোধসমূহৰ ওপৰত জোৰ দি কৰা হ'ব। 

) শিক্ষাৰ প্ৰতিটো স্তৰৰ বাবে শিক্ষাৰ নুন্যতম পৰ্য্যায় স্থিৰ কৰা হ'ব। 

৫)  শিক্ষা প্ৰক্ৰিয়াৰ এক অন্যতম লক্ষ্য হল জীৱনজোৰা শিক্ষাৰ ব্যৱস্থা কৰা । 

৬)  সমতাৰ বিকাশ সাধন কৰাৰ বাবে সকলোকে সমানে সুবিধা দিব লাগিব যাতে সকলোৱে বিকাশ কৰিব পাৰে । 


9. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ প্ৰভাৱসমূহ কি কি আছিল ?

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উঃ ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সম্পৰ্কত দিয়া পৰামৰ্শসমূহৰ ভিত্তিত অসমতো মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগঠনিক আৰু প্ৰশাসনীয় পৰিবৰ্তন সংঘটিত হৈছিল।  মাধ্যমিক শিক্ষা আয়োগৰ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আছিল, প্ৰচলিত ইন্টাৰমিডিয়েট পৰ্যায় উঠায় দি তাৰ এটা বছৰ দহ বছৰীয়া স্কুলীয়া শিক্ষাৰ লগত যোগ দি একাদশ শ্ৰেণী যুক্ত কৰা বা এবছৰীয়া প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণী প্ৰবৰ্তন কৰা।  এই পৰামৰ্শ অনুযায়ী অসমত ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা প্ৰৱৰ্তন কৰা হয়। ১৯৫২ চনত ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হয় আৰু ডিগ্ৰী কলেজবোৰত এবছৰীয়া প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীসমূহ খোলা হয়। 

দ্বিতীয়তে, মাধ্যমিক শিক্ষা আয়োগে ছাত্র ছাত্রীৰ বিভিন্ন ৰুচি অভিৰুচি পূৰণ কৰিব পৰাকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ বহুমুখী বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল । এই পৰামৰ্শ অনুসৰি অসমতো বহুমুখী বিদ্যালয় ব্যৱস্হা প্ৰৱৰ্তন কৰা হৈছিল । এই বিদ্যালয়সমূহত সাতটা গোটৰ কলা, বিজ্ঞান, কাৰিকৰী, বাণিজ্য, কৃষি, সুকুমাৰ কলা আৰু গাৰ্হস্থ্য বিজ্ঞান অধ্যয়নৰ পৰামৰ্শ আগবঢ়াইছিল. অৱশ্যে অৰ্থৰ অভাব, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ স্কুলসমূহৰ বৈষয়িক অৱস্থাৰ প্ৰতিকূলতা আদিৰ ফলত অসমত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শাৱলী উপযুক্তভাৱে কাৰ্যকৰী কৰিব পৰা নহ'ল । 


10. অসমৰ মাধ্যমিক শিক্ষাৰ পাঁচটা সমস্যা আলােচনা কৰা । 

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উঃ ১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই । 

২) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়. এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন । 

৩) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে । 

৪) শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ বাবে শ্ৰেণীত গতানুগতিকভাৱে পঢ়ুৱায় । তেখেতসকলে কিতাপত থকা বিষয়বস্তুৰ বাহিৰে পাঠ প্ৰস্তুতিৰ ক্ষেত্রত আন আন বিষয়বস্তু উপস্থাপন কৰাৰ কথা নাভাবে । 

৫) মাধ্যমিক স্কুলবিলাকত কেৱল জ্ঞান অৰ্জনৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে ব্যক্তিৰ বিভিন্নতালৈ বেছি মনোযোগ দিব নোৱাৰে. ফলত ব্যক্তিৰ বিশেষ শক্তি, অনুৰাগ আৰু অভিৰুচিসমূহে এতিয়াও বিকাশৰ সুবিধা পোৱাৰ ব্যৱস্হা কৰা হোৱা নাই ।  ব্যক্তিৰ বিভিন্নতাই স্বীকৃতি নোপোৱাৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব নোৱাৰে । 


11. শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পর্কিত। কৰিবৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি আছিল? 

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উঃ ভাৰতীয় শিক্ষা আয়োগে দেশৰ উতসসমূহ ভালদৰে ব্যৱহাৰোযোগী কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে. আয়োগৰ মতে, জাতীয় আয় বৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যাতে ই উতপাদনশীলতা বৃদ্ধি কৰিব পাৰে । বিজ্ঞান শিক্ষাৰ বিকাশৰদ্বাৰা শিক্ষা আৰু উতপাদনৰ মাজত যোগসূত্র সৃষ্টি কৰিব পাৰে । এই ক্ষেত্রত, কৰ্মঅভিজ্ঞতা, উতপাদন প্ৰক্ৰিয়াত বিজ্ঞানৰ প্ৰায়োগিকতা, বৃত্তিমুখী শিক্ষাৰ কথা উনুকিয়াব পাৰি।  আয়োগে আগবঢ়োৱা লক্ষ্যকেইটা হ'ল-

) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰাঃ বিজ্ঞান শিক্ষাক বিদ্যালয়ৰ এক অবিচ্ছেদ্য অংশ কৰিব তুলিব লাগে. সৰ্বশেষত বিজ্ঞানৰ কিছু অধ্যয়ন বিশ্ববিদ্যালয় স্তৰত ইতিহাস সাহিত্য অথবা সমাজ বিজ্ঞানৰ এটা অংশ স্বৰূপ হব লাগে, আনকি বিজ্ঞান শিক্ষাকো সাহিত্য আৰু সমাজবিজ্ঞানৰ কিছু অংশৰ সংযোজনেৰে অধিক সমৃদ্ধ কৰি তুলিব পাৰি । 

খ) কৰ্ম অভিজ্ঞতাঃ শিক্ষাক জীৱন আৰু উতপাদন মুখীতাৰ সৈতে জড়িত কৰিবলৈ সাধাৰণ অথবা বৃত্তীয় সকলো শিক্ষাৰ ক্ষেত্রতে কৰ্ম অভিজ্ঞতাক এক অবিচ্ছেদ্য অংগ হিচাপে অন্তৰ্ভক্ত কৰিব লাগে । আযোগে কৰ্ম অভিজ্ঞতা সংজ্ঞা দি কয় যে- কৰম অভিজ্ঞতা হৈছে বিদ্যালয়, ঘৰ, কৰ্মশালা, উদ্যান, উদ্যোগ অথবা অন্য যিকোনো উতপাদনশীল পৰিস্হিতিত উতপাদনৰ কাৰ্য্যৰ সৈতে জড়িত হোৱা বা ভাগ লোৱা । এই ক্ষেত্রত আয়োগে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা উল্লেখ কৰে ।

গ) বৃত্তিমুখীকৰণঃ শিক্ষাক উতপাদনশীল কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰবণতা শক্তিশালী কৰিব লাগে আৰু বিশ্ববিদ্যালয় স্তৰত কৃষি আৰু কাৰিকৰী শিক্ষাৰ ওপৰত জোৰ দিব লাগে । আয়োগে স্কুলীয়া শিক্ষাৰ ভৱিষ্যত সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ এক ফলপ্ৰসূ সংমিশ্ৰণ হ'ব বুলি আশা প্ৰকাশ কৰে ।


12. মুডালিয়াৰ আয়ােগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা ত্রুটি লিখা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উঃ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা পূৰ্বে প্ৰচলিত শিক্ষা ব্যৱস্থাক থকা আসোঁৱাহ বিশ্লেষণ কৰিছিল।মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক  শিক্ষাৰ দুটা ত্রুটি হ'ল -

১) জীৱন বিচ্ছিন্নতাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমিক বিষয়বোৰ সামাজিক জীৱনৰ লগত সম্বন্ধ নথকা বিধৰ. মাধ্যমিক স্তৰত শিকোৱা পাঠ্যক্ৰমসমূহে ছাত্র-ছাত্রীসকলক গভীৰ জীৱনবোধ অথবা দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় জ্ঞান দিব পৰা নাছিল।  প্ৰচলিত শিক্ষা ব্যৱস্থাই ছাত্র-ছাত্রীৰ বাস্তৱ জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল। 

২। সংকীৰ্ণ আৰু একপক্ষীয়ঃ মুডালিয়াৰ আয়োগে মত প্ৰকাশ কৰা অনুসৰি প্ৰচলিত শিক্ষা ব্যৱস্থাৰ প্ৰকৃতি সংকীৰ্ণ আৰু একপক্ষীয়। এই শিক্ষা ব্যৱস্থাই ছাত্র-ছাত্রীৰ ৰুচি-অভিৰুচি, অভিজ্ঞতা, আবেগ-অনুভূতি, মনোভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিত্ব বিকাশৰ বাবে উপযুক্ত শিক্ষা দিব পৰা নাই ।


13. ‘ অপাৰেচন। ব্লেকবাের্ড ’ কি ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উঃ অপাৰচেন ব্লেকবোৰ্ডৰ উদ্দেশ্য হৈছে বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নতি ঘটোৱাৰ বাবে অত্যাংশ্যকীয় সা-সুবিধা আৰু শিক্ষণৰ সা-সজুলিৰ যোগান ধৰা. এই আঁচনি অনুসৰি-

(ক) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ দুটা কোঠালী নিৰ্মাণ কৰা । 

(খ) অত্যাৱশ্যকীয় পুতলা আৰু খেলৰ সামগ্ৰীৰ যোগান ধৰা । 

(গ) ব্লেকবোৰ্ড । 

(ঘ) মেপ । 

(ঙ) চাৰ্ট । 

(চ) অন্যান্য শিক্ষণ সামগ্ৰীৰ যোগান ধৰা  আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 


14 ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ে এটা চমু টোকা লিখা।

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উঃ কোঠাৰী আয়োগৰ পৰামৰ্শ ক্ৰমে ১৯৮৪ চনত অসম মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হয়. ইয়াৰ যোগেদি উচ্চতৰ মাধ্যমিক শিক্ষা পৰ্যায়ৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব পৰিষদৰ হাতত পৰ্দান কৰা হয়. বৰ্তমান এই পৰিষদে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ সংস্থাপনৰ অনুমতি, স্বীকৃতি আদি প্ৰদান কৰা, নীতি নিয়ম ভংগকাৰী অনুষ্ঠান ৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা, পাঠ্যপুথি আদি প্ৰস্তুত কৰা, পৰীক্ষা সম্পাদন  কৰি ছাত্রক যোগ্যতাৰ মান-পত্র প্ৰদান কৰা আদি সকলো দায়িত্ব আৰু কৃতিত্ব  পালন কৰা হয় । 


15. অসমৰ মাধ্যমিত শিক্ষাৰ চাৰিটা প্রধান সমস্যা উল্লেখ কৰা। 

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উঃ ১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। 

2) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়। এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন। 

৩) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে । 

৪) শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ বাবে শ্ৰেণীত গতানুগতিকভাৱে পঢ়ুৱায়। তেখেতসকলে কিতাপত থকা বিষয়বস্তুৰ বাহিৰে পাঠ প্ৰস্তুতিৰ ক্ষেত্রত আন আন বিষয়বস্তু উপস্থাপন কৰাৰ কথা নাভাবে । 


16. শিক্ষাৰ লগত উৎপাদনশীলতাক সম্পর্কিত কৰিবৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উঃ ভাৰতীয় শিক্ষা আয়োগে দেশৰ উতসসমূহ ভালদৰে ব্যৱহাৰোযোগী কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে. আয়োগৰ মতে, জাতীয় আয় বৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যাতে ই উতপাদনশীলতা বৃদ্ধি কৰিব পাৰ। বিজ্ঞান শিক্ষাৰ বিকাশৰদ্বাৰা শিক্ষা আৰু উতপাদনৰ মাজত যোগসূত্র সৃষ্টি কৰিব পাৰে। এই ক্ষেত্রত, কৰ্মঅভিজ্ঞতা, উতপাদন প্ৰক্ৰিয়াত বিজ্ঞানৰ প্ৰায়োগিকতা, বৃত্তিমুখী শিক্ষাৰ কথা উনুকিয়াব পাৰি। আয়োগে আগবঢ়োৱা লক্ষ্যকেইটা হ'ল-

ক) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰাঃ বিজ্ঞান শিক্ষাক বিদ্যালয়ৰ এক অবিচ্ছেদ্য অংশ কৰিব তুলিব লাগে. সৰ্বশেষত বিজ্ঞানৰ কিছু অধ্যয়ন বিশ্ববিদ্যালয় স্তৰত ইতিহাস সাহিত্য অথবা সমাজ বিজ্ঞানৰ এটা অংশ স্বৰূপ হব লাগে, আনকি বিজ্ঞান শিক্ষাকো সাহিত্য আৰু সমাজবিজ্ঞানৰ কিছু অংশৰ সংযোজনেৰে অধিক সমৃদ্ধ কৰি তুলিব পাৰি । 

খ) কৰ্ম অভিজ্ঞতাঃ শিক্ষাক জীৱন আৰু উতপাদন মুখীতাৰ সৈতে জড়িত কৰিবলৈ সাধাৰণ অথবা বৃত্তীয় সকলো শিক্ষাৰ ক্ষেত্রতে কৰ্ম অভিজ্ঞতাক এক অবিচ্ছেদ্য অংগ হিচাপে অন্তৰ্ভক্ত কৰিবলাগে। আযোগে কৰ্ম অভিজ্ঞতা সংজ্ঞা দি কয় যে- কৰম অভিজ্ঞতা হৈছে বিদ্যালয়, ঘৰ, কৰ্মশালা, উদ্যান, উদ্যোগ অথবা অন্য যিকোনো উতপাদনশীল পৰিস্থিতিত উতপাদনৰ কাৰ্য্যৰ সৈতে জড়িত হোৱা বা ভাগ লোৱা। এই ক্ষেত্রত আয়োগে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা উল্লেখ কৰে।

গ) বৃত্তিমুখীকৰণঃ শিক্ষাক উতপাদনশীল কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰবণতা শক্তিশালী কৰিব লাগে আৰু বিশ্ববিদ্যালয় স্তৰত কৃষি আৰু কাৰিকৰী শিক্ষাৰ ওপৰত জোৰ দিব লাগে। আয়োগে স্কুলীয়া শিক্ষাৰ ভৱিষ্যত সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ এক ফলপ্ৰসূ সংমিশ্ৰণ হব বুলি আশা প্ৰকাশ কৰে।


17. জাতীয় শিক্ষানীতি, 1986 ত মাধ্যমিক শিক্ষা সম্পর্কে আগবঢ়োৱা পৰামর্শসমূহ কি কি । আছিল ? আলােচনা কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উঃ মাধ্যমিক শিক্ষা ব্যৱস্হা যাতে উন্নত হয় তথা সকলোৱে, বিশেষকৈ যি ঠাইত এই শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব । ইয়াৰ বাবে প্ৰয়োজনীয় কথা কেইটা হ'লঃ 

১) মাধ্যমিক শিক্ষাৰ সুবিধা নোহোৱা ঠাইলৈ যাতে এই সুবিধা আগবঢ়াই নিব পাৰি তাৰ ব্যৱস্থা কৰা.

২)  অন্য ঠাই সময়তো এই ব্যৱস্থা শক্তিশালী কৰি তোলা.

৩)  নবোদয় বিদ্যালয় সংস্থাপন.

ক) নবোদয় বিদ্যালয়ঃ নতুন শিক্ষানীতিয়ে নবোদয় বিদ্যালয় স্হাপনৰদ্বাৰা মাধ্যমিক শিক্ষাৰ এক বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই সমূহ বিদ্যালয়ৰ উদ্দেশ্য। এই ক্ষেত্রত দৰিদ্ৰতা অথবা থকা ঠাই কেতিয়াও ইয়াৰ সৃষ্টিকাৰী হব নোৱাৰি। কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় স্হাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া । আবাসিক বিধৰ এই নবোদয় বিদ্যালয়সমূহে দেশৰ বিভিন্ন ছাত্র-ছাত্রীসকলৰ মাজত শিক্ষাৰ উতকৰ্ষ সাধনৰ সুবিধা দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংহতি  সংস্থাপনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পাব পাৰিব । 

খ) শিক্ষা বৃত্তিমুখীকৰণঃ শিক্ষা বৃত্তিমুখীকৰণৰ জৰিয়তে ছাত্র- ছাত্রীসকলক বিভিন্ন ক্ষেত্রৰ কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যাব. পদ্ধতিগত তথা সু-পৰিকল্পিতভাৱে শিক্ষাক বৃত্তিমুখী কৰি তুলিব লাগিব। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক মাধ্যমিক পৰ্যায়তে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিব লাগিব যদিও মাধ্যমিক শিক্ষাৰ পিছত + ২ স্তৰত প্ৰধানকৈ এই শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগ । 


18. উৎপাদনশীলতা আৰু শিক্ষাক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ কি আছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উঃ ভাৰতীয় শিক্ষা আয়োগে দেশৰ উতসসমূহ ভালদৰে ব্যৱহাৰোযোগী কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে. আয়োগৰ মতে, জাতীয় আয় বৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যাতে ই উতপাদনশীলতা বৃদ্ধি কৰিব পাৰে । বিজ্ঞান শিক্ষাৰ বিকাশৰদ্বাৰা শিক্ষা আৰু উতপাদনৰ মাজত যোগসূত্র সৃষ্টি কৰিব পাৰে । এই ক্ষেত্রত, কৰ্মঅভিজ্ঞতা, উতপাদন প্ৰক্ৰিয়াত বিজ্ঞানৰ প্ৰায়োগিকতা, বৃত্তিমুখী শিক্ষাৰ কথা উনুকিয়াব পাৰি । আয়োগে আগবঢ়োৱা লক্ষ্যকেইটা হ'ল-

ক) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰাঃ  বিজ্ঞান শিক্ষাক বিদ্যালয়ৰ এক অবিচ্ছেদ্য অংশ কৰিব তুলিব লাগে. সৰ্বশেষত বিজ্ঞানৰ কিছু অধ্যয়ন বিশ্ববিদ্যালয় স্তৰত ইতিহাস সাহিত্য অথবা সমাজ বিজ্ঞানৰ এটা অংশ স্বৰূপ হব লাগে, আনকি বিজ্ঞান শিক্ষাকো সাহিত্য আৰু সমাজবিজ্ঞানৰ কিছু অংশৰ সংযোজনেৰে অধিক সমৃদ্ধ কৰি তুলিব পাৰি । 

খ) কৰ্ম অভিজ্ঞতাঃ শিক্ষাক জীৱন আৰু উতপাদন মুখীতাৰ সৈতে জড়িত কৰিবলৈ সাধাৰণ অথবা বৃত্তীয় সকলো শিক্ষাৰ ক্ষেত্রতে  কৰ্ম অভিজ্ঞতাক এক অবিচ্ছেদ্য অংগ হিচাপে অন্তৰ্ভক্ত কৰিব লাগে। আযোগে কৰ্ম অভিজ্ঞতা সংজ্ঞা দি কয় যে- কৰম অভিজ্ঞতা হৈছে বিদ্যালয়, ঘৰ, কৰ্মশালা, উদ্যান, উদ্যোগ অথবা অন্য যিকোনো উতপাদনশীল পৰিস্থিতিত উতপাদনৰ কাৰ্য্যৰ সৈতে জড়িত হোৱা বা ভাগ লোৱা । এই ক্ষেত্রত আয়োগে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা উল্লেখ কৰে । 

গ) বৃত্তিমুখীকৰণঃ শিক্ষাক উতপাদনশীল কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰবণতা শক্তিশালী কৰিব লাগে আৰু বিশ্ববিদ্যালয় স্তৰত কৃষি আৰু কাৰিকৰী শিক্ষাৰ ওপৰত জোৰ দিব লাগে। আয়োগে স্কুলীয়া শিক্ষাৰ ভৱিষ্যত সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ এক ফলপ্ৰসূ সংমিশ্ৰণ হব বুলি আশা প্ৰকাশ কৰে । 


19. ‘ অসম মাধ্যমিক শিক্ষা আইন , 1961 -ৰ চাৰিটা দফা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উঃ ১) এই আইন সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য হব লাগিব । 

২) অসমৰ সকলোবোৰ মাধ্যমিক স্কুল মাধ্যমিক শিক্ষা সংস্হাৰ অধীনলৈ আহিব । 

৩)  শিক্ষা বিভাগৰ সঞ্চালক এই সংস্থাৰ সভাপতি হব । 

৪)  চৰকাৰে জাননীৰ যোগে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰিব আৰু এই পৰ্যায়ৰ শিক্ষাৰ প্ৰশাসন, নিয়ন্ত্রণ আৰু বিকাশসাধনৰ দায়িত্ব এই সংস্থাৰ হ'ব  । 


20. মাধ্যমিক শিক্ষা আইন, অসম, 1961 ৰ প্রদত্ত ‘অসম । মাধ্যমিক শিক্ষা বাের্ড’ৰ চাৰিটা কার্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উঃ ১)  মাধ্যমিক শিক্ষাৰ সংগঠন, উন্নতিকৰণ আৰু অন্যান্য বিষয়ত চৰকাৰক উপদেশ দিব । 

)  মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি দান কৰিব ।

৩) শিক্ষকসকলৰ প্ৰয়োজনীয় অৰ্হতা নিৰ্ধাৰণ কৰিব আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ।

৪) পাঠ্যপুথি, সহায়ক পুথি নিৰ্বাচন আৰু প্ৰকাশ কৰিব । 


21. ছাত্ৰসকলৰ বৃত্তিমূলক যােগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়ােগৰ পৰামর্শসমূহ বর্ণনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উঃ আমাৰ দেশৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ কথা হ'ল ছাত্রসকলৰ মাজত উতপাদনশীল অথবা কাৰীকৰি আৰু বৃত্তীয় যোগ্যতা বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা । 

ছাত্রী-ছাত্রীসকলে কামৰ সৰুবৰ চিন্তা নকৰি সকলো কামৰ মৰ্য্যদা অনুভৱ কৰিব লাগে । কামৰ মৰ্য্যদাৰ ধাৰণাৰ বিকাশৰ ক্ষেত্রত শিক্ষক আৰু বিদ্যালয়ে এক ভূমিকা গ্ৰহণ কৰা উচিত । 

শিক্ষাৰ সকলো পৰ্য্যায়তে কাৰিকৰী কৌশল আৰু যোগ্যতা বৃদ্ধিত  গুৰুত্ব আৰোপ কৰিব লাগে যাতে উদ্যোগিক আৰু কাৰিকৰী বিকাশৰ বাবে প্ৰশিক্ষপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি উলিয়াব পৰা যায় । 

আয়োগে পৰামৰ্শ দিয়ে যে সকলো বিদ্যালয়তে শিল্প আৰু উতপাদনশীল কামৰ ওপৰত অধিক গুৰুত্ব দিব লাগে, লগতে মাধ্যমিক স্তৰত বহুমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব লাগে যাতে যথেষ্ঠ সংখ্যক ছাত্র-ছাত্রীয়ে কৃষি, কাৰিকৰী, ব্যৱসায়িক তথা অন্যান্য বাস্তব সন্মত পাঠ্যক্ৰম লব পাৰে ।


22. শিক্ষাত সমতাৰ সুযােগ প্রদানৰ বাবে ১৯৮৬ চনত জাতীয় শিক্ষানীতিত আগবঢ়োৱা পৰামর্শসমূহ আলােচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উঃ সমান শিক্ষাৰ সুবিধা দিব লাগিব যাতে সকলোকে সৰ্বাঙ্গীন বিকাশ সাধন হত্র. দেশৰ শিক্ষা ব্যৱস্থাক থকা ভিন্নতা দূৰ কৰি সকলোৰে বাবে সমান শিক্ষা সুযোগত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব.

ক) নতুন জাতীয় শিক্ষা নীতিয়ে বৈষম্য আঁতৰ কৰাৰ বাবে আৰু যি সকলক এতিয়ালৈকে সমতাদিয়া হোৱা নাই তেওলোকক বিশেষ প্ৰয়োজন পূৰণৰদ্বাৰা শিক্ষাৰ সমান সুযোগ দিয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব । 

খ) মহিলাসকলৰ মৰ্যাদাৰ মৌলিক পৰিবৰ্ত্তনৰ এক আহিলা হিচাপে শিক্ষাক ব্যৱহাৰ কৰা হয়  । 

গ) অনুসূচিত জাতি আৰু জনজাতিক  তথা সংখ্যালঘু আৰু বাধাগ্ৰস্ত লোকসকলক অন্য লোকসকলৰ সমপৰ্যায়ৰ থকাৰ বাবে শিক্ষাৰ সকলে পৰ্যায়তে বিশেষ সুবিধাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । 

ঘ) সমগ্ৰদেশেই ইয়াৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাব, বিশেষকৈ ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্রত । 


23. মাধ্যমিক শিক্ষা কি ? জীৱনৰ কোনটো কাল ইয়াৰ লগত জড়িত ? আলােচনা কৰা ।

উঃ মাধ্যমিক শিক্ষা হল প্ৰাথমিক শিক্ষা আৰু উচ্চশিক্ষাৰ মাজৰ চাবিকাঠী। বয়ঃসন্ধিকালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে। 

জীৱনৰ কৈশোৰ কাল ইয়াৰ লগত জড়িত. মাধ্যমিক শিক্ষাই কিশোৰ কিশোৰীসকলক ভবিষ্যতজীৱনৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে । 


24. ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্যবােৰ লিখা ।

উঃ ১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ'ল এক বৃহত প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানেৰে প্ৰশিক্ষণ দিব লাগিব । ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব । ছাত্র ছাত্রীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে । প্ৰতিজনলোকৰ মৰ্য্যদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বৰ্তি থাকে. সেয়েহে প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত. গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনে- মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে।

২। ব্যক্তিত্বৰ বিকাশঃ আয়োগে কয় যে  মাধ্যমিক শিক্ষাই ছাত্র- ছাত্রীসকলৰ সৃজনীমূলক শক্তিৰ প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ'ক বুজি উঠিব পাৰে তথা পৰবৰ্তী কালত ইয়াৰ বিকাশ ঘটাব পাৰে। 

    আনহাতে আমাৰ পাঠ্যক্ৰম সমূহৰ যোগেদি কলা, শিল্প, সংগীত, নৃত্য তথা 'হবি' সমূহক যথাযথ সন্মান দিয়া উচিত.

৩) বৃত্তীয় যোগ্যতাৰ বিকাশ সাধনঃ আমাৰ দেশৰ বাবে অন্যতম এটা গুৰুত্ব কথা হল ছাত্র ছাত্রীসকলৰ মাজত উতপাদনশীল অথবা কাৰিকৰী আৰু বৃত্তীয় যোগ্যতাৰ বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা। 

    ছাত্র ছাত্রীসকলে কামৰ সৰুবৰ চিন্তা নকৰি সকলো কামৰ মৰ্য্যদা অনুভৱ কৰিব লাগে। কামৰ মৰ্যদাৰ ধাৰণাৰ বিকাশৰ ক্ষেত্রত শিক্ষক আৰু বিদ্যালয়ে এক  ভূমিকা গ্ৰহণ কৰা উচিত। 

    শিক্ষাৰ সকলো পৰ্য্যায়তে কাৰিকৰী কৌশল আৰু যোগ্যতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগে যাতে উদ্যোগিক আৰু কাৰিকৰী বিকাশৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি উলিয়াব পৰা যাব । 

৪) নেতৃত্বৰ শিক্ষাঃ আজিৰ শিশু কালিলৈ দেশৰ নেতা. এজন ভাল নেতাৰ ওপৰতহে দেশৰ ভৱিষ্যত নিৰ্ভৰ হয়. সেয়েহে ছাত্র ছাত্রীসকলক নেতৃত্বৰ শিক্ষা দিয়াটো অতি প্ৰয়োজনীয় । যি সকল ছাত্রই মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পিছত কোনো মহাবিদ্যালয় অথবা কাৰিকৰী অনুষ্ঠানত নামভৰ্তি নকৰে তেওঁলোকে জীৱনৰ বিভিন্নলক্ষেত্রত প্ৰৱেশ কৰাৰ বাবে অসমাৰ্থ হব লাগে।  সেয়েহে তেওঁলোকক সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব প্ৰদান কৰিব লাগে । 

    সমাজৰ লোকসকলে গণতন্ত্রক সফল কৰিব লাগিলে নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত নহলে গণতন্ত্র সফল নহব আৰু এই প্ৰশিক্ষণত বিশেষকৈ অনুশাসন আৰু নেতৃত্বৰ শিক্ষা জড়িত হৈ থাকে । 

    প্ৰাথমিক অথবা বুনিয়াদী বিদ্যালয় সমূহে ইয়াৰ সামৰ্থ অনুসৰি অনুশাসিত কামৰ প্ৰশিক্ষণ দিব লাগে আৰু বিশ্ববিদ্যালয়ে জীৱনৰ বিভিন্ন ক্ষেত্রত উচ্চ পৰ্য্যায়ত নেতৃত্বৰ প্ৰশিক্ষণ দিব লাগে । 

    মাধ্যামিক শিক্ষাৰ এইক্ষেত্রত বিশেষ দায়িত্ব হ'ল সমাজত বিভিন্ন ক্ষেত্রত যেনে- সামাজি , ৰাজনৈতিক, উদ্যোগিক অথবা সাংস্কৃতিক ব্যক্তিক নেত্বতৃৰ প্ৰশিক্ষণ দিব লাগে যাতে তেওঁলোকৰ নিজৰ সৰু দল ব সম্প্ৰদায়ৰ ক্ষেত্রত নেতৃত্বৰ ভূমিকা ল'ব পাৰে । 


25. শিক্ষাত সমতা। কি ? ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াৰ কার্যকাৰিতাৰ বাবে উল্লেখ কৰা ব্যৱস্থাৱলীবােৰ কি কি ?

উঃ নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে । শিক্ষাৰ সুবিধাসমূহ সমভাবে দিয়াৰ ক্ষেত্রত বিশেষ প্ৰয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা কৈছে । যিবিলাকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্ৰদান কৰাৰ সা-সুবিধা আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে ।

১) নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বৈষম্য আতৰ কৰাৰ বাবে আৰু যি সকলক এতিয়ালৈকে সমতাদিয়া হোৱা নাই তেওলোকক বিশেষ প্ৰয়োজন পূৰণৰদ্বাৰা শিক্ষাৰ সমান সুযোগ দিয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব । 

২) মহিলাসকলৰ মৰ্যাদাৰ মৌলিক পৰিবৰ্তনৰ এক আহিলা হিচাপে শিক্ষাক ব্যৱহাৰ কৰা হয়  । 

৩) অনুসূচিত জাতি আৰু জনজাতিক তথা সংখ্যালঘু আৰু বাধাগ্ৰস্হ লোকসকলক অন্য লোকসকলৰ সমপৰ্যায়ৰ থকাৰ বাবে শিক্ষাৰ সকলো পৰ্য্যায়তে বিশেষ সুবিধাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা । 

৪) সমগ্ৰ দেশেই ইয়াৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাব, বিশেষকৈ ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্রত । 


26. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ আলােচনা কৰা ।

উঃ মুদালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটিসমূহ হ'ল-

১) জীৱন বিচ্ছিন্নতা ।

২) সংকীৰ্ণ আৰু একপক্ষীয় । 

৩) ইংৰাজী ভাষাৰ প্ৰাধান্য ।

৪) ত্রুটিপূৰ্ণ শিক্ষাদানৰ পদ্ধতি । 

৫)  ছাত্র শিক্ষকৰ ব্যক্তিগত সম্বন্ধৰ অভাৱ । 

৬) পৰীক্ষা প্ৰধান ।


27. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ । ব্যাখ্যা ।

উঃ ১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ'ল এক বৃহত প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানেৰে প্ৰশিক্ষণ দিব লাগিব । ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্র ছাত্রীসকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে । 

প্ৰতিজনলোকৰ মৰ্য্যদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বৰ্তি থাকে। সেয়েহে প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনে-মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে ।

২) ব্যক্তিত্বৰ বিকাশঃ আয়োগে কয় যে মাধ্যমিক শিক্ষাই ছাত্র- ছাত্রীসকলৰ সৃজনীমূলক শক্তিৰ প্ৰকাশ লাভ কৰাব লাগে যাতে তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ'ক বুজি উঠিব পাৰে তথা পৰবৰ্তী কালত ইয়াৰ বিকাশ ঘটাব পাৰে।

  আনহাতে আমাৰ পাঠ্যক্ৰম সমূহৰ যোগেদি কলা, শিল্প, সংগীত, নৃত্য তথা 'হবি' সমূহক যথাযথ সন্মান দিয়া উচিত।

৩) বৃত্তীয় যোগ্যতাৰ বিকাশ সাধনঃ  আমাৰ দেশৰ বাবে অন্যতম এটা গুৰুত্ব কথা হল ছাত্র ছাত্রীসকলৰ মাজত উতপাদনশীল অথবা কাৰিকৰী আৰু বৃত্তীয় যোগ্যতাৰ বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা । 

ছাত্র ছাত্রীসকলে কামৰ সৰুবৰ চিন্তা নকৰি সকলো কামৰ মৰ্য্যদা অনুভৱ কৰিব লাগে । কামৰ মৰ্যদাৰ ধাৰণাৰ বিকাশৰ ক্ষেত্রত শিক্ষক আৰু বিদ্যালয়ে এক  ভূমিকা গ্ৰহণ কৰা উচিত । 

শিক্ষাৰ সকলো পৰ্য্যায়তে কাৰিকৰী কৌশল আৰু যোগ্যতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগে যাতে উদ্যোগিক আৰু কাৰিকৰী বিকাশৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি উলিয়াব পৰা যাব । 

৪) নেতৃত্বৰ শিক্ষাঃ আজিৰ শিশু কালিলৈ দেশৰ নেতা. এজন ভাল নেতাৰ ওপৰতহে দেশৰ ভৱিষ্যত নিৰ্ভৰ হয়. সেয়েহে ছাত্র ছাত্রীসকলক নেতৃত্বৰ শিক্ষা দিয়াটো অতি প্ৰয়োজনীয় । যি সকল ছাত্রই মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পিছত কোনো মহাবিদ্যালয় অথবা কাৰিকৰী অনুষ্ঠানত নামভৰ্তি নকৰে তেওঁলোকে জীৱনৰ বিভিন্নলক্ষেত্রত প্ৰৱেশ কৰাৰ বাবে অসমাৰ্থ হব লাগে. সেয়েহে তেওঁলোকক সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব প্ৰদান কৰিব লাগে। 

    সমাজৰ লোকসকলে গণতন্ত্রক সফল কৰিব লাগিলে নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত নহলে গণতন্ত্র সফল নহব আৰু এই প্ৰশিক্ষণত বিশেষকৈ অনুশাসন আৰু নেতৃত্বৰ শিক্ষা জড়িত হৈ থাকে । 

 প্ৰাথমিক অথবা বুনিয়াদী বিদ্যালয় সমূহে ইয়াৰ সামৰ্থ অনুসৰি অনুশাসিত কামৰ প্ৰশিক্ষণ দিব লাগে আৰু বিশ্ববিদ্যালয়ে জীৱনৰ বিভিন্ন ক্ষেত্রত উচ্চ পৰ্য্যায়ত নেতৃত্বৰ প্ৰশিক্ষণ দিব লাগে । 

    মাধ্যামিক শিক্ষাৰ এইক্ষেত্রত বিশেষ দায়িত্ব হল সমাজত বিভিন্ন ক্ষেত্রত যেনে- সামাজিক, ৰাজনৈতিক, উদ্যোগিক অথবা সাংস্কৃতিক ব্যক্তিক নেত্বতৃৰ প্ৰশিক্ষণ দিব লাগে যাতে তেওঁলোকৰ নিজৰ সৰু দল ব সম্প্ৰদায়ৰ ক্ষেত্রত নেতৃত্বৰ ভূমিকা লব পাৰে । 


28. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ। সম্পৰ্কত শিক্ষা আয়ােগ ১৯৬৪ এ দিয়া পৰামর্শসমূহৰ বিষয়ে  লিখা । 

উঃ মাধ্যমিক শিক্ষা ব্যৱস্থাপক জীৱনৰ প্ৰয়োজনমুখী আৰু উতপাদনমুখী কৰি তুলিবৰ বাবে কোঠাৰী আয়োগে বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছিল. পৰামৰ্শবোৰ তলত উল্লেখ কৰা হ'ল-

ক) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমত অন্তৰ্ভক্ত কৰিব লাগে । 

খ) বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্ৰম চলাব লাগে যাতে পৰবৰ্তী পৰ্যায়ত মেধা ছাত্র ছাত্রীসকলে উচ্চ পৰ্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে । 

গ) জুনিয়ৰ টেকনিকেল স্কুলবোৰক টেকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে । 

ঘ) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু টেকনিকেল স্কুলসমূহত উতপাদনমুখী প্ৰশিক্ষণ দিব লাগিব ।

ঙ) কোনো বিশেষজ্ঞ সমিতিৰদ্বাৰা প্ৰয়োজনীয়তাৰ আধাৰত প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰম সাল-সলনি কৰিব লাগে । 


29. মাধ্যমিক শিক্ষা। পৰিষদ, অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলােচনা কৰা ৷

উঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ প্ৰশাসনীয় পৰিবৰ্তন সাধনৰ বাবে ৰাজ্যিক পৰ্যায়ত মাধ্যমিক শিক্ষা সংস্থা গঠনৰ পৰামৰ্শ দিছিল। অসমতো এই পৰ্যায়ৰ দ্ৰুত সম্প্ৰসাৰণ হোৱালৈ চাই প্ৰশাসনীয় দিশৰ এক স্বতন্ত্র কৰ্তৃপত্র গঢ় দি তোলাৰ প্ৰয়োজন অনুভব কৰি উঠা হৈছিল। ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয়. এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব'ৰ্ড গঠন কৰা হয়। এই ব'ৰ্ডৰ মূল কাৰ্যাৱলীসমূহ হ'ল-

* মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা । 

* বোৰ্ডৰ বিষয়া আৰু কৰ্মচাৰী নিযুক্তি দিব । 

*মাধ্যমিক বিদ্যালয়ৰ পঁজি পৰিচালনা কৰিব । 

*পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘোষণা কৰা । 

* মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে সময়ে সময়ে অধ্যয়ন কৰি চাব । 


30. মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ গঠন সংবিধান সম্পর্কে ব্যাখ্যা কৰা ।

উঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ প্ৰশাসনীয় পৰিবৰ্তন সাধনৰ বাবে ৰাজ্যিক পৰ্যায়ত মাধ্যমিক শিক্ষা সংস্হা গঠনৰ পৰামৰ্শ দিছিল। অসমতো এই পৰ্যায়ৰ দ্ৰুত সম্প্ৰসাৰণ হোৱালৈ চাই প্ৰশাসনীয় দিশৰ এক স্বতন্ত্র কৰ্তৃপত্র গঢ় দি তোলাৰ প্ৰয়োজন অনুভৱ কৰি উঠা হৈছিল । এই উদ্দেশ্যে, ১৯৬১ চনত মাধ্যমিক শিক্ষা আইন প্ৰস্তুত কৰি তোলা হয় । ১৯৬২ চনৰ আগলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্রত দ্বৈত শাসন চলিছিল।  গুৱাহীটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে যুটীয়াভাৱে মাধ্যমিক শিক্ষা পৰিচালনা কৰিছিল ।  কিন্তু ১৯৬১ চনৰ মাধ্যমিক শিক্ষা আইন অনুসৰি মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ ভাব অসম মাধ্যমিক শিক্ষা বোৰ্ডক প্ৰদান কৰা হয় । ১৯৬২ চনৰ পৰা এই বোৰ্ডে মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰে । অসমৰ শিক্ষাধিকাৰ জনকে এই বোৰ্ডৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰে । ১৯৭৪ চনৰ ১মে' তাৰিখৰ পৰা অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডত এজন পূৰ্ণকালীন সভাপতি নিযুক্তি দিয়া হয় ।  এই বোৰ্ডে দুটা পৰীক্ষা পৰিচালনা কৰিছিল- এটা ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনটো মাধ্যমিক শিক্ষান্ত পৰীক্ষা । 


31. সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শাৱলী কি কি ?

উঃ ভাৰতবৰ্ষ জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন বৃহত জনগোষ্ঠীৰ দেশ. শিক্ষাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰি আৰু সাম্প্ৰদায়িক, সামাজিক আৰু জাতীয় সংহতিৰ আদৰ্শৰ বিকাশ লাভ কৰিব পাৰি. এই ক্ষেত্রত সমূহীয়া স্কুল ব্যৱস্হা, স্কাউট আৰু গাইড সংঘ, জাতীয় সেৱা আঁচনি আদি গ্ৰহণ কৰিব পৰা যায়. মাতৃভাষা, হিন্দী আৰু অন্যান্য আধুনিক ভাষাৰ শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। গতিকে শিক্ষাৰ এটা প্ৰধান লক্ষ্য হল জাতীয় সচেতনতাৰ মনোভাৱ বৃদ্ধি কৰা। আয়োগৰ মতে, এই সংহতি সৃষ্টি কৰিবলৈ হলে তলত দিয়া দিশবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব-

ক) সাধাৰণ বিদ্যালয়ঃ আয়োগে ভাৰতবৰ্ষৰ সামগ্ৰিক হিকাশৰ স্বাৰ্থত সকলোৰে বাবে সাধাৰণ বিদ্যালয় সংস্থাপনৰ কথা কৈছে যি  উঃবিদ্যালয় সমাজৰ সকলো জাতি, ধৰ্ম, অৰ্থনৈতিক অবস্হা বা সামাজিক মৰ্য্যদাৰ ছাত্র-ছাত্রীৰ বাবে মুকলি থাকিব যত সুশিক্ষাৰ সুবিধা প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰা হব লাগিব যাতে তেওলোকে নিজৰ লৰা ছোৱালীক খৰছী বিদ্যালয়লৈ প্ৰৰণ কৰিব নালাগে। 

খ) সামাজিক আৰু জাতীয় সেৱাঃ সামাজিক আৰু জাতীয় সেৱাৰ কাৰ্য্যসূচীসমূহ সকলো স্তৰৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হোৱা উচিত । এই সেৱা সমূহৰ প্ৰকৃত অথবা কাৰ্য্যসূচী সমূহ ছাত্র ছাত্রীৰ বয়স আৰু পৰিপক্কতা অনুসৰি বেলেগ বেলেগ হব লাগে ।

গ) ভাষা নীতিঃ সামাজিক আৰু জাতীয় সংহতি সংস্থাপনৰ ক্ষেত্রত উপযুক্ত ভাষা-নীতি গঢ়ি তোলাতো প্ৰয়োজনীয় । ইয়াৰ বাবে সকলো ভাৰতীয় ভাষাৰ বিকাশ কৰিব লাগে । হিন্দীক ভাৰতৰ চৰকাৰী ভাষা কৰি গঢ়ি তুলিবলৈ ইয়াৰ বিকাশ ঘটোৱা উচিত ।

ঘ) জাতীয় সচেতনতাৰ বিকাশঃ পাঠ্যক্ৰমিক আৰু সহঃ পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহৰ যোগেদি ছাত্র ছাত্রীৰ মাজত জাতীয় সচেতনতা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাব জগাই তুলিব লাগে ।

ঙ) আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষাঃ ছাত্র ছাত্রীৰ মাজত যাতে আন্তঃৰাষ্ট্ৰীয় মনোভাব, অনুভূতি আৰু বুজাপৰা বৃদ্ধি কৰিব পাৰি তাৰ বাবে শিক্ষাৰ দ্বাৰাই ব্যৱস্থা লাগে. ছাত্র ছাত্রীসকলক মানবীয় বিষয়ক নূল্যবোধ আৰু সমাজ বিজ্ঞানৰ প্ৰতি এনেভাৱে প্ৰস্তুত কৰা উচিত যাকে সু নাগৰিকত্বৰ ভাব গঢ়ি তুলিব পাৰে আৰু আন্তৰ্জাতিক সম্বন্ধ সংস্থাপনত সহায়ক হয় । 


32. শিক্ষাৰ প্ৰমূল্যসমূহ কৰ্ষিত কৰিবলৈ কোঠাৰী আয়ােগৰ পৰামৰ্শাৱলী উল্লেখ কৰা ।

উঃ শিক্ষা ব্যৱস্হাই শিক্ষাৰ্থী সকলৰ মাজত মৌলিক বিধৰ সামাজিক, নৈতিক, প্ৰমূল্যবোধ আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশত গুৰুত্ব আৰোপ কৰিব লাগে । সমাজৰ বৃদ্ধি তথা বিকাশৰ সৈতে সমাজৰ প্ৰতি থকা দায়িত্ব তথা নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ সমূহক চৰ্চা অথবা পৰ্শংসা কৰাৰ বাবেও ছাত্র ছাত্রীক শিকাব লাগে । 

১। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পৰিচালিত কৰা শিক্ষানুষ্ঠান সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা দিব লাগে । 

২। ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠানেও এনে ব্যৱস্থা ল'ব লাগে । 

৩। স্কুলৰ তুলনামূলক অধ্যয়নৰ বাবে বিশেষ পুথি আৰু সাহিত্য প্ৰণয়নৰ বাবে বিশ্ববিদ্যালয়ে ব্যৱস্থা ল'ব লাগে । 

৪। ধৰ্মৰ তুলনামূলক অধ্যয়নৰ বাবে বিশেষ পুথি আৰু সাহিত্য প্ৰণয়নৰ বাবে বিশ্ববিদ্যালয়ে ব্যৱস্থা লব লাগে । 

৫। পাঠ্যক্ৰমত বিশ্বৰ বিভিন্ন ধৰ্মৰ বিষয়বস্তু সন্নিৱিষ্ট কৰিব লাগে । 

৬।  শিক্ষাৰ্থীৰ মাজত দলীয় মৌন-ধন্যাৰ উতসাহ প্ৰদান কৰিব লাগে 


33. প্ৰাথমিক শিক্ষা সন্দৰ্ভত এনপিচিয়ে আগবঢ়োৱা পৰামৰ্শাৱলী আলােচনা  কৰা ।

উঃ ত্রনপিইয়ে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ওপৰত অত্যধিক গুৰুত্ব প্ৰদান কৰিছে. ইয়াৰ বাবে ইয়াত দুই ধৰণৰল কথাৰ ওপৰত বিশেষ ভাবে গুৰুত্ব দিয়া হৈছে-

১। সাৰ্বজনীন ভাবে স্কুলত নামভৰ্তি কৰা আৰু ১৪ বছৰ বয়সলৈকে সাৰ্বজনীন ভাবে শিক্ষা গ্ৰহণ । 

২। শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতি সাধন. ইয়াৰ বাবে ইয়াত বিভিন্ন ধৰণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰী হৈছে । 

ক) অপাৰেচন ব্লেকবোৰ্ডঃ অপাৰেচন ব্লেকবোৰ্ডৰ উদ্দেশ্য হৈছে বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নতি ঘটোৱাৰ বাবে অত্যাংশ্যকীয় সা- সুবিধা আৰু শিক্ষণৰ সা-সজুলিৰ যোগান ধৰা । এই আঁচনি অনুসৰি- ক) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ দুটা কোঠালী নিৰ্মাণ কৰা, খ) অত্যাৱশ্যকীয় পুতলা আৰু খেলৰ সামগ্ৰী যোগান ধৰা,গ) ব্লেকবোৰ্ড, ঘ) মেপ,ঙ) চাৰ্ট, চ) অন্যান্য শিক্ষণ সামগ্ৰীৰ যোগান ধৰা আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

খ) অগতানুগতিক শিক্ষাঃ স্কুলীয়া শিক্ষা অসমাপ্ত কৰা সকলৰ বাবে তথা স্কুল নথকা ঠাইত বা বিভিন্ন কামত নিয়োজিতসকলৰ বাবে অগতানুগতিক শিক্ষাৰ ব্যৱস্হা কৰাৰ কথা এই আঁচনিত উল্লেখ কৰা হয় । এই অগতানুগতিক শিক্ষাৰ কেন্দ্ৰ সমূহেও যাতে আনুষ্ঠানিক শিক্ষাৰ সৈতে ফেৰ মাৰিব পাৰে তাৰ বাবে কাৰিকৰী শিক্ষাৰ আধুনিক সজুঁলিসমূহৰ প্ৰয়ােগ কৰা হ'ব । 


চমুটোকা লিখাঃ

(a) Adult Education (প্রাপ্তবয়স্ক শিক্ষা) 

উঃ প্ৰাপ্তবয়স্কসকলক প্ৰশিক্ষণ বা বিভিন্ন কুশলতা প্ৰদান কৰাৰ প্ৰক্ৰিয়াকে প্ৰাপ্তবয়স্ক শিক্ষা বোলে। ইয়াক কেতিয়াবা প্ৰাপ্তবয়স্কক শিকিবলৈ সহায় কৰাৰ কলা/বিজ্ঞানও বোলো হয় । বৰ্তমান অনেক দেশত প্ৰাপ্তবয়স্ক শিক্ষা প্ৰচলিত । শ্ৰেণীকোঠাৰ শিক্ষা, নিজে নিজে শিকা আদিৰ পৰা আৰম্ভ কৰি ই-লাৰ্ণিঙলৈকে ই বিভিন্ন ৰূপ লব পাৰে। আজিকালি ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন পেচাগত শিক্ষা যেনে পশু সহায়ক, ৰীয়েল ইষ্টেট লাইচেন্সিং, বুককীপিং আদি বিভিন্ন ক'ৰ্চ উপলব্ধ । 


(b) Navodaya Vidyalaya (নবােদয় বিদ্যালয়) 

উঃ নতুন শিক্ষানীতিয়ে নবোদয় বিদ্যালয় স্থাপনৰদ্বাৰা মাধ্যমিক শিক্ষাৰ এক বিশেষ অভাৱ পূৰণ কৰিলে. বিশেষকৈ যিসকল ছাত্র ছাত্রীৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই সমূহ বিদ্যালয়ৰ উদ্দেশ্য । কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় সংস্থাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া। 


(c) Operation Black board scheme. (অপাৰেচন ব্লেকবর্ড আঁচনি)

উঃ অপাৰেচন ব্লেকবোৰ্ডৰ উদ্দেশ্য হৈছে বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নতি ঘটোৱাৰ বাবে অত্যাংশ্যকীয় সা-সুবিধা আৰু শিক্ষণৰ সা- সজুলিৰ যোগান ধৰা। এই আঁচনি অনুসৰি-ক) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ দুটা কোঠালী নিৰ্মাণ কৰা, খ) অত্যাৱশ্যকীয় পুতলা আৰু খেলৰ সামগ্ৰী যোগান ধৰা,গ) ব্লেকবোৰ্ড, ঘ)মেপ,ঙ) চাৰ্ট, চ) অন্যান্য শিক্ষণ সামগ্ৰীৰ যোগান ধৰা আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 


(d) Structure of secondary education suggested by Kathari Commission. (কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি) 

উঃ কোঠাৰী আয়োগৰ মতে সমগ্য দেশতে শিক্ষাৰ গাঠনি একে হোৱা উচিত. ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে (১০+২+৩) শিক্ষা গাঠনি প্ৰস্তত কৰিছিল আৰু ২০ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল.

আয়োগে সাধাৰণ শিক্ষাক তিনিতা পৰ্যায়ত ভাগ কৰিছে । 

ক) প্ৰথম পৰ্যায়ঃ প্ৰাক - প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা । 

খ) দ্বিতীয় পৰ্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা । 

গ) তৃতীয় পৰ্যায়ঃ পূৰ্ব স্নাতক, স্নাওকোওৰ আৰু গৱেষণামূলক শিক্ষা। 

আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁঠনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

1) এবছৰৰ পৰা তিনিবছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হব । 

2) ৭ ৰ পৰা ৮ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হব. এই শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে-

ক) নিম্ন প্ৰাথমিক ( ৪ - ৫ বছৰীয়া হব )

) উচ্চ প্ৰাথমিক (২ - ৩ বছৰীয়া হব )

৩) নিম্ন মাধ্যমিক বা হাইস্কুল শিক্ষা ২-৩ বছৰীয়া হ'ব আৰু বৃওীয় শিক্ষা ১-৩ বছৰীয়া হব । 

৪) উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া হ'ব । 

) উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী ৩বছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গবেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব । 

(e) Integrated child development programme. (সংহত শিশু বিকাশ কার্যসূচী) 

উঃ সংহতি হল মূলসঁতিৰ মূল দিশ। মূলসুঁতিৰ সংহতিয়ে মূলতঃ শিক্ষা সময় সাপেক্ষে, নিৰ্দেশাত্মক সা-সঁজুলি আৰু সামাজিক দিশ এই তিনিওটা দিশক সংহতিয়ে সামৰি লয় । সংহত শিশু বিকাশ কাৰ্যসূচীৰ মূল উদ্দেশ্য ৬ ৰ পৰা ১৪ বছৰৰ সকলো ধৰণৰ শিশুকে সমান শিক্ষা আগবঢ়োৱা । এই কাৰ্যসূচীয়ে বিশেষ ভাবে সক্ষম ছাত্র ছাত্রীকো বিশেষ শিক্ষাৰ দ্বাৰা শিক্ষা আগবঢ়োৱাত সহায় কৰে ।


(f) Assam Higher Secondary Education Council. (অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ)

উঃ উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্রৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চৰকাৰে এই স্তৰত গুৰুত্ব দিবলৈ ধৰে. ১৯৮৪ চনত অসম চৰকাৰে জাননীযোগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সংস্থাপন কৰে । উচ্চতৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনিক আৰু শৈক্ষিক দায়িত্ব এই সংসদৰ ওপৰত অৰ্পণ কৰা হয় । এই সংসদৰ প্ৰধান কামবোৰ হ'ল- উচ্চতৰ মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা । পৰীক্ষা পৰিচালনা কৰি ফলালফল ঘোষণা কৰা, প্ৰমাণপত্র প্ৰদান কৰা আৰু এই স্তৰৰ শিক্ষা উন্নীতকৰণৰ বাবে চৰকাৰক পৰামৰ্শ দিয়া । 


Alishmita Das

(M.A in Education)