অসম প্ৰকাশন পৰিষদৰ 33 তম গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হোৱা সুৰভি ডেকাৰ উপন্যাস  " অনুৰাগ তোমাৰ বাবে "  পঢ়ুৱৈৰ মন  ইতিমধ্যে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে । মৰিগাঁওৰ নিবাসী সুৰভি ডেকাৰ এইখন তৃতীয় উপন্যাস । এক ব্যতিক্ৰমী লিখন শৈলীৰে বিভিন্ন কাকত আলোচনীত গল্প , প্ৰবন্ধ আদিৰে নিজৰ পৰিচয় আজুৰিবলৈ সক্ষম হোৱা সুৰভি ডেকাৰ এই উপন্যাস খনত এগৰাকী  কৰ্কট ৰোগত আক্ৰান্ত হোৱা অবিবাহিতা ছোৱালীৰ মনোবেদনা , প্ৰেম , বন্ধুত্বৰ উপৰি চিকিৎসক আৰু পিতৃ মাতৃৰ আবেগক খুব সুন্দৰকৈ ফুটাই তুলিছে ।  বৰ্তমান সময়ত কৰ্কট ৰোগৰ প্ৰাদূৰ্ভাৱ দিনক দিনে বাঢ়ি গৈয়ে আছে ।  কৰ্কট ৰোগত আক্ৰান্ত ৰোগ সকলৰ দৈনন্দিন জীৱন কিদৰে টছনছ হৈ যায় তাৰ সুন্দৰ ছবি ফুটাই তোলাত সফল হৈছে লেখিকা । 


  কিতাপখন  পঢ়ি  ভুল ক্ৰটি বোৰ শুধৰাই দি পঢ়ুৱৈ সমাজে লিখকক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে । কিতাপখন পাবৰ বাবে বা  মন্তব্য দিবলৈ এই নম্বৰত যোগাযোগ কৰিব পাৰে  9435429660  ।  

***************

"চমক খাই উঠিল  নীহাৰিকা ।  কোনো কথা নভবাকৈ তাই চিধা বাথৰুমত থকা গ্লাছ খনৰ সন্মুখত ৰৈ দিলে ।  তন্ন তন্নকৈ পৰীক্ষা কৰিলে তাই বক্ষ যুগল । আৰু এটা সময়ত সোঁ বক্ষৰ এটা কোণত ৰৈ গল তাইৰ হাতখন । ধীৰে ধীৰে মোহাৰি দিলে তাই । এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে তাই টেমুনাটো টিপি টিপি চালে । নাই একো বিষ অনুভৱ হোৱা নাই । কিন্তু ,,,,


  তাইৰ বুকুখন কঁপি উঠিল ।  একে সময়তে বহুতো কথাই তাইক ভিৰ কৰিলেহি । তাই বহুত সময় নিচুপ হৈ কোমোদটোৰ ওপৰতে বহি থাকিল । তাই ভবাৰ দৰে যদি হয় তেন্তে কি কৰিব তাই ?  তাই ঠিকে অনুমান কৰিছেনে ?  উসঃ কি কৰিব তাই ?  কাৰ ওচৰলৈ যাব ?  কাক কব ?  ৰাজশ্ৰীক ! মাকক !  দেউতাকক !  নীলক ! নে পলক ! 


      উসঃ মূৰটো ঘূৰাই গৈছে তাইৰ । সকলোবোৰ যেন তাইৰ কাষৰ পৰা আঁতৰি গৈ আছে ,,,,, এটা অন্ধকাৰ গলিত যেন তাই সোমাই পৰিছে ,,,,,,যত কোনো পোহৰ নাই , ৰ'দ নাই !  উশাহ লোৱাৰ সুৰুঙা নাই !   উশাহবোৰ যেন তাইৰ স্তব্ধ হৈ যাব !   


  নাই ,,,নাই ,,তাই ভবামতে নহবওতো পাৰে । এয়া তাইৰ অনুমানহে !  অনুমানৰ  সকলো শুদ্ধ নহয় । তাই নিজে নিজক শান্তনা দিলে । সকলোবোৰ দেখোন  ঠিকে আছে  । তাই কাকো একো অন্যায় কৰা নাই ।  কাৰো অহিত চিন্তা কৰা নাই । যিমান পাৰে সহায় কৰিছে তাই । মা দেউতাৰ অবাধ্য হোৱা নাই । তেওঁলোকে বেয়া পাবলগা একো কামে কৰা নাই । পলৰ সৈতে গঢ় লৈ উঠা সম্পৰ্কত  মা দেউতাহঁতৰ সন্মতি আছে । তাই ভালদৰে জানে তাইৰ পছন্দক তেওঁলোকে কেতিয়াও বেয়া নাপায় , পাব নোৱাৰে । তেনেহলে কিয় এনে হৈছে তাইৰ ? কি পাপ কৰিছে তাই ?"

***************

" ইমান সহজ নে এই সকলোবোৰৰ পৰা আঁতৰি মৃত্যুৰ শীতল কোলাত চুমুক মৰা ?  ইমান সুলভ নেকি অমূল্য জীৱনটোক এটা বিষাক্ত বেমাৰৰ কবলত পৰাৰ বাবেই মৃত্যুক সাৱটি লোৱা ?  সহজ লভ্য হব পাৰেনে তাইৰ বাবে মৃত্যু ?  পৰাজয় !  এই শব্দটোৰ আওতাত সোমোৱা নাই তাইৰ জীৱনটো । বিজয়ৰ হাঁহিৰে তাই নিজক জীয়াব নিজৰ পৰা , হৃদয়ত বাঁহ সাজিব খোজা অহেতুক  আসন্ন মৃত্যুৰ পৰা । কেইটামান মুহূৰ্ততে  ধুমুহাত  ছিন্ন ভিন্ন কৰি পেলোৱা চৰাইৰ বাঁহ আকৌ সজাৰ মন্ত্ৰ সেই দগ্ধ চৰাইৰ পৰাই শিকিব লাগিব । নতুন মন্ত্ৰনাৰ নতুন পথ ধ্বংসৰ মাজতে যে ওলমি থাকে । মাথোঁ আমি জানিব লাগে তাক সাবটি কিদৰে অগ্ৰসৰ হব পাৰি সন্মুখলৈ । নিৰ্জন নিশাৰ নির্জনতাত জীৱন জীয়াৰ নতুন মন্ত্ৰ কাণ পাতিলেই গুঞ্জৰীত হয় । ইমান মনোৰম পৃথিৱীখনৰ মায়া ইমান সহজে নিঃশেষ কৰিব নোৱাৰি । 

***************

লাজতে ৰঙা পৰি গল তাই । একো নোকোৱাকৈ দূৰলৈ চাই ৰল তাই । বৰ অস্বস্তি লাগিল তাইৰ । লৰাবোৰ বাৰু এনেকুৱাই নেকি ?  অকণো সংকোচ নোহোৱাকৈ কৈ দিব পাৰে যিকোনো কথা !  কিন্তু মিছাওতো কোৱা নাই সি । পাৰিব জানো তাই মনৰ মাজৰ পৰা আঁতৰাই পঠাব ?   নোৱাৰে কেতিয়াও নোৱাৰে । সেইটো নিজৰ অনুভৱৰ কথা । আন্তঃ উপকণ্ঠৰ কথা !  কোনেও কাকো কোৱাৰ প্ৰয়োজন নাই ।  অনুভৱেৰে চুমি লব পাৰে হৃদয়খন !  আৰু তাই ভাবে সেয়া ইজনৰ প্ৰতি সিজনৰ ভালপোৱাৰ গভীৰৰ পৰাই উৎপন্ন হয় । যি প্ৰেমত বিশ্বাস আৰু সন্মান নাথাকে সেই প্ৰেমত সুখ নাথাকে । নাথাকে সন্তুষ্টি । তেনেকুৱা সম্পৰ্ক এটা ভাঙি যাবলৈ মাথোঁ কিছুমান অজুহাতেই যথেষ্ট । তাই ভয় কৰে তেনেকুৱা সম্পৰ্ক বা প্ৰেমক । বৰ ভয় কৰে তাই । "



***************