তৰুণ গগৈ 

তৰুণ গগৈ- অসমৰ ৰাজনীতিৰ নিকা চৰিত্ৰ এটিৰ সোণালী অধ্যায় । ছয়বাৰৰ লোকসভাৰ সাংসদ আৰু অসমৰ ইতিহাসৰ সবাতোকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ । জুয়ে পোৰা অসম আন্দোলন আৰু তাৰপিছৰ আলফা-ছালফাৰ মাজৰ ভাতৃঘাতী সংঘৰ্ষৰে জৰ্জৰিত হৈ থকা অসমবাসীক পৰিত্ৰাণ কৰা বৰ্ষিয়াল ৰাজনীতিবিদ জনেই হল তৰুণ গগৈ । 

শ্ৰদ্ধেয় গগৈদেৱৰ জন্ম স্বৰ্গীয় ডা. কমলেশ্বৰ গগৈ আৰু স্বৰ্গীয় উষা গগৈৰ ঔৰষত ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাৰ (বৰ্তমানৰ যোৰহাট জিলাত) ৰঙাজান চাহ বাগিচাত ১৯৩৬ চনৰ এপ্ৰিল মাহৰ পহিলা দিনটোত হৈছিল ।

গগৈদেৱে শৈশৱৰ শিক্ষা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়, ভোলগুৰি হাইস্কুলৰ পৰা সমাপ্ত কৰে আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰে । তাৰপিছত তেখেতে জগন্নাথ বৰুৱা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে । আসাম বাৰ কাউন্সিলত অধিবক্তাৰুপে পোনতে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰো চেয়াৰমেন পদতো দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল ।

তৰুণ গগৈদেৱে ১৯৭২ চনৰ ৩০ জুলাইত ডলী গগৈৰ লগত বিবাহপাশত আৱদ্ধ হয় । তেওঁলোকৰ দুই সন্তানৰ ভিতৰত এজন হ'ল গৌৰৱ গগৈ, যি বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আৰু আনগৰাকী হ'ল চন্দ্ৰিমা গগৈ ।

তৰুণ গগৈয়ে নিজৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি কৰে ১৯৬৮ চনত যোৰহাট পৌৰ নিগমৰ সদস্য হিচাপে  নিৰ্বাচিত হৈ । তাৰপিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দিয়ে আৰু ১৯৭১ চনৰ পঞ্চমটো লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ যোৰহাট সমষ্টিত অৱৰ্তীণ হয় । আৰু তেওঁ প্ৰতিদ্বন্দিতা কৰা জীৱনৰ প্ৰথমটো লোকসভা নিৰ্বাচনতে জয়ী হৈ সাংসদৰুপে দিল্লীত কাৰ্যনিৰ্বাহ কৰে  । তেতিয়াৰ পৰা  তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই ।

তাৰপিছৰ ১৯৭৬ লোকসভাৰ নিৰ্বাচনত গগৈদেৱে সাংসদ হিচাপে জয়ী হোৱাৰ উপৰিও ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ যৌথ ৰাষ্ট্ৰীয় সম্পাদক ৰূপেও পোনপ্ৰথমবাৰৰ বাবে কাৰ্য্যনিৰ্বাহ  কৰে । নিজৰ কৰ্মদক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে যোৰহাটবাসীয়ে আকোৱালি লোৱাৰ ফলস্বৰূপে গগৈদেৱ ১৯৭৭ আৰু ১৯৮৩ চনৰো লোকসভালৈও নিৰ্বাচিত হ'ল । গগৈদেৱ ভাৰতৰ দুজন দিগ্গজ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ অতিকে প্ৰিয়পাত্ৰ আছিল । নিকা চৰিত্ৰৰ গগৈদেৱ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ মাজত জনপ্ৰিয় হোৱা হেতুকে তেওঁক ১৯৮৩ চনত পুনৰাই সদৌ ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ যৌথ ৰাষ্ট্ৰীয় সম্পাদক আৰু ১৯৮৫ ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপে পদত অধিষ্ঠিত কৰা হয় । তাৰপিছত নিজৰ কৰ্মদক্ষতাৰ বাবে গগৈদেৱে বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপেও কাৰ্য্যনিৰ্বাহ কৰে । ইয়াৰ ভিতৰত ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহৰাওৰ মন্ত্ৰীসভাত খাদ্য দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ খাদ্য সংসাধন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্য্যনিৰ্বাহ কৰে  । ইয়াৰ মাজতে তেওঁ ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰে ।

তৰুণ গগৈদেৱে যদিও নিজৰ জনপ্ৰিয়তাৰ বাবে ১৯৯৮ আৰু ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা জয়ী হৈছিল তথাপিও নব্বৈৰ দশকৰ শেষৰফালে তেওঁ ৰাজ্যৰ ৰাজনীতিত অধিক মনোনিবেশ কৰিব লয় । আৰু ২০০১ চনৰ মে মাহত অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হোৱাত দলে তৰুণ গগৈক মুখ্যমন্ত্ৰী পদ দি চৰকাৰ চম্ভালিব দিয়ে। তেতিয়া গগৈদেৱে লোকসভাৰ সাংসদ পদৰ পৰা ইস্তিফা দি অসমৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰে আৰু সেই বছৰৰে অক্টোবৰ মাহত তিতাবৰ সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হয়।

ইয়াৰ পিছত গগৈদেৱে একেৰাহে দেৰ দশককাল ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰে। মুখ্যমন্ত্ৰী হৈ থকা কালৰ পৰা আমৃত্যু বিধায়ক হৈ থকা তৰুণ গগৈদেৱে নিজৰ গৃহসমষ্টি তিতাবৰ বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ (২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চন) বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰোপৰি এই প্ৰবীণ ৰাজনীতিকজনে ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰাও বিধায়ক ৰুপে অসম বিধানসভাত কাৰ্যনিৰ্বাহ কৰে ।

অসমৰ ৰাজনীতিৰ বটবৃক্ষ স্বৰুপ গগৈদেৱে ৰাজনীতিৰ হাতোৰাৰে আধুনিক অসমৰ নিৰ্মান সম্ভৱ কৰি তুলিছিল। তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ লওঁতে অসম সকলো দিশৰ পৰা বিধ্বস্ত প্ৰায় অৱস্থাত আছিল । কিন্তু এই সকলো প্ৰত্যাহ্বান নেওঁচি তৰুণ গগৈদেৱে মৃতপ্ৰায় অসমক সকলো দিশৰ পৰা আগৰণুৱা ৰাজ্য হিচাপে গঢ় দিলে।

গগৈদেৱৰ সুশাসনৰ প্ৰথম কৃতিত্ব হ'ল ৰাজ্যবাসীক গুপ্তহত্যা আৰু আলফা –ছালফাৰ মাজৰ ভাতৃঘাতী সংঘৰ্ষৰ ভয়াবহ পৰিস্থিতিৰ পৰা মুক্ত কৰা । গগৈদেৱৰ আগৰ সময়ছোৱাত সাধাৰণ ৰাইজে চৰকাৰক সমালোচনা কৰিলে বা চৰকাৰী দুৰ্নীতিৰ বিৰূদ্ধে মাত দিলে গুপ্তঘাতকৰ হতুৱাই হত্যা কৰা হৈছিল। সমগ্ৰ ৰাজ্যজুৰি ভয়ৰ পৰিবেশ বিৰাজমান আছিল। গগৈদেৱে দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজ্যবাসীক এই সংকটৰ পৰা মুক্ত কৰিছিল।  তাৰপিছত তেওঁ মাহৰ পিছত মাহ ধৰি দৰমহা নোপোৱা চৰকাৰী কৰ্মচাৰী সমূহৰ প্ৰাপ্য দৰমহা নিয়মীয়াকৰণ কৰিছিল। কৰ্মপটু গগৈদেৱে নিজে বিত্ত দপ্তৰ হাতত লৈ আগৰ চৰকাৰৰ কালত বিধ্বস্ত কৰি থৈ যোৱা অসমৰ অৰ্থনীতি সুস্থিৰ কৰি তুলিছিল। ৰাজ্যবাসীৰ ওপৰত থকা ঋণৰ বোজা কমাই আনিছিল। ৰাজ্যত থকা মৃত উদ্যোগবোৰ পুনৰুজ্জীৱিত কৰিছিল। ৰাজ্যৰ অৰ্থনীতিত প্ৰভূত অৱদান যোগোৱা সমবায় সমূহো গগৈদেৱৰে কৃতিত্ব। তেওঁৱে অসমৰ পৰ্য্যটন উদ্যোগতোত বহুকেইটা আঁচনিৰ যোগেৰে এক নতুন মাত্ৰা প্ৰদান কৰে । তেওঁৰ হাতত থকা গৃহ দপ্তৰৰ প্ৰধান সাফল্যটো হ'ল হিংসা জৰ্জৰিত বড়োভূমিত শান্তি ঘুৰাই অনা। তেওঁৰ নেতৃত্বতে বড়ো উগ্ৰপন্থী সংগঠন বিএলটিয়ে অস্ত্ৰসম্বৰণ কৰে আৰু মূল সুঁতিলৈ ঘূৰি আহি সেইসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ লগত বিটিচি চুক্তি স্বাক্ষৰ কৰে । তাৰফলতে হিংসা-প্ৰতিহিংসাৰে ৰক্তাক্ত বড়োলেণ্ডত এতিয়া শান্তি বিৰাজমান। তৰুণ গগৈদেৱৰ বিচক্ষণ নেতৃত্বতে মন্ত্ৰী অঞ্জন দত্তই ৰাজ্যৰ মৃত পৰিবহন উদ্যোগতো পুনৰ আটকধুনীয়াকৈ সজাই পৰাই তুলিছিল। তেওঁৰ শাসনতে ৰাজ্যৰ স্বাস্থ্য বিভাগতো অত্যাধুনিক ভাৱে সজাই পৰাই তোলা হৈছিল। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য আঁচনি, মৃত্যুঞ্জয় আঁচনি, হেজাৰ হেজাৰ আশাকৰ্মী, স্বাস্থ্যকৰ্মী, ডাক্তৰৰ নিযুক্তি আদিৰ জৰিয়তে সেইসময়ত স্বাস্থ্য বিভাগতো দেশৰ ভিতৰতে প্ৰথম শাৰীৰ কৰি তোলা হৈছিল। তাৰোপৰি তেওঁৰ দ্বিতীয় কাৰ্যকালত ৰাজ্যৰ শিক্ষা বিভাগতোত আমূল পৰিবৰ্তন অনা হৈছিল । এই সময়ছোৱাতে টেট শিক্ষকৰ নিযুক্তি, বিদ্যালয়ত বৰ্ধিত আন্তঃগাথনিৰ অনুদান আদিৰ দৰে অতি ফলপ্ৰসু আঁচনি সমূহ কাৰ্যকৰী কৰি ৰাজ্যৰ শিক্ষাখণ্ডৰ সমস্যা সমূহ দুৰ কৰিব চেষ্টা কৰিছিল । তেওঁৰ কাৰ্যকালতে আনন্দৰাম বৰুৱা বঁটাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত লেপটপ বিতৰণ কৰি কম্পিউটাৰ শিক্ষা জনপ্ৰিয় কৰাত সফল হৈছিল । তেওঁৰ অধীনতে গড়কাপ্তানি বিভাগে ৰাজ্যৰ জৰাজীৰ্ণ পথসমূহ ন ৰুপত সজাই তুলিছিল।  তেওঁৰ দিনতে গড়কাপ্তানি বিভাগে ৰাজ্যত লাখ লাখ কিলোমিটাৰ পথ আৰু হেজাৰ হেজাৰ দলং নিৰ্মাণৰ অভিলেখ গঢ়িছিল। তৰুণ গগৈৰ কাৰ্যকালতে সকলো চৰকাৰী বিভাগতে চৰকাৰী নিযুক্তিৰ দুৱাৰ খোল খাইছিল যাৰফলত ৰাজ্যৰ লাখ লাখ নিৱনুৱাই কৰ্মসংস্থাপন পাইছিল আৰু ভয়ংকৰ নিৱনুৱা সমস্যাৰ গৰাহৰ পৰা ৰাজ্যবাসীক সকাহ দিছিল। গগৈদেৱে নিজ কাৰ্যকালতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফল ৰূপায়ণ কৰিছিল যিয়ে বহু  দৰিদ্ৰ পৰিয়ালক পকী ঘৰৰ সুবিধা কৰি দিছিল। তেওঁৰ দ্বিতীয়তো কাৰ্যকালতে অসমৰ প্ৰধান উগ্ৰপন্থী সংগঠন আলফাৰ এটি গোটে ২০০৭ চনত অস্ত্ৰ সম্বৰণ কৰে ।

নিৰ্বাচনী ৰণত কেতিয়াও পৰাজিত নোহোৱা অসমৰ ৰাজনীতিৰ এই মহীৰূহ গৰাকীৰ কৰ্মনিপুণতাক কাগজ কলমেৰে লিপিবদ্ধ কৰা সম্ভৱ নহয়।

যদিও ২০১৬ চনত কংগ্ৰেছ দলে অসমৰ বিধানসভাৰ লিৰ্বাচনত পৰাজিত হয় তথাপিও তেওঁ মৃত্যু পৰ্য্যন্ত বিধায়ক হিচাপে ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে মাত মাতি যায়। শেষত ৰাজ্যৰ ৰাজনীতিত ৮৪ বছৰীয়া এক বৰ্ণিল অধ্যায় সামৰি প্ৰবীন ৰাজনীতিবিদজনে কৰোণাত আক্ৰান্ত হৈ ২০২০ চনৰ ২৩ নবেম্বৰৰ সন্ধিয়া ৫ বাজি ৩৪ মিনিটত মৃত্যুবৰণ কৰে।


Class:6 , Class:7  , Class:8 , Class: 9, Class: 10 question and Answer