স্বাধীনোত্তৰ  কালৰ ভাৰতীয় ৰাজনীতি


দশম অধ্যায়ঃ শেহতীয়া  বিষয় আৰু প্ৰত্যাহ্বানঃ




১। বস্তুনিষ্ঠ প্ৰশ্নঃ  
(ক) ভাৰতে নতুন অৰ্থনৈতিক নীতি কোন চনত প্ৰৱৰ্তন কৰিছিল?      
উত্তৰঃ ভাৰতে নতুন অৰ্থনৈতিক নীতি ১৯৯১ চনত প্ৰৱৰ্তন কৰিছিল।


(খ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ  ভাৰতৰ অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হ’ল-
আধুনিকীকৰণঃ নতুন অৰ্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত অৰ্থাৎ আধুনিকীকৰণৰ  ওপৰত যথেষ্ট গুৰুত্ব  প্ৰদান কৰিছে। উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ বাবে ভাৰত চৰকাৰে সকলো বিদেশী সহযোগিতাৰ  অনুমোদন  জনাইছে।


(গ) মণ্ডল আয়োগৰ অধ্যক্ষ গৰাকীৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰঃ- মণ্ডল আয়োগৰ অধ্যক্ষ  গৰাকীৰ সম্পূৰ্ণ নাম  আছিল  বিন্দেশৰী প্ৰসাদ মণ্ডল।


(ঘ) মণ্ডল আয়োগ কোনখন   চৰকাৰে গঠন কৰিছিল?
উত্তৰঃ- মণ্ডল  আয়োগ জনতা পাৰ্টিৰ চৰকাৰে গঠন কৰিছিল ।


(ঙ) মণ্ডল আয়োগ কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ-  ১৯৭৯ চনৰ ১ জানুৱাৰীত মণ্ডল আয়োগ গঠন কৰা হৈছিল।


(চ) কাশীৰাম কোন আছিল?
উত্তৰঃ-  কাশীৰাম  বহুজন সমাজ পাৰ্টিৰ  জন্মদাতা আছিল।


(ছ) DS-4 কি?
উত্তৰঃ-  DS-4  হ’ল ১৯৮১ চনত কাশীৰামৰ  উদ্যোগত গঠিত দলিত শোষিত সমাজ সংঘৰ্ষ সমিতি।


(জ) বাবৰি মছজিদ কোন চনত ধ্বংস হৈছিল?
উত্তৰঃ-  ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে বাবৰি মছজিদ ধ্বংস হৈছিল ।
(ঝ) কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উশ্থাপন কৰিছিল?
উত্তৰঃ-  ১৯৭৯ চনৰ ১ জানুৱাৰীত ভাৰতীয় সমাজৰ বিভিন্ন সম্প্ৰদায় শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰি থকাৰ কাৰণসমূহ অনুসন্ধানৰ বাবে মণ্ডল আয়োগ বিষয়টো ভাৰতীয় ৰাজনীতিত উশ্থাপন  কৰিছিল।
(ঞ) UPA- ৰ সম্পূৰ্ণ নাম কি? 
উত্তৰঃ- UPA ৰ সম্পূৰ্ণ নাম হ’ল United Progressive Alliance  ।

২। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ১৩ টা দলবিশিষ্ট নেচনেল  ডেমক্ৰেটিক এলায়েন্স চৰকাৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।
উত্তৰঃ- অশুদ্ধ।
(খ) মণ্ডল আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে ১৯৮৭ চনত কাৰ্যকৰী  কৰে।
উত্তৰঃ- অশুদ্ধ।
(গ) মণ্ডল আয়োগে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ২২ শতাংশ আসন সংৰক্ষণৰ পৰামৰ্শ দিছিল।
উত্তৰঃ- অশুদ্ধ।
(ঘ) ১৯৯৯ চনত আকালি দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পতন ঘটিছিল। 
উত্তৰঃ-  অশুদ্ধ।
(ঙ) ভাৰতত ১৯৭৭ চনত মৰ্চা চৰকাৰ আৰম্ভ হয়।
উত্তৰঃ- শুদ্ধ।

৩। খালী ঠাই পূৰণ কৰাঃ
(ক) কেন্দ্ৰীয় চৰকাৰে ১৯৭৯  চনত মণ্ডল আয়োগ গঠন কৰিছিল।
(খ) বহুজন সমাজ পাৰ্টি ১৯৮৪ দলিত নেতা কাশীৰামে  প্ৰতিষ্ঠা কৰিছিল।
(গ) মণ্ডল আয়োগ  জনতা পাৰ্টিৰ চৰকাৰে গঠন কৰিছিল।
(ঘ) ১৯৭৭ চনত ৰাষ্ট্ৰীয়  ৰাজনীতিত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ উশ্থান ঘটিছিল!
(ঙ) ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণী কৰ্মচাৰী সংস্থা গঠন হৈছিল।

৪। চমু প্ৰশ্নঃ
(ক) মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা ।
উত্তৰঃ- মণ্ডল আয়োগৰ দুটা পৰামৰ্শ হ’লঃ-
(১) চৰকাৰী চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।
(২) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উৎসাহিত আৰু সহায় কৰিব লাগে।


(খ) নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী কোন আছিল?
উত্তৰঃ- নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ সময়ত ভাৰতৰ প্ৰধানমন্থী আছিল পি ভি নৰসিংহ ৰাও আৰু বিত্তমন্ত্ৰী আছিল ড° মনমোহন সিং ।
(গ) মায়াৱতীয়ে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ত্ব কৰে। তেওঁৰ ৰাজনৈতিক দলটোৰ নাম উল্লেখ কৰা।
উত্তৰঃ-  মায়াৱতীয়ে দলিত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।  তেওঁৰ ৰাজনৈতিক  দলটোৰ নাম বহুজন সমাজ পাৰ্টি।


(ঘ) ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উশ্থানৰ দুটা কাৰণ লিখা।
উত্তৰঃ- ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উশ্থানৰ দুটা কাৰণ হ’ল-
    (১) বৃটিছৰ বিভাজন আৰু শাসন নীতিঃ-  বৃটিছ শাসনকৰ্তাসকলে ভাৰতত তেওঁলোকৰ স্থিতি দৃঢ় কৰিবলৈ ‘বিভাজন আৰু শাসন’ নীতি গ্ৰহণ কৰিছিল আৰু প্ৰৱৰ্তন কৰিছিল। তেওঁলোকে ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ  মাজত বিভেদ আৰু অবিশ্বাসৰ মনোভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে বৃটিছসকলে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচিছিল যাৰ প্ৰভাৱ বৰ্তমানো আছে।
    (২) সাম্প্ৰদায়িক সংগঠনঃ- ভাৰতত বিভিন্ন সময়ত বহু কাৰণত বিভিন্ন সাম্প্ৰদায়িক সংগঠন বা সংস্থাৰ উদ্ভৱ ঘটি আহিছে। এই সংগঠনসমূহে বিভিন্ন ধৰণে ভাৰতৰ ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু সংঘাতৰ মনোভাৱ  বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। এই সংগঠনসমূহক ভাৰতৰ  সাম্প্ৰদায়িকতাবাদৰ মূল কাৰণ বুলি অভিহিত কৰিব পাৰি।


(ঙ) সাম্প্ৰদায়িকতাবাদ বুলিলে কি বুজা?
উত্তৰঃ- বহু চিন্তাবিদে সাম্প্ৰদায়িকতাবাদৰ বিষয়ে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। কিন্ত সাধাৰণ অৰ্থত সাম্প্ৰদায়িকতাবাদ বুলিলে ধৰ্মীয় সম্প্ৰদায়সমূহৰ পৰস্পৰৰ প্ৰতি বিৰোধিতা আৰু বিভেদক বুজাই। ই সাম্প্ৰদায়িকতাবাদী মনোভাৱাপন্ন অথবা ধৰ্মোন্মাদনাক বুজাই।


(চ) বহুজন সমাজ পাৰ্টিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ- দলিত নেতা কাশীৰামৰ নেতৃত্বত ১৯৮৪ চনত বহুজন সমাজ পাৰ্টিৰ গঠন হয়। এই দলে দলিতসকলক ভাৰতীয় ৰাজনীতিত এক নতুন স্থান প্ৰদান কৰে আৰু ইয়াৰ পিছৰ পৰা দলিত ৰাজনীতিয়ে এক নতুন ৰূপ ধাৰণ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰত প্ৰথম বাৰৰ বাবে বহুজন সমাজ পাৰ্টিয়ে লোকসভা উপ-নিৰ্বাচনত মায়াৱতীৰ প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এটা সৰু দল হিচাপে আত্মপ্ৰকাশ কৰা ৰাজনৈতিক দলটোৰ বৰ্তমান যথেষ্ঠ শক্তিশালীৰূপত উশ্থান ঘটিছে ।
(ছ) ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল- 
(১) বহু দলৰ উপস্থিতি,
(২) পৰস্পৰ বুজাবুজি আৰু লাভালাভৰ ওপৰত প্ৰতিষ্ঠিত আৰু বৃহৎ মন্ত্ৰীসভা।
(জ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- ভাৰতৰ নতুন অৰ্থনেতিক নীতিৰ প্ৰধান বৈশিষ্ট্য দুটা হ’ল-  
(১) উদাৰীকৰণঃ- নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ ১৯৯১ চনত গ্ৰহণ কৰা নতুন উদ্যোগ নীতিয়ে বিনিয়োগ নিৰ্বিশেষে সকলোধৰণৰ ঔদ্যোগিক নিগমৰ বাবে ঔদ্যোগিক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে।
(২) অৰ্থনীতিৰ বিশ্বায়নঃ- ভাৰতে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ দ্বাৰা অৰ্থনৈতিক বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।


৪।  চমুটোকাঃ-
(ক) অযোধ্যা বিতৰ্ক
উত্তৰঃ-  ১৯৯০ দশকত ভাৰতত এক চিন্তা উদ্ৰেককাৰী সাম্প্ৰদায়িক ঘটনা সংঘটিত হয়। সেয়া হ’ল ভাৰতৰ ৰাজনীতি আৰু সমাজত বিৰূপ প্ৰভাৱ পেলোৱা উত্তৰ প্ৰদেশৰ অযোধ্যাত অৱস্থিত বাবৰি মছজিদ ধ্বংসৰ ঘটনা যাক অযোধ্যা বিতৰ্ক বা বিবাদ বুলি জনা যায় । ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনটোতে বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। প্ৰায় দুই লাখ কৰ স্বেচ্ছাসেৱকে এই কাৰ্য সংঘটিত কৰিছিল। কাৰণ এইসকলে ভগৱান ৰামৰ জন্মভূমি অযোধ্যাত  ৰামৰ মন্দিৰ ধ্বংস কৰি  এই মছজিদটো নিৰ্মাণ কৰা বুলি বিশ্বাস কৰে। বাবৰি মছজিদ -ৰাম জন্মভূমি বিবাদটো বহু পুৰণি। ১৯৪০ ৰ দশকৰ শেষৰ ফালে বিবাদৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত মছজিদটোত তলা মাৰি দিয়া হয়। বহু দশক জুৰি চলি থকা এই বিৰ্তকটোৱে ১৯৮৬ চনৰ ফৰিদাবাদ জিলা আদালতৰ এটা ৰায়দানৰ পিছত নতুন ৰূপ ধাৰণ কৰে। এই আদালতে এটা ৰায়দান কৰি উল্লেখ কৰে যে বাবৰি মছজিদটো তলা খুলি দিব লাগে যাতে হিন্দুসকলে তেওঁলোকৰ মন্দিৰ থকা বুলি বিশ্বাস কৰা স্থানত প্ৰাৰ্থনা কৰিব পাৰে। মছজিদৰ দুৱাৰ খুলি দিয়াৰ পিছৰ পৰা হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ স্থানটোলৈ আহ-যাহ বৃদ্ধি পালে। বহুকেইটা হিন্দু আৰু মুছলিম সংগঠনে এই বিষয়টো সম্পৰ্কে দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত আলোচনা আৰম্ভ কৰাৰ ফলত অঞ্চলটোত উদ্বিগ্নতা বৃদ্ধি পায়। ফলত স্থানীয় বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱেশ কৰাৰ বাবে অধিক সময়ৰ প্ৰয়োজন নহ’ল। বাবৰি মছজিদ ধ্বংসৰ সুদীৰ্ঘ ১৮ বছৰ পিছত এলাহবাদ উচ্চ ন্যায়ালয়ে ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত অযোধ্যা বিবাদৰ নিষ্পত্তিৰ বাবে এক ৰায়দান কৰে। এই ঐতিহাসিক ৰায়ৰ জৰিয়তে বিতৰ্কিত ভূমি তিনিভাগ কৰি দিয়া হয়। অৱশেষত শেষতীয়াভাৱে সমস্যাটোৰ সমাধান ঘটিছে আৰু ৰাম মন্দিৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ হৈছে।


(খ) নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ।
উত্তৰঃ- ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ- 
(১) উদাৰীকৰণঃ- নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ ১৯৯১ চনত গ্ৰহণ কৰা নতুন উদ্যোগ নীতিয়ে বিনিয়োগ নিৰ্বিশেষে সকলোধৰণৰ ঔদ্যোগিক নিগমৰ বাবে ঔদ্যোগিক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে।
(২) ব্যক্তিগতকৰণঃ- নতুন অৰ্থনৈতিক নীতিৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ব্যক্তিগতকৰণ নীতি। ব্যক্তিগতকৰণে ৰাজহুৱা মালিকানাস্বত্ব আৰু পৰিচালনাৰ উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্ব প্ৰৱৰ্তন কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত ব্যক্তিগত নিয়ন্ত্ৰণ আৰু পৰিচালনা বুজাইছে। এই অৰ্থনৈতিক সংস্কাৰ নীতিৰ দ্বাৰা ব্যক্তিগত খণ্ডসমূহক ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপত এক প্ৰধান ভূমিকা পালনৰ অনুমতি প্ৰদান কৰা হৈছে।
(৩) অৰ্থনীতিৰ বিশ্বায়নঃ- ভাৰতে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ দ্বাৰা অৰ্থনৈতিৰ বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে । অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বহু ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।
(৪) নতুন ৰাজহুৱা খণ্ড নীতিঃ- নতুন অৰ্থনৈতিক নীতিয়ে ৰাজহুৱা খণ্ডৰ চৰকাৰী নীতিৰ পৰিবৰ্তন সাধন কৰিছে। এই নীতিয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ গুৰুত্ব ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ সলনি কৰিছে।
(৫) আধুনিকীকৰণঃ- নতুন অৰ্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ বাবে ভাৰত চৰকাৰে সকলো বিদেশী সহযোগিতাৰ অনুমোদন জনাইছে।
(৬) বিত্তীয় সংস্কাৰঃ- নৰসিংহম সমিতিৰ পৰামৰ্শৰ ভিত্তিত ভাৰত চৰকাৰে বিত্তীয় খণ্ডৰ সংস্কাৰৰ বাবে বিভিন্নধৰণৰ কাৰ্যব্যৱস্থা অৱলম্বন কৰিছে । সেইসমূহৰ ভিতৰত প্ৰত্যক্ষ ঋণ ব্যৱস্থাৰ বিলুপ্তি সাধন, বিদেশী বেংকৰ প্ৰতি উদাৰ আচৰণ, বেংকসমূহক অধিক স্বাধীনতা প্ৰদানৰ লগতে ভাৰতীয় ৰিৰ্জাভ বেংক আৰু বিত্ত মন্ত্ৰণালয়ৰ দ্বৈত নিয়ন্ত্ৰণৰ সমাপ্তি ইত্যাদি অন্যতম।
     এনেদৰে নতুন অৰ্থনৈতিক নীতিৰ বহুতো বৈশিষ্ট্য পৰিলক্ষীত হয়।


(গ) উত্তৰ ভাৰতত অন্যান্য পিছপৰা শ্ৰেণীৰ উত্থান।
উত্তৰঃ- ভাৰতৰ জনগণ মাজত বিভেদ আৰু বিভাজনৰ সৃষ্টি কৰা এক অন্যতম শক্তি হ’ল ভাৰতীয় সমাজত প্ৰচলিত জাতি বা বৰ্ণ ব্যৱস্থা। ভাৰতত প্ৰায়ে চহৰ বা গাওঁ অঞ্চলত বৰ্ণ বা জাতিক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হৈ আহিছে। বিগত ২০ বছৰত ভাৰতীয় ৰাজনীতিত বৰ্ণ ব্যৱস্থাৰ ভূমিকাৰ বহু পৰিৱৰ্তন ঘটিছে। বৰ্তমান সময়ত উত্তৰ ভাৰতৰ ৰাজনীতিত বৰ্ণ ব্যৱস্থাই যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ইয়াৰ ৰাজনীতিত উশ্থান ঘটিছে। এই শ্ৰেণীৰ ৰাজনৈতিক উশ্থানে উত্তৰ ভাৰতৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে। অন্যান্য পিছপৰা শ্ৰেণী বুলিলে অনুসূচিত জাতি আৰু জনজাতিৰ বাহিৰে শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীটোক বুজায়। ১৯৭০ ৰ দশকৰ পৰা এই পিছপৰা শ্ৰেণীৰ বহু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছৰ সমৰ্থন হ্ৰাস পোৱাৰ বিপৰীতে অন্যান্য ৰাজনৈতিক দলসমূহে এই সম্প্ৰদায়সমূহৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হয়।  অন্যান্য পিছপৰা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা এই ৰাজনৈতিক দলসমূহে ১৯৭৭ চনৰ জনতা পাৰ্টিৰ চৰকাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতিত খোজ পেলায়। 
      ১৯৮০ ৰ দশকত উত্তৰ ভাৰতত কেইবাগৰাকীও শক্তিশালী অন্যান্য পিছপৰা শ্ৰেণীৰ নেতাৰ আৱিৰ্ভাৱ হয়। এইসকলৰ ভিতৰত বিহাৰত লালুপ্ৰসাদ যাদৱ, নীতিশ কুমাৰ আৰু উত্তৰ প্ৰদেশত মুলায়েম সিং যাদৱ আদি উল্লেখযোগ্য। ক্ৰমে বিভিন্ন ৰাজনৈতিক দলে অন্যান্য পিছপৰা শ্ৰেণীৰ নেতাসকলক গুৰুত্ব দিবলৈ ধৰে। যেনে কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি আদি। উত্তৰ ভাৰতৰ দুখন শক্তিশালী ৰাজ্য উত্তৰপ্ৰদেশ আৰু বিহাৰত ক্ৰমে মুলায়েম সিং যাদৱ আৰু লালু প্ৰসাদ যাদৱে সাধাৰণ উচ্চ বৰ্ণক প্ৰতিনিধিত্ব কৰা ভাৰতীয় জনতা পাৰ্টি আৰু সংঘ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত উত্তৰ ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব ৰাজ্যিক বিধান মণ্ডলসমূহত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। 


(ঘ) ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত দলিত ৰাজনীতিৰ প্ৰভাৱ।
উত্তৰঃ- সমাজৰ যিসকল লোক অন্যান্য শ্ৰেণীৰ তুলনাত সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ পৰা পিছপৰা সেই সকললোক সমাজৰ অন্যান্য উচ্চ শ্ৰেণী বা সম্প্ৰদায়ৰ দ্বাৰা দমনিত আৰু শোষিত হৈ আহিছে। এই লোকসকল কোনো বিশেষ বৰ্ণ,ধৰ্ম বা শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়। এই লোকসকলকে ভাৰতত দলিত আখ্যা দিয়া হয়। সৰল ভাষাত দলিতসকল ভাৰতীয় সমাজৰ সবাতোকৈ নিম্নস্থানৰ লোক। ভাৰতৰ ৰাজনীতিৰ ওপৰত এই দলিত শ্ৰেণীৰ প্ৰভাৱ উল্লেখযোগ্য। ১৯৮১ চনত কাশীৰামৰ উদ্যোগত দলিত শোষিত সমাজ সংঘৰ্ষ সমিতি প্ৰতিষ্ঠা হয়। তেওঁৱে ১৯৮৪ চনৰ ১৪ এপ্ৰিলত বহুজন সমাজ পাৰ্টিৰ জন্ম দিয়ে। মায়াৱতীৰ প্ৰতিদ্বন্দ্বিতাৰে ১৯৮৫ চনৰ ডিচেম্বৰত প্ৰথম বাৰৰ বাবে এই দলে লোকসভা উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰে। এটা সৰু দল হিচাপে আত্মপ্ৰকাশ কৰা এই ৰাজনৈতিক দলটোৰ বৰ্তমান যথেষ্ট শক্তিশালীৰূপত উশ্থান ঘটিছে। বৰ্তমান দলিত নেত্ৰী মায়াৱতীয়ে বিশেষকৈ উত্তৰপ্ৰদেশৰ ৰাজনীতিত নিয়ন্ত্ৰণকাৰী ভূমিকা গ্ৰহণ কৰি আছে। মায়াৱতীয়ে ১৯৯১ চনৰ পিছত প্ৰথমবাৰৰ বাবে একক দল এটাৰ দ্বাৰা গঠিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। মায়াৱতীয়ে বহুজন সমাজ পাৰ্টিত উচ্চ বৰ্ণৰ লোকৰ অন্তৰ্ভুক্তত গুৰুত্ব প্ৰদান কৰিছে। ব্ৰাক্ষ্মণ আৰু দলিতৰ মাজৰ সম্পৰ্ক স্থাপনক উত্তৰ প্ৰদেশত ‘ভাইছাৰা’ আখ্যা দিয়া হৈছে। উত্তৰ ভাৰতত বহুজন সমাজ পাৰ্টিৰ দৰে ভাৰতৰ অন্যান্য ৰাজ্যতো দলিতসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ দাবীত ৰাজনৈতিক দল আৰু সংগঠনে কাৰ্য সম্পাদন কৰি আছে।
          উত্তৰ ভাৰতত বহুজন সমাজ পাৰ্টিৰ দৰে ভাৰতৰ অন্যান্য ৰাজ্যতো দলিতসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ দাবীত ৰাজনৈতিক দল আৰু সংগঠনে কাৰ্য সম্পাদন কৰি আছে। সেইসমূহৰ ভিতৰত ড° ভীমৰাও আম্বেদকাৰৰ নাতি প্ৰকাশ যশৱন্ত আম্বেদকাৰৰ নেতৃত্বত ১৯৯৯ চনত মহাৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰা ভাৰিপা বহুজন মহাসংঘ উল্লেখযোগ্য। তাৰোপৰি মাখৰাম পাৱাৰৰ বহুজন মহাসংঘই মহাৰাষ্ট্ৰত কাম কৰি থকাৰ বিপৰীতে দক্ষিণ ভাৰতত কেইবাটাও ৰাজনৈতিক দল আৰু সংগঠনে কাৰ্য সম্পাদন কৰি আছে। 
        উক্ত ধৰণেৰে ভাৰতৰ ৰাজনীতিত দলিত সকলৰ প্ৰভাৱ পৰিলক্ষিত হয়।


(ঙ) সাম্প্ৰদায়িকতাৰ প্ৰত্যাহ্বান।
উত্তৰঃ- ১৯৮০ ৰ দশকত ভাৰতত আৰম্ভ হোৱা এক তাৎপৰ্যপূৰ্ণ বিকাশ হ’ল ধৰ্মীয় পৰিচয় আৰু আনুগত্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনৈতিক উশ্থান। যদিও ভাৰতত স্বাধীনতাৰ পূৰ্বৰ পৰা ধৰ্মীয় বিশ্বাস আৰু আনুগত্যৰ ভিত্তিত কাৰ্য সম্পাদন কৰা ৰাজনৈতিক দলৰ উপস্থিতি আছিল, কিন্ত শেহতীয়াভাৱে ভাৰতীয় ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ তাৎপৰ্যপৃৰ্ণ বিবেচিত হৈছে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতত ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল আৰু ৰাজনৈতিক বিকাশ এক লক্ষ্যণীয় বিষয়। এই ধৰ্মীয় মনোভাৱাপন্ন ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ বাবে ভাৰতত সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। সাধাৰণ অৰ্থত সাম্প্ৰদায়িকতাবাদ বুলিলে ধৰ্মীয় সম্প্ৰদায়সমূহৰ পৰস্পৰৰ প্ৰতি বিৰোধিতা বুজাই। সাম্প্ৰদায়িকতাবাদে সাম্প্ৰদায়িকতাবাদী মনোভাৱাপন্ন বা ধৰ্মোন্মাদনাক বুজায়। ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ বহুতো কাৰণ আছে। তলত সেইসমূহ আলোচনা কৰা হ’ল-
(১) বৃটিছৰ বিভাজন আৰু শাসন নীতিঃ- বৃটিছ শাসকে ভাৰতত তেওঁলোকৰ স্থিতি দৃঢ় কৰিবলৈ ‘বিভাজন আৰু শাসন নীতি গ্ৰহণ আৰু প্ৰৱৰ্তন কৰিছিল। তেওঁলোক ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভেদ আৰু অবিশ্বাসৰ মনোভাৱ সৃষ্টি কৰিছিল। এনেদৰে বৃটিছসকলে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচিছিল।
(২) সাম্প্ৰদায়িক সংগঠনঃ- ভাৰতত বিভিন্ন সময়ত বিভিন্ন সাম্প্ৰদায়িক সংগঠনৰ উদ্ভৱ ঘটি আহিছে। এই সংগঠনসমূহে বিভিন্ন ধৰণে ভাৰতৰ ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত ঘৃণাৰ মনোভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে। এই সংগঠনসমূহক ভাৰতৰ সাম্প্ৰদায়িকতাবাদৰ মূল কাৰণ বুলি ক’ব পাৰি।
(৩) নিষ্ক্ৰিয় নিৰ্লিপ্ত চৰকাৰঃ- ভাৰতত চৰকাৰে বহু ক্ষেত্ৰত সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতো জনসাধাৰণৰ মাজত সাম্প্ৰদায়িকতাবাদী মনোভাৱৰ সৃষ্টি হয়। কেতিয়াবা চৰকাৰে কোনো এটা ধৰ্মৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিলে ভাৰতীয় ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ বিচ্যুতি ঘটে আৰু আন ধৰ্মাৱলম্বী লোকসকল অসন্তষ্ট হয়।
(৪) সাম্প্ৰদায়িক সংঘৰ্ষৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অক্ষমতাঃ- কেতিয়াবা ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহে ৰাজ্যসমূহত উদ্ভৱ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাৰ ক্ষেত্ৰত অক্ষমতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। ফলত সাম্প্ৰদায়িকতাবাদৰ বিস্তাৰ ঘটে।
(৫) সন্তষ্টকৰণৰ ৰাজনীতিঃ-  বহু সময়ত ৰাজনৈতিক উদ্দেশ্যেৰে ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰা সিদ্ধান্তই সাম্প্ৰদায়িক সংঘাতৰ সূচনা কৰে।নিৰ্বাচনৰ সময়ত বা ক্ষমতাত অধিষ্ঠিত ৰাজনৈতিক নিজৰ লাভালাভৰ আৰু চৰকাৰৰ কাৰ্যকাল সুৰক্ষিত ৰাখিবলৈ কোনো বিশেষ ধৰ্মক সন্তষ্ট কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত অন্যান্য ধৰ্ম, জাতি বা সম্প্ৰদায় ক্ষুণ্ণ হোৱাটো স্বাভাৱিক আৰু ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক মনোবৃত্তি বৃদ্ধি পায়।
(৬) জাতীয়তাবাদী চিন্তাধাৰা আৰু প্ৰচাৰত হিন্দু চৰিত্ৰঃ-  ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত জাতীয়তাবাদী চিন্তাধাৰা আৰু প্ৰচাৰত এক শক্তিশালী ধৰ্মীয় উপাদান অন্তভুৰ্ক্ত কৰা হৈছিল।ৰাজনৈতিক আন্দোলনত সঘনাই হিন্দু জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হৈছিল। যেনে বাল গংগাধৰ তিলকে জাতীয়তাবাদৰ প্ৰচাৰ কাৰ্যৰ বাবে গণেশ পূজা আৰু শিৱাজী উৎসৱৰ ব্যৱহাৰ কৰিছিল।
       এনে ধৰণেৰে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ বহুতো কাৰণ পৰিলক্ষিত হয়। সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ ফলস্বৰুপে স্বাধীন ভাৰতত কেইবাটাও মৰ্মান্তিক ঘটনা সংঘটিত হৈছে; যাৰ ফলত হাজাৰ হাজাৰ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছে। সেয়ে ভাৰতৰ ৰাজনীতিত সাম্প্ৰদায়িকতাবাদ এক ডাঙৰ প্ৰত্যাহ্বান।


৫। ৰচনাধৰ্মী প্ৰশ্নঃ
(ক) বিশ্বায়ন মানে কি বুজা? ভাৰতে বিশ্বায়নৰ প্ৰত্যাহ্বানৰ প্ৰতি কেনেদৰে সঁহাৰি আগবঢ়াইছিল? 
উত্তৰঃ- বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ফলত বৰ্তমান বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সকলো ক্ষেত্ৰতে দূৰত্ব কমি গৈছে আৰু ঘনিষ্ঠতা, যোগাযোগ আৰু লেনদেন বৃদ্ধি পাব ধৰিছে। ৰাষ্ট্ৰসমূহে এই যি মুক্ত নীতি গ্ৰহণ কৰি পৰস্পৰ সংযুক্ত হৈ পৰিছে তাকে সাধাৰণ অৰ্থত বিশ্বায়ন হিচাপে অভিহিত কৰিব পাৰি। 
           বৰ্তমানৰ যুগ বিশ্বায়নৰ যুগ। বৰ্তমান বিশ্বৰ গৰিষ্ঠসংখ্যক ৰাষ্ট্ৰই বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বা কৰিবলৈ বাধ্য হৈছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতে ১৯৯১ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে বিশ্বায়নৰ সৈতে সম্পৰ্ক স্হাপন কৰিছে। তেতিয়াৰ পৰাই ভাৰতে বিশ্বৰ অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰৰ দৰে বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ পৰে। ১৯৮০ ৰ দশকত ভাৰতে সন্মুখীন হোৱা বিত্তীয় সংকট আৰু আনুসংগিক বিভিন্ন কাৰণত ভাৰতে অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ বাধ্য হয়। অৰ্থনৈতিৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ হ’ল বিশ্বায়নৰ দুটা প্ৰধান লক্ষ্য। বিশ্বায়নে সমাজবাদী আৰ্হিৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে অৰ্থনৈতিক ক্ষেত্ৰত সম্পূৰ্ণ মুক্ত নীতি সমৰ্থন কৰে। ভাৰতে ১৯৭৬ চনৰ পৰা সমাজবাদী আৰ্হিৰ অৰ্থনৈতিক ব্যৱস্থা এটা অনুসৰণ কৰি আহিছিল। ভাৰতে গ্ৰহণ  কৰা মিশ্ৰ অৰ্থনীতিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত আৰু ব্যক্তিগত দুয়োধৰণৰ উদ্যোগক গুৰুত্ব প্ৰদান কৰা হৈছিল। ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত  নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ প্ৰথা প্ৰচলিত আছিল। সেয়ে ১৯৮০ ৰ দশক পৰ্যন্ত ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাটোৱে আশা কৰা মতে বিকাশ লাভ কৰিবলৈ ব্যৰ্থ হয়। ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সংকটজনক হৈ উঠে। ভাৰতৰ বৈদেশিক লেনদেনৰ ঘাটি এনে এক পৰ্যায়ত উপনীত হয় যে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাতো ভাৰতৰ বাবে যথেষ্ট কঠিন হৈ পৰে। বিশেষকৈ ১৯৮০ ৰ দশকৰ মাজভাগৰ পৰা ১৯৯০ ৰ দশকৰ আৰম্ভণিলৈ ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটি উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল। এই সংকটজনক বিত্তীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰা দুটা কিস্তিত মুঠ ৪,৫০৭ কোটি টকা ঋণ লয়। ১৯৯১ চনৰ জুন মাহত ভাৰতৰ মুঠ বৈদেশিক ঋণৰ পৰিমাণ হয় ১ লাখ ২০ হাজাৰ কোটি টকা। ইয়াৰ লগতে মুদ্ৰাস্ফীতিৰ সমস্যাটোৱে ভাৰতৰ অৰ্থনীতিত সমস্যাৰ সৃষ্টি কৰে। সমাজবাদী আৰ্হিৰ অৰ্থনীতিয়ে সমাজৰ বিকাশৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হোৱাৰ বাবে ভাৰতে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিবলৈ বাধ্য হয়। শিল্প উদ্যোগৰ আধুনিকীকৰণ, নিয়ন্ত্ৰণ আৰু  অনুজ্ঞাপত্ৰ প্ৰথাৰ বিলোপ সাধন, ব্যক্তিগত খণ্ডত সৰ্বাধিক গুৰুত্ব প্ৰদান আদিৰে ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হয়।
    এনেদৰে ভাৰতে বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ আৰু অৰ্থনৈতিক মহাসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৯১ চনত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে। ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্ৰহণেৰে অৰ্থনৈতিক উদাৰবাদী নীতিৰ অংশীদাৰ হৈ পৰে আৰু  প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এনেদৰে ভাৰতে বিশ্বায়নৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি আগবঢ়াইছিল আৰু আগবঢ়াই আছে।

(খ) বিশ্বায়নৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ বৰ্তমান যুগ বিশ্বায়নৰ যুগ। বৰ্তমান বিশ্বৰ গৰিষ্ঠসংখ্যক ৰাষ্ট্ৰই বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বা কৰিবলৈ বাধ্য হৈছে। বৰ্তমান বিশ্বৰ সকলো দেশ বিশ্বায়নৰ প্ৰভাৱত বা কবলত।ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতে ১৯৯১ চনত গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে বিশ্বায়নৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। ৰাষ্ট্ৰসমূহৰ সকলো বিলাক দিশ যেনে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশত বিশ্বায়নৰ প্ৰভাৱ গভীৰভাৱে পৰিছে। সেই প্ৰভাৱ সমূহ কিছুমান ঋণাত্মক আৰু কিছুমান ধনাত্মক। বিশ্বায়ন প্ৰক্ৰিয়াৰ জৰিয়তে এছিয়াৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিত্তীয় নীতিত পৰিৱৰ্তন সাধন কৰিবলৈ উন্নত ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণেৰে হেঁচা প্ৰয়োগ আৰু প্ৰলোভন প্ৰদৰ্শন কৰি আহিছে। প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ব বাণিজ্য সংস্থা এই দুটা সংগঠনৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত অহৰহ হেঁচা প্ৰদান কৰি অহা হৈছে। বিশ্বায়নে সমাজবাদী আৰ্হিৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে অৰ্থনৈতিক ক্ষেত্ৰত সম্পূৰ্ণ মুক্ত নীতি সমৰ্থন কৰে। সেয়েহে বিশ্বায়নৰ লগত খোজ মিলাবলৈ বহু ৰাষ্ট্ৰই নিজৰ সমাজবাদী আৰ্হিৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিব লগা হয়।ভাৰতেও ১৯৭৬ চনৰ পৰা সমাজবাদী আৰ্হিৰ অৰ্থনৈতিক ব্যৱস্থা এটা অনুসৰণ কৰি আহিছিল। ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সংকটজনক হৈ উঠে। সেয়ে ভাৰতে বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ আৰু অৰ্থনৈতিক মহাসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৯১ চনত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে। ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্ৰহণেৰে অৰ্থনৈতিক উদাৰবাদী নীতিৰ অংশীদাৰ হয়। ভাৰতে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে অৰ্থনীতিৰ বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। অৰ্থনৈতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিশ্বায়নৰ সৈতে খোজ  মিলাবলৈ গ্ৰহণ কৰা নতুন অৰ্থনৈতিক নীতিৰ ফলত ভাৰতৰ অৰ্থনীতিক বৃদ্ধি পাইছে, ভাৰতৰ ঔদ্যোগিক খণ্ডই বিশ্বৰ ঔদ্যোগিক খণ্ডৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সাহস কৰিছে, ক্ষুদ্ৰ উদ্যোগৰ বিকাশ সাধন হৈছে, অন্যান্য দেশৰ লগত যোগাযোগ আৰু সম্পৰ্ক বৃদ্ধি পাইছে আদি বহুতো  ধনাত্মক প্ৰভাৱ পৰিছে। 
    কিন্ত বিশ্বায়নৰ ফলত ভাৰতৰ লগতে আন ৰাষ্ট্ৰসমূহৰ ওপৰত কিছুমান ঋণাত্মক প্ৰভাৱ নপৰা নহয়। ইয়াৰ বিষয়ে বহু সমালোচকে সমালোচনা কৰিছে। কিছু সমালোচকৰ মতে বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ হেঁচাত উদাৰীকৰণ আৰু বিশ্বায়নৰ নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিয়ে এই দুই আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ওচৰত আত্মসমৰ্পন কৰিছে। আন কিছুসংখ্যকৰ মতে বিশ্বায়নৰ ধাৰণাৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহত বলপূৰ্বকভাৱে পশ্চিমীয় সংস্কৃতিৰ প্ৰৱেশ ঘটোৱা হৈছে। বিশ্বায়নৰ ফলত ভাৰতীয় অৰ্থনীতি বিকাশ হৈছে যদিও সেই বিকাশে ভাৰতৰ মুষ্টিমেয় এচাম লোককহে উপকৃত কৰিছে। এইচাম সমাজৰ উচ্চ স্তৰৰ লোকে বিশ্বায়নপ্ৰদত্ত সকলো সা-সুবিধা গ্ৰহণ কৰি লাভৱান হোৱাৰ বিপৰীতে সমাজৰ অধিকাংশ লোক বঞ্চিত হৈ আছে। ফলত ভাৰতীয় সমাজত ধনী -দুখীয়াৰ মাজৰ প্ৰভেদ ক্ৰমাৎ বৃদ্ধি পাই আহিছে । এইদৰে বিশ্বৰ আন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ ওপৰতো বিশ্বায়নৰ গভীৰ প্ৰভাৱ পৰিছে।
(গ) ‘সাম্প্ৰদায়িকতাবাদ ভাৰতৰ বাবে অভিশাপ’—ব্যাখ্যা কৰা। ইয়াক প্ৰতিৰোধ কৰাৰ অৰ্থে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ- সাধাৰণ অৰ্থত সাম্প্ৰদায়িকতাবাদ বুলিলে আমি ধৰ্মীয় সম্প্ৰদায়সমূহৰ পৰস্পৰৰ প্ৰতি বিৰোধিতা বুজাই। সাম্প্ৰদায়িকতাবাদে সাম্প্ৰদায়িকতাবাদী মনোভাৱাপন্ন বা ধৰ্মোন্মাদনাক বুজায়। সাম্প্ৰদায়িকতাবাদ ভাৰতৰ বাবে এক ঋণাত্মক দিশ এক অভিশাপস্বৰূপ। ভাৰতত স্বাধীনতাৰ পূৰ্বৰ পযাই ধৰ্মৰ ভিত্তিত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ উদ্ভৱ ঘটি আহিছে। শেষতীয়াভাৱে ভাৰতীয় ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এই ধৰ্মীয় মনোভাৱাপন্ন ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ বাবে ভাৰতত সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। সাম্প্ৰদায়িকতাবাদে ভাৰতৰ সমাজৰ লোকৰ মাজত সংঘৰ্ষ, বিবাদ আৰু বিভাজনৰ সৃষ্টি কৰি আহিছে। সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ ফলতে স্বাধীন ভাৰতত কেইবাটাও মৰ্মান্তিক ঘটনা সংঘটিত হৈছে; যাৰ ফলত হাজাৰ হাজাৰ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাবলগীয়াত পৰে। সেয়ে সাম্প্ৰদায়িকতা ভাৰতৰ বাবে এক অভিশাপসৰূপ।
       সাম্প্ৰদায়িকতাবাদ প্ৰতিৰোধ কৰাৰ অৰ্থে বহুতো পৰামৰ্শ বা উপায় আগবঢ়োৱা হৈছে । তাৰে কিছুমান তলত উল্লেখ কৰা হ’ল-
(১) প্ৰচাৰ মাধ্যমসমূহে সাম্প্ৰদায়িক ঘৃণা বৃদ্ধি কৰাৰ আংশকা থকা বাতৰি আদি প্ৰচাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে। ইয়াৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় সহনশীলতা আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰত গুৰুত্ব দিব লাগে।
(২) বহুক্ষেত্ৰত মাত্ৰ কেইজনমান লোকৰ কু-মতলবত সাম্প্ৰদায়িক হিংসা সংঘটিত হৈ চাৰিওফালে বিয়পি পৰে। সেয়ে প্ৰশাসনে এনেধৰণৰ ঘটনাসমূহৰ বাতৰি বিয়পি পৰাৰ পূ্ৰ্বে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
(৩) সংখ্যালঘুসকলৰ মনত বৈষম্যৰ মনোভাবৰ সৃষ্টি নহ’বলৈ অৰ্থনৈতিক বৈষম্য আৰু অসমতা হ্ৰাস কৰাটো অত্যন্ত প্ৰয়োজন।
(৪) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰ মাজত পাৰস্পৰিক বিশ্বাসৰ সৃষ্টিৰ দ্বাৰা সহজে সাম্প্ৰদায়িকতাবাদী মনোভাব আঁতৰ কৰিব পাৰি।
    উক্তধৰণেৰে সাম্প্ৰদায়িকতাবাদ ৰোধৰ বহুতো উপায় আজে।


(ঘ) দলিত ৰাজনীতি মানে কি বুজা? দলিত ৰাজনীঁতিৰ প্ৰধান প্ৰভাৱ আলোচনা কৰা।
উত্তৰঃ- বিশ্বৰ ৰাষ্ট্ৰসমূহৰ যিসকল লোক সমাজৰ অন্যান্য শ্ৰেণীৰ তুলনাত সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ পৰা পিছপৰা; সমাজৰ অন্যান্য উচ্চ শ্ৰেণী বা সম্প্ৰদায়ৰ দ্বাৰা দমনিত আৰু শোষিত আৰু  কোনো বিশেষ বৰ্ণ,ধৰ্ম বা শ্ৰেণীৰ অৰ্ন্তভুক্ত নহয় এই লোকসকলকে ভাৰতত দলিত আখ্যা দিয়া হয়। সাধাৰণ ভাষাত দলিতসকল ভাৰতীয় সমাজৰ সৰ্বনিম্ন স্থানৰ লোক। ১৯৮০ দশকৰ পৰা ভাৰতৰ ৰাজনীতিত দলিতসকলৰ ৰাজনৈতিক উশ্থান ঘটে। দলিত সকলে ভাৰতৰ ৰাজনীতিত গভীৰ প্ৰভাৱ পেলাই আহিছে। দলিত সকলে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত যি স্থান লাভ কৰিছে প্ৰভাৱ পেলাইছে তাকে দলিত ৰাজনীতি বুলি অভিহিত কৰিব পাৰি। ১৯৮৪ চনত দলিত নেতা কাশীৰামৰ উদ্যোগত বহুজন সমাজ পাৰ্টি গঠন হয় আৰু  ইয়াৰ পিছৰ পৰা দলিত ৰাজনীতিয়ে এক নতুন ৰূপ ধাৰণ কৰে। ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণী কৰ্মচাৰী সংস্থাৰ গঠন হয়। ইয়ে বহুজন সকলৰ ৰাজনৈতিক ক্ষমতাৰ সমৰ্থন জনাইছিল। ১৯৮৪ চনৰ ১৪ এপিলত কাশীৰামে বহুজন সমাজ পাৰ্টিৰ জন্ম দিয়ে আৰু ১৯৮৫ চনৰ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ই লোকসভা উপ-নিৰ্বাচনত মায়াৱতীৰ প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। বৰ্তমান এই দলটো যথেষ্ট শক্তিশালী ৰূপত উশ্থান ঘটিছে আৰু প্ৰভাৱশালী হৈ পৰিছে। বৰ্তমান সময়ত বহুজন সমাজ পাৰ্টিয়ে বিশেষকৈ উত্তৰ প্ৰদেশত এক নিয়ন্ত্ৰণকাৰী আৰু  প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰি আছে। ১৯৯৫ আৰু ১৯৯৭ চনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে উত্তৰ প্ৰদেশত মৰ্চা চৰকাৰ গঠন কৰে। বৰ্তমান দলিত নেত্ৰী মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ ৰাজনীতিত নিয়ন্ত্ৰণকাৰী ভূমিকা পালন কৰি আছে। ১৯৯১ চনৰ পিছত প্ৰথম বাৰৰ বাবে তেওঁ একক দল এটাৰ দ্বাৰা গঠিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।মায়াৱতীয়ে বহুজন সমাজ পাৰ্টিত উচ্চ বৰ্ণৰ লোকৰ অন্তৰ্ভুক্তত গুৰুত্ব প্ৰদান কৰিছে। দলটো এই মুহূৰ্তত দলিতসকলৰ ক্ষমতা আৰু মৰ্যাদাৰ সন্ধানৰ প্ৰতীকস্বৰূপে থিয় হৈ আছে।
   ভাৰতৰ অন্যান্য ৰাজ্যতো দলিতসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ দাবীত ৰাজনৈতিক দল আৰু সংগঠনে কাৰ্য সম্পাদন কৰি আছে। তাৰ ভিতৰত ড° ভীমৰাও আম্বেদকাৰৰ নাতি প্ৰকাশ যশৱন্ত আম্বেদকাৰৰ নেতৃত্বত ১৯৯৯ চনত মহাৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰা ভাৰিপা বহুজন মহাসংঘৰ কথা উল্লেখ কৰিব পাৰি।
     এনেদৰে দলিত সকলে ভাৰতৰ ৰাজনীতিত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আছে।


(ঙ) মণ্ডল আয়োগৰ পৰামৰ্শাৱলী আলোচনা কৰা।
উত্তৰঃ- ১৯৭৯ চনৰ ১ জানুৱাৰীত ভাৰতৰ দ্বিতীয়খন পিচপৰা শ্ৰেণীৰ আয়োগ গঠন কৰা হয়। ভাৰতীয় সমাজৰ বিভিন্ন সম্প্ৰদায় শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰি থকাৰ কাৰণসমূহ অনুসন্ধানৰ বাবে এই আয়োগ গঠন কৰা হৈছিল আৰূ লগতে এই সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি তাৰ পৰামৰ্শ সমূহ আগবঢ়াইছে। তলত সেই পৰামৰ্শাৱলী আগবঢ়োৱা হ’লঃ-
(১) চৰকাৰী চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭% পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।
(২) অনুসূচিত জাতি আৰু অনসূচিত জনজাতিৰ দৰে একেধৰণে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণমূলক আঁচনিৰ বাবেও ভাৰত চৰকাৰে পুঁজিৰ যোগানে ধৰিব লাগে ।
(৩) ৰাজ্যসমূহত  কম পৰিমাণে ভূমিৰ গৰাকীসকলে যাতে ধনী কৃষকসকলৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া নহয়, ইয়াৰ বাবে আমূল ভূমি সংস্কাৰ সাধন কৰিব লাগে।
(৪) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উৎসাহিত আৰু সহায় কৰিব লাগে।

(৫) বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰত্ব প্ৰদান কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বিশেষ শৈক্ষিক আঁচনি আৰম্ভ কৰিব লাগে।
       উপৰোক্ত ধৰণেৰে মণ্ডল আয়োগে বহু পৰামৰ্শাৱলী দাখিল কৰিছে যিসমূহ ১৯৮০ চনৰ ডিচেম্ভৰ মাহত মণ্ডল আয়োগে দাখিলে কৰে।


(চ) বাবৰি মছজিদ ধ্বংস আৰু ইয়াৰ পিছৰ ঘটনাৱলী আলোচনা কৰা। 
উত্তৰঃ- বাবৰি মছজিদ – ৰাম জন্মভূমি বিবাদটো বহু পুৰণি। ১৯৪০ দশকৰ শেষৰ ফালে বিবাদৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত মছজিদটোত তলা মাৰি দিয়া হয়। ১৯৮৬ চনৰ ফেব্ৰুৱাৰী মাহত ফৰিদাবাদ জিলা আদালতে এটা ৰায়দান কৰি উল্লেখ কৰে যে বাবৰি মছজিদটোৰ তলা খুলি দিব লাগে যাতে হিন্দুসকলে তেওঁলোকৰ মন্দিৰ থকা বুলি বিশ্বাস কৰা স্থানত প্ৰাৰ্থনা কৰিব পাৰে। ইয়াৰ পিছত হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ স্থানটোলৈ আহ-যাহ বৃদ্ধি পালে। বহুকেইটা হিন্দু আৰু মুছলিম সংগঠনে এই বিষয়টো সম্পৰ্কে দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত আলোচনা আৰম্ভ কৰাৰ ফলত অঞ্চলটোত উদ্বিগ্নতা বৃদ্ধি পায়। স্থানীয় বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱেশ কৰাৰ বাবে অধিক সময়ৰ প্ৰয়োজন নহ’ল। ১৯৯২ চনৰ ডিচেম্বৰৰ আৰম্ভণিৰ পৰা বাবৰি মছজিদ স্থানত মন্দিৰ নিৰ্মাণৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্য আৰু সমৰ্থকসকল অযোধ্যাত সমবেত হয়। উচ্চতম ন্যয়ালয়ে উত্তৰপ্ৰদেশ চৰকাৰক বিবাদমান অঞ্চলটোত যাতে ক্ষতিসাধন কৰা নহয়, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। কিন্ত অৱশেষত ১৯৯২ চনৰ ৬ডিচেম্বৰ দিনটোত বাবৰি মছজিদ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হয়।
       এই বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰতত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত ৩ হাজাৰৰ অধিক লোকৰ মৃত্যু হয়। সমগ্ৰ ভাৰততে এই ঘটনাৰ প্ৰভাৱ পৰে। কেন্দ্ৰ চৰকাৰে ইয়াৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ প্ৰদেশৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰে। মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰা অপৰাধত উচ্চতম ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন হয়। বাবৰি মছজিদ ধ্বংসৰ সুদীৰ্ঘ ১৮ বছৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত অযোধ্যা বিবাদৰ নিষ্পত্তিৰ বাবে এক ৰায়দান কৰে। এই ঐতিহাসিক ৰায়ৰ জৰিয়তে বিতৰ্কিত ভূমি তিনিভাগ কৰি দিয়া হয়।
(ছ) অযোধ্যাত আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতৰ সাম্প্ৰদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- ১৯৮০ ৰ দশকত ভাৰতত আৰম্ভ হোৱা এক উল্লেখযোগ্য বিকাশ হ’ল ধৰ্মীয় পৰিচয় আৰু আনুগত্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনীতিৰ উশ্থান। ভাৰতত যদিও ধৰ্মীয় বিশ্বাস আৰু আনুগত্যৰ ভিত্তিত কাৰ্য সম্পাদন কৰা ৰাজনৈতিক দলৰ উপস্থিতি স্বাধীনতাৰ পূৰ্বৰ পৰা আছিল, তথাপি শেহতীয়াভাৱে ভাৰতীয় ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ধৰ্মীয় মনোভাৱাপন্ন এই ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ বাবে ভাৰতত সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ই বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ ফলত স্বাধীন ভাৰতত কেইবাটাও মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, যাৰ ফলত হাজাৰ হাজাৰ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য ঘটনা হ’ল অযোধ্যা বিবাদ অৰ্থাৎ বাবৰি মছজিদ ধ্বংস ঘটনা আৰু গুজৰাটৰ সংঘৰ্ষ। 
    অযোধ্যা বিবাদ বাবৰি মছজিদ ধ্বংস সাম্প্ৰদায়িকতাবাদৰে এক পৰিণতি। ১৯৪০ ৰ দশকৰ শেষৰ ফালে বিবাদৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত মছজিদটোত তলা মাৰি দিয়া হয়। ইয়াৰ পিছত ১৯৮৬ চনৰ ফেব্ৰুৱাৰী মাহত ফৰিদাবাদ জিলা আদালতে এক ৰায়দানৰ যোগেৰে উল্লেখ কৰে যে বাবৰি মছজিদটোৰ তলা খুলি দিব লাগে যাতে হিন্দুসকলে তেওঁলোকৰ মন্দিৰ থকা বুলি বিশ্বাস কৰা স্থানত প্ৰাৰ্থনা কৰিব পাৰে। ইয়াৰ পিছত হিন্দু আৰু মুছলিম ধৰ্মাৱলম্বী লোকৰ স্থানটোলৈ আহ-যাহ বৃদ্ধি পালে। কেইবাটাও হিন্দু আৰু মুছলমান সংগঠনে এই বিষয়টো সম্পৰ্কে দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত আলোচনা আৰম্ভ কৰাৰ ফলত অঞ্চলটোত উদ্বিগ্নতা বৃদ্ধি পায়। অৱশেষত ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে বাবৰি মছজিদ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হয়। প্ৰায় দুই লাখ কৰসেৱকে বা স্বেচ্ছাসেৱকে সাম্প্ৰদায়িকতাৰ কবলত পৰি এই কাৰ্য সম্পাদন কৰিছিল। এইসকলে ভগৱান ৰামৰ মন্দিৰ ধ্বংস মছজিদটো নিৰ্মাণ কৰা বুলি বিশ্বাস কৰিছিল। এই ঘটনা বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰতত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয় য’ত ৩ হাজাৰৰ অধিক লোকৰ মৃত্যু ঘটে।
      ঠিক তেনেদৰে সাম্প্ৰদায়িকতাবাদৰ আন এক ঘটনা হ’ল গুজৰাটৰ সংঘৰ্ষ বা গোধৰা কাণ্ড। ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰা নামৰ ৰে’ল ষ্টেচন এটাত অযোধ্যাৰ পৰা উভতি অহা সবৰমতী এক্সপ্ৰেছৰ কৰ সেৱকেৰে ভৰ্তি হৈ থকা ডবা এটাত কোনো দুষ্কৃতিকাৰীয়ে জুই জ্বলাই দিয়ে। এই ঘটনাত মহিলা আৰু শিক্ষকে ধৰি ৫৭ জন লোকৰ মৃত্যু হয়। এই কাৰ্যত মুছলমান লোক জড়িত থকা বুলি সন্দেহ কৰা হয় আৰু সেয়ে পিছদিনা গুজৰাটৰ বিভিন্ন স্থানত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটে। প্ৰায় এমাহজোৰা এই হিংসাত্মক ঘটনাৰত সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাই । এনেদৰে ভাৰতত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে।


Nikita Chetia
MA in Political Science