অধ্যায়ঃ ৩
পৰিকল্পিত বিকাশৰ ৰাজনীতি
১। বোম্বাই আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি অশুদ্ধঃ
(ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল ।
(খ) ই উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ মালিকাস্বত্বক সমৰ্থন কৰিছিল।
(গ) এইখন কিছুমান আগশাৰীৰ উদ্যোগপতীয়ে তৈয়াৰ কৰিছিল ।
(ঘ) ই পৰিকল্পাৰ ধাৰণাৰ দৃঢ়ভাৱে সমৰ্থন কৰিছিল ।
উত্তৰঃ (ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল।
২। তলত উল্লেখ কৰা কোনটো ধাৰণা ভাৰতৰ বিকাশ নীতিৰ আৰম্ভণিৰ সময়ছোৱাৰ অংশ নাছিলঃ
(ক) পৰিকল্পনা (খ) সমবায় কৃষিপাম (গ) উদাৰীকৰণ (ঘ) স্বাৱলম্বিতা।
উত্তৰঃ (গ) উদাৰীকৰণ।
৩। ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো লোৱা হৈছিলঃ
(ক) বোম্বাই পৰিকল্পনাৰ পৰা ।
(খ) ছোভিয়েট অভিজ্ঞতাৰ পৰা ।
(গ) সমাজৰ বিষয়ে গান্ধীজীৰ দৃষ্টিভংগীৰ পৰা।
(ঘ) কৃষক সংগঠনসমূহৰ দাবীৰ পৰা
(i) খ আৰু ঘ (ii) ক আৰু খ (iii) ঘ আৰু গ (iv) আটাইকেইটা।
উত্তৰঃ (iv) আটাইকেইটা।
৪। শুদ্ধকৈ মিলোৱাঃ
(ক) চৰণ
সিং
|
(i) উদ্যোগীকৰণ |
(খ) পি.
চি. মহলানবিচ
|
(ii) মণ্ডলীকৰণ |
(গ) বিহাৰ দুৰ্ভিক্ষ
|
(iii) কৃষক |
উত্তৰঃ (ক) চৰণ সিং ⟶ (iii) কৃষক
(খ) পি.চি. মহলানবিচ ⟶ (i) উদ্যোগীকৰণ
(গ) বিহাৰ দুৰ্ভিক্ষ⟶ (ii) মণ্ডলীকৰণ।
৫। স্বাধীনতাৰ সময়ত বিকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহৰ প্ৰধান পাৰ্থক্যসমূহ কি আছিল? বিতৰ্কসমূহৰ সমাধান হৈছেনে?
উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত বিকাশৰ বাবে দুটা বিপৰীত আদৰ্শযুক্ত আৰ্হি বা পদ্ধতি আছিল । সেয়া হ’ল উদাৰবাদী- পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আৰ্হি। ভাৰতৰ অধিকাংশ নেতাই ছোভিয়েট ইউনিয়নৰ সমাজবাদী বিকাশৰ আৰ্হিৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু সমৰ্থন কৰিছিল।আনহাতে পুঁজিবাদী আৰ্হিৰ সমৰ্থন তেনেই কম সংখ্যক লোকে কৰিছিল। দুইটাৰে সমৰ্থকে ভাৰতত নিজৰ সমৰ্থনৰ ব্যৱস্থাটো প্ৰৱৰ্তন হোৱাতো বিচাৰিছিল। এই দুই আৰ্হি বা পদ্ধতিৰ মাজত বহুতো পাৰ্থক্য আছে তাৰে প্ৰধান পাৰ্থক্যসমূহ হ’লঃ-
(১) পুঁজিবাদী অৰ্থনৈতিক আৰ্হি বা ব্যৱস্থাত ৰাষ্ট্ৰৰ সম্পত্তিৰ মালিকীস্বত্ব ব্যক্তিগত খণ্ডৰ হাতত থাকে।
আনহাতে সমাজবাদী অৰ্থনৈতিক ব্যৱস্থাত দেশৰ সম্পদৰাজিৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ হাতত থাকে।
(২) পুঁজিবাদী আৰ্হি বা ব্যৱস্থা মূলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ বহু সংখ্যক ৰাষ্ট্ৰত প্ৰচলিত আছিল।
আনহাতে সমাজবাদী ব্যৱস্থা ছোভিয়েট ইউনিয়ন আৰু আন বহু কমিউনিষ্ট ৰাষ্ট্ৰত প্ৰচলিত আছিল।
(৩) পঁজিবাদী ব্যৱস্থা বজাৰ শক্তিৰ দ্বাৰা নিৰ্ধাৰিত । আনহাতে সমাজবাদী ব্যৱস্থা চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত হয়।
(৪) পুঁজিবাদী ব্যৱস্থা সমতাৰ পৰিৱৰ্তে ব্যক্তিগত অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত।
আনহাতে সমাজবাদী ব্যৱস্থা সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
(৫) পুঁজিবাদী ব্যৱস্থাত অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু শাসন ব্যৱস্থা দেশৰ পুঁজিপতি সকলৰ হাতত থাকে।
আনহাতে সমাজবাদী ব্যৱস্থাত দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা শাসনভাৰ চৰকাৰ বা ৰাষ্ট্ৰৰ হাতত থাকে।
এনেদৰে বিকাশৰ পঁজিবাদী আৰু সমাজবাদী পদ্ধতি বা ব্যৱস্থাৰ মাজত বহু পাৰ্থক্য পৰিলক্ষিত হয়।
স্বাধীনতাৰ কালছোৱাত এই দুই ব্যৱস্থাৰ ভিতৰত কোনটো ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ বহু বিতৰ্কৰ সূচনা হয়। ১৯৪৪ চনত কিছুসংখ্যক উদ্যোগপতিয়ে একত্ৰিত হৈ বোম্বাই পৰিকল্পনা নামৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল যিয়ে ঔদ্যোগিক আৰু অন্যান্য অৰ্থনৈতিক বিনিয়োগত ৰাষ্ট্ৰই মূল ভূমিকা গ্ৰহণ কৰাতো বিচাৰিছিল। আন কিছু ব্যক্তিয়ে স্বাধীন ভাৰতৰ পৰিকল্পনাৰ আৰ্হি তৈয়াৰ কৰিছিল। মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰভাৱিত শ্ৰীমান নাৰায়ণে ‘গান্ধীবাদী পৰিকল্পনাৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু মানবেন্দ্ৰ নাথ ৰায়ে দহ বছৰীয়া পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল।
কিন্ত ভাৰতে শেষত পুঁজিবাদী আৰু সমাজবাদী কোনো এক আদৰ্শকে সম্পূৰ্ণৰূপে গ্ৰহণ নকৰি এই দুই আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনীতিৰ আৰ্হি বা পদ্ধতি গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৪৮ চনত সংবিধান মহাসভাত ঔদ্যোগিক নীতি প্ৰস্তাৱ পাঠ কৰি এই আৰ্হি গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ফলত চলিত বিতৰ্ক সমূহৰ অৱশেষত অন্ত পৰে আৰু সামগ্ৰিকভাৱে সমাধান ঘটে। তাৰ পিছতো কিন্ত বহু লোকে সময়ে সময়ে এই বিতৰ্কৰ পুনৰ উদ্ভৱ ঘটাই আহিছে।
৬। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল?
উত্তৰঃ ১৯৫১ চনত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত মূলত দেশৰ কৃষিখণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু দেশ বিভাজনৰ ফলত ভাঙি পৰা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰ তথা পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।
১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বহু পৃথক । দুইটাৰে মাজত বহু পাৰ্থক্য আছে। এই পাৰ্থক্য সমূহ হৈছে এনে ধৰণৰঃ-
(ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰধানকৈ কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিখণ্ডৰ পৰিৱৰ্তে মূলত উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
(খ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য বা লক্ষ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰু দেশ বিভাজনৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য ,কপাহ,মৰাপাটৰ আদিৰ উৎপাদন বৃদ্ধি কৰা।
আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্য আছিল বিকাশৰ এক আৰ্হি প্ৰস্তুত কৰা যিয়ে দেশখনত এখন সাম্যবাদী আদৰ্শৰ সমাজ প্ৰতিষ্ঠা কৰিব।
এনেবোৰ বিষয়তে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ পৃথক আছিল।
৭। সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফল উল্লেখ কৰা ।
উত্তৰঃ ভাৰতত ১৯৬০ ৰ দশকত দেখা দিয়া খাদ্য সংকটৰ ফলাফলৰূপে ৰাষ্ট্ৰখনে খাদ্য সামগ্ৰীৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই। ই ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰত আৰু নীতিত হস্তক্ষেপ কৰিবলৈ ধৰে। এনে সংকটজনক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাৰতে খাদ্য সামগ্ৰীৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ ব্যৱস্থা অৱলম্বন কৰে। এই উদ্দেশ্য আগত ৰাখিয়ে দেশখনে খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষিখণ্ডত পুৰণিকলীয়া আৰু অনুন্নত কৌশলৰ পৰিৱৰ্তে নতুন আৰু আধুনিক উন্নত প্ৰযুক্তিবিদ্যাসম্পন্ন কৌশলৰ প্ৰৱৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলতে ১৯৬০ ৰ দশকৰ মধ্যভাগৰ পৰা ভাৰতবৰ্ষৰ কৃষিক্ষেত্ৰ খনত পৌৰাণিক পদ্ধতি আৰু কৌশলৰ পৰিৱৰ্তে আধুনিক প্ৰযুক্তিবিদ্যাযুক্ত পদ্ধতি তথা কৌশলৰ প্ৰয়োগ হ’বলৈ ধৰে। ভাৰত চৰকাৰে কৃষিখণ্ডত নতুন, উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ প্ৰয়োগৰ পদক্ষেপ গ্ৰহণ কৰে। ভাৰতবৰ্ষৰ কৃষিখণ্ডত উদ্ভৱ ঘটা এই নতুন পদ্ধতিকে ‘সেউজ বিপ্লৱ’ ৰূপে জনা যায়।
সেউজ বিপ্লৱৰ বহুতো ইতিবাচক আৰু নেতিবাচক পৰিণতি বা ফলাফল আছে। তাৰে কিছুমান তলত উল্লেখ কৰা হ’লঃ
ইতিবাচক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ এক ইতিবাচক ফলাফল হ’ল যে এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি পায়।
(২) এই বিপ্লৱৰ আন এক প্ৰধান ফলাফল হ’ল যে এই বিপ্লৱৰ ফলতে ভাৰতৰ কৃষি পদ্ধতিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয়।
নেতিবাচক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষি মাটিত কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে খহনীয়াৰ আৰু প্ৰদূষণৰ সৃষ্টি কৰিছিল।
(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতৰ কৃষিখণ্ডত আনুবংশিক বা বংশানুক্ৰমিক বিভিন্নতাৰ যথেষ্ট ক্ষতি সাধন হয়।
উক্ত ধৰণেৰে সেউজ বিপ্লৱৰ বহুতো ইতিবাচক আৰু নেতিবাচক ফলাফল আছে।
৮। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষিক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ প্ৰধান যুক্তিসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫৬ চনত আৰম্ভ হোৱা ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডৰ পৰিৱৰ্তে গধুৰ উদ্যোগ বা উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। সেয়ে সেই সময়ছোৱাত বিকাশৰ বাবে উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব দিব লাগে নে কৃষি খণ্ডত তাক লৈ বিতৰ্কৰ সৃষ্টি হয়। একাংশৰ মতে উদ্যোগ খণ্ডক মুখ্য অগ্ৰাধিকাৰ দিব লাগে আৰু আন একাংশৰ মতে কৃষি খণ্ডৰ ওপৰত।অৱশেষত দেশৰ পৰিকল্পনাকাৰীসকলে এই বিতৰ্ক আৰু সমালোচনাসমূহৰ প্ৰত্যুত্তৰ স্বৰূপে উদ্যোগ খণ্ডক বাছি লয় আৰু দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দ্ৰুত বিকাশ সম্ভৱ তাৰ যুক্তি দাঙি ধৰে। সেই যুক্তিসমূহ হ’লঃ
(ক) প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানৱ সম্পদৰ গৰাকী ভাৰত উদ্যোগৰ বাবে সম্পূৰ্ণ উপযুক্ত।
(খ) দেশখনৰ কৃষিভূমিৰ ওপৰত পৰা অতিপাত হেঁচা হ্ৰাস কৰিবৰ বাবে উদ্যোগীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো অতি আৱশ্যক।
(গ) দ্ৰুত উদ্যোগীকৰণ কেৱল ভাৰতৰ কৃষিখণ্ডৰ বাবে নহয়, আনকি সকলো বিকাশৰ বাবে এক অতি আৱশ্যকীয় পূৰ্বচৰ্ত।
(ঘ) ৰাষ্ট্ৰৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি একমাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।
দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষিক্ষেত্ৰত লগত জড়িত বিতৰ্কৰ ক্ষেত্ৰত পৰিকল্পনাকাৰীসকলে উক্ত যুক্তিসমূহে দাঙি ধৰিছিল।
৯। ভাৰতৰ নীতি নিৰ্ধাৰকসকলে অৰ্থনীতিত ৰাষ্ট্ৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল । আৰম্ভণিৰে পৰা ব্যক্তিগত খণ্ডত মুক্তভাৱে কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকাশ লাভ কৰিব পাৰিলেহেঁতেন--- এই বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়োৱা ।
উত্তৰঃ ভাৰতৰ নীতি নিৰ্ধাৰকসকলে অৰ্থনীতিত ৰাষ্ট্ৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল। আৰম্ভণিৰে ব্যক্তিগত খণ্ডত মুক্তভাৱে কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকাশ লাভ কৰিব পাৰিলেহেঁতেন। এই কথাষাৰ সম্পূৰ্ণৰূপে শুদ্ধ বা সম্পূৰ্ণৰূপে অশুদ্ধও নহয়। ইয়াৰ সপক্ষে আৰু বিপক্ষে কিছুমান যুক্তি আগবঢ়াব পাৰি। তলত সেইসমূহ উল্লেখ কৰা হ’ল।
সপক্ষে যুক্তিঃ
(১) উক্ত কথাষাৰ সম্পূৰ্ণ গ্ৰহণযোগ্য কাৰণ আৰম্ভণিতে পৰিকল্পনাকাৰীসকলে ব্যক্তিগত খণ্ডৰ পৰিৱৰ্তে ৰাষ্ট্ৰক বা ৰাজহুৱা খণ্ডক প্ৰয়োজনতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছিল । কিন্ত সেই অনুসৰি ৰাষ্ট্ৰ নিয়ন্ত্ৰণাধীন এই উদ্যোগসমূহে চৰকাৰক বা ৰাষ্ট্ৰৰ বিকাশ সাধনত বিশেষ সহায় আগবঢ়াবলৈ সক্ষম হোৱা নাছিল। তাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰা হ’লে ৰাষ্ট্ৰখনত অধিক বিকাশ আৰু উন্নয়ন সাধন হ’ল হেঁতেন।
(২) তাৰোপৰি ভাৰতৰ পৰিকল্পনাকাৰী বা নীতি নিৰ্ধাৰকসকলে ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ ভূমিকাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে বিকাশ প্ৰক্ৰিয়াত দুৰ্নীতিৰ জন্ম হ’বলৈ ধৰিছিল আৰু ভাৰতত উপযুক্ত হাৰত বিকাশ সাধন হোৱা নাছিল।
(৩) তদুপৰি ৰাষ্ট্ৰই বা ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডৰ দৰে অধিক দক্ষতাৰে আৰু দ্ৰুত গতিত কাম কৰিব নোৱাৰে।
বিপক্ষে যুক্তিঃ
(১) আৰম্ভণিৰে পৰা ভাৰতৰ নীতি নিৰ্ধাৰকসকলে অৰ্থনীতিত ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ ভূমিকাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুক্তভাৱে কাম কৰিবলৈ দিয়া হ’লেও ভাৰতত সমাজবাদৰ ঠাইত পুঁজিবাদৰ প্ৰতিষ্ঠা হ’ল হেঁতেন আৰু তাৰ ফলত দেশৰ গণতন্ত্ৰৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিল হেঁতেন।
(২) ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰা হ’লেও বিকাশ প্ৰক্ৰিয়াত দুৰ্নীতিৰ পৰিমাণ হ্ৰাস নহ’ল হেঁতেনে। কাৰণ ব্যৱস্থাৰ পৰিৱৰ্তন হ’লেও মানুহৰ প্ৰকৃতি তথা স্বভাৱৰ পৰিৱৰ্তন নহয়।ই সকলোতে এনে থাকে।
(৩) ব্যক্তিগত খণ্ডৰ আদৰ্শ পুঁজিবাদৰ ওপৰত প্ৰতিষ্ঠিত , গণতান্ত্ৰিক সমতা নীতিৰ ওপৰত নহয়। সেয়ে ই সমাজত ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত বৈষ্যমতাৰহে সৃষ্টি কৰিলে হেঁতেন। ফলত সকলোৱে সমান সু-সুবিধা আৰু মৰ্যাদা নাপালে হেঁতেন।
১০। বস্তনিষ্ঠ প্ৰশ্নাৱলীৰ উত্তৰ দিয়াঃ
(ক) কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল।
(খ) পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক’ৰ পৰা লৈছিল।
উত্তৰঃ পৰিকল্পনাৰ ধাৰণাটো ভাৰতে সমাজবাদী ছোভিয়েট ইউনিয়নৰ পৰা লৈছিল।
(গ) পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়।
(ঘ) কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।
উত্তৰঃ ১৯৫১ চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।
(ঙ) কেতিয়াৰ পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ২০০২ চনৰ পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।
(চ) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি?
উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো হ’ল বিকাশৰ এটা আৰ্হি প্ৰস্তুত কৰা; যিয়ে ভাৰতবৰ্ষত এখন সমাজবাদী আৰ্হিৰ সমাজ গঠন কৰিব।
(ছ) পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি?
উত্তৰঃ পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য হ’ল দেশৰ অৰ্থনীতিৰ বিকাশ সাধন কৰা।
(জ) ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়?
উত্তৰঃ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ আখ্যা দিয়া হয় এম এছ স্বামীনাথনক।
(ঝ) ভাৰতৰ বিকাশৰ কাৰণে প্ৰথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল?
উত্তৰঃ ভাৰতৰ বিকাশৰ বাবে প্ৰথম গুৰুত দিয়া হৈছিল অৰ্থনৈতিক উন্নয়নৰ ওপৰত।
(ঞ) বৰ্তমানলৈ কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে?
উত্তৰঃ বৰ্তমানলৈ ১২ খন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে।
(ট) ‘ভাৰতৰ দুগ্ধ মানৱ’ কাক বোলা হয়?
উত্তৰঃ ড° ভাৰ্গিস কুৰিয়েনক ‘ভাৰতৰ দুগ্ধ মানৱ’ বোলা হয়।
(ঠ) বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?
উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি NITI AYOG বা National Institute for Transforming, India গঢ়ি তোলা হয়।
১১। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ১৯৫০ চনত।
উত্তৰঃ শুদ্ধ।
(খ) ভাৰতৰ সেউজ বিপ্লৱৰ গুৰি ধৰোঁতা প্ৰথম ব্যক্তিজন হ’ল পি. এল. সিং।
উত্তৰঃ অশুদ্ধ।
১২। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ
(ক) ভাৰতৰ পৰিকল্পনাৰ যন্ত্ৰ হিচাপে ধাৰণা কৰা হৈছিল—
(i) ৰাজনৈতিক বিকাশক (ii) সাংস্কৃতিক বিকাশক
(iii) সামাজিক বিকাশক (iv) সামাজিক অৰ্থনৈতিক বিকাশক
উত্তৰঃ (iv) সামাজি অৰ্থনৈতিক বিকাশক।
(খ) ভাৰতত বৰ্তমানলৈ কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে—
(i) দহখন (ii) ছয়খন (iii) আঠখন (iv) বাৰখন
উত্তৰঃ (iv) বাৰখন।
(গ) কুৰি দফীয়া আঁচনি গ্ৰহণ কৰিছিল----
(i) জৱাহৰলাল নেহৰুৱে (ii) ইন্দিৰা গান্ধীয়ে
(iii) ৰাজীৱ গান্ধীয়ে (iv) নৰসিংহ ৰাৱে
উত্তৰঃ (ii) ইন্দিৰা গান্ধীয়ে।
(ঘ) “গৰীৱী হটাও” ধ্বনি দিছিল----
(i) ১৯৬৯ চনত (ii) ১৯৭০ চনত (iii) ১৯৭১ চনত (iv) ১৯৭৫ চনত
উত্তৰঃ (iv) ১৯৭৫ চনত।
১৩। চমু প্ৰশ্নঃ
(ক) ভাৰতৰ বিকাশত পৰিকল্পনাৰ ভূমিকা কি?
উত্তৰঃ ভাৰতৰ বিকাশত পৰিকল্পনাই বা পৰিকল্পিত অৰ্থনীতিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ উন্নয়ন তথা বিকাশত যথেষ্ট পৰিমাণে সহায় কৰে।দেশৰ কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি তথা বিকাশ, কৃষিকাৰ্যত আধুনিক উন্নত কৌশলৰ প্ৰয়োগ, খাদ্য সমস্যা দূৰীকৰণ, দৰিদ্ৰতা তথা নিৱনুৱা হ্ৰাসকৰণ, নিৰক্ষৰতা দূৰীকৰণ, বৈষ্যমতা দূৰীকৰণ, ঔদ্যোগিক বিকাশ আদিৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে। পৰিকল্পনাই ভাৰতলৈ আৰ্থ-সামাজিক প্ৰগতি আৰু বিকাশ কঢ়িযাই আনে।গতিকে ভাৰতৰ বিকাশ আৰু উন্নয়নত পৰিকল্পনাই উল্লেখযোগ্য পালন কৰি আহিছে।
(খ) অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা।
উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা হ’লঃ
(১) অৰ্থনৈতিক পৰিকল্পনা বা পৰিকল্পিত অৰ্থনীতিৰ এটা প্ৰধান সুবিধা হ’ল যে ই পূৰ্বৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়ন সাধনত যথেষ্ট পৰিমাণে সহায় কৰিছে।
(২) অৰ্থনৈতিক পৰিকল্পনাই ভাৰতৰ ঔদ্যোগিক খণ্ডৰ বিকাশতো ব্যাপক পৰিমাণে সহায় আগবঢ়াই। ই অৰ্থনৈতিক পৰিকল্পনাৰ আন এক সুবিধা।
(গ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য হ’লঃ
(১) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এক অন্যতম বৈশিষ্ট্য হ’ল যে ইয়াৰ মূল উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত অৱনতি ঘটা ভাৰতৰ অৰ্থনীতিক পুনৰ সবলৰূপত প্ৰতিষ্ঠা কৰা আৰু ভাৰতত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।
(২) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক বৈশিষ্ট্য হ’ল যে এই পৰিকল্পনাই ভাৰতৰ কৃষিখণ্ডৰ বিকাশৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছিল।
(ঘ) কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল।
উত্তৰঃ ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি আছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু।
(ঙ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য হ’লঃ
(১) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল বা প্ৰধান উদ্দেশ্য হ’ল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ্ প্ৰতিষ্ঠা কৰা আৰু ভাৰতত খাদ্য শস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।
(২) এই পৰিকল্পনাৰ আন এক উদ্দেশ্য হ’ল কৃষি খণ্ডৰ বিকাশ সাধন কৰা।
(চ) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য লিখা।
উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য হ’লঃ
(১) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হ’ল বিকাশৰ এটা আৰ্হি প্ৰস্তুত কৰা, যিয়ে ভাৰবৰ্ষত এক সাম্যবাদী আৰ্হিৰ সমাজ গঠন কৰিব।
(২) এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক আন গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল উদ্যোগীক বিকাশ সাধন কৰা।
(ছ) তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য লিখা।
উত্তৰঃ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য হ’লঃ
(১) তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হ’ল ভাৰতৰ জাতীয় আয় বৃদ্ধি কৰা, খাদ্যসামগ্ৰীৰ আত্মনিৰ্ভৰশীলতা আৰু কৃষি উৎপাদন বৃদ্ধি কৰা, তীখা, ৰাসায়নিক, ইন্ধন আৰু শক্তি আদি প্ৰধান উদ্যোগসমূহৰ প্ৰসাৰ সাধন কৰা।
(২) এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক উদ্দেশ্য হ’ল ভাৰতৰ মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা তথা নিয়োগ সৃষ্টি কৰা।
(জ) জাতীয় পৰিকল্পনা সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোন তাৰ সভাপতি আছিল?
উত্তৰঃ জাতীয় পৰিকল্পনা সমিতি প্ৰতিষ্ঠা কৰা হয় ১৯৩৮ চনত আৰু তাৰ সভাপতি আছিল জৱাহৰলাল নেহৰু।
(ঝ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতি কোনে ঘোষণা কৰিছিল ? ইয়াৰ প্ৰধান উদ্ভাৱক কোন আছিল?
উত্তৰঃ ভাৰতৰ নতুন অৰ্থনৈতিক নীতি ঘোষণা কৰিছিল পি ভি নৰসিংহ ৰাওৱে। ইয়াৰ প্ৰধান উদ্ভাৱক আছিল সেই সময়ৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী ড° মনমোহন সিং।
(ঞ) বোম্বাই পৰিকল্পনা কি আছিল?
উত্তৰঃ ভাৰতত বোম্বাইত ১৯৪৪ চনত কেইজনমান উদ্যোগপতিয়ে একত্ৰিত হৈ ৰাষ্ট্ৰখনত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে এক যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। এই প্ৰস্তাৱকেই ‘বোম্বাই পৰিকল্পনা’ বুলি অভিহিত কৰা হয়। এই পৰিকল্পনাই ভাৰতৰ ঔদ্যোগিক আৰু অন্যান্য অৰ্থনৈতিক লেনদেন আৰু বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মুখ্য ভূমিকা অৱলম্বন কৰাৰ পোষকতা কৰিছিল।
(ট) পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ পৰিকল্পনাৰ দুটা উদ্দেশ্য হ’লঃ
(১) দেশৰ জাতীয় আয় বৃদ্ধিঃ পৰিকল্পনাৰ এক মূল উদ্দেশ্য হ’ল দেশৰ জাতীয় আয় বৃদ্ধি কৰা ।
(২) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাঃ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল দেশত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।
১৪। চমুটোকাঃ
(ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যবোৰ কি আছিল।
উত্তৰঃ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভ হৈছিল ১৯৫১ চনত। এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বহুকেইটা লক্ষ্য আছিল । এই লক্ষ্যসমূহ হ’লঃ
(১) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান লক্ষ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু ভাৰতত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ শস্যৰ উৎপাদন বৃদ্ধি কৰা।
(২) এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক লক্ষ্য হ’ল কৃষিখণ্ডৰ বিকাশ সাধন কৰা।
(৩) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক উল্লেখযোগ্য লক্ষ্য হ’ল ভাৰতত সাৰ্বজনীন বিকাশৰ বাবে ভূমি সংস্কাৰ সাধন কৰা।
(৪) এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক অন্যতম লক্ষ্য হ’ল দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস কৰা আৰু শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা।
(৫) এই পৰিকল্পনাৰ আন এক লক্ষ্য হ’ল দেশৰ জাতীয় আয় বৃদ্ধি কৰা আৰু জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ সুস্থিৰ বৃদ্ধিৰ হকে এক সৰ্বসন্তলিত বিকাশ সাধন কৰা ।
এইসমূহেই আছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য।
(খ) দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা কি?
উত্তৰঃ ১৯৫০ চনত পৰিকল্পনা আয়োগ গঠন কৰাৰ মূল উদ্দেশ্যই আছিল ভাৰতৰ অৰ্থনীতিৰ বিকাশ সাধন কৰা। ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত পৰিকল্পনা আয়োগে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। পৰিকল্পনা আয়োগে ভাৰতৰ সামগ্ৰী,পুঁজি আৰু মানৱ সম্পদ তথা দেশখনৰ সম্পদৰাজিৰ সুদক্ষ আৰু সন্তলিত ব্যৱহাৰৰ হেতু পৰিকল্পনা তৈয়াৰ কৰিছিল।ভাৰতৰ পৰিকল্পনা আয়োগে ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক বিকাশৰ সাধনৰ বাবে পঞ্চ বাৰ্ষিক পৰিকল্পনা সূচনা কৰিছিল। এই পৰিকল্পনাৰ পৰিণতিৰূপে ভাৰতত বছৰি ১.৭ শতাংশ জনমূৰি আয় বৃদ্ধি পাব ধৰিছিল। এই আয়োগৰ উল্লেখযোগ্য ভূমিকা, প্ৰচেষ্টা আৰু কৃষিখণ্ডৰত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ ফলতে ভাৰতত ১৯৬৬ চনত সেউজ বিপ্লৱৰ এক ডাঙৰ বিপ্লৱৰ সূচনা হয়। পৰিকল্পনা আয়োগে ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বিকাশ সাধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু উল্লেখযোগ্য অৱদান আগবঢ়ায়। এই আয়োগৰ প্ৰচেষ্টাৰ ফলতে ৰাষ্ট্ৰখনৰ শিক্ষা আৰু চিকিৎসা শাস্ত্ৰ আদিৰ ক্ষেত্ৰতো ব্যাপক উন্নয়ন ঘটিছে। তদুপৰি ভাৰতত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো পৰিকল্পনা আয়োগৰ ভূমিকা তথা অৰিহণা গুৰুত্বপূৰ্ণ।
এনেদৰে ভাৰতৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
(গ) ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ ১৯৫০ চনত গঠন কৰা ভাৰতৰ পৰিকল্পনা আয়োগে দেশখনৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ পৰিকল্পনা আয়োগে দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে। ইয়াৰ পৰিণতি স্বৰূপে ভাৰতত ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাব ধৰে। এই আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ক্ষেত্ৰত উদ্গনি জনোৱাৰ পৰিণতি স্বৰূপে ভাৰতত ১৯৬৬ -১৯৬৭ চনত কৃষিখণ্ডত সেউজ বিপ্লৱৰ সূচনা হয়। তদুপৰি পৰিকল্পনা আয়োগে কৃষিৰ খণ্ডৰ লগতে ঔদ্যোগিক খণ্ডৰ উন্নয়ন আৰু বিকাশত ক্ষেত্ৰতো যথেষ্ট উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই আয়োগৰ প্ৰচেষ্টাতে ভাৰতত শিক্ষা, চিকিৎসা শাস্ত্ৰ আদি খণ্ডতো যথেষ্ট উন্নতি সাধন হয়। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু পদক্ষেপৰ ফল স্বৰূপে ভাৰতত কৃষিখণ্ডৰ লগতে শিক্ষা, চিকিৎসা আদি খণ্ডত অনুন্নত,পুৰণিকলীয়া আৰু পৰম্পৰাগত ব্যৱস্থা তথা কৌশলৰ পৰিৱৰ্তে উন্নত আৰু আধুনিক ব্যৱস্থা তথা কৌশলৰ প্ৰৱৰ্তন ঘটে ।ফলত দেশখনত উন্নয়ন আৰু বিকাশৰ হাৰ বৃদ্ধি পায়। গতিকে দেখা যায় যে পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূ্ৰ্ণ ভূমিকা পালন কৰিছিল।
(ঘ) মিশ্ৰ অৰ্থনীতিৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ মিশ্ৰ অৰ্থনীতি হ’ল দুই আদৰ্শযুক্ত অৰ্থনৈতিক ব্যৱস্থা- পুঁজিবাদী আৰু সমাজবাদী অৰ্থনীতিৰ সংমিশ্ৰণ। মিশ্ৰ অৰ্থনীতি এই দুই অৰ্থনৈতিক ব্যৱস্থাৰ সহাৱস্থানৰ ওপৰত আধাৰিত। মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাত উৎপাদনৰ আহিলাৰ ওপৰত চৰকাৰী বা ৰাজহুৱা খণ্ড আৰু বেচৰকাৰী বা ব্যক্তিগত খণ্ড দুয়োটাৰে মালিকানস্বত্ব থাকে। চৰকাৰী খণ্ডত দেশৰ জনসাধাৰণৰ কল্যাণ আৰু ব্যক্তিগত খণ্ডত ব্যক্তিগত মুনাফা বা লাভালাভৰ উদ্দেশ্যে উৎপাদন কৰা হয়। ভাৰতে এই মিশ্ৰ অৰ্থনীতিৰ আৰ্হি অৱলম্বন কৰিছে। এই আৰ্হিতে ৰাষ্ট্ৰখনত কৃষি, বাণিজ্য আৰু উদ্যোগৰ অধিক সংখ্যক ব্যক্তিগত বা বেচৰকাৰী খণ্ডৰ হাতত অৰ্পণ কৰিছে আৰু গধুৰ উদ্যোগসমূহ চৰকাৰী খণ্ড বা ৰাষ্ট্ৰই নিজে নিয়ন্ত্ৰণ কৰে। গতিকে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাত পুঁজিবাদী আৰু সমাজবাদী এই দুই অৰ্থনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।
(ঙ) বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতা আছেনে? আলোচনা কৰা।
উত্তৰঃ বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতা আৰু গুৰুত্ব আছে। ই বজাৰ অৰ্থনীতিক বহু প্ৰকাৰেৰে সহায় কৰে। বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতাসমূহ তলত আলোচনা কৰা হ’লঃ
(১) বজাৰ অৰ্থনীতিত পৰিকল্পনাই ৰাষ্ট্ৰৰ সম্পদ সম্পূহ দক্ষ আৰু উপযুক্ত ব্যৱহাৰত সহায় কৰে। পৰিকল্পনাই এই সম্পদৰাজি ক’ত কেনেদৰে উপযুক্তভাৱে ব্যৱহাৰ জৰিয়তে সামাজিক উন্নয়ন সাধন হ’ব তাৰ উপায় বা পথ প্ৰদৰ্শন কৰে।
(২) পৰিকল্পনাই বজাৰ অৰ্থনীতিত থকা দোষ বা ত্ৰুটিসমূহ আৰু বজাৰ সামগ্ৰী তথা বজাৰ ক্ষেত্ৰসমূত বিৰাজমান মূল্য বিৰোপন আদি সমস্যাবোৰ সমাধানত সহায় কৰে।
(৩) বজাৰ অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সু-পৰিকল্পিত পৰিকল্পনাৰ দ্বাৰা সকলো গণতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ উৎপাদক আৰু উপভুক্তালৈ সৰ্বাধিক বজাৰ সুবিধাৰ যোগান ধৰিবলৈ সক্ষম হ’ব।
উক্ত ধৰণেৰে বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ বহুখিনি প্ৰাসংগিকতা আছে।
(চ)পৰিকল্পনাৰ অৰ্থ ব্যাখ্যা কৰা।
ঊত্তৰঃ সাধাৰণ অৰ্থত পৰিকল্পনা মানে হ’ল পূৰ্বপৰিকল্পিত বা পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য আৰু লক্ষ্য পূৰণৰ অৰ্থে এক সম্প্ৰদায়ৰ এক সচেতন প্ৰচেষ্টা বা প্ৰয়াস। অৰ্থাৎ পৰিকল্পনা সদায় পৰিকল্পিতভাৱে পূৰ্ব নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত ভিত্তি কৰিয়ে প্ৰস্তুত কৰা হয়। এখন ৰাষ্ট্ৰৰ সৰ্বতো উন্নয়নৰ হকে পৰিকল্পনাৰ সৃষ্টি কৰা হয়। ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন যথাযুক্ত পৰিকল্পনাৰ ওপৰতে নিৰ্ভৰশীল। ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক খণ্ডৰ উন্নয়নৰ হকে সকলো দিশ চালি-জাৰি অৰ্থনৈতিক পৰিকল্পনা সৃষ্টি কৰা হয়। গতিকে দেখা যায় যে পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হৈছে এখন ৰাষ্ট্ৰৰ সৰ্বাধিক বিকাশ আৰু উন্নয়নৰ সাধন কৰা বা অৰ্জন কৰা। ভাৰততো ১৯৫০ চনৰ পৰা পৰিকল্পনা আয়োগৰ অধিনত পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ লগতে বহু ক্ষেত্ৰত উন্নয়ন আৰু বিকাশৰ বাবে বহু ব্যৱস্থা হাতত লোৱা হৈছিল। ভাৰতত গ্ৰহণ কৰা এই পৰিকল্পনা বহু পৰিমাণে সফলো হৈছিল। গতিকে এখন দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰিকল্পনাৰ ব্যাপক গুৰুত্ব আছে। সুসংগঠিত, উপযুক্ত আৰু শক্তিশালী পৰিকল্পনাৰ দ্বাৰাহে এখন দেশৰ সৰ্বাধিক বিকাশ আৰু উন্নয়ন সাধন হোৱাতো সম্ভৱ। গতিকে এখন ৰাষ্ট্ৰৰ উন্নয়নত পৰিকল্পনাই মুখ্য ভূমিকা পালন কৰে।
(ছ) সেউজ বিপ্লৱ কি চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতত ১৯৬০ ৰ দশকত দেখা দিয়া খাদ্য সংকটৰ পৰিণতি স্বৰূপে ৰাষ্ট্ৰখনে খাদ্যসামগ্ৰীৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ইয়াৰ সুবিধা আমেৰিকা যুক্তৰাষ্ট্ৰই বাৰুকৈয়ে গ্ৰহণ কৰিছিল। আমেৰিকাই ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ক্ষেত্ৰত আৰু বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ ধৰে। এই কথাৰ উমান পাই ভাৰতে এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ দিশত আত্ম-নিৰ্ভৰশীল হোৱাৰ পথ গ্ৰহণ কৰে। এই উদ্দেশ্যক আগত ৰাখি ভাৰতে খাদ্যসামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষিখণ্ডত নতুন কৌশল প্ৰৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰসৰ হয়। সেয়ে ১৯৬০ ৰ দশকৰ মধ্যভাগৰ পৰা ৰাষ্ট্ৰখনত পুৰণিকলীয়া আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তন ঘটাই আধুনিক প্ৰযুক্তিবিদ্যাযুক্ত পদ্ধতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা হয়। ভাৰত চৰকাৰে এই ক্ষেত্ৰত বহুখিনি পদক্ষেপ হাতত লয়। চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ হকে উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ প্ৰয়োগ আদি ব্যৱস্থা গ্ৰহণ কৰে। পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিৱৰ্তে গ্ৰহণ কৰা এই নতুন আৰু উন্নত কৃষি পদ্ধতিকে ‘সেউজ বিপ্লৱ’ হিচাপে অভিহিত কৰা হয়।
ভাৰতত গ্ৰহণ কৰা এই সেউজ বিপ্লৱৰ পৰিণতিস্বৰূপে দেশখনত খাদ্যশস্যৰ উৎপাদনৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পায়। এই উন্নত কৃষিপদ্ধতিৰ দ্বাৰা এটুকুৰা খেতি মাটিত পূৰ্বৰ দৰে বছৰত এবাৰ খেতি কৰাৰ পৰিৱৰ্তে দুবাৰ বা তিনিবাৰকৈ খেতি কৰা আৰম্ভ হৈ পৰে। ফলত ভাৰতৰ কৃষিখণ্ডৰ অভূতপূৰ্ব উন্নতি সাধন হয়। এম এছ স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে আখ্যা দিয়া হয়। কাৰণ ভাৰতত এই বিপ্লৱৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ অৱস্থাত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ উপদেষ্টাৰূপে কাৰ্যভাৰত থকা স্বামীনাথনে এই ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। সেউজ বিপ্লৱে সঁচাই ভাৰতৰ কৃষিখণ্ডত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰি গ’ল।
(জ) ভাৰতৰ দুৰ্ভিক্ষৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ দুৰ্ভিক্ষ শব্দৰ অৰ্থ হ’ল অভাৱ বা অনাটন বা খৰাং। বৃটিছ শাসন কালৰ পৰাই ভাৰতত বহু সংখ্যক দুৰ্ভিক্ষই দেখা দি আহিছে বিশেষকৈ খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত। ১৯৪৩ চনত বংগ দুৰ্ভিক্ষ তাৰ ভিতৰত এক উল্লেখযোগ্য আৰু ভয়াৱহ দুৰ্ভিক্ষ। স্বাধীনতাৰ পৰৱৰ্তি সময়ছোৱাতো ভাৰতত বহু দুৰ্ভিক্ষৰ উশ্থান ঘটে। ১৯৬৭, ১৯৭৩, ১৯৭৯, ১৯৮৩ চনত ক্ৰমে বিহাৰ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু গুজৰাট ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল। ১৯৬০ দশকত ভাৰতত কৃষিশস্যৰ উৎপাদন ব্যাপক হাৰত হ্ৰাস পায়। ১৯৬৬-১৯৬৭ চনত বিহাৰ ৰাজ্যতো খাদ্য সংকটৰ উদ্ভৱ হয়। ৰাজ্যখনত পূৰ্বৰ তুলনাত ব্যাপক হাৰত খাদ্যশস্যৰ উৎপাদন হ্ৰাস পায় ফলত ৰাজ্যখনত মূল্য বৃদ্ধিৰ সমস্যাই দেখা দিয়ে। যাৰ পৰিণতিস্বৰূপে ৰাজ্যখনৰ বহুসংখ্যক লোকে অনাহাৰে দিন পাৰ কৰিব লগা হয় আৰু অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিব লগাও হয়। তদুপৰি বহু লোকৰ এই দুৰ্ভিক্ষত মৃত্যুও ঘটে। পিছে চৰকাৰে এই সংকটৰ নিবাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।কিন্ত বিহাৰৰ এই দুৰ্ভিক্ষৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয়।
ঠিক তেনেদৰে ১৯৭২ চনত ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনত দুৰ্ভিক্ষই দেখা দিয়ে য’ত ২৫ নিযুত লোক হয়। তদুপৰি ১৯৭৯ চনত ভাৰতৰ পশ্চিমবংগত দেখা দিয়া ভয়াৱহ দুৰ্ভিক্ষৰ ফলত ৰাজ্যখনত খাদ্যশস্যৰ উৎপাদন ১৭ শতাংশ হ্ৰাস পায়। তেনেদৰে ১৯৮৩ চনৰ গুজৰাটৰ দুৰ্ভিক্ষইয়ো ৰাজ্যখনত বহু সমস্যাৰ সৃষ্টি কৰে।
এনেদৰে ভাৰতত বৃটিছ শাসন কালৰ পৰাই বহু দুৰ্ভিক্ষৰ উদ্ভৱ ঘটিছে।
(ঝ) ভাৰতৰ পৰিকল্পনা মূল উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ ভাৰতৰ পৰিকল্পনাৰ বহুকেইটা মূল উদ্দেশ্য আছে । সেইসমূহ তলত উল্লেখ কৰা হ’লঃ
(১) জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনঃ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা আৰু তেওঁলোকক এক সুস্থ জীৱন যাপনত সহায় কৰা।
(২) দেশৰ জাতীয় আয় বৃদ্ধিঃ ভাৰতৰ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল দেশৰ জাতীয় আয় বৃদ্ধি কৰা যিয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।
(৩) দেশীয় সম্পদৰ দক্ষ ব্যৱহাৰঃ ভাৰত প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি চহকী ৰাষ্ট্ৰ। প্ৰাকৃতিক সম্পদৰ বৃহৎ ভাণ্ডাৰ ইয়াত আছে। দেশত উপলব্ধ এই সম্পদ সমূহৰ উপযুক্ত আৰু দক্ষ ব্যৱহাৰ ভাৰতৰ পৰিকল্পনাৰ আন এক উদ্দেশ্য যিয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।
(৪) অৰ্থনৈতিক বৈষম্যতাৰ হ্ৰাসঃ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক অন্যতম উদ্দেশ্য হ’ল দেশত প্ৰচলিত অৰ্থনৈতিক বৈষম্যতা বা অসমতা হ্ৰাস কৰা আৰু সাম্যবাদী আদৰ্শযুক্ত এক সমাজ আৰু কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা।
(৫) দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাঃ ভাৰতৰ পৰিকল্পনাৰ আন এক উল্লেখযোগ্য উদ্দেশ্য হ’ল ৰাষ্ট্ৰখনত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।
(৬) আঞ্চলিক বিকাশ সাধনঃ ভাৰতৰ পৰিকল্পনাৰ অন্য এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল ৰাষ্ট্ৰখনত আঞ্চলিক বিকাশ সাধন কৰা। যিহেতু স্বাধীনতাৰ কালছোৱাত ৰাষ্ট্ৰখনত আঞ্চলিক ভাৰসাম্য নাছিল। গতিকে পৰিকল্পনাৰ দ্বাৰাই ভাৰতত তুলনাত্মকভাৱে পিছপৰি থকা অঞ্চল তথা ৰাজ্যসমূহৰ দ্ৰুত বিকাশেৰে আঞ্চলিক সমতা প্ৰতিষ্ঠাৰ চেষ্টা চলোৱা হয়।
উক্ত ধৰণেৰে ভাৰতৰ পৰিকল্পনাৰ বহুকেইটা মূল উদ্দেশ্য পৰিলক্ষিত হয়।
১৫। ৰচনাধৰ্মী প্ৰশ্নঃ
(ক) পৰিকল্পনা মানে কি বুজা? বিকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ সৰল অৰ্থত পৰিকল্পনা মানে হ’ল পূৰ্বপৰিকল্পিত বা পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্য আৰু লক্ষ্য পূৰণৰ বাবে এক সম্প্ৰদায় বা ব্যক্তিৰ সমষ্টিয়ে কৰা এক সচেতন প্ৰচেষ্টা। পৰিকল্পনাই লক্ষ্য আৰু লক্ষ্য পূৰণৰ সমন্বয়ক সূচায়।
এখন ৰাষ্ট্ৰৰ উন্নয়ন আৰু বিকাশত পৰিকল্পনাই মুখ্য ভূমিকা পালন কৰে আৰু ইয়াৰ গভীৰ প্ৰয়োজনীয়তা আছে। ৰাষ্ট্ৰৰ সৰ্বতো দিশৰ বিকাশ আৰু প্ৰগতিৰ বাবে সুপৰিকল্পিত পৰিকল্পনাৰ অতিকে আৱশ্যক । সেয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশৰ বাবে সকলোবোৰ দিশ চালি-জাৰি অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰস্তুত কৰা হয়। অৰ্থনৈতিক পৰিকল্পনাই এখন দেশৰ সম্পদৰাজি আৱিষ্কাৰ কৰি সেইসমূহৰ কেনে বিতৰণৰ ফলত দেশত অৰ্থনৈতিক বিকাশ সাধন হ’ব, সেই সকলো দিশ ভালদৰে বিবেচনা কৰি পৰিকল্পনা নিৰ্মাণ কৰা হয়। পৰিকল্পনাৰ মূল লক্ষ্য বা উদ্দেশ্যই হ’ল দেশখনৰ সৰ্বাধিক বিকাশ সাধন কৰা।
মূলত এখন দেশৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট প্ৰয়োজনীয়তা আৰু গুৰুত্ব আছে। এক সুপৰিকল্পিত আৰু শক্তিশালী পৰিকল্পনাৰ অবিহনে এখন দেশৰ সৰ্বাধিক বিকাশ অসম্ভৱ। গতিকে দেশৰ বিকাশত পৰিকল্পনাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ হ’লঃ-
(১) অৰ্থনৈতিক পৰিকল্পনাই এখন দেশৰ অৰ্থনৈতিক সম্পদৰাজিৰ দক্ষ আৰু উপযুক্ত ব্যৱহাৰত ব্যাপক সহায় কৰে। সুসংগঠিত পৰিকল্পনাই দেশৰ সম্পদৰাজিৰ সীমিত উৎসৰ দ্বাৰাই নূন্যতম প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে।
(২) তদুপৰি পৰিকল্পনাই সু-বিতৰণ আৰু উৎপাদনৰ ব্যৱস্থাৰ জৰিয়তে এখন সমাজৰ মৌলিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাত যথেষ্ট সহায় কৰে।
(৩) তাৰোপৰি পৰিকল্পনাই এক নিৰ্ধাৰিত সময় সূচীৰ ভিতৰত এক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰাত সহায় কৰে।
(৪) সু -পৰিকল্পিত পৰিকল্পনাই এখন দেশৰ নিৰক্ষৰতা, নিৱনুৱা, দৰিদ্ৰতা আদি সমাজৰ বিভিন্ন সমস্যাৰ নিৰ্মূল কৰি দেশখনৰ সামাজিক বিকাশত ব্যাপক সহায় কৰে।
(৫) এক সু-সংগঠিত পৰিকল্পনাই দেশৰ সমাজৰ সন্তলিত আৰু বৈষম্যহীন সম অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ সাধনত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই। ই সমাজৰ সকলো শ্ৰেণীৰ উন্নয়ন আৰু বিকাশত সহায় কৰে।
এনেদৰে এখন দেশৰ বিকাশ আৰু প্ৰগতিৰ বাবে সুসংগঠিত পৰিকল্পনাৰ ব্যাপক প্ৰয়োজনীয়তা আছে। এখন দেশৰ অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি ৰাজনৈতিক, সামাজিক, শিক্ষা, চিকিৎসা, বিজ্ঞান-প্ৰযুক্তি আদি সকলো ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে পৰিকল্পনা অত্যাৱশ্যকীয় আৰু এক পূৰ্ব চৰ্ত। এক সুসংগঠিত আৰু সুপৰিকল্পিত পৰিকল্পনাৰ দ্বাৰাহে দেশৰ বিকাশ সম্ভৱ। সকলো ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰয়োজন। সেয়ে বৰ্তমান বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰই আৰু ইয়াৰ চৰকাৰে নিজৰ দেশৰ বিকাশ আৰু প্ৰগতিৰ লগতে সম্পদৰাজি সুব্যৱহাৰ আৰু সম বিতৰণৰ বাবে পৰিকল্পনাৰ প্ৰস্তুত কৰে। ভাৰতেও পৰিকল্পনাৰ ব্যৱস্থা অৱলম্বন কৰি আহিছে যি ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে অতিকে প্ৰয়োজনীয়। পৰিকল্পনাৰ ওপৰত ভিত্তি কৰিয়ে ভাৰত চৰকাৰে দেশখনৰ সৰ্বতো দিশৰ বিকাশৰ বাবে কাম কৰি আহিছে। গতিকে দেখা যায় যে বিকাশৰ বাবে পৰিকল্পনাৰ অতিকে প্ৰয়োজন।
(খ) ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ভাৰতত ১৯৫০ চনত দেশৰ অৰ্থনীতিৰ বিকাশ আৰু উন্নয়ন সাধনৰ লক্ষ্যৰে পৰিকল্পনা আয়োগ গঠন কৰা হয়। ভাৰতৰ অৰ্থনৈতিক দিশৰ লগতে সকলো ক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশ সাধনত পৰিকল্পনা আয়োগে মুখ্য ভূমিকা পালন কৰিছিল।
পৰিকল্পনা আয়োগে ভাৰতৰ সম্পদ বা সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰিত কৰিছিল আৰু দেশৰ সম্পদৰাজিৰ সুদক্ষ, যথাযুক্ত তথা সন্তলিত ব্যৱহাৰৰ হকে পৰিকল্পনাৰ নিৰ্মাণ কৰিছিল। তদুপৰি এই আয়োগে ৰাষ্ট্ৰখনৰ আধুনিকীকৰণ আৰু বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰিকল্পনা আয়োগে ভাৰতবৰ্ষৰ বিকাশ আৰু প্ৰগতিৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শুভাৰম্ভ কৰিছিল।এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ফলস্বৰূপে ভাৰতত জনমূৰি আয় বছৰি ১.৭ শতাংশ হাৰত বৃদ্ধি পাবলৈ ধৰিছিল। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু ভাৰতৰ কৃষিখণ্ডত আধুনিক কৃষি পদ্ধতি, কৌশল আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ পৰিণতিৰূপে ১৯৬৬ চনত দেশখনত সেউজ বিপ্লৱৰ সূচনা হয়।তাৰোপৰি পৰিকল্পনা আয়োগে দেশৰ ঔদ্যোগিক খণ্ডৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰতো বিশেষ ভূমিক পালন কৰিছিল। তদুপৰি শিক্ষাখণ্ড, চিকিৎসা আদিৰ দিশতৰ উন্নয়ন সাধন হোৱাতো আয়োগে যথেষ্ট সহায় আগবঢ়াইছিল। মুঠৰ ওপৰত পৰিকল্পনা আয়োগে ভাৰতৰ আৰ্থ-সামাজিক বিকাশত গুৰুত্বপূৰ্ণ আৰু মুখ্য ভূমিকা পালন কৰিছিল। ই ভাৰতৰ সবৰ্তো দিশৰে বিকাশ সাধনত সহায় কৰিছিল ।এই আয়োগৰ অবিহনে ভাৰতৰ বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন অসম্ভৱ আছিল।
(গ) সেউজ বিপ্লৱ বুলিলে কি বুজা? সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা।
উত্তৰঃ ১৯৬০ ৰ দশকত ভাৰতবৰ্ষত দেখা দিয়া খাদ্যৰ নাটনি বা অভাৱৰ ফলত ৰাষ্ট্ৰখনে খাদ্যসামগ্ৰীৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় যাৰ সুবিধা আমেৰিকাই গ্ৰহণ কৰে আৰু ভাৰতৰ বিভিন্ন আভ্যন্তৰীণ নীতি তথা বিষয়ত হস্তক্ষেপ কৰিবলৈ ধৰে। এই সংকটময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতে খাদ্যসামগ্ৰীৰ বাবে স্বনিৰ্ভৰশীল হোৱাৰ পদক্ষেপ গ্ৰহণ কৰে। এই লক্ষ্যৰে ৰাষ্ট্ৰখনে খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে ইয়াৰ কৃষিক্ষেত্ৰত পুৰণিকলীয়া আৰু পৰম্পৰাগত কৌশলৰ ঠাইত নতুন বিজ্ঞান-প্ৰযুক্তিবিদ্যা সম্পন্ন পদ্ধতি আৰু কৌশল প্ৰৱৰ্তনৰ পথত আগুৱাই যায়। ইয়াৰ পৰিণতিক্ৰমে ১৯৬০ ৰ দশকৰ মধ্যৰ পৰা ভাৰতবৰ্ষত ভাৰত চৰকাৰে পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰিৱৰ্তে আধুনিক বিজ্ঞান-প্ৰযুক্তিবিদ্যাসম্পন্ন কৌশল আৰু পদ্ধতি গ্ৰহণ কৰা তথা কৃষি খণ্ডৰ বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰে। চৰকাৰে কৃষিখণ্ডত নতুন, উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ প্ৰয়োগৰ ব্যৱস্থা হাতত লয়। ভাৰতৰ কৃষিখণ্ডৰ এই নতুন আৰু আধুনিক পদ্ধতিকে ‘সেউজ বিপ্লৱ’ হিচাপে জনা যায়।
সেউজ বিপ্লৱে ভাৰতৰ অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। এই বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল সমূহ তলত আলোচনা কৰা হ’লঃ
অৰ্থনৈতিক ফলাফলসমূহঃ
(১) সেউজ বিপ্লৱৰ মুখ্য অৰ্থনৈতিক ফলাফল হ’ল দেশত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্ব বৃদ্ধি।
(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতৰ কৃষি পদ্ধতি আৰু কৌশলৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয়।
(৩) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰত খাদ্যসামগ্ৰীৰ দিশত আত্ম নিৰ্ভৰশীল হৈ উঠে আৰু ৰাষ্ট্ৰখনে বিশ্ব বেংকৰ পৰা লোৱা সকলো ঋণ পৰিশোধ কৰিবলৈ সক্ষম হয়।
(৪) এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ধনী ১০ শতাংশ লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হয়।
উক্ত ধৰণেৰে ভাৰতত সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফল পৰিলক্ষিত হয়।
ৰাজনৈতিক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰত এখন ভোকাতুৰ আৰু দৰিদ্ৰ ৰাষ্ট্ৰৰ পৰা খাদ্যসামগ্ৰী ৰপ্তানি কৰাৰ সক্ষমতাসম্পন্ন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। যিয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ত বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰশংসা আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
(২) এই বিপ্লৱে পৰোক্ষভাৱে ইন্দিৰা গান্ধী আৰু কংগ্ৰেছ দলক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাত যথেষ্ট সহায় কৰে।
উক্ত ধৰণেৰে সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল বা পৰিণতি ভাৰতত পৰিলক্ষত হয়।
গতিকে ভাৰতত সেউজ বিপ্লৱৰ ধনাত্মক বা ঋণাত্মক পৰিণতি বা ফলাফল পৰিলক্ষিত হ’লেও এই বিপ্লৱে ভাৰতৰ কৃষি খণ্ডলৈ আমূল পৰিৱৰ্তন আনিলে আৰু নতুন তথা আধুনিক কৃষি কৌশল আৰু পদ্ধতিৰ সূচনা কৰি গ’ল।
(ঘ) ভাৰতত পৰিকল্পনাৰ প্ৰথম উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ ১৯৫০ চনত গঠন হোৱা পৰিকল্পনা আয়োগে ভাৰতৰ বাবে পৰিকল্পনাসমূহ নিৰ্ধাৰণ আৰু গ্ৰহণ কৰে। ভাৰতৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰা এই পৰিকল্পনাৰ বহুকেইটা প্ৰধান উদ্দেশ্য আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ-
(১) জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনঃ ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্য হৈছে দেশৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা আৰু এক সুস্থ জীৱন ধাৰণৰ সুবিধা প্ৰদান কৰা।
(২) দেশৰ জাতীয় আয় বৃদ্ধি কৰাঃ ভাৰতৰ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল দেশৰ জাতীয় আয় বৃদ্ধি কৰা যাৰ জৰিয়তে দেশত অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ সাধন হ’ব।
(৩) ৰাষ্ট্ৰীয় সম্পদৰাজিৰ দক্ষ ব্যৱহাৰঃ ভাৰতৰ পৰিকল্পনাৰ অন্য এক মহত্বপূৰ্ণ উদ্দেশ্য হৈছে দেশত উপলব্ধ সকলো সম্পদৰাজিৰে উপযুক্ত, পৰিকল্পিত তথা দক্ষ ব্যৱহাৰ কৰা যাৰ দ্বাৰা দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব।
(৪) অৰ্থনৈতিক বৈষ্যমতা দূৰীকৰণঃ ভাৰতীয় পৰিকল্পনাৰ আন এক প্ৰধান উদ্দেশ্য হ’ল ভাৰতত বিৰাজমান অৰ্থনৈতিক অসমতা বা বৈষম্যতা দূৰ কৰি এক সাম্যবাদী আদৰ্শযুক্ত সমাজ আৰু কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা।
(৫) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাঃ ভাৰতৰ পৰিকল্পনাৰ এক উল্লেখযোগ্য উদ্দেশ্য হ’ল সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।
(৬) আঞ্চলিক বিকাশ সাধন কৰাঃ ভাৰতৰ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল দেশত ভাৰাসাম্যহীন আৰু তুলনামূলকভাৱে পিছপৰা ৰাজ্যসমূহৰ দ্ৰুত গতিত বিকাশ সাধনেৰে আঞ্চলিক সমতা প্ৰতিষ্ঠা কৰা।
এনেধৰণেৰে ভাৰতৰ পৰিকল্পনাৰ বহুকেইটা প্ৰাধন উদ্দেশ্য দেখা যায়।
(ঙ) ভাৰতত পৰিকল্পিত বিকাশৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ পৰিকল্পিত বিকাশ হৈছে বিকাশৰ এক আৰ্হি বা পৰিকল্পনাৰ বিকাশ। অৰ্থাৎ পৰিকল্পিত বিকাশে কি দৰে আৰু কেনে পদ্ধতিৰে বিকাশ সাধন কৰা হ’ব তাৰ এক পৰিল্পনা বা আৰ্হি প্ৰস্তুত কৰাকে বুজাই।ভাৰতত স্বাধীনতাৰ পূৰ্বৰ কালৰে পৰা বিভিন্নজনে দেশত পৰিকল্পনাৰ প্ৰয়োজনীয়তা বিষয়ে মত ব্যক্ত কৰে। ১৯৩১ চনত এম বিশ্বেচাৰায়াই ‘Planned Economy of India’ গ্ৰন্থত ভাৰতৰ বাবে ১০ বছৰীয়া পৰিকল্পনা প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ঠিক তেনেদৰে ১৯৩৮ চনত দেশৰ বিকাশ সাধনৰ অৰ্থে জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সভিতি গঠন কৰা হয়। স্বাধীনতা লাভৰ কালৰে পৰা ৰাষ্ট্ৰখনৰ সন্মুখত আধুনিক বিকাশৰ বাবে দুটা আৰ্হি আছিল- উদাৰবাদী-পুঁজিবাদী আৰু সাম্যবাদী আৰ্হি। স্বাধীনতাৰ পৰৱৰ্তি কালত ভাৰতে বিকাশৰ সমাজবাদী বা সাম্যবাদী আৰ্হি অৱলম্বন কৰে। ভাৰতত পৰিকল্পনাৰ সমৰ্থনকাৰী একাংশ উদ্যোগপতিয়ে ১৯৪৪ চনত বোম্বাইত একত্ৰিত হৈ দেশত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠাৰ হকে এক যুটীয়া প্ৰস্তাৱৰ খচৰা তৈয়াৰ কৰে যাক ‘বোম্বাই পৰিকল্পনা’ হিচাপে অভিহিত কৰা হয়। ই ঔদ্যোগিক আৰু আন অৰ্থনৈতিক বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মুখ্য ভূমিকা পালন কৰাৰ পোষকতা কৰিছিল। আনহাতে কিছুসংখ্যক লোকে যেনে মহাত্মা গান্ধীৰ অনুগামী শ্ৰীমান নাৰায়ণে ৰাষ্ট্ৰৰ বিকাশৰ অৰ্থে ‘গান্ধীবাদী পৰিকল্পনা’ ৰ আৰ্হি গঠন কৰাৰ বিপৰীতে মানবেন্দ্ৰ নাথ ৰয়ে দহ বছৰীয়া পৰিকল্পনা গঠনৰ হকে মত ব্যক্ত কৰে। শেষত ১৯৪৮ চনত জৱাহৰলাল নেহৰুৱে সংবিধান মহাসভাত পাঠ কৰা ঔদ্যোগিক নীতি প্ৰস্তাৱৰ দ্বাৰাই ভাৰতত বিকাশৰ পুঁজিবাদী আৰু সমাজবাদী আদৰ্শৰ মিশ্ৰণ ‘মিশ্ৰ অৰ্থনীতি’ৰ আৰ্হি গঠনৰ পথ প্ৰসস্ত কৰা হয়। অৱশেষত ভাৰতৰ কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে ব্যাপক বাদানুবাদৰ মূৰত দেশৰ বিকাশৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই মৰ্মে ভাৰতত ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়। যিয়ে দেশৰ বিকাশৰ অৰ্থে পৰিকল্পনা প্ৰস্তুত আৰ নিৰ্ধাৰণ কৰিছিল আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত মুখ্য ভূমিকা পালন কৰিছিল। এই আয়োগে ভাৰতৰ বিকাশ আৰু উন্নয়নৰ হকে ছোভিয়েট ইউনিয়ন সদৃশ পাঁচ বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছিল।
(চ) দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতৰ কৃষি বনাম শিল্পৰ ক্ষেত্ৰত হোৱা বিতৰ্ক আলোচনা কৰা।
উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত ভাৰতত কৃষি বনাম শিল্পৰ ক্ষেত্ৰত এক বিতৰ্ক উদ্ভৱ হৈছিল । ভাৰতত ১৯৫৬ চনৰ পৰা ১৯৬১ চনলৈ চলা এই পৰিকল্পনাই মূলত গধুৰ উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছৰ পৰাই ভাৰতত উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰা হয়। ইয়াৰ লগে লগে উদ্যোগ নে কৃষি খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে তাক কেন্দ্ৰ কৰি এক বিৰ্তকৰ সূচনা হয়। একাংশই কৃষি খণ্ডক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ পোষকতা কৰাৰ পৰিৱৰ্তে আন একাংশই উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পোষকতা কৰিছিল। শেষত পৰিকল্পনাকাৰীসকলে সকলোবোৰ সমালোচনাৰ প্ৰত্যুত্তৰ স্বৰূপে দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ তাৰ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাই।অৰ্থাৎ শেষত কৃষি আৰু উদ্যোগৰ ভিতৰত উদ্যোগকে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰে। পৰিকল্পনাকাৰী সকলে উদ্যোগ খণ্ডক বাছি লোৱা আৰু প্ৰাধান্য দিয়াৰ যুক্তিসমূহ আছিলঃ-
(১) প্ৰচুৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰে সমৃদ্ধ ৰাষ্ট্ৰ ভাৰতবৰ্ষ উদ্যোগৰ বাবে সম্পূৰ্ণভাৱে উপযুক্ত।
(২) তদুপৰি ভাৰতৰ কৃষিভূমিৰ ওপৰত পৰা অধিক হেঁচা হ্ৰাস কৰিবৰ বাবে উদ্যোগীকৰণৰ ওপৰত প্ৰাধান্য দিয়াতো অতি প্ৰয়োজন।
(৩) তৰোপৰি দ্ৰুত উদ্যোগীকৰণ কেৱল ভাৰতৰ কৃষিখণ্ডৰ বাবেই নহয়, আনকি সকলো খণ্ডৰ বিকাশৰ বাবে এক অতি আৱশ্যকীয় পূৰ্বচৰ্ত।
(৪) দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি কেৱল মাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।
এনেদৰে দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতত উদ্ভ্ৰৱ হোৱা কৃষি আৰু উদ্যোগ খণ্ডৰ বিতৰ্ক শেষত পৰিকল্পনাকাৰী সকলে উদ্যোগ খণ্ডকে প্ৰাধন্য দিয়ে আৰ বাছি লয়।
(ছ) সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফলাফল উল্লেখ কৰা।
উত্তৰঃ ১৯৬০ ৰ দশকত ভাৰৰত দেখা দিয়া দুৰ্ভিক্ষ তথা খাদ্য সংকটৰ পৰিণতি স্বৰূপে দেশখনে খাদ্যসামগ্ৰীৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । যাৰ সুবিধা আমেৰিকাই গ্ৰহণ কৰে আৰু ভাৰতৰ বিভিন্ন আভ্যন্তৰীণ বিষয় আৰু নীতিত হস্তক্ষেপ কৰিবলৈ ধৰে। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতে খাদ্য সামগ্ৰীৰ বাবে স্বনিৰ্ভৰশীল হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই লক্ষ্য লৈ ৰাষ্ট্ৰখনে খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষি ক্ষেত্ৰত নতুন পদ্ধতি আৰু কৌশল প্ৰৱৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলস্বৰূপে ১৯৬০ ৰ দশকৰ মধ্যৰ পৰা ভাৰতত পুৰণিকলীয়া আৰু পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে আধুনিক প্ৰযুক্তিবিদ্যাগত পদ্ধতিৰ প্ৰৱৰ্তন হ’বলৈ ধৰে। ভাৰত চৰকাৰে কৃষিখণ্ডত নতুন, উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ প্ৰয়োগৰ ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতৰ কৃষিখণ্ডত উদ্ভৱ হোৱা এই নতুন পদ্ধতিকে ‘সেউজ বিপ্লৱ’ হিচাপে অভিহিত কৰা হয়।
সেউজ বিপ্লৱৰ ভাৰতত ব্যাপক প্ৰভাৱ পৰিছিল। ইয়াৰ ফলাফল ইতিবাচক আৰু নেতিবাচক দুই ধৰণৰে আছিল। তলত সেইসমূহ উল্লখ কৰা হ’লঃ
ইতিবাচক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ এক প্ৰধান ইতিবাচক ফলাফল হ’ল যে এই বিপ্লৱৰ ফলতে ভাৰত এখন ভোকাতুৰ আৰু দৰিদ্ৰ ৰাষ্ট্ৰৰ পৰা খাদ্যসামগ্ৰী ৰপ্তানি কৰাৰ সক্ষমতা থকা ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয়।
(২) এই বিপ্লৱৰ পৰিণতি স্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ কৌশল আৰু পদ্ধতিৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধন হয়।
নেতিবাচক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিমাটিত কৰা ৰাসায়নিক সাৰ আৰু কীট-নাশক দ্ৰব্যৰ ব্যৱহাৰে খহনীয়াৰ আৰু প্ৰদূষণৰ সৃষ্টি কৰিছিল।
(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতৰ কৃষিখণ্ডত বংশানুক্ৰমিক বা আনুবংশিক বিভিন্নতাৰ যথেষ্ট ক্ষতি সাধন হয় ।
এনেদৰে ভাৰতত সেউজ বিপ্লৱৰ বহুতো ইতিবাচক আৰু নেতিবাচক ফলফল পৰিলক্ষিত হয়।
(জ) বিকাশৰ ধাৰণাটো চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ সাধাৰণ অৰ্থত বিকাশৰ অৰ্থ হ’ল উন্নতি বা প্ৰগতি। ৰাষ্ট্ৰৰ ক্ষেত্ৰত চাবলৈ গ’লে বিকাশৰ অৰ্থ হ’ল প্ৰধানত অৰ্থনৈতিক উন্নয়ন বা বিকাশ। সদ্য স্বাধীনতা প্ৰাপ্ত এখন ৰাষ্ট্ৰৰ বাবে বিকাশ হ’ল এক কঠিন প্ৰত্যাহ্বান। আন ৰাষ্ট্ৰৰ দৰে ভাৰতেও স্বাধীনতা লাভৰ পিছত এই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কাৰণ ব্ৰিটীছ উপনিৱেশিক শাসন আৰু দ্বিতীয় বিশ্বযুদ্ধই ইতিমধ্যে ভাৰতৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। এনে ভগ্ন আৰু ধ্বংসপ্ৰাপ্ত অৰ্থনীতিক পুনৰ প্ৰতিষ্ঠা কৰাতো ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানেই আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় নেতৃত্বই স্বাধীনতাৰ পৰৱৰ্তি কালৰ পৰা দেশৰ সৰ্বতো বিকাশ প্ৰধানকৈ অৰ্থনৈতিক বিকাশৰ বাবে বহু ব্যৱস্থা অৱলম্বন কৰি আহিছে। ভাৰতত বিকাশৰ বাবে পৰিকল্পিত বিকাশৰ আৰ্হি গ্ৰহণ কৰা হয়। পৰিকল্পিত বিকাশ হ’ল বিকাশৰ এক আৰ্হি বা পৰিকল্পনাৰ বিকাশ। অৰ্থাৎ পৰিকল্পিত বিকাশে কেনে ধৰণেৰে আৰু কিদৰে বিকাশ সাধন কৰা হ’ব তাৰ এক পৰিকল্পনা বা আৰ্হি প্ৰস্তুত কৰাকে বুজাই। এখন দেশৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে সকলো দিশ চালি-জাৰি চাই অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তুত কৰা যায়। গতিকে বিকাশ সদায় পৰিকল্পনাৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিকল্পনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্যই হৈছে দেশৰ সৰ্বাধিক বিকাশৰ হাৰ অৰ্জন কৰা। সুপৰিকল্পিত আৰু শক্তিশালী পৰিকল্পনাৰ দ্বাৰাহে এখন দেশৰ সৰ্বাধিক বিকাশ সাধন হোৱাতো সম্ভৱ। সেয়ে স্বাধীনতা লাভৰ কালৰ পৰা ভাৰতে ইয়াৰ কৃষি, উদ্যোগ, শিক্ষা, চিকিৎসা, বিজ্ঞান- প্ৰযুক্তিবিদ্যা আদি সকলো দিশৰ পৰিকল্পিত বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে তথা বিকাশৰ বিভিন্ন কৌশল গ্ৰহণ কৰি আহিছে। দেখা যায় যে এখন দেশৰ বিকাশ ইয়াৰ জাতীয় আৰু জনমূৰি আয়ে প্ৰতিফলিত কৰে। গতিকে বিকাশে মূলত অৰ্থনৈতিক বিকাশকে সূচায়।
(ঝ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতত ১৯৫১ চনত প্ৰথমখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হয়। এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য তথা লক্ষ্য আছিল ভয়াৱহ দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু লগতে ভাৰতত খাদ্যশস্য, কপাহ আৰু মৰাপাট আদি শস্যৰ উৎপাদন বৃদ্ধি কৰা। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত মূলত ভাৰতৰ কৃষিখণ্ডৰ বিকাশ আৰু উন্নয়নৰ ওপৰত প্ৰাধান্য দিয়া হৈছিল। এই পৰিকল্পনাই কৃষিখণ্ডৰ বিকাশৰ সৈতে জড়িত জলসিঞ্চন আৰু নদীবান্ধ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ভাক্ৰা নাঙল নদীবান্ধ সদৃশ বৃহৎ প্ৰকল্পৰ বাবে উক্ত পৰিকল্পনাই পুঁজি নিৰ্ধাৰণ কৰিছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই দেশৰ সাৰ্বজনীন বিকাশ আৰু উন্নয়ন সাধনৰ হেতু ভূমি সংস্কাৰৰ ক্ষেত্ৰতো গুৰুত্ব দিছিল। আৰু সেয়ে কৃষিৰ অৰ্থে অধিক পৰিমাণৰ কৃষি মাটি সাঙুৰি লোৱাৰ বাবে খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধিৰ যি উদ্দেশ্য সেয়া বহু পৰিমাণে সফল হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই দেশত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস কৰা আৰু দেশৰ শৰণাৰ্থীসকলক পুনৰ সংস্থাপিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰোপৰি ভাৰতৰ এই পঞ্চবাৰ্ষিক পৰিকল্পনাই দেশৰ জাতীয় আয় আৰু জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ সুস্থিৰ বৃদ্ধিৰ হকে এক সৰ্বসন্তলিত বিকাশৰ চেষ্টা চলাইছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই ইয়াৰ লক্ষ্যত বহু দূৰ সফল হৈছিল আৰু ভাৰতৰ কৃষি খণ্ডৰ বিকাশ তথা উন্নয়ন সাধন কৰিবলৈ বহু পৰিমাণে সক্ষম হৈছিল।
(ঞ) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজত বিতৰ্কৰ ওপৰত এটা চমু আলোচনা কৰা।
উত্তৰঃ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড এই দুই সম্পূৰ্ণ বিপৰীতমুখী আদৰ্শ ।ৰাজহুৱা খণ্ড ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু ব্যক্তিগত খণ্ড ব্যৱস্থাটো পুঁজিবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। বিশ্বৰ কোনো দেশে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা আৰু কোনো দেশে সমাজবাদী অৰ্থনৈতিক ব্যৱস্থা । গ্ৰহণ কৰিছিল। ভাৰতৰো সন্মুখতো স্বাধীনতাৰ সময়ত এই দুই আৰ্হি আছিল। কিন্ত ভাৰতে এই দুই আৰ্হিৰ ভিতৰত কোনো আৰ্হি সম্পূৰ্ণৰূপে গ্ৰহণ নকৰি এই দুই আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰে। এই অৰ্থনৈতিক ব্যৱস্থাত উৎপাদন আহিলাৰ ওপৰত চৰকাৰী বা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়ৰে মালিকীস্বত্ব থাকে। ব্যক্তিগত খণ্ডত মুনাফা আৰু ৰাজহুৱা খণ্ডত জনগণৰ কল্যাণৰ লক্ষ্যৰে উৎপাদন কৰা হয়।
ভাৰততো কৃষি, বাণিজ্য আৰু উদ্যোগৰ অধিক সংখ্যক ব্যক্তিগত খণ্ডক অৰ্পণ কৰা হৈছিল আৰু গধুৰ উদ্যোগসমূহ ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ অধিনত ৰখা হৈছিল। দুই ক্ষেত্ৰৰ ওপৰত সমানভাৱে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল।তাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। একাংশ সমালোচকৰ মতে দেশৰ পৰিকল্পনাকাৰীসকলে ব্যক্তিগত বা বেচৰকাৰী খণ্ডক প্ৰয়োজনীয় আৰু আৱশ্যকীয় সা-সুবিধা প্ৰদান কৰা নাই আৰু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডক জোখতকৈ অধিক সা-সুবিধা আৰু গুৰুত্ব প্ৰদান কৰিছে। হ’লেও কিন্ত ৰাজহুৱা বা চৰকাৰী খণ্ডৰ নিয়ন্ত্ৰণত থকা উদ্যোগসমূহে চৰকাৰক তথা ৰাষ্ট্ৰৰ বিকাশত বিশেষ সহায় আগবঢ়াবলৈ সক্ষম হোৱা নাই। তদুপৰি ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ অত্যাধিক নিয়ন্ত্ৰণে দুনীৰ্তিৰ পথহে প্ৰসস্ত কৰিছে।
কিন্ত লাহে লাহে ভাৰতত ব্যক্তিগত খণ্ডৰ গুৰুত্বই অধিক পৰিমাণে বৃদ্ধি পাব ধৰে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পাব ধৰে। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শাসনৰ সময়ছোৱাত উদাৰীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰা হয় আৰু অৰ্থনৈতিক বিকাশত চৰকাৰৰ বা ৰাজহুৱা খণ্ডৰ ভূমিকা ব্যাপক পৰিমাণে হ্ৰাস কৰা হয়। ঠিক তেনেদৰে ১৯৯১ চনত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ শাসন কালত দেশৰ অৰ্থনীতিৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় যাৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ গুৰুত্ব লাহে লাহে বাঢ়িব ধৰে। মুনাফা দিবলৈ সমৰ্থ নোহোৱা দেশৰ ৰুগ্ন তথা দু্ৰ্বল উদ্যোগসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডৰ হাতত অৰ্পণ কৰা হয়। অৱশেষত ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত ক্ৰমাৎ ব্যক্তিগত খণ্ডৰ গুৰুত্ব বাঢ়িবলৈ আৰম্ভ কৰে।
(ট) পৰিকল্পনা আয়োগ ভাৰতত কেতিয়া গঠন হৈছিল?পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ ভাৰতত ১৯৫০ চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে গঠন কৰা পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এই আয়োগে ৰাষ্ট্ৰখনৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰিত কৰিছিল আৰু দেশৰ সম্পদৰাজিৰ যথাযুক্ত, দক্ষ তথা সন্তলিত ব্যৱহাৰৰ হেতু পৰিকল্পনা নিৰ্মাণ কৰিছিল। তাৰোপৰি এই আয়োগে ভাৰতবৰ্ষৰ আধুনিকীকৰণ আৰু বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰিকল্পনা আয়োগে দেশৰ অৰ্থনৈতিক বিকাশৰ আৰু উন্নয়নৰ বাবে ‘পঞ্চবাৰ্ষিক পৰিকল্পনা’ৰ সূচনা কৰে যাৰ পৰিণতিৰূপে ভাৰতত বছৰি ১.৭ শতাংশ হাৰত জনমূৰি আয় বৃদ্ধি পাব ধৰে। এই আয়োগে কৰা প্ৰচেষ্টা আৰু কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত প্ৰদান কৰা গুৰুত্বৰ ফলতে ভাৰতত ১৯৬৬- ১৯৬৭ চনত সেউজ বিপ্লৱৰ সূচনা হয়। তাদুপৰি পৰিকল্পনা আয়োগে ভাৰতৰ ঔদ্যোগিক খণ্ডৰ বিকাশৰ ক্ষেত্ৰতো ব্যাপক অৰিহণা আগবঢ়াই গ’ল। ইয়াৰ ফলতে ভাৰতত বহু সৰু বৰ ঔদ্যোগৰ প্ৰতিষ্ঠা আৰু প্ৰসাৰ হ’ল। ইয়াৰোপৰি এই আয়োগে ভাৰতৰ শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি সাধন কৰিল। দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা লক্ষ্যণীয়। ভাৰতৰ আৰ্থ-সামাজিক বিকাশ আৰু উন্নয়নত তথা প্ৰগতি কঢ়িয়াই অনাৰ ক্ষেত্ৰত এই আয়োগৰ অৱদান উল্লেখযোগ্য।
গতিকে ভাৰতৰ বিকাশ আৰু উন্নয়নত ভাৰতৰ পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
(ঠ) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ-ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত দেশত পৰিকল্পিত বিকাশৰ বাবে কি ধৰণৰ আৰ্হি গ্ৰহণ কৰা হ’ব তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। বিশেষকৈ দুটা বিষয়ক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। সেয়া হ’লঃ (১) কৃষি খণ্ড নে উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব আৰু (২) ৰাজহুৱা নে ব্যক্তিগত খণ্ডক গুৰুত্ব প্ৰদান কৰা হ’ব ।
(১) কৃষি খণ্ড আৰু উদ্যোগ খণ্ডৰ মাজৰ বিতৰ্কঃ ১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰধানকৈ উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। এইদৰে ভাৰতত উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্যোগ নে কৃষিখণ্ডত অধিক অগ্ৰাধিকাৰ দিয়া হ’ব তাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। কোনোৱে বিকাশৰ বাবে কৃষিখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়াটো বিচাৰিছিল আৰু কোনোৱে ঔদ্যোগিক খণ্ডত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছিল । শেষত দেশৰ পৰিকল্পনাকাৰীসকলে সকলো বিতৰ্ক আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দি দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দেশৰ দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ তাক প্ৰমাণ কৰি বিভিন্ন যুক্তি দাঙি ধৰে। তেনে দুটা যুক্তি হ’লঃ-
(ক) প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানৱ সম্পদৰ গৰাকী ভাৰত উদ্যোগৰ বাবে পূৰ্ণৰূপে উপযুক্ত।
(খ) দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি একমাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।
(২) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিতৰ্কঃ স্বাধীনতা লাভৰ আৰম্ভণিৰ সময়ছোৱাত ভাৰতৰ সন্মুখত অৰ্থনৈতিক বিকাশৰ দুটা আৰ্হি আছিল- পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আৰ্হি। ভাৰতে কিন্ত এই দুই আৰ্হিৰ কোনো এটা সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে এই দুই আৰ্হি বা আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনীতিৰ আৰ্হি গ্ৰহণ কৰিছিল। এনে অৰ্থনৈতিক ব্যৱস্থাত দেশৰ উৎপাদনৰ আহিলাসমূহৰ ওপৰত চৰকাৰী বা ৰাজহুৱা খণ্ড আৰু বেচৰকাৰী বা ব্যক্তিগত খণ্ড এই দুয়োটাৰে মালিকীস্বত্ব থাকে। ভাৰতত এই ব্যৱস্থাৰ অধিনত কৃষি, বাণিজ্য, উদ্যোগসমূহৰ অধিকাংশ বেচৰকাৰী বা ব্যক্তিগত খণ্ডক অৰ্পণ কযা হয় আৰু গধুৰ উদ্যোগসমূহ ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ অধিনত ৰখা হয়। দুই খণ্ডকে ভাৰতত সমানে প্ৰাধান্য দিয়া হোৱা নাছিল, ৰাজহুৱা খণ্ডকহে অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। সেয়ে ইয়াক কেন্দ্ৰ কৰি বহু বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছিল। এচাম সমালোচকৰ মতে দেশৰ পৰিকল্পনাকাৰীসকলে ব্যক্তিগত বা বেচৰকাৰী খণ্ডক আৱশ্যকীয় সা-সুবিধা প্ৰদান কৰা নাই আৰু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডক জোখতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্ত সেই অনুসৰি ৰাজহুৱা খণ্ডৰ অধিনস্থ উদ্যোগসমূহে চৰকাৰ বা ৰাষ্ট্ৰৰ বিকাশত বিশেষ সহায় আগবঢ়াব পৰা নাই। তদুপৰি ৰাষ্ট্ৰৰ অতিমাত্ৰা নিয়ন্ত্ৰণে দেশত দুৰ্নীতিৰহে পথ প্ৰসস্ত কৰিছে।
অৱশেষত ভাৰতত লাহে লাহে ভাৰতত ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰে।প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁৰ শাসন কালছোৱাত উদাৰীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে।তাৰ পিছত ১৯৯১ চনত নৰসিংহ ৰাওৰ শাসন কালত ভাৰতৰ অৰ্থনীতিৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় আৰু ফলত ব্যক্তিগত খণ্ডৰ গুৰুত্ব ক্ৰমে বৃদ্ধি হ’বলৈ ধৰে। মুনাফা দিবলৈ অসক্ষম হোৱা দেশৰ সকলো দুৰ্বল আৰু ৰুগ্ন উদ্যোগ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয়। এনেদৰে দিনক দিনে ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাই যাব ধৰে।
ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত এই দুই বিতৰ্কই গা কৰি উঠিছিল।
(ড) আৰম্ভণিৰ সময়ছোৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতৰ্ক দুটা আলোচনা কৰা।
উত্তৰঃ আৰম্ভণিৰ সময়ছোৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত মুখ্য বিতৰ্ক দুটা হ’লঃ- (১) কৃষিখণ্ড আৰু উদ্যোগ খণ্ডৰ মাজৰ বিতৰ্ক আৰু (২) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিতৰ্ক।
(১) কৃষিখণ্ড আৰু উদ্যোগ খণ্ডৰ মাজৰ বিতৰ্কঃ ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই গধুৰ উদ্যোগৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। এইদৰে উদ্যোগীকৰণক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতত উদ্যোগ নে কৃষি খণ্ডকত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে তাক লৈ বিতৰ্কৰ সূচনা হয়। একাংশৰ মতে ভাৰতৰ বিকাশ আৰু উন্নয়নৰ বাবে কৃষি খণ্ডত অধিক গুৰুত্ব দিব লাগে আৰু আন একাংশৰ মতে উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। শেষত দেশৰ পৰিকল্পনাকাৰীসকলে এনে সকলো ধৰণৰ সমালোচনাৰ প্ৰত্যুত্তৰ স্বৰূপে উদ্যোগীকৰণক বাছি লয় আৰু উদ্যোগীকৰণৰ দ্বাৰা যে দ্ৰুত বিকাশ সম্ভৱ তাৰ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাই। তেওঁলোকে দাঙি ধৰা যুক্তিসমূহ হ’ল যেনেঃ
(ক) প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানৱ সম্পদৰ গৰাকী ভাৰত উদ্যোগৰ বাবে অতি উপযুক্ত।
(খ) ভাৰতত দ্ৰুত উদ্যোগীকৰণ কেৱল কৃষিক্ষেত্ৰৰ বাবেই নহয়, আনকি সকলো খণ্ডৰ বিকাশ আৰু উন্নয়নৰ বাবে এক অতি আৱশ্যকীয় পূৰ্বচৰ্ত।
(গ) তদুপৰি ভাৰতৰ কৃষিভূমিৰ ওপৰত পৰা অতিপাত হেঁচা হ্ৰাস কৰিবলৈ হ’লে উদ্যোগীকৰণক অগ্ৰাধিকাৰ প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।
(ঘ) দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি কেৱল মাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।
পৰিকল্পনাকাৰী সকলে এনেবোৰ যুক্তি দাঙি ধৰিছিল আৰু ভাৰতত বিকাশৰ বাবে উদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।
(২) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিতৰ্কঃ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ধাৰণা এই দুইটা সম্পূৰ্ণ বিপৰীত দুই আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজহুৱা খণ্ড সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু ব্যক্তিগত খণ্ডৰ ধাৰণা পুঁজিবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত এই দুই আদৰ্শ আছিল, কিন্ত ভাৰতে সম্পূৰ্ণৰূপে কোনো এক আদৰ্শ গ্ৰহণ নকৰি এই দুই আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰিছিল। এনে অৰ্থনৈতিক ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহৰ ওপৰত চৰকাৰী আৰু ব্যক্তিগত দুয়োটাৰে মালিকীস্বত্ব থাকে। ভাৰতত আৰ্হি অনুসৰি কৃষি, বাণিজ্য আৰু উদ্যোগৰ অধিক সংখ্যক ব্যক্তিগত বা বেচৰকাৰী খণ্ডক অৰ্পণ কৰা হয় আৰু গধুৰ উদ্যোগসমূহ ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ডৰ অধিনত ৰখা হয়। কিন্ত দুই খণ্ডকে সমানে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। ব্যক্তিগত খণ্ডৰ তুলনাত ৰাজহুৱা বা চৰকাৰী খণ্ডক অধিক প্ৰাধান্য দিয়া হৈছিল। সেয়ে ভাৰতৰ এই অৰ্থনৈতিক ব্যৱস্থাক বিভিন্নজনে বিভিন্ন প্ৰকাৰে সমালোচনা কৰিছিল। একাংশ সমালোচকৰ মতে পৰিকল্পনাকাৰীসকলে ব্যক্তিগত খণ্ডক আৱশ্যকীয় সা-সুবিধা তথা গুৰুত্ব প্ৰদান কৰা নাই, তাৰ বিপৰীতে চৰকাৰী বা ৰাজহুৱা খণ্ডক জোখতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্ত সেই অনুপাতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে চৰকাৰক বা ৰাষ্ট্ৰৰ বিকাশ তথা উন্নয়নত বিশেষ সহায় আগবঢ়াবলৈ সক্ষম হোৱা নাই। তদুপৰি ৰাষ্ট্ৰৰ অতিমাত্ৰা নিয়ন্ত্ৰণে দেশত দুৰ্নীতিৰহে পথ প্ৰসস্ত কৰিছে।
শেষত ভাৰতৰ বিকাশত ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ ওপৰত অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শাসন কালত উদাৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰে। তাঠৰ পিছত নৰসিংহ ৰাওৰ শাসন কালত ১৯৯১ চনত ভাৰতৰ অৰ্থনীতিৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় আৰু ফলত দেশত ব্যক্তিগত বা বেচৰকাৰী খণ্ডৰ গুৰুত্ব লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। মুনাফা দিবলৈ অসমৰ্থ হোৱা দুৰ্বল আৰু ৰুগ্ন উদ্যোগবোৰ ব্যক্তিগত খণ্ডৰ হাতত ন্যস্ত কৰা হয়। এনেদৰে ক্ৰমাৎ ভাৰতত ৰাজহুৱা খণ্ডৰ তুলাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাব ধৰে।
গতিকে দেখা যায় যে আৰম্ভণিতে ভাৰতত উক্ত দুই পৰিকল্পনাৰ সৈতে জড়িত বিষয়ক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
(ঢ) পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ পৰিকল্পিত বিকাশ মানে হ’ল বিকাশৰ এক আৰ্হি বা পৰিকল্পনাৰ বিকাশ। কি ধৰণেৰে, কেনেদৰে বিকাশ সাধন কৰা হ’ব তাৰ এক আৰ্হি বা পৰিকল্পনা তৈয়াৰ কৰাকে পৰিকল্পিত বিকাশ বোলা হয়।
ভাৰততো পৰিকল্পিত বিকাশৰ ধাৰণা পৰিলক্ষিত হয়। ১৯৫০ চনত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। এই আয়োগে দেশখনৰ বিকাশ আৰু উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ই ভাৰতৰ অৰ্থনৈতিক দিশকে ধৰি সামাজিক, ৰাজনৈতিক আদি সকলো দিশৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই আয়োগে দেশৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদৰ নিৰ্ধাৰণ কৰিছিল আৰু ভাৰতৰ সম্পদৰাজিৰ দক্ষ, উপযুক্ত আৰু সন্তলিত প্ৰয়োগৰ হেতু পৰিকল্পনাৰ নিৰ্মাণ কৰিছিল। এই আয়োগে প্ৰধানকৈ ভাৰতবৰ্ষৰ আধুনিকীকৰণ আৰু বিকাশৰ দিশত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আয়োগখনে দেশৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ বাবে পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ শুভাৰম্ভ কৰিছিল। আয়োগৰ সবল প্ৰচেষ্টা আৰু দেশৰ কৃষি ক্ষেত্ৰত আওপুৰণি কৃষি পদ্ধতি আৰু কৌশলৰ ঠাইত আধুনিক উন্নত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ওপৰত প্ৰদান কৰা গুৰুত্বৰ পৰিণতি স্বৰূপে ভাৰতত ১৯৬৬-১৯৬৭ চনত সেউজ বিপ্লৱৰ সূচনা হয়। পৰিকল্পনা আয়োগে কৃষিখণ্ডৰ লগতে ভাৰতৰ ঔদ্যোগিক খণ্ডৰ বিকাশ আৰু উন্নয়নতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এই আয়োগৰ ভূমিকাতে ভাৰতত শিক্ষা আৰু চিকিৎসা আদিৰ ক্ষেত্ৰতো ব্যাপক উন্নতি সাধন হয়। উল্লেখযোগ্য যে দেশত ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো পৰিকল্পনা আয়োগে লক্ষ্যণীয় অৱদান আগবঢ়াই গৈছে। গতিকে ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক বিকাশ আৰু উন্নয়নত এই আয়োগৰ ভূমিকা অতি গুৰুত্বপূ্ৰ্ণ।
গতিকে দেখা যায় যে ভাৰতৰ বিকাশ তথা উন্নয়নত পৰিকল্পনা আয়োগে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
(ণ) সেউজ বিপ্লৱ কি? ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে আলোচনাত্মক আলোচনা আগবঢ়োৱা।
উত্তৰঃ ১৯৬০ ৰ দশকত ভাৰতত দেখা দিয়া খাদ্য সংকটৰ পৰিণতিস্বৰূপে ৰাষ্ট্ৰখনে খাদ্যসামগ্ৰীৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যাৰ সুবিধা আমেৰিকাই গ্ৰহণ কৰিছিল আৰ ভাৰবৰ্ষৰ বিভিন্ন আভ্যন্তৰীণ নীতি তথা বিষয়ত হস্তক্ষেপ কৰিব ধৰিছিল। এই অৱস্থাৰ পৰা উদ্ধাৰ হ’বলৈ ভাৰতে নিজৰ দেশত খাদ্যশস্যৰ বাবে উৎপাদন বৃদ্ধি কৰিবৰ বাবে পুৰণিকলীয়া আৰু অনুন্নত কৃষি পদ্ধতি আৰু কৌশলৰ পৰিৱৰ্তে আধুনিক কৃষি কৌশল আৰু পদ্ধতি প্ৰৱৰ্তনৰ পথত আগুৱাই যায়। ইয়াৰ পৰিণতি স্বৰূপে ১৯৬০ ৰ দশকৰ মধ্যৰ পৰা দেশখনত মুখ্যতে ভাৰত চৰকাৰৰ উদ্যোগত পৰম্পৰাগত পদ্ধতিৰ ঠাইত আধুনিক বিজ্ঞান-প্ৰযুক্তিবিদ্যাসম্পন্ন পদ্ধতি অৱলম্বন কৰিবলৈ শুভাৰম্ভ কৰে। চৰকাৰে কৃষিখণ্ডত আধুনিক, উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ প্ৰয়োগৰ ব্যৱস্থা গ্ৰহণ কৰে। এই নতুন পদ্ধতিকে ‘সেউজ বিপ্লৱ’ হিচাপে জনা যায়।
ভাৰতত ১৯৬৬ চনত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ পৰিণতি স্বৰূপে খাদ্যশস্যৰ উৎপাদন আৰু কৃষিখণ্ডৰ উন্নয়ন অভূতপূৰ্বভাৱে বৃদ্ধি পায়। এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতত নতুন জাতৰ শস্যৰ বীজ আৰু উন্নত আধুনিক ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থাৰ দ্বাৰা এটুকুৰা খেতি মাটিত পূৰ্বৰ দৰে বছৰি এবাৰৰ ঠাইত দুবাৰ- তিনিবাৰকৈ কৃষিকাৰ্য কৰা আৰম্ভ হ’বলৈ ধৰে। যাৰ বাবে ১৯৮০ দশকলৈ ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পায়। ভাৰতত সেউজ বিপ্লৱৰ প্ৰভাৱ সকলো প্ৰান্ততে সমানভাৱে পৰা নাছিল। ইয়াৰ অধিকসংখ্যক সুবিধা লাভ কৰিছিল উত্তৰ আৰু উত্তৰ পশ্চিম ভাৰতৰ ধনী আৰু অধিক মাটিৰ গৰাকী কৃষকসমূহে । সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ পঞ্জাৱ , হাৰিয়ানা, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তত কৃষক সমাজৰ মাজত নতুন উন্নত ধৰণৰ ঘেঁহুৰ বীজৰ বাবে ব্যাপক উৎসাহৰ উদয় হয়। ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে জনা য়ায় সেই সময়ত ভাৰতৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ উপদেষ্টাৰূপে কাৰ্যভাৰত থকা এম এছ স্বামীনাথনক। তেওঁ ভাৰতৰ সেউজ বিপ্লৱৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
সেউজ বিপ্লৱে ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছিল। এই বিপ্লৱৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহ হ’লঃ
ৰাজনৈতিক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ এক প্ৰধান ফলাফল হ’ল যে এই বিপ্লৱৰ দ্বাৰাই ভাৰত এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সক্ষমতা থকা ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হয়। এই সফলতাৰ বাবে ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টি তথা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।
(২) এই বিপ্লৱে পৰোক্ষভাৱে ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক অধিক শক্তিশালী কৰি গঢ়ি তোলাত সহায় কৰিছিল।
অৰ্থনৈতিক ফলাফলঃ
(১) সেউজ বিপ্লৱৰ প্ৰধান অৰ্থনৈতিক সফলতা হ’ল যে এই বিপ্লৱৰ ফলতে ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি হোৱাত সহায় কৰে।
(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতবৰ্ষৰ কৃষিকাৰ্যৰ পদ্ধতি আৰু কৌশলৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হয়।
(৩) এই বিপ্লৱৰ আন এক উল্লেখযোগ্য ফলাফল হ’ল যে ই ভাৰতক খাদ্যৰ দিশত স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলে আৰু ভাৰতে বিশ্ব বেংকৰ পৰা লোৱা সমষ্ট ঋণ পৰিশোধ কৰাৰ সক্ষমতা অৰ্জন কৰে।
উক্ত ধৰণেৰে সেউজ বিপ্লৱৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফল পৰিলক্ষিত হয়।
সেউজ বিপ্লৱৰ ইতিবাচক দিশৰ লগতে কিন্ত কিছুমান সীমাবদ্ধতা বা দোষো আছে। সেই সমূহ হ’লঃ
(১) সেউজ বিপ্লৱৰ এক প্ৰধান সীমাবদ্ধতা হ’ল যে ই ভাৰতত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰিলেও কিন্ত ৰাষ্ট্ৰখনক স্থায়ী আৰু পূৰ্ণৰূপে স্বনিৰ্ভৰশীল কৰি তোলাত সফলতা লাভ কৰা নাই। সাম্প্ৰতিক কালতো দেশখনৰ কৃষিখণ্ডৰ উৎপাদনে বহু সময়ত চাহিদা পূৰণ কৰিব কৰিবলৈ সক্ষম নহয়।
(২) ভাৰতে উন্নত ধৰণৰ সকলো শস্যৰ বীজ দেশৰ সকলো প্ৰান্তলৈ প্ৰসাৰ আৰু বিস্তাৰ কৰাত ব্যৰ্থ হৈছে। সেউজ বিপ্লৱে খাদ্য শস্যৰ আৰু কৃষি ক্ষেত্ৰত মাত্ৰ কেইটামান দিশৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব প্ৰদান কৰে আৰু পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যইহে এই বিপ্লৱৰ পৰা সৰ্বাধিক লাভৱান হয়। ভাৰতৰ সকলো ৰাজ্যই এই বিপ্লৱৰ পৰা সমানভাৱে প্ৰভাৱিত তথা লাভৱান নহয়।
(৩) সেউজ বিপ্লৱৰ পৰিপ্ৰেক্ষিততো সাম্প্ৰতিক সময়তো ভাৰতৰ ৰাজ্য উৰিষ্যাৰ কালাহান্দিৰ নিচিনা অঞ্চলত বহুবছৰ জুৰি দুৰ্ভিক্ষ চলি থকাৰ ফলত বহু লোকৰ খাদ্য অভাৱত মৃত্যু হয়। বৰ্তমানো ভাৰতত মাজে মাজে খাদ্যশস্যৰ নাটনি ঘটা দেখা যায়।
এনেদৰে সেউজ বিপ্লৱৰ বহুতো সীমাবদ্ধতা বা দোষ পৰিলক্ষিত হয়।
Nikita Chetia
(M.A in Political Science)
Post ID : DABP005916