Chapter: 7
ভক্তি আৰি চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গন্থ, ৮ম শতিকাৰ পৰা ১৮ শ শতিকালৈ (Bhakti and Sufi Tradition, Change in Religious Beliefs and Devotional Text, Century 8th to 18th Century)
প্ৰশ্নাৱলী
◻️ চমুপ্ৰশ্ন
১। সম্প্রদায়সমূহৰ সমন্বয়ৰ যােগেদি ইতিহাসবিদসকলে কি অর্থ প্রকাশ কৰিছে উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ ইতিহাসবিদসকলে এই সন্ত কবিসকলৰ জীৱন প্ৰণয়ণ কৰিছে নিজৰ সম্প্ৰদায়ৰ শিষ্য়সকলে ৰচনা কৰা জীৱনীসমূহৰ ওপৰত ভিত্তি কৰি। কবিসকলে ৰচনা কৰা সাহিত্য়সমূহ, যিবোৰ প্ৰথম অৱস্থাত মৌখিক ৰূপত আছিল। এই ৰচনাৱলীৰ সৰহ সংখ্য়কেই আছিল গীত। এইবোৰ সাধাৰণতে সন্তসকলৰ মৃত্য়ুৰ পিছতে তেওঁৰ শিষ্য় আৰু ভক্তসকলে সংকলন কৰিছিল। এই সন্তসকলৰ মূল্য়াংকন কৰাটো ইতিহাসবিদসকলৰ কাৰণে এক ডাঙৰ প্ৰত্য়াহ্বান স্বৰূপ আছিল।
পূজা প্ৰণালীৰ সমন্বয়ঃ এই সম্পৰ্কে চিন্তা কৰা ইতিহাসবিদসকলৰ মতে সেই সময়ত দুটা প্ৰক্ৰিয়া কাৰ্যৰত আছিল। ইয়াৰ এটা হৈছে- পৌৰাণিক গ্ৰন্থসমূহৰ ৰচনা, সংকলন আৰু সংৰক্ষণৰ দ্বাৰা ব্ৰাহ্মণ্য় চিন্তা-চৰ্চাৰ প্ৰচাৰ কৰা।আনটো প্ৰক্ৰিয়া হৈছে ব্ৰাহ্মণ্য়সকলৰ দ্বাৰা শূদ্ৰ আৰু আন সামাজিক সম্প্ৰদায়সকলৰ আচৰণ আৰু বিশ্বাসক স্বীকৃতি প্ৰদান কৰি এটা নতুন ৰূপ দিয়া। সমাজ শাস্ত্ৰবিদসকলৰ মতে সমগ্ৰ উপমহাদেশখনৰ অনেক ধৰ্মীয় বিশ্বাস আৰু পদ্ধতি 'মহান' পৌৰাণিক সংস্কৃতি পৰম্পৰা আৰু 'লঘূ' পৰম্পৰাৰ মাজত হোৱা অবিৰত আদান-প্ৰদান প্ৰক্ৰিয়াৰ। সমন্বয়ৰ এই ভিন্নতা দেৱী সম্প্ৰদায়ৰ মাজতো পৰিলক্ষিত হয়।
২। মছজিদ স্থাপত্যকলাত বিশ্বজনীন আৰু স্থানীয় পৰম্পৰাৰ কিমানদূৰ সংমিশ্রণ ঘটা বুলি তুমি ভাবা?
উত্তৰঃ
৩। বে-চাৰিয়া আৰু বা-চাৰিয়া চুফী পৰম্পৰাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি আছিল?
উত্তৰঃ চাৰিয়া হৈছে মুছলিম সম্প্ৰদায়সকলৰ বাবে তৈয়াৰ কৰা আইন। চাৰিয়াতক যিসকল লোকে মনা নাছিল বা অৱজ্ঞা কৰিছিল তেওঁলোকক বে-চাৰিয়ী বুলি কোৱা হয়। আনহাতে যিসকল লোকে চাৰিয়াত পালন কৰিছিল তেওঁলোকক বা-চাৰিয়াত বুলি কোৱা হয়। বে-চাৰিয়দে ধৰ্ম ৰীতি-নীতি নামানে আৰু সংযমী হোৱাৰ পৰা নিজকে বিৰত কৰি ৰাখে। আনহাতে, বা-চাৰিয়াতে স্থানীয় পৰম্পৰাক মানে। বে-চাৰিয়তে সংসাৰৰ সুখ ভোগৰ পৰা আঁতৰত থাকে। তেওঁলোকৰ ৰজাঘৰৰ লগত কোনো সম্পৰ্ক নাথাকে। আনহাতে, বা-চাৰিয়াৰ লোকসকলে প্ৰয়োজন সাপেক্ষে চৰকাৰী সাহায্য় ল'বলৈ ইচ্ছা প্ৰকাশ কৰে।
৪। আলবাৰ, নয়নাৰ আৰু বীৰ শৈৱসকলৰ জাতি ব্যৱস্থা সম্পর্কে ধাৰণা কেনে আছিল আলােচনা কৰা।
উত্তৰঃ আলৱাৰ (বিষ্ণুভক্ত) আৰু নয়নাৰ (শিৱভক্ত) সকলৰ নেতৃত্বত আৰম্ভ হৈছিল। তেওঁলোকে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি তামিল ভাষাত ইষ্ট দেৱতাৰ গুণানুকীৰ্ত্তন কৰি ফুৰিছিল। তেওঁলোকে ভ্ৰমণ কৰা সময়ত কিছুমান পূণ্য়স্থানক তেওঁলোকৰ আৰাধ্য় দেৱতাৰ আৱাসস্থল বুলি ঘোষণা কৰিছিল। পিছত সেই স্থানসমূহতে বিশাল মন্দিৰ নিৰ্মাণ কৰিছিল। সেই মন্দিৰসমূহ তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছিল। আলৱাৰ আৰু নয়নাৰ সন্তসকলে যাগ-যজ্ঞ পূৰ্ণ ব্ৰাহ্মণ্য় ৰীতি-নীতি, জাতিভেদ প্ৰথা আৰু পুৰোহিতৰ প্ৰাধান্য় হ্ৰাস কৰিব বিছাৰিছিল। তেওঁলোকে ধৰ্ম, জাতি, বৰ্ণ আৰু পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৱে ভগৱানৰ অৰ্চনা কৰাৰ অধিকাৰ প্ৰদান কৰিছিল। আলৱাৰ সন্তৰ দ্বাৰা ৰচনা কৰা এখন মূখ্য় কাব্য় সংকলন "নালায়িৰাদিৱ্য় প্ৰৱন্ধনম"ক তামিল বেদ বুলি আখ্য়া দিয়া হৈছে। সেই গ্ৰন্থখনক ব্ৰাহ্মণসকলে চাৰিবেদৰ সমকক্ষ বুলি স্বীকৃতি দিছে।
১২শ শতিকাত বাসৱনা নামৰ এজন ব্ৰাহ্মণৰ নেতৃত্বত কৰ্ণাটকত এক নতুন ধৰ্মীয় আন্দোলনৰ সূত্ৰ পাত হৈছিল। তেওঁ আগতে এজন জৈন ধৰ্মাৱলম্বী আৰু চোল সম্ৰাটৰ মন্ত্ৰী আছিল। তেওঁ অনুগামীসকলক তেওঁৰ নামৰ অনুসৰি বীৰ শৈৱ বুলি জনা গৈছিল। বীৰ শৈৱসকলে শিৱক লিংগ ৰূপে আৰাধনা কৰিছিল। বীৰ শৈৱসকলৰ পুৰুষসকলে ৰূপৰ এটা টেমাত এটা সৰু লিংগ ভৰাই বাওঁ কান্ধত ধাৰণ কৰিছিল।
৫। কবীৰৰ মুখ্য উপদেশসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ১৪শ আৰু ১৫শ শতিকাৰ সময়ছোৱাত ধৰ্মীয় দীক্ষা দিয়াজনে আছিল কবীৰ। তেওঁ ৰমানন্দৰ এজন মহান শিষ্য় আছিল। তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰাটো ইতিহাসবিদসকলৰ কাৰণে কষ্টকৰ আছিল।তেওঁ কাব্য় আৰু জীৱনীসমূহৰ অধ্য়য়নৰ যোগেদি। কবীৰ এগৰাকী ব্ৰাহ্মণ সন্তান আছিল বুলি জনা যায়। তেওঁক এজন নিৰু নামৰ মুছলমান তাঁতীয়ে লালন-পালন কৰিছিল। সেই বাবে তেওঁক নিম্নজাত বৃত্তিত প্ৰশিক্ষণো দিয়া হৈছিল।
কবীৰৰ বাণীসমূহে তিনিটা বিশিষ্ট পৰস্পৰ বিৰোধী পৰম্পৰাই সংকলন কৰিছিল। কবীৰৰ সংকলিত বাণীসমূহক 'কবীৰ বীজ' বুলি জনা যায়। তেওঁ ভালেমান পদ 'আদি গ্ৰন্থ চাহিব'তো সংকলন কৰা হৈছিল। কবীৰ মৃত্য়ুৰ হোৱা বহুু দিনৰ পিছতে এই পাণ্ডুলিপিসমূহ সংকলনৰ কাম হাতত লোৱা হৈছিল। কবীৰৰ দোহাসমূহ বিভিন্ন ভাষা যেনে- স্থানীয় দোৱানত আৰু কিছুমান নিৰ্গুণ কবিসকলে গোৱা বিশেষ ভাষা। 'ফুল অবিহনে পদুম ফুলা', 'সমুদ্ৰত জুই' আদি কবীৰৰ ৰহস্য়বাদী অনুভূতিৰ প্ৰকাশ আছিল।
৬। গুৰুনানক কোন আছিল? তেওঁৰ ধর্মমতৰ বর্ণনা দিয়া
উত্তৰঃ গুৰুনানক জন্ম হৈছিল ১৪৬৯ চনত পঞ্জাৱ প্ৰদেশৰ ৰাভী নদীৰ পাৰৰ নানক চাহিব নামে গাঁৱৰ এটি হিন্দু বণিক পৰিয়ালত। গুৰুনানকৰ জন্মদিন কাতিমাহৰ পূৰ্ণিমা তিথিত গোটে পৃথিৱীতে পালন কৰা হয়।
গুৰুনানকৰ ধৰ্মমতসমূহ ভজন আৰু উপদেশ সমূহত নিহিত হৈ আছে। আন্তৰিকভাৱে ভগৱানৰ উপাসনা কৰা আৰু চিত্ত শুদ্ধি ৰখা এইটোৱে আছিল তেওঁৰ ধৰ্মৰ মূল কথা। হিন্দু আৰু মুছলমান ধৰ্মগ্ৰন্থসমূহো তেওঁ গ্ৰাহ্য় কৰা নাছিল। বাবা গুৰু নানকৰ কাৰণে পৰম পুণ্য় 'ৰৱ' কোনো আকাৰ নাই তেওঁ নিৰাকাৰ। পাঞ্জাৱী ভাষাত 'শব্দ' মাধ্য়মেৰে তেওঁ বাণীসমূহ প্ৰকাশ কৰিছিল। গুৰু নানকে তেওঁৰ শিষ্য়সকলক এটা বিশেষ সম্প্ৰদায়ৰ ৰূপত সংগঠিত কৰিছিল। গুৰু নানকে সামূহিক উপাসনাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। তেওঁ অনুগামী অংগদক নিজৰ উত্তৰাধিকাৰী পদত অধিস্থিত কৰি থৈ গৈছিল। সেই পৰম্পৰা ২০০ বছৰ ধৰি চলি আছিল। গুৰু নানকে কোনো নতুন ধৰ্ম প্ৰচাৰ কৰিব বিচৰা নাছিল।
৭। প্ৰাৰম্ভিক ভক্তি পৰম্পৰাৰ বৈশিষ্ট্যসমূহ কি আছিল?
উত্তৰঃ
৮। ইছলাম ধৰ্মৰ পাঁচটা মূলনীতি উল্লেখ কৰা।
উত্তৰঃ ইছলামসকলৰ আগমনৰ ফলত যিবোৰ পৰিৱৰ্তন হৈছিল সেইসমূহ কেৱল শাসকসকলৰ মাজতে সীমাবদ্ধ নাছিল। ইয়াৰ প্ৰভাৱ সমগ্ৰ উপমহাদেশ দূৰ-দূৰণিৰ সকলো অঞ্চলত আৰু সামাজিক গোট কৃষক, যোদ্ধা, শিল্পী আৰু বণিক আদি এইসমূহৰ ওপৰত পৰিছিল। যিসকল লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেই লোকসকলে ইছলাম ধৰ্ম মূল পাঁচটা সিদ্ধান্ত মানি ল'ব লাগিছিল। সেই সিদ্ধান্ত কেইটা হৈছে
১। এজন মাত্ৰ ভগৱানৰ বিশ্বাস, তেওঁ আল্লা আৰু মহম্মদ আছিল।
২। দিনটোত পাঁচবাৰ নামাজ বা ছালাট (প্ৰাৰ্থনা) কৰিব লাগিব।
৩। দান দিয়া।
৪। ৰমজান মাহত ৰজা ৰখা আৰু
৫। হজৰ কাৰণে মক্কালৈ যোৱা।
'খোজ' সম্প্ৰদায়িক লোকসকলে কোৰাণৰ তত্ত্বসমূহ প্ৰচাৰৰ কাৰণে স্থানীয় সাহিত্য়ৰ সহায় লৈছিল। এইবোৰৰ ভিতৰত প্ৰধান আছিল 'জিনম' নামৰ ভক্তি গীতবোৰ। সেই গীতবোৰ মূলতানী, পাঞ্জাৱী, সিন্ধ্ৰী, হিন্দী, গুজৰাটী আৰু পাৰ্ছীসকলে সদায়ে প্ৰাৰ্থনা সভাত গাইছিল।
৯। চুফী আৰু ভক্তি পৰম্পৰাৰ সাদৃশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
১০। ভক্তি আৰু চুফী পৰম্পৰাত আঞ্চলিক ভাষাসমূহ প্রয়ােগ কৰাৰ কাৰণ কি বুলি ভাবা?
১১। খানকাহৰ এটি বিৱৰণ দিয়া?
উত্তৰঃ খানকাহ আছিল সামাজিক জীৱন-যাপনৰ কেন্দ্ৰ বিন্দু। ১৪ শতিকাত শ্বেইখ নিজামুদ্দিন আউলীয়াৰ খানকাহ সেই সময়ৰ দিল্লী চহৰৰ সীমাত যমুনা নদীৰ পাৰৰ গিয়াছপুৰ নামৰ ঠাইত আছিল। সেই ঠাইত ভক্ত আৰু অতিথিসকল থকা আৰু প্ৰাৰ্থনা কৰিব কাৰণে কিছুমান সৰু সৰু কোঠাৰ আৰু লগতে এটা ডাঙৰ কোঠা আছিল। তেওঁলোকৰ মাজতে শ্বেইখৰ নিজৰ পৰিয়াল আৰু সহায়কাৰীও আছিল। ছাদৰ ওপৰত এটা সৰু কোঠা আছিল। সেই কোঠাত শ্বেইখে সদায় গধূলি আৰু পুৱা অতিথিসকলৰ লগত মিলি-জুলি আছিল। খানকাহৰ চোতালৰ চাৰিওফালে বাৰান্দা আছিল আৰু গোটে খানকাহটো প্ৰাচীৰে ঘেৰি আছিল। মোগল আক্ৰমণৰ সময়ত ওচৰৰ বাসিন্দাসকলে সেই ঠাইতে আশ্ৰয় লৈছিল। দান-দক্ষিণাৰে চলা এটা সামূহিক ৰন্ধন শালত আহাৰ প্ৰস্তুত কৰা হৈছিল। সেই ঠাইত চিপাহী, গায়ক, কবি, ব্য়ৱসায়ী, ধনী-দুখীয়া, হিন্দু, যোগী আৰু কালন্দৰ আদি বিভিন্ন লোকসকলে পুৱাৰ পৰা গধূলিলৈ সেই ঠাইত ভিৰ কৰিছিল। তেওঁলোকৰ ভিতৰত কিছু লোক আহিছিল ভক্ত হ'বলৈ কোনোবা জনে প্ৰাৰ্থনা কৰিবলৈ আৰু আন কিছুমান লোকে তাবিজ ল'বলৈ আহিছিল।
চুফীসকলে সংস্থাগত দৃষ্টিয়ে নিজকে এক সংগঠিত সম্প্ৰদায় খান কাহৰ দৰে প্ৰতিষ্ঠা কৰিলে। ১১ শতিকালৈ চুফীবাদে কোৰাণ আৰু চুফী মতবাদৰ জড়িয়তে নিজৰ সাহিত্য়ৰ সৈতে এক পূৰ্ণ বিকশিত আন্দোলন ৰূপে আত্মপ্ৰকাশ কৰিছিল। খানকাহৰ নিয়ন্ত্ৰণ শ্বেইখ আৰু পীৰ হাতত আছিল। তেওঁ শিষ্য়সকলক খান কাহত ভৰ্ত্তি কৰি উত্তৰাধিকাৰী নিয়োগ কৰিছিল। বহু ৰহস্য়বাদী লোকে চুফী সিদ্ধান্ত সমূহৰ মৌলিক ব্য়াখ্য়া ক্ষেত্ৰত আধাৰিত নতুন মতবাদ স্বীকাৰ কৰা নাছিল।
১২। কর্ণাটকত নতুন ধর্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল।
উত্তৰঃ কৰ্ণাটকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব আলৱাৰ আৰু নয়নাৰসকলে দিছিল।
১৩। শংকৰদেৱ কোন?
উত্তৰঃ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য়-সংস্কৃতিৰ নিৰ্মাতা আছিল।
১৪। কবীৰৰ অনুগামীসকলক কি বুলি জনা যায়?
উত্তৰঃ কবীৰৰ অনুগামীসকলক কবীৰপন্থী বুলি জনা যায়।
◻️অতি চমু উত্তৰ দিয়া।
১। তান্ত্রিক ধর্ম মানে কি?
উত্তৰঃ তান্ত্ৰিক ধৰ্ম মানে হ'ল বহুতো লোকে দেৱীক আৰাধনা কৰা।
২। যােগীসকল কোন আছিল?
উত্তৰঃ ভাৰতবৰ্ষ প্ৰাচীনতম জনগোষ্ঠীসমূহৰ ভিতৰত এটা হৈছে যোগী সম্প্ৰদায়।
৩। নয়নাৰপন্থীসকলে কিয় জৈন আৰু বৌদ্ধসকলৰ বিৰােধিতা কৰিছিল?
উত্তৰঃ নয়নাৰপন্থীসকলে জৈন আৰু বৌদ্ধসকলৰ বিৰোধিতা কৰিছিল। ভাৰত দক্ষিণ অঞ্চলৰ লগতে নয়নাৰ নামৰ এটা শিৱভক্ত ধৰ্মীয় পন্থাৰ নেতৃত্বৰ ভক্তি আন্দোলন আৰম্ভ হৈছিল। তেওঁলোক শিৱভক্ত আছিল। তেওঁলোকে ব্ৰাহ্মণ আৰু পুৰোহিতসকলৰ সামাজিক সক্ষমতা হ্ৰাস কৰিছিল। দক্ষিণ ভাৰতত জৈন আৰু বৌদ্ধধৰ্মৰ প্ৰভাৱ হ্ৰাস কৰা কাৰণে বিৰোধিতা কৰিছিল।
৪। 'জিম্মি' মানে তুমি কি বুজা?
উত্তৰঃ 'জিম্মি' মানে হৈছে সুৰক্ষিত প্ৰজা।
৫। জিয়াৰৰ পৰম্পৰাক কিয় উচ্চ বুলি কোৱা হয়?
উত্তৰঃ জিয়াৰৰ পৰম্পৰাক উচ্চ বুলি কোৱা হয়। কাৰণ পীৰসকলৰ দৰগাহলৈ তীৰ্থযাত্ৰা কৰিছিল। ভক্তসকলে পীৰসকলৰ মৃত্য়ু বাৰ্ষিকত শ্ৰদ্ধা জনোৱাতো এটা নীতিত পৰিণত হৈছিল।
৬। দুজন বিখ্যাত চুফী সন্তৰ নাম লিখা।
উত্তৰঃ দুজন বিখ্য়াত চুফী সন্তৰ নাম হ'ল ১। ৰাবি আৰু ২। মনচুৰ-বিন-হালাজ।
৭। মচনৱী মানে কি?
উত্তৰঃ মচনৱী মানে হ'ল চুফী পণ্ডিতসকলৰ ৰচনাসমূহ। এইসমূহ দীঘলীয়া আছিল।
৮। কবীৰৰ উল্টাবাসী ৰচনাসমূহ কি আছিল?
উত্তৰঃ কবীৰৰ উল্টাবাসী ৰচনাসমূহ হৈছে ফুল অবিহনে পদুম ফুলা আৰু সমুদ্ৰত জুই।
৯। মীৰাবাঈ কোন আছিল?
উত্তৰঃ মীৰাবাঈ আছিল ভক্তি পৰম্পৰা সকলোতকৈ প্ৰসিদ্ধ মহিলা। তেওঁ ৰচনা কৰা ভজনসমূহৰ আধাৰত তেওঁ জীৱনৰ বিষয়ে জানিব পাৰিছিল। মীৰাবাঈ মাৰোৱাৰৰ মিৰাট জিলাৰ এগৰাকী ৰাজপুত্ৰ ৰাজকুমাৰী আছিল।
১০। “ছাখা’ মানে কি?
উত্তৰঃ
◻️ ৰচনাধৰ্মী প্ৰশ্নঃ
১। চুফী পৰম্পৰাৰ বিকাশ সম্পর্কে বিস্তৃতভাৱে আলােচনা কৰা আৰু খানকাহ আৰু ছিলছিলাৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ মধ্য় যুগত চুফীবাদ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শক্তি আছিল। ইছলামৰ প্ৰাৰম্ভিক শতাব্দী কেইটাতে ধৰ্মীয় ৰাজনৈতিক সংস্থা খিলাফতৰ গোড়ামি আৰু জড়বাদৰ বিৰুদ্ধে কিছু আধ্য়াত্মিক লোকৰ মাজত ৰহস্য়বাদী আৰু বৈৰাগ্য় সংস্থা চিন্তাৰ উদ্ৰেক হয়। ইয়াকে চুফীবাদ বুলি কোৱা হয়। চুফীবাদৰ গোড়া ইছলামৰ বিৰুদ্ধে এক বিদ্ৰোহ আছিল। চুফীবাদৰ ইছলামৰ প্ৰতিশব্দ হ'ল 'তচউফ' ইয়াৰ অৰ্থ হৈছে ঊণ। ঊণ হৈছে চুফীসকলে ব্য়ৱহাৰ কৰা খহটা ঊণৰ কাপোৰ। আন এচাম পণ্ডিতৰ মতে চুফী শব্দটো 'চাফ' ৰ পৰা আহিছে। অৰ্থাৎ চফা বা পৰিষ্কাৰ। চুফীবাদৰ বৈশিষ্ট্য় সমূহ হ'ল
(ক) তেওঁলোকৰ ধৰ্মীয় পৰিভাষা আৰু ধৰ্মতত্ববিদসকলৰ দ্বাৰা কৰা কোৰাণ আৰু চুন্নাৰ বৌদ্ধিক ব্য়াখ্য়া সমূহৰ সমালোচনা কৰিছিল।
(খ) তেওঁলোকে ইয়াৰ বিপৰীতে মুক্তি আৰু প্ৰাপ্তিৰ কাৰণে ইশ্বৰক ভক্তি আৰু তেওঁ আদৰ্শসমূহ পালন কৰাত গুৰুত্ব আৰোপ কৰিছিল।
(গ) মহাপুৰুষ বুলি ধাৰণা কৰা পয়গম্বৰ মহম্মদৰ জীৱন অনুসৰণ কৰা।
(ঘ) কোৰাণত তেওঁলোকৰ নিজৰ ব্য়ক্তিগত অভিজ্ঞতাৰ ব্য়াখ্য়া কৰা।
চুফীসকলে নিজকে এক সংগঠিত সম্প্ৰদায় খান কাহ দৰে প্ৰতিষ্ঠা কৰিছিল। খান কাহৰ নিয়ন্ত্ৰণ শ্বেইখ আৰু পীৰ হাতত আছিল। তেওঁৰ শিষ্য়সকলক খান কাহত ভৰ্ত্তি কৰি উত্তৰাধিকাৰী নিয়োগ কৰিছিল। উত্তৰাধিকাৰী জনে আধ্য়াত্মিক ব্য়ৱহাৰৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছিল।
১২শ শতিকাৰ আশে-পাশে ইছলাম সমাজত চুফী ছিলছিলাৰ গঠন হৈছিল। ইয়াৰ অৰ্থ হৈছে শিকলি, যি গুৰু আৰু শিষ্য়ৰ মাজত এক নিৰৱচ্ছিন্ন সম্পৰ্কৰ বহন কৰিছিল। এই সম্পৰ্ক পয়গম্বৰ মহম্মদৰ লগত জড়িত হৈ আছে। ছিলছিলাত দীক্ষাৰ ব্য়ৱস্থা আছিল। পীৰসকলৰ মৃত্য়ুৰ পিছত তেওঁলোকৰ দৰগাহ ভক্তসকলৰ কাৰণে পবিত্ৰ স্থান আছিল। সৰহ সংখ্য়ক চুফী ছিলছিলাৰেই নাম তেওঁলোকৰ প্ৰতিষ্ঠাতাৰ নামৰ পৰা উদ্ভৱ হৈছিল। যেনে- আব্দুল কাদিৰী জিলামী আৰু আন কিছুমান ছিলছিলাৰ নাম তেওঁলোকৰ জন্মস্থানৰ পৰা উদ্ভৱ হৈছিল। যেনে- চিষ্টি, মধ্য় আফগানিস্থানৰ চিষ্টি চহৰৰ পৰা উদ্ভৱ হৈছিল।
২। চুফী সন্ত আৰু ৰাজ্যৰ মাজত সম্পর্ক আলােচনা কৰা।
উত্তৰঃ
৩। ভক্তি পৰম্পৰাৰ বিকাশ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ
৪। ভক্তি পৰম্পৰাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
৫। ভক্তি পৰম্পৰাৰ কেইজনমান বিখ্যাত সন্তৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ
৬। চুলতান আৰু চুফীসকলৰ মাজত বিৰােধ আছিলনে?
উত্তৰঃ
৭। খানকাহ কি? চিস্তি খানকাহত কেনেদৰে জীৱন কটোৱা হয় চমুকৈ লিখা।
উত্তৰঃ খানকাহ হৈছে সামাজিক জীৱন-যাপনৰ কেন্দ্ৰ বিন্দু।
১৪ শ শতিকাৰ শ্বেইখ নিজামুদ্দিন আউলীয়াৰ খানকাহ সেই সময়ৰ দিল্লী চহৰৰ সীমাত যমুনা নদীৰ পাৰৰ গিয়াছপুৰ নামৰ ঠাইত আছিল। খানকাহ আছিল সামাজিক জীৱন-যাপনৰ কেন্দ্ৰ বিন্দ। ইয়াত অতিথি আৰু ভক্তসকল থকা আৰু সেই ঠাইত প্ৰাৰ্থনা কৰিব কাৰণে কিছুমান সৰু সৰু কোঠা আৰু এটা ডাঙৰ কোঠা আছিল। সেই ঠাইতে শ্বেইখৰ নিজৰ পৰিয়াল, সেৱক আৰু সহায়কাৰীও আছিল। শ্বেইখক ছাৰ্দৰ ওপৰৰ এটা সৰু কোঠাত ৰখা হৈছিল। তেওঁ সেই ঠাই পৰা পুৱা-গধুলি অতিথিসকলৰ লগত মিলি আছিল। খানকাহৰ চোতালৰ চাৰিওফালে বাৰান্দা দিয়া আছিল। মোগল আক্ৰমণৰ সময়ত ওচৰৰ বাসিন্দাসকলে ইয়াতে আশ্ৰয় লৈছিল। খানকাহত দান-দক্ষিণাৰে চলা এটা সামূহিক ৰন্ধন শাল আছিল আৰু ইয়াত আহাৰ প্ৰস্তুত কৰা হৈছিল। ইয়াৰ চিপাহী, গায়ক, কবি, গোলাম, ব্য়ৱসায়ী, ধনী-দুখীয়া, হিন্দু, যোগী, কালন্দৰ আৰু নাথ আদি বিভিন্ন ধৰণৰ লোকে ৰাতিপুৱাৰে পৰা ৰাতি দুপৰলৈকে ইয়াত ভিৰ কৰিছিল। খানকাহৰ বাসিন্দাসকলে শ্বেইখৰ সন্মূখত প্ৰণাম কৰিছিল।
৮। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্য়সন্ধ্য়া। শংকৰদেৱ সৰু থাকোতে মাক দেউতাক মৃত্য়ু হৈছিল। তেওঁক বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰি ডাঙৰ কৰিছিল। তেওঁ ১২ বছৰ বয়সতে কবিতা লিখিছিল। সেই কবিতাটোত তেওঁ কোনো চিন নথকাকৈ লিখিছিল। কৰতলৰ কমল কমল দল নয়নৰ...। তেওঁ সংস্কৃতত শাস্ত্ৰত জ্ঞান লাভ কৰিছিল। তেওঁ বহুমূখী প্ৰতিভাসম্পন্ন লোক আছিল।
অসমত নৱবৈষ্ণৱ যুগৰ মূলত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁ প্ৰচাৰ কৰা ধৰ্মত কোনো ধৰণৰ বাধা নাছিল। অসমীয়া জাতি সংগঠনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। শংকৰদেৱে নিজে বৰগীত আৰু ৰুক্মিনীহৰণ কাব্য় আদি বহুতো অংকীয়া নাট, ভাগবত আৰু দশম আদি অনুবাদ কৰিছিল। তেওঁ আছিল এজন সমাজ সংস্কাৰক। তেওঁ অন্তিম সময়লৈকে ধৰ্মৰ প্ৰচাৰ কাৰ্য চলাই আছিল।
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)
0 Comments