জনপ্ৰব্ৰজন ( Migration)ঃ
মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বােলা হয় । সাধাৰণতে সম্পদ - অভাৱী ( resource poor ) অঞ্চলৰ পৰা সম্পদশালী ( resource rich ) অঞ্চললৈ প্ৰব্ৰজন ঘটে । অর্থাৎ যি অঞ্চলত সম্পদৰ অভাৱ অথবা নাটনি হয় , তেনে অঞ্চলৰ পৰা সম্পদত চহকী অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটে । জনপ্রব্রজন কেতিয়াবা দেশৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ আৰু কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ সংঘটিত হয় । দেশৰ ভিতৰতে হােৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্রব্রজন ( internal migration ) আৰু কোনাে দেশৰ পৰা আন এখন দেশলৈ হােৱা প্ৰব্ৰজনক বাহ্যিক প্রব্রজন ( external migration ) বুলি কোৱা হয় ( চিত্র ৩.০৮ ) ।
ভাৰতত সংঘটিত হােৱা আভ্যন্তৰীণ প্রব্রজনক আন্তঃৰাজ্যিক প্রব্রজন ( inter - state migration ) আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্রব্রজন ( intra - state migration ) হিচাপে ভাগ কৰিব পাৰি । আন্তঃৰাজ্যিক প্রব্রজন দেশখনৰ ৰাজ্যবিলাকৰ মাজত হয় । সেইদৰে ৰাজ্যৰ আভ্যন্তৰীণ প্রব্রজন কোনাে ৰাজ্যৰ ভিতৰতে জিলাসমূহ বা অঞ্চলসমূহৰ মাজত সংঘটিত হয় । আনহাতে , ভাৰতবর্ষ আৰু অন্য দেশ বিলাকৰ মাজত হােৱা জনপ্ৰব্ৰজনক বাহ্যিক প্রব্রজন বুলি কোৱা হয় । এই প্রকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায় ।
উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক বা আন্তঃ ৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয় ।

ঐতিহাসিক কালৰে পৰা ভাৰতলৈ বা ভাৰতত জনপ্ৰব্ৰজন হৈ আছে । মূলতঃ অষ্ট্র’ এছীয় , মংগােলীয় , আর্য আৰু দ্রাবিড় জনগােষ্ঠীৰ লােকসকল পুৰণি কালৰ বিভিন্ন সময়ত প্ৰব্ৰজন কৰি ভাৰতবৰ্ষলৈ আহিছিল । বর্তমান সময়তাে দেখা গৈছে যে ভাৰতত প্ৰব্ৰজনকাৰীৰ সংখ্যা ক্রমে বৃদ্ধি পাব লাগিছে । ভাৰতীয় লােক পিয়লৰ তথ্য মতে ‘ জন্মস্থানৰ ভিত্তিত ’ ১৯৬১ চনত দেশখনত প্রায় ১৪৪ নিযুত প্ৰব্ৰজনকাৰী আছিল । কিন্তু ১৯৯১ চনত দেশত প্ৰব্ৰজনকাৰীৰ সংখ্যা প্রায় ২৩০ নিযুতলৈ বৃদ্ধি হয় । ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ চনত ভাৰতত প্ৰব্ৰজনকাৰীৰ সংখ্যা হয় প্রায় ৩০৭ নিযুত ( তালিকা ৩.৩ ) । তালিকাখনত উল্লেখ কৰা তথ্য অনুসৰি ভাৰতত প্ৰব্ৰজনকাৰীৰ সংখ্যা ১৯৯১-২০০১ দশকত বৃদ্ধি পাইছে । সেইদৰে জিলাৰ ভিতৰত , জিলাৰ পৰা জিলালৈ আৰু ৰাজ্যৰ পৰা ৰাজ্যলৈ প্ৰব্ৰজনকাৰীৰ সংখ্যাও বাঢ়ি গৈছে । কিন্তু মন কৰিবলগীয়া যে বিদেশী প্রব্রজনকাৰীৰ সংখ্যা যােৱা ১৯৯১-২০০১ দশকত সামান্য হ্রাস পাইছে । ইয়াৰ সম্ভাৱ্য কাৰণ এয়ে যে দেশত আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজনৰ মাত্রা কিছু পৰিমাণে হ্রাস পাইছে আৰু বৃদ্ধ বয়সৰ বাবে কিছুসংখ্যক প্ৰব্ৰজনকাৰীৰ ইতিমধ্যে মৃত্যু হৈছে । আগতে উল্লেখ কৰা হৈছে যে দেশৰ আভ্যন্তৰীণ প্রব্রজন দুই প্রকাৰৰ— আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যৰ ভিতৰতে হােৱা প্ৰব্ৰজন ( চিত্র ৩.০৮ ) । এই দুই প্রকাৰৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত চাৰিটা প্রব্রজন সোঁত চিনাক্ত কৰা হৈছে , যেনে— গাঁৱৰ পৰা গাঁৱলৈ , গাঁৱৰপৰা চহৰলৈ , চহৰৰ পৰা গাঁৱলৈ আৰু চহৰৰ পৰা চহৰলৈ হােৱা জনপ্রব্রজন । দেশৰ সামাজিক আৰু অর্থনৈতিক উন্নয়নৰ বৈষম্য , ভূমিৰ ওপৰত জনসংখ্যাৰ বর্ধিত হেঁচা , কর্মসংস্থানৰ সুযােগ - সুবিধা , শিক্ষাৰ প্ৰসাৰ , বিবাহ আদি কাৰকৰবাৰে জনপ্ৰব্ৰজন প্রক্রিয়াক উনি দিছে । দেশৰ আভ্যন্তৰীণ প্রব্রজনতকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ গুৰুত্ব অধিক । ভাৰতলৈ বিশেষকৈ ইয়াৰ চুবুৰীয়া দেশসমূহৰ পৰা ভালেসংখ্যক প্ৰব্ৰজনকাৰীৰ সোঁত বৈছে । ১৯৪৭ চনত দেশ বিভাজন হােৱাৰ সময়ছােৱাত আৰু পৰৱর্তী সময়ত ১৯৭১ চনত ভাৰত বাংলাদেশ যুদ্ধৰ সময়ৰ পৰা বর্তমান সময়লৈকে বিভিন্ন মাত্রাত এই প্ৰব্ৰজন অব্যাহত আছে । ভাৰতীয় লােকপিয়লৰ ২০০১ চনৰ তথ্য মতে ‘ প্ৰব্ৰজনকাৰীয়ে এৰি অহা শেহতীয়া বাসস্থান’ৰ ভিত্তিত ( by last residence ) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্রম কৰি চুবুৰীয়া দেশসমূহৰ পৰা প্ৰায় ৫.১ নিযুত প্ৰব্ৰজনকাৰী ভাৰতলৈ আহিছিল । ভাৰতৰ চুবুৰীয়া দেশবােৰৰ পৰা হােৱা প্ৰব্ৰজনলৈ লক্ষ্য কৰিলে দেখা যায় যে বাংলাদেশৰ পৰা প্ৰায় ৩ নিযুত , পাকিস্তানৰ পৰা প্ৰায় ০.৯ নিযুত , নেপালৰ পৰা প্ৰায় ০.৫ নিযুত আৰু শ্রীলংকাৰ পৰা প্রায় ০.১ নিযুত প্ৰব্ৰজনকাৰী ভাৰতত প্ৰৱেশ কৰিছিল । মূলতঃ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক আৰু শৈক্ষিক কাৰণত চুবুৰীয়া দেশসমূহৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হৈছে ।
তালিকা ৩৩ঃ ভাৰতবৰ্ষৰ জনপ্ৰব্ৰজনৰ তথ্য(১৯৯১- ২০০১)
জনসংখ্যা(নিযুত হিচাবত)
|
১৯৯১(জম্মু-কাশ্মীৰক বাদ দি)
|
২০০১ জম্মু- কাশ্মীৰক ধৰি
|
(১)ভাৰতৰ মুঠ
জনসংখ্যা
(২)মুঠপ্ৰব্ৰজনকাৰী(জন্মস্থানৰ
ভিত্তিত)
(ক) জিলাৰ ভিতৰত
(খ) জিলাৰ পৰা
জিলালৈ
(গ) ৰাজ্যৰ পৰা ৰাজ্যলৈ
(ঘ) বিদেশৰ পৰা
|
৮৩৮.৫
২২৯.৮
১৩৬.২
৫৯.৪
২৭.৩
৬.৯
|
১,০২৮.৬
৩০৭.১
১৮১.৮
৭৬.৮
৪২.৩
৬.১
|
উৎসঃ ভাৰতীয় লোকপিয়ল-২০০১
প্ৰব্ৰজনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী । প্ৰব্ৰজন বিশেষকৈ আন্তঃ ৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে পৰিগণিত হৈছে । প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক পাৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছে । প্ৰব্ৰজনৰ কেইটামান বিশেষ প্ৰভাৱ তলত উল্লেখ কৰা হল-
(ক) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কতি গঢ় লৈ উঠিছে ।
( খ ) প্ৰব্ৰজনৰ ফলত দেশৰ অর্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে ।
( গ ) প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে । প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি , ঘনত্ব , শিক্ষিতৰ হাৰ সলনি হৈছে । কোনাে কোনাে অঞ্চলত প্ৰব্ৰজনকাৰীৰ সংখ্যা ভূমিপুত্ৰসকলৰ সংখ্যাতকৈ অধিক হােৱাৰ ফলত ভাষা, ধর্ম , সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে ।
( ঘ ) প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যােগাই আহিছে । জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে । দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেচা পৰিছে , অৰণ্য আৰু আদ্রভূমিৰ পৰিৱেশতন্ত্র বিঘ্নিত হৈছে আৰু নিয়ােগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতাে সমস্যাৰ সৃষ্টি হৈছে ।
( ঙ ) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হােৱা ধর্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
( চ ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নােৱাৰি মানসিক চাপত ভােগে ।
(ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বক্তি অঞ্চল ( slums ) গঢ়ি উঠিছে । এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে ।
( জ ) প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱর্তন হােৱাৰ উপক্ৰম হৈছে ।
Type Sumit Patar
Class 9 Social Science Geography
Post ID : DABP006471