শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহঃ
শস্যৰ খেতি কৰিবলৈ খতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজকে ব্যস্ত ৰাখিবলগীয়া হয়। তোমালোকে বোধহয় দেখিছা যে এই কামবোৰ, এজন মালীয়ে বাগিচাত কৰা কাম বা তুমিতোমাৰ ঘৰত সৌন্দৰ্যবৰ্ধক উদ্ভিদ লগাওতে কৰা কামবোৰৰ সৈতে একে। এই কামবোৰকে খতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। এই কামবোৰ তলত উল্লেখ কৰা হ'ল-
১। মাটি চহোৱা
২। বীজ সিঁচা
৩। জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা
৪। পানী যোগানৰ ব্যৱস্থা কৰা অৰ্থাৎ জলসিঞ্চন
৫। অপতৃণ আৰু ঘাঁহ-বনৰ পৰা ৰক্ষা কৰা
৬। মজুত কৰা
মাটি চহোৱাঃ মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা ঢিলা কৰা।ঢিলা মাটিত উদ্ভিদৰ শিপা সহজ তললৈ যাব পাৰে। গছৰ শিপাই ঢিলা মাটিত তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। তেনে মাটিত কিয় বাৰু গছৰ শিপাই অতি সহজে উশাহ ল'ব পাৰে ? ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। এই কেঁচু আৰু অণুজীৱসমূহ খেতিয়কৰ বন্ধু। কিয়নো সিহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায় । তোমালোকে আগৰ শ্ৰেণীত পাই আহিছাযে মাটিত খনিজ পদাৰ্থ, পানী, বায়ু, আৰু কিছুমান জীৱও পোৱা যায়। ইয়াৰ উপৰি মাটিত থকা জীৱসমূহে মৃত উদ্ভিদ আৰু প্ৰাণীসমূহৰ পচন ঘটায়। এইদৰে,মৃত জীৱৰ দেহত থকা পোষক দ্ৰব্যসমূহ পুনৰ মাটিৰ লগত মিহলি হৈ মাটিৰ পুষ্টিসাধন হয়। এইবোৰ পোষক দ্ৰব্যকে উদ্ভিদে পুনৰ বৃদ্ধিত সহায় কৰে, সেয়েহে মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হয়। উদ্ভিদে তেতিয়া সহজেই এই পোষক দ্ৰব্য গ্ৰহন কৰিব পাৰে। সেয়েহে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ বাবে অতি প্ৰয়োজন।মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বা হাল বোৱা বোলে।নাঙলৰ দ্বাৰা এই কাম কৰা হয়। নাঙল সাধাৰণতে হাল বোৱাৰ সময়ত যথেষ্ঠ শুকান হৈ থাকে তেতিয়া মাটিডৰাত পানী দিয়া প্ৰয়োজন হ'ব পাৰে। হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে। ইয়াকে দলি চপৰা বোলে। দলিমাৰিৰ সহায়ত এই দলি চপৰাবোৰ ভঙাটো অতি প্ৰয়োজন। এইদৰে মাটি ভাঙি সমান কৰি বীজ সিঁচিব লাগে আৰু পানী যোগানৰ ব্যৱস্থাও কৰিব লাগে। মৈৰ সহায়ত মাটি সমান কৰা হয়। কেতিয়াবা মাটিডৰা চহোৱাৰ আগতেই সাৰ প্ৰয়োগ কৰা হয়। এনে কৰিলে, চহোৱাৰ সময়ত সাৰখিনি মাটিৰ লগত মিহলি হ'বলৈ সুবিধা পায়।
খেতিৰ সঁজুলিঃ বীজ সিঁচাৰ আগতে মাটিডৰা চহাই মাটিখিনি গুড়ি কৰি ল'ব লাগে যাতে শস্যৰ উৎপাদন বেছি হয় মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ হ'ল- হাল, কোৰ, মৈ, দলিমাৰি আৰু যান্ত্ৰিক হাল ( ট্ৰেক্টৰ হালঃ অতি প্ৰাচীনকালৰ পৰাই মাটি চহ কৰা, শস্যত সাৰ প্ৰয়োগ কৰা, অপতৃণ নিৰোৱা, চপৰা ভঙা ইত্যাদি কামত হালৰ ব্যৱহাৰ হৈ আহিছে। এইবিধ সঁজুলি কাঠেৰেনিৰ্মিত আৰু ইয়াক এহাল বলধ বা ম'হৰ দ্বাৰা টনোৱা হয়। । ইয়াত শক্তিশালী ত্ৰিভুজ আকৃতিৰ এটি লোৰ পাতি লগোৱা থাকে । তাকে ফাল বোলে। হালৰ মূল অংশটো এডাল দীঘল কাঠৰ মাৰিৰ দ্বাৰা গঠিত। ইয়াকে নাঙলৰ ডিলা বোলে। হালৰ ডিলাৰ মুক্ত অংশটোত পথালি যুঁৱলি়ডাল বলধৰ কান্ধত যুতি দিয়া হয়। এহাল বলধৰ সহায়ত এজন মানুহে সহজে হাল বোৱা কাম কৰিব পাৰে [ চিত্ৰ- ১.১(ক)]। আজি-কালি লোৰ নাঙলৰবোৰৰ ব্যৱহাৰ বৰ্দ্ধিত হাৰত কমাই আনিছে।
আধুনিতক কোৰঃ ই এবিধ সাধাৰনতে সঁজুলি, ইয়াক বনৰীয়া ঘাঁহ-বন নিৰোৱা আৰু মাটিডৰা ঢিলা কৰাত হয়। ইয়াকৰএডাল দীঘল কাঠৰ বা লোৰ মাৰি থাকে।মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ কৰা লোৰ পাত লগোৱা থাকে, যি ঘাঁহ-বন বা মাটি কটাত ব্লেডৰ কাম কৰে। এই কোৰবিলাক প্ৰাণীৰ সহায়ত চলোৱা হয়।
যান্ত্ৰিক হালঃ আজি-কালি ট্ৰেক্টৰৰ দ্বাৰা চলোৱা যান্ত্ৰিক হালেৰে মাটি চহোৱা হয়। ট্ৰেক্টৰৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰম কমাইছে সময়ো ৰাহি কৰিছে।
বীজ সিঁচাঃ বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰআটাইতকৈ প্ৰয়োজনী কাম। বীজ সিঁচাৰ আগতে, উন্নত জাতৰ বীজ বাচি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নিৰ্বাচন কৰে। পানীতৰ ওপৰত ডুব গ'ল সেইবোৰৰ তুলনাত ওপঙি উঠা বীজবোৰ পাতল নে গধুৰ? কিয় কিছুমান বীজ পাতল? বেয়া বীজ সাধাৰণতে ফোপোলা আৰু পাতল হয়। সেয়ে এই বীজবোৰ পানীত ওপঙি উঠে। ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা এইটোৱে ভালপদ্ধতি। বীজ সিঁচাৰ আগতে, বীজ সিঁচোতে ব্যৱহাৰ কৰা সঁজুলিৰ বিষয়ে জনাটো অতি প্ৰয়োজন। অৱশ্যে আমাৰ ৰাজ্যত খেতিয়কে পৰম্পৰাগতভাৱে হাতেৰেই বীজ সিঁচি আহিছে।
পৰম্পৰাগত সঁজুলিঃ ই এবিধ চুপি আকৃতিৰ বীজ সিঁচা সঁজুলি। দেশৰ আন কিছুমান ৰাজ্যত এইবিধ সঁজুলি বীজ সিঁচাৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ আহিছে। সঁজুলিৰ চুপিটো বীজৰ দ্বাৰা পূৰ্ণ কৰা হয়। বীজবোৰ চুপিৰ লগত সংলগ্ন আগজোঙা দুই বা তিনিডাল পাইপৰ সহায়ত তললৈ নামি আহে। এই পাইপবোৰৰ জোঙা আগবোৰ মাটি ভিতৰলৈ সোমাই যায় আৰু বীজবোৰ সোমাই পৰে।
বীজ সিঁচা যন্ত্ৰঃ আজি-কালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ[ চিত্ৰ-১.২(খ)] দ্বাৰা বীজ সিঁচা হয়। সমভাৱে সমান দুৰত্ব আৰু গভীৰতাত, এই সঁজুলিয়ে বীজবোৰ সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই, যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে, ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে। বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাীৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়। উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে, তাৰ বাবে বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব ৰোপণ কৰিব লাগে। ইয়ে উদ্ভিদ পৰ্যাপ্ত সূৰ্যৰ পোহৰ তথা মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পোৱাত সহায় কৰে। কেতিয়াবা ঠাহ খাই থকা উদ্ভিদৰ মাজৰ পৰা কিছু উদ্ভিদ উঘালি নিৰাই দিয়া হয়।
জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগঃ উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয়, তাকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ- জৈৱিক আৰু ৰাসায়নিক। মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰব্য়ৰ যোগান ধৰে। উদ্ভিদ ৰ বৃদ্ধিৰ বাবে এইবোৰ পোষক দ্ৰব্য অতি প্ৰয়োজন। কিছুমান অঞ্চলৰ খেতিয়কে একেডৰা মাটিতে এবিধ শস্যৰ পাছত আনবিধ শস্যৰ খেতি কৰে। সেই মাটিডৰা কেতিয়াও শস্যবিহীন বা চন পৰি নাথাকে। এইদৰে খেতি কৰিলে ভাবাচোন পোষক দ্ৰব্যৰ কি হ'ব?
লেথাৰি নিছিগাকৈ খেতি কৰিলে মাটিডৰাৰ পোষক দ্ৰব্য কমি যায়। তাৰ বাবে খেতিয়কে মাটিডৰাত জৈৱিক সাৰ প্ৰয়োগ কৰি পুনৰাই উৰ্বৰতা ঘূৰাই আনিব পাৰে। এয়ে মাটি সাৰুৱা কৰা প্ৰক্ৰিয়া। অনুপযুক্ত বা প্ৰয়োজনতকৈ কম পৰিমাণৰ সাৰৰ প্ৰয়োগে উদ্ভিদৰ শ্ৰীবৃদ্ধি ভাল নহয়।
জৈৱিক সাৰ এবিধ জৈৱ দ্ৰব্য। উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত আৰু সেইবোৰৰ দেহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়, যনে- পচন সাৰ। খেতিয়কে এখন মুকলি ঠাইত গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত আৰু পেলনীয়া দ্ৰব্যবোৰ পচিবৰ বাবে ৰাখে। এই পচন কাৰ্য কিছুমান অণুজীৱৰ দ্বাৰা হয়। এই পচি যোৱা বস্তুখিনিকে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে ষষ্ঠ শ্ৰেণীত কেঁচুসাৰৰ বিষয়ে পঢ়ি আহিছা। আটাইকেইটা গিলাচৰ উদ্ভিদবোৰ সমানে বাঢ়িছেনে? কোনোবোৰ গিলাচৰ উদ্ভিদৰ বৃদ্ধি ভাল হৈছে ? কোনটো গিলাচৰ উদ্ভিদজোপাৰ বৃদ্ধি ক্ষিপ্ৰ গতিত হৈছে ?
নিৰ্দিষ্ট পোষক দ্ৰব্যৰে সমৃদ্ধ ৰাসায়নিক সাৰবোৰ ৰাসায়নিক দ্ৰব্যহে। জৈৱিক সাৰৰ লগত এইবোৰৰ প্ৰভেদ কি ? ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰৰ উদাহৰণ হ'লজ- ইউৰিয়া, এম'নিয়াম ছালফেট, ছুপাৰ ফছফেট, পটাছ, এন পি কে ( নাইট্ৰ'জেন, ফছফৰাছ, পটাছিয়াম ) আদি।
ঘেঁহু, ধান, যাৱ আদি শস্য অধিক পৰিমাণে উৎপাদন কৰিবৰ বাবে খেতিয়কক ৰাসায়নিক সাৰে সহায় কৰে। কিন্তু অত্যধিক পৰিমাণৰ ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিডৰাৰ উৰ্বৰতা হ্ৰাস কৰে। ৰাসায়নিক সাৰ আকৌ পানী প্ৰদূষণৰ উৎস হৈও পৰিছে। সেয়ে, মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবৰ বাবে ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে বা দুটা খেতিৰ মাজত মাটি চন পেলাই থব লাগে।
জৈৱিক সাৰৰ প্ৰয়োগে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰখাৰ শক্তি বৃদ্ধি কৰে। ই মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই আনে।
মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই অনাৰ আন এটা পদ্ধতি হ'ল শস্যাৱৰ্তনে বিভিন্ন শস্যৰ খেতি এটাৰ পাছত এটা কৰাকে বুজায়। আগতে উত্তৰ ভাৰতৰ খেতিয়কসকলে পশুখাদ্য হিচাপে মাহজাতীয় উদ্ভিদৰ খেতি এটা ঋতুত আৰু আনটো ঋতুত ঘেঁহুৰ খেতি কৰিছিল। ইয়ে মাটিত নাইট্ৰ'জেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিছিল। খেতিয়কসকলক এই ধৰণে খেতি কৰিবলৈ উৎসাহিত কৰা হৈছে। আগৰ শ্ৰেণীত তোমালোকে ৰাইজ'বিয়াম বেক্টেৰিয়াৰ বিষয়ে পঢ়ি আহিছে। এইবোৰ মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিত ৰোৱা যায়। ইহঁতে বায়বীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পাৰে।
তালিকা ১.১ ৰাসায়নিক আৰু জৈৱিক সাৰৰ পাৰ্থক্যঃ
ক্ৰঃনং |
ৰাসায়নিকসাৰ |
জৈৱিকসাৰ |
১ |
ৰাসায়নিক সাৰ এবিধ
অজৈৱিক লৱণ। |
জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য।গৰু-ম’হ-ছাগলীৰ,গোবৰ,মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ
অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয়। |
২ |
ৰাসায়নিক সাৰ
কাৰখানাত প্ৰস্তুত কৰা হয়। |
জৈৱিক সাৰ পথাৰতে
প্ৰস্তুত কৰিব পাৰি। |
৩ |
ৰাসায়নিক সাৰে মাটিত
হিউমাছ যোগান ধৰিব নোৱাৰে। |
জৈৱিক সাৰে প্ৰচুৰ
পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে। |
৪ |
ৰাসায়নিক সাৰে উদ্ভিদৰ
পোষক দ্ৰব্য নাইট্ৰ’জেন,
ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে
যোগান ধৰিব পাৰে। |
জৈৱিক সাৰত
উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে। |
তালিকা ১.১ এ ৰাসায়নিক আৰু জৈৱিক সাৰৰ পাৰ্থক্যসমূহ দেখুৱাইছে।
জৈৱিক সাৰৰ সুবিধাসমূহঃ জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট, কাৰণ-
ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে।
ই মাটিৰ ৰন্ধ্ৰযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সুচল হয়।
ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ।
ই মাটিৰ গুণ বৃদ্ধি কৰে।
জলসিঞ্চনঃ সকলো জীৱকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। উদ্ভিদৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ বাবে পানী অতি প্ৰয়োজন। উদ্ভিদৰ শিপাই পানী শোষণ কৰে।পানীৰ লগতে খনিজ পদাৰ্থ, জৈৱিক আৰু ৰাসায়নিক সাৰো শোষণ কৰে। উদ্ভিদৰ প্ৰায় ৯০% পানী থাকে। পানী অতি প্ৰয়োজন কাৰণ শুকান অৱস্থাত বীজৰ অংকুৰণ নহয়। পানীত দ্ৰৱিত পোষক দ্ৰব্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিৱাহিত হয়। পানীয়ে শস্যক বৰফ আৰু উষ্ণ বায়ু প্ৰবাহৰ পৰা ৰক্ষা কৰে। শস্যৰ বৃদ্ধিৰ বাবে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ খেতি-পথাৰত নিয়মিতভাৱে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।
সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। শস্যভেদে,মাটিভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ সলনি হ'ব পাৰে। গ্ৰীষ্মকালত সঘনাই পানী দিয়া হয়। কিয় বাৰু ? মাটি আৰু উদ্ভিদৰ পাতৰ পৰা বৰ্দ্ধিত হাৰত পানীৰ গবাষ্পীভৱন হোৱা বাবে এনে কৰা হয় নেকি ?
জলসিঞ্চনৰ উৎসঃ জলসিঞ্চনৰ উৎসসমূহ হ'ল- নাদ বা কুঁৱা, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা।
জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতিঃ বিভিন্ন অঞ্চলত কুঁৱা, হ্ৰদ, আৰু খাল/ নলাৰ পানী বিভিন্ন পদ্ধতিৰে খেতি পথাৰলৈ বোৱই লৈ যোৱা হয়।
গৰু-ম'হ বা মানুহৰ শ্ৰম এই পদ্ধতিত প্ৰয়োগ হয়। সেয়ে এই পদ্ধতি কম খৰচী অৱশ্য কম ফলপ্ৰদ। বিভিন্ন পৰম্পৰাগত উপায়সমূহঃ
(i) খাৱৈ বা পানীৰ লোৰ [ কপিকল পদ্ধতি ]
(ii) টিন আৰু ৰছীৰে পানী সিঁচা
(iii) ঢেঁকী পদ্ধতি
(iv) লাঢ়নী বা সিঁচনী
পাম্প সাধাৰণতে পানী তোলাত ব্যৱহাৰ কৰে। ডিডেল, জৈৱিক গেছ, বিদ্যুৎ আৰু সৌৰ শক্তিৰ সহায়ত পাম্পবোৰ চলোৱা হয়।
জলসিঞ্চনৰ আধুনিক পদ্ধতি ঃজলসিঞ্চনৰ আধুনিক পদ্ধতিয়ে পানী মিতব্যয়ীভাৱে ব্যৱহাৰ কৰাত আমাক সহায় কৰে। ব্যৱহৃত এন মুখ্য পদ্ধতিসমূহ হ'ল-
(i) পানী ছটিওৱা ব্যৱস্থাঃ পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা অতি উপযোগী। পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়।পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুূণৰ পানীৰ দৰেই শস্যৰ ওপৰত ওপৰত পানীৰ ছিটিকনিপৰে। পানী ছটিওৱা পদ্ধতি বালীয়া মাটিৰ বাবে অতি উপযোগী।
(ii) পানী নিগৰোৱা ব্যৱস্থা ঃ এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে এই ব্যৱস্থাক নিগৰোৱা ব্যৱস্থা বোলে। ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী । যোগানৰ ই এক উত্তম ব্যৱস্থা। এই ব্যৱস্থাই উদ্ভিদক টোপ-টোপকৈ পানীৰ যোগান ধৰে। সেয়ে, পানীৰ মুঠেই অপচয় নহয়। পানীৰ অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰুপ।
অপতৃণৰ পৰা সুৰক্ষাঃ প্ৰজ্ঞান আৰু প্ৰহেলিকাই ওচৰতে থকা এখন ঘেঁহুৰ খেতি কৰা পথাৰলৈ গৈছিল আৰু তাত আন কিছুমান উদ্ভিদো দেখিবলৈ পাইছিল।
খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ ( Weeds ) বোলে। অপতৃণ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে। যিহেতু অপতৃণৰো শস্যৰ সমানে পানী, পোষক দ্ৰব্য়, ঠাই আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে অপতৃণ নিৰোৱা অতি প্ৰয়োজন। ন'হলে অপতৃণে শস্য বৃদ্ধিত প্ৰভাৱ পেলায়। কিছুমান অপতৃণে শস্য চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰে আৰু তাৰে কিছুমান প্ৰাণী আৰু মানুহৰ বাবে বিষাক্ত হব পাৰে।
খেতিয়কসকলে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়। শস্য়ৰ বীজ সিঁচাৰ আগতে মাটি চহাওতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয়। এনেদৰে উঘলা অপতৃণবোৰ শুকাই মাটি লগত মিহলি হৈ যায়। অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতেই ইহঁতক নিৰোৱাৰ আটাইতকৈ উপযুক্ত সময়। সময়ে সময়ে উঘালি বা গুৰিতে কাটি অপতৃণবোৰ খেতিৰ পৰা আঁতৰাব পাৰি। এই কাম খন্তিৰ সহায়ত কৰা হয়। বীজ সিঁচা যন্তও অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয়।
অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক ( Herbicide ) ৰাসায়নিক দ্ৰব্য যেনে 2,4- D ব্যৱহাৰ কৰা হয়। অপতৃণ ধ্বংস নকৰে। অপতৃণনাশবোৰ প্ৰয়োজন সাপেক্ষে পানীত মিহলাই পনীয়া কৰি স্প্ৰে মেচিনৰ সহায়ত পথাৰত ছটিয়াই দিয়া হয়। আগতেই উল্লেখ কৰা হৈছে যে, সাধাৰণতে অপতৃণৰ ফুল বা বীজ হোৱাৰ আগতেই অপতৃণনাশক ছটিওৱা হয়। অপতৃণনাশকৰ ব্যৱহাৰে খেতিয়কৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। সেয়ে তেওঁলোকে এই ৰাসায়নিক দ্ৰব্য অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। তেওঁলোকে এই ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ সময়ত নাক মুখ কাপোৰেৰে ঢাকি ল'ব লাগে।
শস্য চপোৱাঃ শস্য চপোৱা এটি অতি দৰকাৰী কাম। পৈণত শস্য কাটি, উঘালি অনাকে শস্য় চপোৱা বোলে। ধানজাতীয় শস্য় পকিবলৈ ৩ ৰ পৰা ৪ মাহ সময় লাগে।
আমাৰ দেশত মানুহে কাচিৰ দ্বাৰা বা শস্য় চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায়। চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু,ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় । আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম 'কমবাইন' মেচিনৰ দ্বাৰা কৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতালসদৃশ ঠাইত বা-দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰে। তোমালোকে এই বিষয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি আহিছা।
শস্য় চপোৱা উৎসৱঃ তিনি চাৰি মাহ কঠোৰ পৰিশ্ৰমৰ পাছত শস্য় চপোৱাৰ দিনটো আহে।সোণালী পথাৰত থিয় হৈ থকা, বীজেৰে পৰিপূৰ্ণ শস্যৰ থোকবোৰ দেখি কৃষকৰ অন্তৰ আনন্দতে উথলি উঠে আৰু সুদিনৰ অনুভূতি লাভ কৰে। এয়া আগৰ ঋতুৰ পৰিশ্ৰমৰ ফল আৰু এয়া তেওঁলোকৰ অৱসৰ বিনোদন আৰু আনন্দ স্ফূৰ্তি কৰাৰ সময়ত শস্য চপোৱা সময়খিনি, এইদৰে ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ বাবে আনন্দ আৰু সুখৰ সময়। মহিলা আৰু পুুৰুষ উভয়ে মিলি অতি উৎসাহেৰে ইয়াক উদযাপন কৰে। শস্য চপোৱাৰ প্ৰধান উৎসৱসমূহ হ'ল- ভোগালী বিহু, পোংগল, বৈশাখী, হোলী, দ্বীপান্বিতা আৰু নবান্ন ।
শস্যৰ মজুতককৰণঃ উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম হ'ল শস্য সাঁচি ৰখা। যদি শস্য়ৰ বীজসমূহ বহু দিনৰ বাবে ৰাখিব লগা হয়, তেনেহ'লে বীজবোৰক আৰ্দ্ৰতা, কীট- পতংগ, এন্দুৰ আৰু অণুজীৱৰ পৰা বচাই ৰাখিব লাগিব। সতেজ শস্যত আদ্রর্তা বেছি থাকে। যদি সতেজ শস্যবােৰ নুশুকোৱাকৈ সংৰক্ষণ কৰা হয় তেনেহ'লে সেইবােৰ শস্য নষ্ট হব পাৰে বা অণুজীৱৰ দ্বাৰা আক্রান্ত হ'ব পাৰে আৰু অংকুৰণ নহব পাৰে । সেয়ে সংৰক্ষণৰ আগতে বীজবােৰ ৰ’দত শুকুৱাই বীজৰ আদ্রতা নাইকিয়া কৰিব লাগে । ইয়ে বীজক অপকাৰী কীট, বেক্টেৰিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে । খেতিয়কসকলে বীজবােৰ মৰাপাটৰ বস্তা , তােপা বা তােম আৰু ধাতুৰ পাত্ৰত সংৰক্ষণ কৰে ।
অৱশ্যে,অধিক পৰিমাণৰ শস্য়ৰ বীজ সংৰক্ষণ ব্যৱস্থাত অপকাৰী এন্দুৰ, কীট-পতংগৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বায়ুৰুদ্ধ শস্য় ভঁৰাল ( ছাইল'- Silo) আৰু ভঁৰালত ৰখা হয়।
ঘৰত শস্য় সংৰক্ষণৰ বাবে শুকান নিমপাত ব্য়ৱহাৰ কৰা হয়। ডাঙৰ গুদাম ঘৰত নিৰ্দিষ্ট কিছুমান ৰাসায়নিক দ্ৰব্য়ৰ ব্য়হাৰেৰে অপকাৰী কীট আৰু অণুজীৱৰ পৰা ৰক্ষা কৰি শস্য় মজুত কৰা হয়।
প্ৰাণীৰ পৰা পোৱা খাদ্য়ঃ তালিকাখনত পূৰ্ণ কৰাৰ পাছত তোমালোকে দেখিলা যে উদ্ভিদৰ দৰে প্ৰাণীয়েও আমাক বিভিন্ন খাদ্যৰ যোগান ধৰে। সাগৰৰ উপকূলত বাস কৰা সৰহ সংখ্য়ক মানুহে মাছৰ প্ৰধান খাদ্য় হিচাপে গ্ৰহণ কৰে। উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা। জানিলোঁ যে শস্য উৎপাদন প্ৰক্ৰিয়াত বীজৰ নিৰ্বাচন, বীজ সিঁচা ইত্য়াদি কামবোৰ কৰা হয়। ঠিক সেইদৰে ঘৰত বা ফাৰ্মত প্ৰতিপালন কৰা প্ৰাণীসমূহকো সঠিক খাদ্য, আশ্ৰয় আৰু যত্নৰ প্ৰয়োজন হয়। যেতিয়া সৰহকৈ পশু ৰাখি ইহঁতৰ প্ৰতিপালন কৰা হয় তাক পশুধন পালন বোলে।
তোমালোকে কি শিকিলাঃ
১) আমাৰ বাঢ়ি অহা জনসংখ্য়াৰ খাদ্য় উদ্দেশ্য়েৰ আমি নিৰ্দিষ্ট কিছুমান কৃষি পদ্ধতিৰ অভ্য়াস কৰা আৱশ্য়ক।
২) একেবিধ উদ্ভিদ এখন ঠাইতে গজালে বা খেতি কৰিলে তাক শস্য় বুলি কোৱা হয়।
৩) ভাৰতবৰ্ষত শস্যসমূহক বতৰৰ ওপৰত ভিত্তি কৰি বহলভাৱে দুটা ভাগত ভাগ কৰা হয়- ৰবি আৰু খাৰিফ শস্য য
৪) মাটি চহ কৰা আৰু সমান কৰি প্ৰস্তুত কৰা অতি আৱশ্যক। এই ক্ষেত্ৰত নাঙল আৰু মৈ ব্য়ৱহাৰ কৰা হয়।
৫) ভাল উৎপাদন পাবলৈ হ'লে বীজসমূহ উপযুক্ত গভীৰতা আৰু দূৰত্বত সিঁচিব লাগে। নিৰোগী বীজ নিৰ্বাচন কৰি ভাল জাতৰ বীজ সিঁচা হয়। বীজ সিঁচা যন্ত্ৰেৰে সিঁচা হয়।
৬) মাটি জৈৱিক আৰু ৰাসায়নিক সাৰ ব্য়ৱহাৰ কৰি মাটিখিনি পোষক দ্ৰব্য় সমৃদ্ধ আৰু উৰ্বৰ ৰাসায়নিক সাৰৰ ব্য়ৱহাৰ বহুভাৱে বাঢ়ি আহিছে।
৭) উপযুক্ত সময়ৰ ব্য়ৱধানত শস্যত পানী যোগান ধৰাকে জলসিঞ্চন বোলে।
৮) খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাৰ বনবাত নিৰোৱা বুলি কোৱা হয়।
৯) পৈণত শস্য়ক কাঁচিৰে বা যন্ত্ৰৰে কটাকে শস্য় চপোৱা বুলি কয়।
১০) শীহৰ পৰা শস্য়ৰ গুটি পৃথক কৰাকে মৰণা মৰা বোলে।
১১) অনিষ্টকাৰী কীট আৰু অণুজীৱৰ পৰা ধানজাতীয় শস্য়ক ৰক্ষা কৰিবলৈ উপযুক্ত মজুতকৰণ ব্য়ৱস্থাৰ দৰকাৰ।
১২) পশুৰ পৰাও খাদ্য পোৱা যায় বাবে পশু প্ৰতিপালন কৰা হয়। ইয়াকে পশুধন পালন বোলে।
Class 8 Science
Type: Krishna Bora
Post ID : DABP006486
0 Comments