নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কাৰ্য সাধিৰ হয় । আচলতে বায়ুমগুলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূপৃষ্ঠত পৰিলেই ক্ষয় কাৰ্য আৰম্ভ হয় । বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া স্বাভাৱিকতে পানীৰ খনন বাঢ়ে। অৱশ্যে নৈৰ খনন কাৰ্য অৱবাহিকাটোৰ উপিভাগৰ গঠন অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা উদ্ভিদৰে আৱৰণ প্ৰৱাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । এইখিনিতে উল্লেখ্য যে নদী অৱবাহিকাৰ সকলো অংশতে কম -বেছি পৰিমাণে খনন কাৰ্য চলে যদিও প্ৰধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে । নদীৰ গতিপথ ( River Channel) বুলিলে উৎসৰ (Source)পৰা মোহনালৈকে (Mouth) যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোৰ বুজায় । নদীৰ গতিপথৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নদী ভেদে স্বাভাৱিকতে বেলেগ বেলেগ হয় ।
ইতিমধ্যে কোৱা হৈছে যে নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন ( Geological Structure) আৰু পানীৰ খনন শক্তিয়েই প্ৰধান । পানী নদীয়ে প্ৰবাহিত হওঁতে গতিপথৰ যি হেঁচা প্ৰয়োগ হয় , সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল- বালিৰ ওপৰত ক্ৰিয়া কৰে । ইয়াকে জলচালিত ক্ৰিয়া বুলি কোৱা হয় । এই ক্ৰিয়াৰ ফলত গতিপথত থকা শিল- বালিবোৰ সহজে এৰি যায় আৰু সেইবোৰ নদীৰ দ্বাৰা বাহিত হয় ।
উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে । উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল গতিপথ ঠেক কিন্ত্ত গভীৰ হোৱা দেখা যায় । ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হবলৈ ধৰে । ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় । গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে ।
পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে । নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয় । গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি । সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা- বেঁকা হয় । নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একো- বেঁকা কৰে ।একো - বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰগতি বা সৰ্পিল গতি বুলি কোৱা হয় । সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হব পাৰে । এনে গতিপথে বাৰিষাকালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণে পানী কঢ়িয়াব নোৱাৰা হয় । তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে । এইদৰে এৰি যোৱা অংশ সাধাণতে ঘোঁৰা খুৰা আকৃতিক হয় আৰু পিছত পানী জমা হৈ বিল হ্ৰদৰ সৃষ্টি হয় । এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলে । পৃথিৱীৰ প্ৰায়বোৰ ডাঙৰ নদীৰ উপত্যকাত বহুতো এনে হ্ৰদ থাকে । অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়েও নিজৰ নিজৰ উপত্যকাত এনে বহুতো হ্ৰদ বা বিলৰ সৃষ্টি কৰিছে । এই হ্ৰদ বা বিলবোৰে বাৰিষা যথেষ্ট পানী ধৰি ৰাখি বানপানীৰ প্ৰাবল্য কমাই ৰখাত কিছু পৰিমাণে হলেও সহায় কৰে ।
class 9 Geography
Type Sumit Patar
Post ID : DABP006476