নদীৰ কাৰ্যসমূহৰ বিষয়ে

বাহ্যিক কাৰক হিচাপে ভূপৃষ্ঠৰ  নদ - নদী ভূমিকা সূদূৰপ্ৰসাৰী । পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ বৃহৎ অংশ জুৰি নদ- নদীয়ে যুগ যুগ ধৰি ক্ৰিয়া কৰি আছে । ইয়াৰ ফলত মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিৱৰ্তন ঘটিছে ।

    সাধাৰণতে নদীয়ে ইয়াৰ উপনদী, শাখা নদী াদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ  ( Basin) সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা যৰপৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে নদীৰ পানীৰ উৎস বৰষুণ, পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগৰ্ভৰ পৰা ওলাই অহা নিজৰা আদি হব পাৰে । সেয়ে নদী অৱাহিকাৰ অন্তৰ্গৰ এলেকাটোৰ উপৰিভাগৰ পৰিৱৰ্তন প্ৰধানকৈ সংশ্লিষ্ট নদীৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে । এইখিনিতে প্ৰশ্ন হয় -  নদী এখনেনো কেনে ধৰণে অৱাহিকাটোৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধান কৰে ?

    নদীৰ কাৰ্যক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হয় - (ক) খনন ক্ষয় কাৰ্য, (খ) পৰিবহণ আৰু (গ) অৱক্ষেপণ বা জমাকৰণ কাৰ্য প্ৰতিখন নৈয়ে কম বেছি মৰিমানে এই তিনিওটা কাৰ্য সম্পদন কৰে ।


Class 9 Social Science  Geography

Type Sumit Patar,




Post ID : DABP006473