আনন্দীৰাম দাসৰ গীত সমূহ
১/ কেঁকো বাঁও কেঁকো বাঁও
কেঁকো বাঁও কেঁকো বাঁও
কেঁকো নিলে চোৰ অ’ মোৰ
কেঁকো নিলে চোৰে;
এ তই বুঢ়ী নাকান্দিবি
তোকে নিব চোৰে হে।
মুখত দিলোঁ নাচনীজনীৰ মিচিকিয়া হাঁহি,
খোপাত দিলোঁ খোপা ভৰি কেতেকীৰে পাহি হে।
কাণত দিলোঁ জেতকাবোল হিয়া ছিৰি ছিৰি হে?
ৰংপুৰৰ কেঁচাসোণ মোৰ পূৰ্ণিমাৰে জোন;
পেঁপাৰে তাৰ সুৰ শুনি ফুচুলোৱা কোনহে;
কেঁকো নিলে চোৰে অ’ মোৰ কেঁকো নিলে চুৰে;
গঞা ভকতক গোচৰ দিলো গণ্ড হ’ল মোৰেহে।
পোৱা খালে জীয়ে খালে মনে মনে থাক;
সাত-শতুৰে লাই পাব খা উহুৱা শাক।
২/ গছে ক’ব সুধিলে পাতে ক’ব সুধিলে
গছে ক’ব সুধিলে পাতে ক’ব সুধিলে
পুৰণি পৃথিৱীৰে কথা
জলপানৰ বাটিটো অ’ চেনাই মইনা ঐ
গাখীৰ গুৰো ভৰা অ’ চেনাই মইনা ঐ
মাতে তাতোতকৈ চোন মিঠা
চেনাই মইনা ঐ
পুৰণি পৃথিৱীৰে কথা।
কোৰৰে চাবতে সোণৰে চপৰা
পথাৰে জিলিকি থকা
ক’তনো লুকালে
অ’ চেনাই ঐ
নীলৰে শৰীৰত
আমাৰে আজোককা
চেনাই মইনা ঐ
পুৰণি পৃথিৱীৰে কথা
মাছেনো মাৰিব ওলালে বগীবাই
ৰূপতনো ৰঙে চৰা
লাচিমে ভাঙনে বলিয়া অ’ চেনাই মইনা ঐ
ৰঙতে বলিয়া অ’ চেনাই মইনা ঐ
পাৰতে জঁপিয়াই মৰা চেনাই মইনা ঐ
পুৰণি পৃথিৱীৰে কথা।
আজিনো ওলালে নতুনকৈ মানুহে
নকৈনো পৃথিৱী গঢ়া
বনগীত সুৰীয়া অ’ চেনাই মইনা ঐ
পথাৰখন নেদেখা অ’ চেনাই মইনা ঐ
ডেকানো কালতে বুঢ়া মইনা চেনাই ঐ
পুৰণি পৃথিৱীৰে...।।
৩/ সাৰ পাম মই
সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধূলিক সেমেকা
যিটো প্ৰহৰে কৰে
আই মোক জগাবি, আই মোক জগাবি
আই মোক জগাবি
মই চাব খোজো হেঙুলী বেলিয়ে
এন্ধাৰ কেনেকৈ নাশে
ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে
কুসুমৰ কাষে কাষে
উদং বতাহৰ বুকু কেনেকৈ
মিঠা সুবাসে ভৰে
সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে
জানিব খুজিছো গোপন মন্ত্ৰ
সৃষ্টিত থকা আই
জানিব খুজিছো কি গীত গালে
শূ্ন্য আঁতৰি যায়
মোৰ পণ আছে ফুলি উঠিবৰ
সূৰ্য্যমুখীৰ দৰে
সাৰ পাম মই পুৱতি নিশাতে
নিয়ৰ যেতিয়া সৰে।।
৪/ ভৰ দুপৰীয়া দুটি হৰিণীৰ
ভৰ দুপৰীয়া দুটি হৰিণীৰ
মাজতে এখনি নৈ,
চাই চাই চকুতে চকুলো শুকালে
বুকুতে তৃষ্ণা লৈ
দুটি হৰিণীৰ মাজতে এখনি নৈ।
হুমুনিয়াহতে চাপৰিৰ বুকুতে
জ্বলিলে অগনি ঐ,
ইপাৰৰ মলয়াই ঢালিলে পোৰণি
সিপাৰ হিয়াতে গৈ
দুটি হৰিণীৰ মাজতে এখনি নৈ।
ভৰ দুপৰীয়াৰ এখনি ভৰা নৈ
বয় যে কল কল কৈ
কতনো হিয়াৰে তৃ্ষ্ণা অনন্ত
যায় যে হিয়াতে বৈ
দুটি হৰিণী মাজতে এখনি নৈ।
৫/ মাতে পকা ধানে ৰিঙিয়ায়
মাতে পকা ধানে ৰিঙিয়ায়ই
বগীতৰা যায় আগুৱাই
বোকোচাত দি যোৱা কেঁচুৱাটি আঘোণাই
নিচুকণি গীত গাই আমাৰো আঘোণা কাই
বগীতৰা আগুৱাই যায়।
হাতত কাঁচিখনি মুখত তামোলখনি
কঁকালত টঙালি বুকুত মেঠনি
তাইৰ আৰু কোনো নাই
অকলেই গুচালে নুখৰ চুৱা-ছাই
সকামটো পাতিলে ৰজনজনাই।
আঘোণাৰ অৱদান অতবোৰ মাটিৰ ধান
কোলাত পালে এটি নাতি ল’ ৰা সন্তান
তাইক আৰু লাগে কি?
তাইৰ যদিও আজি আঘোণী নাই
তাই ওচৰত আজি হাত পাতে গঞাই
মাতে পকা ধানে ৰিঙিয়ায়...।।
৬/ অসমৰ শুৱনি জীয়াৰী-বোৱাৰী
অসমৰ শুৱানি জীয়াৰী-বোৱাৰী
কাণত মিনা কৰা কেৰু,
ডিঙিত সাতেসৰী বুকুত জোনবিৰি
হাতত সোণৰ গামেকাৰু।
মুখৰ মৌৱে সৰা মাতে ঐ অমিয়া
হাতত বনে কামে লগা,
খোজত ফুলে ফুলা হাঁহিত বয় নিজৰা
সোণত যেনে সুৱগা।
কঁকালত শুৱনি মুগাৰে মেখেলা
আঁচোৰ ফুলে বচা ৰিহা,
গলধন শুৱনি লাহতী খোপাটি
কিনো যে মনে ঐ মোহা।
দুহাতৰ শুৱনি ৰঙাকৈ জেতুকা
হিয়াত প্ৰণয়ৰে ৰেখা,
গাই যা গীতে তোৰ নাচি অ’ বলিয়া
কলিজাৰ তেজেৰে লিখা।।
৭/ ফুলে মইনা কেতেকী তগৰে
ফুলে মইনা কেতেকী তগৰে মালতী
গোন্ধতে মলে মলাই
মনৰে পখিলী ৰঙতে উমলি নাচি নাচি উৰি যায়।
আমৰে ডালতে মলৰে গোন্ধতে
কুলিটিয়ে কিনো গায়
সি দূৰ-সুদূৰৰ মৰমৰে বাণী
মনতে পেলাই দি যায়।
কিয়নো বলিয়া ৰ’দত ঘামি জামি
নাচি নাচি বীমে বায়
তাক সপোনৰ সঁফুৰা হেঁপাহৰ কিবা
লাহে হিয়া উদঙায়।
কঁকালৰ শুৱনি মুগাৰে মেখেলা
আঁচোৰ ফুলে বচা ৰিহা,
গলধন শুৱনি লাহতী খােপাটি
কিনাে যে মনে ঐ মােহা।
দুহাতৰ শুৱনি ৰঙাকৈ জেতুকা
হিয়াত প্রণয়ৰে ৰেখা,
গাই যা গীতে তােৰ নাচি অ’ বলিয়া
কলিজাৰ তেজেৰে লিখা।
Post ID : DABP006657