পুৰুষোত্তম দাসৰ গীত সমূহ


১/ শ্ৰীময়ী অসমীয়াৰ শীতল বুকুত উঠে

শ্ৰীময়ী অসমীয়াৰ শীতল বুকুত উঠে 

উছৱৰ মধু আলোড়ন।

জাগে গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ

সুন্দৰ বন-উপবন।

ভেদাভেদ পৰিহৰি কত জাতি-উপজাতি

মহাপীঠ কৰে নিৰমান

উলাহ অধীৰছন্দে কোটি কোটি কন্ঠে

গায় সবে মিলনৰ গান।

সৰগৰ ৰহঘৰা ৰূপে-ৰসেৃ-ৰঙে ভৰা

উচ্ছল য’ত প্ৰাণ মন 

সৃষ্টিৰ সুৰ বাসে প্ৰীতিৰ পতাকা উৰে 

নতুনৰ লৈ আৱাহন।


২/ জোনবাইৰ দেশতে সাজিম গাঁৱেখনি

জোনবাইৰ দেশতে সাজিম গাঁৱেখনি

তৰাৰে জ্বলাই চাকি 

পদূলি শুৱলি গধূলি গোলাপৰ

পাহিৰে দলিচা পাতি

উমলিম তাতে ঐ আমি।।

কঁহুৱা বনৰে পখিলাৰে জাক 

এৰি দিম তাতে নি ধৰি

গছে-বনে পৰি মিঠা গীতে জুৰি

শুনাব আমোকে মাতি।।

সোৱণশিৰি সিঁচি সোণৰ চেকুৰাৰে

বান্ধিমে সোণালী আলি

জুৰ মলয়াত নাচিবহি তাতে

ময়ূৰে ধৰিব চালি।

জোনাকৰ জেউতিত আমাৰ গাঁৱখনি

জিলিকি উঠিব ৰাতি।।


৩/ মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণাজনী 

মোৰ সুৰৰ অৰণ্যত 

 সোণৰ হৰিণাজনী

  বিচাৰি নাপালো মই 

  মাৰিচৰ মায়া বুলি 

জানিও নজনা হ’লো

সৃষ্টিৰ মহাতৃষ্ণা ল’ই।

নাই ৰাম নাই লক্ষ্মণ 

  নাই বিভীষণ

লংকাৰো যে ৰাৱণ নাই,

 নাই অশোক বন।

 তোমাৰ সঁহাৰিতেই 

 সপোন দিঠকে পাওঁ

কাহানিও নেদেখা ক’ই।

বুজিও নুবুজা হ’ই

 নিজেও হেৰালো 

দেখিও নেদেখাকৈ

 যি বাটে বুলিলো 

নিশাৰ পখীৰ দৰে 

 সংগী বিচাৰি ফুৰা 

উচাতন মন এটি ল’ই।


৪/    কথাৰে নহয় বন্ধু কামত  পৰিচয়

 কথাৰে নহয় বন্ধু কামত পৰিচয়

জীৱন যুঁজত আছে সদায় জয়-পৰাজয়।

 এই পৃথিৱীৰ ৰূপে-ৰসে

  ৰিঙিয়াই মাতে

 মানুহে মানুহে য’ত

  মনৰ কথা পাতে,

সেই মানুহৰ চৰণ ধূলি পথৰ সমল হয়।

  হিংসা-দ্বেষৰ ৰঘুমলাই

   কি কৰিব পাৰে

জুইয়ে পোৰা সোণহে বোলে

  উজ্বল ৰূপ ধৰে,

হঁহা-কান্দাৰ মেলাতে যাৰ

  মুক্ত অবাধ  গতি

 সেই গতিৰে গতি পথত

  সুন্দৰৰে জ্যোতি,

সেয়ে তাৰ জীৱন পথ চিৰ জ্যোতিৰ্ময়।




Post ID : DABP006662