নিৰ্মলপ্ৰভা বৰদলৈৰ গীত সমূহ
১/ সোণৰ খাৰু নেলাগে মোক
সোণৰ খাৰু নেলাগে মোক
বিয়াৰ বাবে আই
চেনেহ জৰি তই দিয়া মোক
হাততে শুৱায়।।
ডিঙিৰ মণি নেলাগে মোক
সাতৰীও যে
তোৰ ছবিটি বুকুতে ত’ম
নেপাওঁ লাজে।
সোণৰ খাৰু......
পাটৰে সাজে মোক
নেলাগে নানিবি
নানিবি শপতে
কাণৰে কেৰু
শুচিতা যি সাজে
পিন্ধালি সৰুতে
সেয়েহে বিয়াতে
শুৱাব বাৰু।।
আজি মই ওলালোঁ
অ’ জোনে জোনালী
নতুন এঘৰলৈ অ’ জোনে জোনালী
সেন্দুৰৰে বন্তি জ্বলি
সেৱাতে যাম মিলি
সেৱাতে যাম মিলি...।
২/ মোৰ মিনতি তৰা হয় যদি
মোৰ মিনতি তৰা হয় যদি
তোমাৰ আকাশ চুব
মোৰ এই গান যদি ফুল হয়
তোমাৰ মনত ৰব
মোৰ এই কথা যদি সুৰ হয়
মোৰ এই সুৰ যদি জোন হয়
সেই জোনে শুনা জোনালী মায়াৰে
সৰু সুৰুঙাৰে মনে মনে গৈ।।
মই নাথাকিলে
সাঁজৰ তৰাই
মোৰেই কথাকে ক’ব
মোৰ মিনতি তৰা হয় যদি।।
৩/ বাওঁ চকু লৰিছে তুমি চাগে আহিবা
বাওঁ চকু লৰিছে তুমি চাগে আহিবা
মনে মনে আহি চকু মুদাই ধৰিবা।।
কি সাজ পিন্ধো বাৰু কৈ দীয়াচোন
চকুত কাজল ল’লে কেনে দেখি চোৱাচোন
চিচাৰ নিপিন্ধো চুৰি সাবটোতে ভাঙিব
এনে যেন লাগিছে তুমি আজি আহিবা ।।
তোমাক দেখিলে লাজ কিয় লাগে ক’বানে
এয়ে নেকি যৌৱন তুমি কিবা জানানে
নুবুজি ইবোৰ কথা তুমি মাথোঁ আহিবা
এনে যেন লাগিছে তুমি আজি আহিবা।।
৪/ আগলি বতাহে কপালে
আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত
আগলি বতাহে কঁপালে কলৰে পাত।
বুজো কি নুবুজো
চিনাকি কুলিৰে মাত
নেলোঁ কি নেমেলো
আকাশে চুবলৈ হাত
আগলি বতাহে কঁপালে কলৰে পাত।।
এটি ফুল মাথোঁ
মনৰে ডালতে কঁপে
এটি মাথোঁ পখী
এটি উৰে উৰে।
কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত
আগলি বতাহে
কঁপালে কলৰে পাত।।
৫/ ফুলৰে এই মেলাতে
ফুলৰে এই মেলাতে
পখীয়ে গীত গায়
মৌ মাখি গুণ্ গুণ্
সুৰ তোলে বীণাত
তাকে দেখি সখিয়তি
না ধিন ধিনা
তবলা বজায়
মইনাই আনন্দতে
স্বৰগম গায়
গা পা পা দা
গা পা ধা নি......
লাজে লাজে ময়ূৰীয়ে পেখম মেলিছে
তাতা থৈয়া থৈয়া কৈ তাতা থৈ নাচিছে
বসন্ত মেলাতে বুলবুলি গীত গায়
কুউ কুউ কুলিয়ে মিঠা মিঠা সুৰে গায়
মইনাই আনন্দতে স্বৰগম গায়
গা পা......
সেইসুৰে ভোমোৰাই মাতাল হ’ল যে
ফুলে ফুলে দুলি দুলি আকুল হ’ল যে
সুৰে সুৰে চন্দনা গায় মাথো
তা ৰা না
ড্ৰিম তা না না না
ড্ৰিম তা না না না।।
৬/ আকৌ নতুন প্ৰভাত হ’ব
আকৌ নতুন প্ৰভাত হ’ব
কাল ৰাতি এই নাথাকিব
নিউ নিউ কৰা ফেঁচাৰ চিঞৰ
শিয়ালৰ ৰাও আঁতৰিব হ’ব।।
আকৌ নতুন প্ৰভাত হ’ব
কাল ৰাতি এই নাথাকিব
জয়াল ৰাতিৰ বিভীষিকাবোৰ
সাহ জুই দেখি পলাই যাব।।
আকৌ নতুন প্ৰভাত হ’ব
অমানিশা এই আঁতৰিব
অন্ধকাৰৰ ডাইনী ভুতৰ
বক্ষ পোহৰে বিদাৰিব।।
আকৌ নতুন প্ৰভাত হ’ব
দীপ্ত সূৰ্য জিলিকিব
তাৰ ৰশ্মিয়ে নিতৰ যুগক
নতুন গতি আনি দিব।
৭/ আগলতি কলাপাত লৰে কি চৰে
আগলতি কলাপাত লৰে কি চৰে
চিলনী আই তোৰ কাষতে পৰে
ফাগুণী আই, আই তোৰ নাই
আগলি পাততে কাউৰী পৰে
নেখাবি নেখাবি অজাতি কাউৰী
কলিজাই আমনি কৰে
নেবান্ধ নেবান্ধ মুকলি চুলি
নিপিন্ধ নিপিন্ধ সোণৰ কাণফুলি
বুকু তোৰ হম্ হম্ কিয়নো কৰে
মনে তোৰ অমঙ্গল কিয়নো কৰে
আগলি কলাপাত লৰে কি চৰে
বন্ধ সজাতে তোৰ আয়েৰক মনতে পৰে
আই তোৰ আয়েৰক মনতে পৰে
এধানি হিয়াতে তোৰ
দুখে যে উথলি পৰে
আই তোৰ দুখে যে উথলি পৰে।।
৮/ জোনবাই এ বেজী এটি দে
জোনবাই এ বেজী এটি দে
সোণে মোৰ গায়নে নেগায়
ধুনীয়া ঘোঁৰাতে, পৰীৰে দেশলে’
সোণে মোৰ যায়নে নেযায়।।
আনিছো তোমালৈ চোলাটি ফুলামকৈ
পিন্ধাহি অ’ সোণটো আঁহা
কাজলৰ এটি ফোট দিওঁ কপালত
এতিয়া এতিয়া হাঁহা
লুকা-ভাকু খেল খেলিমে এতিয়া
সোণে মোক পায়নে নেপায়
ধুণীয়া....।।
পৰীৰে দেশখন কিনো বিতোপন
ডাৱৰৰ সিপাৰে চিকেমিকে কৰে
সোণৰ পালেঙতে শোৱে ৰাজকন্যা
পদুম ফুল ফুলি যায় কুঁৱৰীৰ খোজতে
সেই ৰাজকুঁৱৰীক আনিবলে’
সোণে মোৰ যায়নে নেযায়
ধুনীয়া.....।।
মহেন্দ্ৰ বৰা
মই আকৌ আহিলোঁ
বিপ্লৱৰ নিচান উৰুৱাই
মৰণ বেদীত জীৱনৰ
অঞ্জলি সজাই
দুৰন্ত বিশ্বাস মই মানুহৰ
আনিছোঁ ঘুৰাই
মোক তুমি কিয় কিয় চিনা নাই।।
মানুহৰ দেহে দেহে
ময়ে প্ৰাণৰ শলিতা জ্বালোঁ
ছালৰ মোনাত থকা মঙহত
মই সপোন চালোঁ
মোৰেই ফিৰিঙতি লৈ
মৰণ সাৱটি লয় কনকলতাই।।
মোক চিনি পায় মুক্তিকামী
আৰু অগ্ৰগামী
শত জনতাই মোক চিনি পায়
যুগান্তৰৰ আৰু ৰূপান্তৰৰ
স্বপ্ন দেখা জনতাই মোক প্ৰাণ উন্মদনাই।।
মই মহা জীৱনৰ মুখৰিত কলৰৱ
শত শত শ্বহীদৰ
মৰণৰ মিছা জনৰৱ
অতন্দ্ৰ জীৱন মই
মোৰ মৃত্যুও নাই।।
Post ID : DABP006661