Page no 9
১.৫ মৰ্চা চৰকাৰ ঃ
যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চাৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগােট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বােলা হয়। মৰ্চাত যােগ দিয়া দলবিলাকৰ আদর্শ ভিন্ন হলেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বার্থ আৰু আদর্শ মােকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়।
মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে—
(১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, (২) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস, (৩) এটা নির্বাচনত কোটি কোটি টকা খৰচ হােৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। (৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।
মর্চা অথবা সংযুক্ত চৰকাৰৰ ধাৰণাটো আমাৰ দেশত বৰ বেছি পুৰণি নহয়। স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতৰ ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্য থকালৈকে মর্চা চৰাকৰৰ ধাৰণাৰ সৃষ্টি হােৱা নাছিল। ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্রেছে শাসন বৰ্তাই ৰাখিছিল । সেইখিনি সময়ত মৰ্চা চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল। কিন্তু পিছলৈ ‘এক দলৰ আধিপত্য❜ (single party dominance) ৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ হ’ল কেন্দ্রত ১৯৭৭ চনত মােৰাৰজী দেশাইৰ নেতৃত্বত প্রথমখন মৰ্চা চৰকাৰ গঠন হয়। জনতা দলৰ এই সংযুক্ত চৰকাৰ ১৯৭৯ চনত পতন হােৱাৰ পিছত ১৯৭৯ চনৰ অক্টোবৰ মাহত চৰণ। সিঙৰ নেতৃত্বত আন এক মর্চাই চৰকাৰ গঠন কৰে। এই চৰকাৰখনাে স্থায়ী নহ'ল। ইয়াৰ পিছৰ দুটা নির্বাচনত কংগ্ৰেছে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল যদিও ১৯৮৯ চনৰ পৰা ২০১৪ চন পর্যন্ত কেন্দ্ৰত মৰ্চা চৰকাৰ অব্যাহত থাকে।
Page no 10
কেন্দ্ৰত থকাৰ দৰে ভালকেইখন ৰাজ্যতাে মৰ্চা চৰকাৰে কার্যনির্বাহ কৰিছে। কেন্দ্ৰত ইতিমধ্যে চৰকাৰ গঠন কৰা মৰ্চাসমূহ আছিল一 ইউনাইটেড ফ্রন্ট , সংযুক্ত গণতান্ত্রিক মর্চা (United Progressive Alliance- UPA) আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (National Democratice Alliance一 NDA)
Bidyut Thakuria