স্বদেশী আন্দোলনৰ ফলাফল 

(ক)জাতীয় সাহিত্য ঃ 

    স্বদেশানুভূতিৰ জোৱাৰ সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি। 


    সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত 'বেংগলী'(১৯০৪), কৃষ্ণকুমাৰ মিত্ৰ'সঞ্জীৱনী' (১৯০৬), কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ 'হিতবাদী' (১৯০৫) ভূপেন্দ্ৰনাথ দত্তৰ 'যুগান্তৰ'(সাপ্তাহিক, ১৯০৬), ব্ৰহ্মবান্ধব উপাধ্যায়ৰ 'সন্ধ্যা'(১৯০6),
সতীশ চন্দ্র মুখােপাধ্যায়ৰ দি ডন ’ ( ১৯০৬ ) , কুমুদিনী মিত্ৰৰ মহিলা আলােচনী ‘ সু - প্রভাত ( ১৯০৬ ), অৰবিন্দ ঘােষৰ 'বন্দে মাতৰম ’ ( ১৯০৫ ) আদি সংবাদপত্র আৰু আলােচনীত প্রকাশিত জাতীয়তাবাদী লেখাসমূহে বংগভংগ বিৰােধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল। 


    স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযােগ্য নাটকসমূহ আছিল ক্ষীৰােদ  প্ৰসাদৰ ‘পলাশীৰ প্রায়শ্চিত্ত’ , গিৰীশ ঘােষৰ চিৰাজউদ্দৌলা ’ আৰু ‘ মিৰ কাছিম , অমৃতলাল বসুৰ চাব্বাস বাঙালী ’ , অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ ’ ইত্যাদি । একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্রন্থকেইখনমান হ’ল— স্বর্ণকুমাৰী দেবীৰ ‘ জাপানী বীৰ’ , প্রমথনাথ ৰায়চৌধুৰীৰ ‘জয় সংগীত ’ , কার্তিকচন্দ্র দাশগুপ্তৰ 'নব্য ভাৰত ', ৰামেন্দ্রসুন্দৰ ত্রিবেদীৰ 'বংগলক্ষীৰ ব্রতকথা। 


    স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব । 'আমাৰ সােনাৰ বাংলা আমি তােমাকে ভালবাসি’ শীর্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্রীয় সংগীতৰ মর্যাদা লাভ কৰিছিল। যদি তােৰ ডাক শুনে কেও না আসে তবে একলা চলাে ৰে...'ৰ দৰে তীব্র জাতীয় আবেদনময়ী গীতে চিৰকালে জনপ্রিয়তা লাভ কৰি থাকিব । আন্দোলনৰ সময়ছােৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্রলাল ৰয় আদিৰ গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল। স্বদেশী আন্দেলনৰ পটভূমিত ৰবীন্দ্রনাথে ৰচনা কৰা এটা বিখ্যাত প্রবন্ধ আছিল ‘ভাই ভাই এক ঠাই' । 


    অবনীন্দ্রনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ’ (১৯০৭) নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য প্ৰভাৱমুক্ত নিভাঁজ ভাৰতীয় চিত্রকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তােলাত মনােযােগ দিছিল। অবনীন্দ্রনাথ ঠাকুৰে তেওঁৰ সু-বিখ্যাত 'বংগ মাতা’ ছবিখন অংকন কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্রতিষ্ঠা কৰিছিল। ভগিনী নিবেদিতাই‘ বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল ।

type- pawan jyoti koch