Page no 45

২.১.৪ দৰিদ্ৰতাৰ কাৰণসমূহ (Causes of Poverty)  ঃ

    দৰিদ্ৰতাৰ কাৰণসমূহ তিনিটা ভাগত ভগাব পাৰি一(ক) ঐতিহাসিক, (খ) অৰ্থনৈতিক, (গ) সামাজিক।

    (ক) ঐতিহাসিক   ঃ ইংৰাজৰ শাসনকালত ভাৰতবৰ্ষৰ সম্পদৰাজিৰ বহির্গমন হয় আৰু ভাৰতীয় অর্থনীতিৰ ভেটি দূর্বল হৈ পৰে। দাদাভাই নৌৰজীৰ গ্ৰন্থ ‘Poverty and UnBritish Rule in India' ত বিষয়টোৰ বহল ব্যাখ্যা আগবঢ়োৱা হৈছে। স্বাধীনতা লাভৰ সময়তেই ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যাটো প্ৰকট হৈ উঠিছিল । 

          (খ) অর্থনৈতিক ঃ গ্রাম্য ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মূল কাৰণসমূহ হ'ল— ভূমিৰ মালিকীস্বত্ত্বৰ অভাৱ, কৃষি খণ্ডৰ বাহিৰত কর্মসংস্থাপনৰ অভাৱ, কৃষিখণ্ডত উদ্ভৱ হােৱা ঋতুজ নিবনুৱা, অশিক্ষিত আৰু অদক্ষ শ্রমিকৰ প্রাদুর্ভাৱ, সীমিত কৃষি উৎপাদনৰ পৰিমাণ, নিম্ন মজুৰি হাৰ ইত্যাদি। চহৰ অঞ্চলত দৰিদ্ৰতাৰ মূল কাৰণবােৰ হ’ল গাঁও অঞ্চলৰ দৰিদ্ৰতাৰ বাবে চহৰ অঞ্চললৈ সৃষ্টি হােৱা অবিৰাম প্ৰব্ৰজন, আৱাসগৃহৰ অভাৱ, খােৱাপানীৰ অভাৱ, দূষিত পৰিৱেশ, বস্তি অঞ্চলৰ সৃষ্টি ইত্যাদি। এইবােৰ কাৰণৰ উপৰিও সামগ্রিকভাৱে জনসংখ্যা বৃদ্ধিয়ে পৰিয়ালৰ সঞ্চয় ক্ষমতা হ্রাস কৰাৰ ফলত বিনিয়ােগৰ বাবে মূলধন সীমিত হৈ পৰাত অর্থনৈতিক উন্নয়নৰ হাৰ উৎসাহজনক হােৱা নাই। 

      (গ) সামাজিক   ঃ জাতিভেদ আৰু বর্ণভেদ প্রথাৰ ফলত জনসংখ্যাৰ বুজনসংখ্যক লােক আর্থ - সামাজিক উন্নয়নৰ সুফলবােৰৰ পৰা বঞ্চিত হৈ পৰাত দৰিদ্ৰতাৰ সমস্যাটোৱে এক জটিল ৰূপ ধাৰণ কৰিছে।





Bidyut Thakuria.