(খ) জাতীয় শিক্ষা


       স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বর্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতাে ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কালাইলে (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫ ) ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্র বংগদেশত প্রতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কার্লাইলৰ জাননীৰ বিৰুদ্ধে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্রনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত (৪ নৱেম্বৰ , ১৯০৫) 'এন্টি- চার্কুলাৰ ছ'চাইটী’ (Anit-circular society) গঠন কৰি চৰকাৰৰ আগেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰন্থণ কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা। 


        বিপিনচন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আদ্বুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল একে সময়তে সতীশচন্দ্ৰ মুখোপাধ্যায় (১৮৬৫-১৯৪৮) সম্পাদিত 'দি ডন'(The dawn ) পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্ৰ মখোপাধ্যায়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪-১৯১৮) সহযোগত 'ডন ছ'চাইটি (dawn society) নমৰ এই জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰাত ব্ৰতী হৈছিল। এই  ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) কাৰ্লাইল জাননীৰ (১৯০৫) সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্ততা  দিছিল। পিছদিনা (৬ আগষ্ট ) বিশাল জনতাৰ উপস্থিতিত তেওঁ বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয় । চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পােৱাত বংগদেশৰ কেইবাখনাে ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল । ৰাসবিহাৰী বসুৰ (১৮৪৫-১৯২১) অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মার্চ ( ১৯০৬ ) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয় । ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয় । অৰবিন্দ ঘােষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল । একেটা বছৰতে ( ১২ ডিচেম্বৰত ) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।


         স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে । খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ ( অসমৰ প্ৰথমগৰাকী আই চি এছ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু ) অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট (Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল । পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল । জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘ বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমর্থ বিদ্যালয় আৰু গুজৰাটত‘ গুজৰাট বিদ্যালয়' প্রতিষ্ঠা কৰা হৈছিল


Type- pawan jyoti koch ।