৮.৩ বায়ু গৰম হ'লে প্ৰসাৰিত হয়ঃ

ক্ৰিয়াকলাপ ৮.৫

পানী উতলাৰ পৰা নলী এটা যোগাৰ কৰা। নলীটোৰ মুখত বেলুন এটা বহলাই টানকৈ লগাই দিয়া। বেলুনটো টানকৈ লগাবলৈ আঠাযুক্ত ফিটা ব্য়ৱহাৰ কৰিব পাৰা। এটা বিকাৰত অলপমান গৰম পানী ঢালা। বেলুনসহ নলীটো গৰম পানীত সুমুৱাই দিয়া। বেলুনৰ আক়ৃতিৰ কিবা পৰিৱৰ্তন হয়নেকি চাবলৈ ২-৩ মিনিট সময় বেলুনটো নিৰীক্ষন কৰা। নলীটো উলিয়াই আনি কোঠালিৰ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ দিয়া। আন এটা বিকাৰত হিমশীতল পানী লোৱা আৰু বেলুনৰ সৈতে নলীডাল ঠাণ্ডা পানীত ২-৩ মিনিট সময়ৰ বাবে থোৱা। বেলুনৰ আকৃতিৰ পৰিৱৰ্তনম লক্ষ্য় কৰা। 

        ভাবি-চিন্তি উত্তৰ দিয়াঃ নলীটো গৰম পানীত থকা অৱস্থাত কি কাৰণে বলুনটো ফুলি উঠিছিল?

        নলীটো ঠাণ্ডা পানীত থকা অৱস্থাত একোটা বেলুন কিয় চেপেটা হ'ল?

        প্ৰথম নিৰিক্ষণটোৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁনে যে গৰম হ'লে বায়ু প্ৰসাৰিত হয়? নলীটো ঠাণ্ডা হ'লে তাৰ ভিতৰৰ বায়ুখিনিৰ কি হয়  ক'ব পাকিবানে?

        পৰৱৰ্তী ক্ৰিয়াকলাপটো অতিকৈ চিত্তাকৰ্ষক। ইয়াৰ পৰা গৰম বায়ুৰ বিষয়ে আৰু অধিক কথা জানিব পাৰিবা।

ক্ৰিয়াকলাপ ৮.৬

    একে আকাৰত দুখন কাগজৰ মোনা বা কাগজৰ খালী কাপ লোৱা। ধাতু বা কাঠৰ মাৰি এডালৰ দুই মূৰতদ মোনা দুখন ওলোটাকৈ আঁৰি দিয়া।

সূতাডালেৰে মাৰিডাল তুলাচনীৰ দৰে ধৰি থাকা। চিত্ৰত দেখুওৱাৰ দৰে এডাল জ্বলি থকা মমবাতি যিকোনো এটা মোনাৰ তলত ধৰা। কি ঘটে লক্ষ্য় কৰা।

        মোনা দুখনৰ ভাৰাসাম্য কিয় ব্যাহত হ'ল? 

        এই ক্ৰিয়াকলাপটোৱে গৰম বায়ু ঊৰ্ধ্বগামী হোৱাটো সুচাইছেনে?গৰম বায়ু ঊৰ্ধ্বগামী হওঁতে ই মমবাতিৰ ওপৰৰ মোনাখন ওপৰলৈ ঠেলি দিয়ে ভাৰাসাম্য় নাইকিয়া হোৱা অৱস্থাটোৱে গৰম বায়ু চেঁচা বায়ুতকৈ পাতল বুলি প্ৰতীয়মান নকৰেনে ?

    ধোঁৱা সদায় ঊৰ্ধ্বগামী হোৱাৰ কাৰণ এতিয়া তোমালোকে ব্য়াখ্য়া কৰিব পাৰিবানে? 

    এইটোও মনত ৰাখা দৰকাৰ যে গৰম কৰিলে বায়ু প্ৰসাৰিক হয় আৰু ই বেছি ঠাই আগুৰে। যেতিয়া একোটা বস্তুৱে বেছি ঠাই আগুৰে। যতিয়া একোটা বস্তুৱে বেছি ঠাই আগুৰে তেতিয়া ই পাতল হয়। সেইকাৰণে গৰম বায়ু ঠাণ্ডা বায়ুতকৈ পাতল। ধোঁৱা ওপৰলৈ উঠাৰ কাৰণ এইটোৱেই।

    প্ৰকৃতিত এনে বহুতো ঠাই আছে য'ত গৰম বায়ু ঊৰ্ধ্বগামী হোৱা দেখা যায়। তোনেবোৰ ঠাইত বায়ুৰ চাপ কমি যায়। তেনেবোৰ ঠাইত বায়ুৰ চাপ কমি যায়। তেতিয়া চাৰিওফালৰ চেঁচা বায়ু আহি খালী হোৱা আষ্ণলটো ততালিকে পূৰ্ণ কৰে। ইয়েই ৪নং পাঠত শিকি  অহা বায়ুৰ পৰিচলন প্ৰক্ৰিয়াৰ সুত্ৰপাত কৰে।     


Type: Ankur Raj Deka 

Class 7