ভূপেন হাজৰিকৰ গীতসমূহ


১/ অ’ মোৰ ধৰিত্ৰী আই

অ’ মোৰ ধৰিত্ৰী আই 

চৰণতে দিবা ঠাই 

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই।

ৰ’দ বৰষুণ কাটি কৰি 

ঘাম পেলাই চহ কৰি 

তোমাৰ বুকুত সোণ চপাওঁ 

আনে নিয়ে কাঢ়ি

ধৰিত্ৰী আই মোৰ 

আমাকে তুলি নেৰিবা

তোমাৰ চেনেহ বিনে আই

আমি নিৰূপায়।

মাটিকে সাবটি ধৰি 

মাটিকে সাৰথি কৰি 

মাটিৰ বুকুত শোণিত চালো

জিৰণি পাহৰি 

ধৰিত্ৰী আই মোৰ 

আমাকে তুমি নেৰিবা 

তোমাৰ চেনেহ বিনে আি

আমি নিৰূপায়।

মই হ’লো মাউৰা ল’ৰা 

মোৰ আই নাই 

কাবৌ কৰো ধৰিত্ৰী মোৰ 

তুমি হ’বা আই 

মাটি আৰু খেতিয়কৰ 

সম্বন্ধ আছে যুগ যুগৰ 

কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়।।


২/ স্নেহে আমাৰ শত শ্ৰাৱণৰ 

স্নেহে আমাৰ শত শ্ৰাৱণৰ 

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে-

যৌৱন বাসনাৰ ৰিক্তোপকুল

পূৰ্ণ কৰে উন্মত্ত বানে-

      নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি 

      উচ্ছল জীৱনৰ জোৱান আনে 

      অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে

      নাচে নৱ সৃষ্টিৰ গানে।

বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ 

মৌন ভাষাৰ উন্মাদনা সানে

নিশ্বাসে মোৰ আশাৰ আশ্বাসত

তৃপ্তিৰ পৰিধি নামানে-

       প্ৰীতি দিগবলয়ত গতিশীল গীত গাওঁ

       বজ্ৰৰ গৰ্জনে হাৰ মানে

       বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়

       আমাৰ দষ্টিয়েও লক্ষ্য জানে।

 

৩/ জিলিকাব লুইতৰে পাৰ 

জিলিকাব লুইতৰে পাৰ 

আন্ধাৰৰ ভেটা ভাঙি

প্ৰাগজ্যোতিষত বয় 

জেউতি নিজৰাৰে ধাৰ 

শত শত বন্তিৰ 

জ্ঞানৰে দীপালীয়ে 

জিলিকাব লুইতৰে পাৰ।

   সাঁচিপাতে ভাষা দিব

   চিফুঙে আশা দিব 

   ৰংঘৰে মেলিব দুৱাৰ।

   সমাজে সাবটি

   মহান মানৱতা 

   বিজ্ঞানে আনিব জোৱাৰ।

নতুনৰ গতি খেদা

ডেকা গাভৰু আমি

নিৰ্ভীক কুৰি শতিকাৰ 

অজ্ঞান চাকনৈয়া

এফলীয়া কৰি থৈ 

মাৰি যাওঁ জীৱনৰ ডাঁৰ।।


৪/ সাগৰ সঙ্গমত 

সাগৰ সঙ্গমমত

কতনা সাঁতুৰিলো 

তথাপিতো হোৱা নাই ক্লান্ত

তথাপি মনৰ মোৰ প্ৰশান্ত

সাগৰৰ উৰ্মিমালা অসান্ত।

  মনৰ প্ৰশান্ত

  সাগৰৰ বক্ষত 

  জোৱাৰৰ নাই আজি অন্ত

  অজস্ৰ লহৰে নৱ নৱ গতিৰে

  আনি দিয়ে আশা অফুৰন্ত

  সেয়েহে মনৰ মোৰ প্ৰশান্ত

  সাগৰৰ উৰ্মিনালা অশান্ত।

প্ৰশান্ত পাৰৰে 

মহা মহা জীৱনৰ 

শান্তি আজি আক্ৰান্ত

নৱ নৱ সৃষ্টিৰে দৈত্য দানৱে

কৰে নিষ্ঠুৰাঘাত অবিশ্ৰান্ত 

সেয়েহে মনৰ মোৰ প্ৰশান্ত

সাগৰৰ উৰ্মিমালা অশান্ত।

  ধ্বংসৰ আঘাতক 

  দিছে আজি সংঘাত 

  সৃষ্টিৰ সেনানী অনন্ত

  সংঘাতে আনে মোৰ প্ৰশান্ত

  সাগৰত প্ৰগতিৰ নতুন দিগন্ত

  সেয়েহে মনৰ মোৰ প্ৰসান্ত

  সাগৰৰ উৰ্মিমলা অশান্ত।

গভীৰ প্ৰশান্ত 

সাগৰৰ শক্তিয়ে

ধ্বংসক কৰে দিগভ্ৰান্ত

অগণন মানৱৰ শান্তিৰ সমদল

সৃষ্টিকামী জীৱন্ত

সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ

উৰ্মিমালা অশান্ত।


৫/ তোমাৰ নাম পত্ৰলেখা

তোমাৰ দেখোঁ নাম পত্ৰলেখা 

পত্ৰ তুমি নিলিখা হ’লা।

হয়তো মোৰ পুৰণা ঠিকনা

তোমাৰ মনত নাই।

হয়তো তমি তোমাৰ মৰমবোৰ

থৈছা সাঁচি কাৰোবালৈ গুপুতে বুকুতে।

তাত মোৰ ভাগেই নাই,

কিম্বা মোৰ পুৰণা ঠিকনা

তোমাৰ মনত নাই।।

আজি বহু ঝতু পাৰ হৈ গ‘ল,

মোৰো মনৰ পত্ৰ বহু লিখা যে নহ’ল।

মোৰ ক্ষমাও যে নাই,

বোধহয় সেয়ে তোমাৰ অভিমানৰ 

পৰিধিও নাই।।

তোৰ চিত্ৰ নাট গীত কবিতাত

বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা।

তুমি বিচৰাহে নাই,

কিম্বা তোমাৰ ঠিকনা বিচৰাৰ

অৱকাশ নাই।।

পত্ৰ লেখা যদি তুমি 

মোৰ ঠিকনা সোধা 

সমিধানত মৌনতাহে পাবা।

কাৰণ মই  এক জিৰণি বিহীন 

বেদুইন হ’লো জীৱন চাহাৰাৰ

ঠিকনা মোৰ নাই।।


৬/ কঁহুৱা বন মোৰ অশান্ত মন

কঁহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱটি

অ’  এটি এটি ক্ষণ যেন মুকুতাৰে ধন 

এনেয়ে হেৰুৱালে নাহে উভতি।

নীলা আকাশৰ একোটি তৰা 

হঠাতে খহি সাৱটে ধৰা

খিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি 

এ’ এটি এটি ক্ষণ যেন এটি এটি পণ

এনেয়ে হেৰুৱালে নাহে উভতি।

পুৱতিৰ নিশাৰ সপোন দেখি

দেখিও নেদেখিলোঁ সই ক্ষণটি

অনন্ত সময়ৰ সাগৰখনিৰ

চঞ্চল কোলাহলে ভাঙে ঘুমটি।

অ’ বলিয়া মন, কিয় উচাটন?

কালিৰ সূৰুযে আনি দিব পুৱাটি।



৭/ সুৰাত মগন বয়াল ৰাতি 

সুৰাত মগন বয়াল ৰাতি

মৌন কোলাহল,

মই যেন এক ৰ’দৰ বিলাপ

শব্দৰ সমদল।

চন্দ্ৰ তৰাগ থাপ মাৰি আনি 

থেকেচি পেলাবৰ হ’ল,

সূৰ্যমুখীয়ে সজাব কাহানি

ব্যথাৰ সমাধি তল।

নিয়ম পিয়াসী সন্তানবোৰে

নিয়ম নমনা হ’ল

মাতৃৰ চকুৰ ঘন কুঁৱলী গহ্বৰ হৈ গ’ল।

শগুণে সদায় সভাকে পাতে 

ভাসন পৰি ৰ’ল।

দিনবোৰ আমাৰ মৃত হৰিণৰ

বেঁকা শিং যেন এক ৰ’দৰ বিলাপ।



৮/ মানুহে মানুহৰ বাবে

মানুহে মানুহৰ বাবে 

যদিহে অকণো নাভাবে

অকণি সহানুভুতিৰে

ভাবিব কোনেনো কোৱা? সমনীয়া?

     মানুহে মানুহক বেচিব খুজি

     মানুহে মানুহক কিনিব খুজি

     পুৰণি ইতিহাস দোহাৰিলে 

     ভুল জানো নহ’ব কোৱা, সমনীয়া?

দুৰ্বল মানুহে যদি 

জীমনৰ কোবাল নদী

পাৰ হয় তোমাৰে সাহত 

হেৰুৱাবানো কি?

  মানুহ যদিহে নহয় মানুহ

  দানৱ কাহানিও নহয় মানুহ।

  যদি দানৱ কাহানিও হয়েই মানুহ

  লাজপাব কোনেনো কোৱা?


৯/ মৃতক নহ’লো কিয়?

কত জোৱানৰ মৃত্যু হ’ল?

কাৰ জীৱন যৌৱন গ’ল?

সেই মৃত্যু অপৰাজেয়?

তেনে মৃতক নহ’লো মই কিয়?

হেনো হিমালয় ভাৰতৰ প্ৰহৰী

তাহানি শুনিছিলো কাহানী;

পিছে মৃত জোৱান সৱে চিঞৰিছে

“লাগে চিৰজাগ্ৰত এটি বাহিনী”।।

আমি কামেং সীমান্ত দেখিলো

দেখি শক্ৰৰ পশুত্ব চিনিলো;

আৰু মৃত মৌন শত জোৱানলৈ

মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ।।

কত পিতৃ পুত্ৰ হাৰা হ’ল!

কোন মাতৃ বুকু শুদা হ’ল!

ৰঙা সেন্দুৰ কাৰ মচা গ’ল?

কাৰ বাসনা অপূৰ্ণ ৰ’ল?  

প্ৰতি জোৱান ৰক্তৰে বিন্দু

হ’ল সাহসৰ অনন্ত সিন্ধু

সেই সাহসৰ দুৰ্জেয় লহৰে 

যাচিলে প্ৰতিজ্ঞা জয়ৰে।



১০/  বৈধ কি অবৈধ কি প্ৰশ্ন

অয় অয় আকাশ শুব

অয় অয় বতাহ শুব

দিগন্ততে হাহাকাৰ হ’ব।

সময় যেন স্তব্ধ হয়

হয় ভীত হয়

হয় চকুলোও শিল হ’ব

পাপ যদি বেয়া, কামনা কিয় দিলে, দিলে দিলে?

মোহ যদি বেয়া, সুৰ কিয় দিলে, দিলে দিলে?

ভাঙন যদি বেয়া, বিৰহ কিয় দিলে, দিলে দিলে?

তাৰ সমিধান কোনে দিব, কোনে দিব?

সাঁথৰ ভৰা নিশা মোৰ সোণ শুব

বৈধ কি অবৈধ কি? প্ৰশ্ন হ’ব।

অয় অয় আকাশ শুব।



১১/ অ’ বিদেশী বন্ধু

  অ’ বিদেশী বন্ধু! দুৰ্ভগীয়া!

আজি কিয়নো বন্ধু! অকলশৰীয়া

  প্ৰতিধ্বনি শুনো কান্দোনৰ 

 প্ৰেমৰ সাগৰে দাহাজ মোলিলি

    নাপালি কোনো বন্দৰ

 সৰু চাকনৈয়াতে বন্দী হ’লি

   হেৰুৱালি তোৰ লংগৰ-

চিৰ সেউজতে চামেলী দেখিলি

    অতি মনোমুগ্ধকৰ

লিৰিকি বিদাৰি সুগন্ধি লওঁতেই

   চামেলী হ’ল গৈ পৰ-

     অ’ বিদেশী বন্ধু!....

  

১২/  মই আৰু মোৰ ছাঁ 

কোনে কয় মই অকলশৰীয়া

নহওঁ মই অকলশৰীয়া

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

পৃথিলীৰ, নক’বা মই অকলশৰীয়া

সংগীহীনতা

মোৰেই সংগী বুলি

কিয় তুমি উপহাস কৰিছা?

দূৰণিৰ বন্ধু সকলো মিছা

নিচেই কাষৰেই ছাঁহে সঁচা

আশাৰ বালিচৰত

যেতিয়া ঘৰ সাজোঁ

মোৰেই ছাঁই বালি তুলি দিয়ে

এন্ধাৰ বাটতে মোৰেই ছাঁই

মেলি দিয়ে নিতে

জ্যোতিৰ দলিচা

১৩/ ছিলঙৰে গধুলি

ছিলঙৰে গধুলি

সপোন চহৰৰ মৰমী শৰতৰ

সোঁৱৰণী সোণালী

ৰঙীণ বজাৰ পাৰ হৈ হৈ

শুদাকৈ ভৰিৰে দূবৰি গচকি গৈ

সৰু সৰু জিৰজিৰীয়া

নিজৰাৰ পাৰতে

হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা

পৰিব যে খুজিছিলো পিছলি!

লাহে লাহে এন্ধাৰ হ’ল 

দূৰণিৰ খাচী গাঁওখন

তুমি আৰু মই মিলি 

দুয়োতেই হ’লো মগন।

দুটি মন নিজৰা জলধি হৈ 

ওখকৈ সৰলৰ বননি দিলে বুৰাই

যেন উৰি উৰি উৰি ফুৰা

জোনাকী পৰুৱাই

হাঁহি হাঁহি জোকালে 

আমি হেনো উটি ফুৰা

দুটি মিঠা শৰতৰ সোণালী।


১৪/ লুইতৰ বলিয়া বান

লুইতৰ বলিয়া বান 

তই ক’লৈনো ঢাপলি  মেলিছ?

হিৰ্ হিৰ্ সবদে 

কাল ৰূপ ধৰি লৈ

কাকনো বাৰে বাৰে খেদিছে?

লুইতৰ বুকু হেনো বাম হৈ গ’ল

গভীৰতা হেনো কিছু নোহোৱা হ’ল 

বান তই সেয়ে হেনো

অলিয়া বলিয়া হৈ

দুয়ো পাৰে উপচি পৰিছ।

বান তই টিঘিল টিঘিলাবি

আশাৰে কঠীয়া নুটুৱাবি

শিশুবধ ভাওনা নাপাতিবি।।

ঘৰৰ চালতে শগুণক বহুৱাই

বৰসবাহ নাপাতিবি!

পানীৰ পাৰতে জনম আমাৰ 

পানীয়েই পিতৃ শক্তি আমাৰ 

সেই শক্তিৰে বানৰ ৰুধিম

সহস্ৰ হাতেৰে দুপাৰ বান্ধিম 

তোৰ শক্তিক কাঢ়ি কাঢ়ি আনি 

তোকেই আমাৰ ভৃ্ত্য কৰিম।।

 


১৫/ বিমূৰ্ত মোৰ নিশাটি

বিমূৰ্ত মোৰ নিশাটি যেন 

মৌনতাৰে সূতাৰে বোৱা

এখনি নীলা চাদৰ 

তাৰে এটি মিঠা ভাঁজত

নিশ্বাসৰে  সুৰ আৰু 

জীয়া জীয়া আদৰ 

কামনাৰে তেজ ৰঙা 

আজিৰ গভীৰ গৰ্ভতে 

নীৰৱ মৰম বাৰিষাৰ

বহুত শাওণ ভাদৰ

তাৰেই এটি মিঠা ভাঁজত

নিশ্বাসৰে সুৰ আৰু 

জীয়া জীয়া আদৰ।

সৰি পৰে প্ৰত্যাশিত

অস্ফুট এক প্ৰতিধ্বনি 

সাদৰী মাতৰ 

তাইৰ সাদৰী মাতৰ

পৰিধিবিহীন সঙ্গমমুখী

নিৰ্মল দুটি ওঁঠ

কম্পন কাৰত।

নিয়ম ভঙাৰ নিয়ম ই যে 

নিয়মাকাংক্ষী বাটৰ 

কোমল আঘাত প্ৰতি আঘাত

নীলা নিশাৰ নাটৰ 

দূৰৈৰ আৰ্তনাদৰ নদী

ক্ৰন্দন কোনো ঘাটৰ 

ভ্ৰূক্ষেপ নাই লভিছো মই 

নিশ্বাসৰে সুৰ আৰু

জীয়া জীয়া আদৰ।


১৬/ কোনে জানে তোমাৰ সপোন

কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ? 

আকাশতে থকা জনে লিখে কপালৰ লিখন

জীৱনৰে ছবি আঁকি কোনে সজাই দিব?

আকাশতে থকা জনে লিখে কপালৰ লিখন

জীৱন বীণা আনন্দেৰে যদি খোজা বজাব

হাঁহি হাঁহি বিধিৰ লিপি মানিলেই হ’ব।

দুখত যদি হাঁহি খাকা মচি তোমাৰ মৰণ

আকাশতে খকাজনে লিখে কপালৰ লিখন

জীৱন আন এটি নাম পদুম পাতৰ পানী

প্ৰভাতে যে কাল সন্ধিয়াৰ নেজানে আঁচনি

কোনে জানে কাহানি  হয় উশাহৰ মৰণ

আকাশতে থকাজনে লিখে কপালৰ লিখন।।




Post ID : DABP006659