সামাজিক দৃষ্টিভংগী, মহিলাৰ স্থান, সাজপাৰ ইত্যাদ     মধ্য যুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট  উদাৰ। হিন্দু সমীজত প্ৰচালন থকা জাতিভেদ প্ৰথা সেই সময়ত নাছিল। আহোম, কছাৰী, কোচ আদি সকলো জাতি-জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্য়ত স্বাধীনভাৱে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোমতে বৰ কম সংখ্যক মহিলা লগত অনা বাবে স্থানীয় জাতি-জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন  কৰি অকল বংসবৃদ্ধি কৰাই নহয় বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্দুত্বপূৰ্ণ সম্পৰ্কও স্থাপন কৰিছিল। স্বৰ্গদেউ চুকাফাই আৰম্ভ কৰা এই নীতি আহোমৰ শেষ স্বৰ্গদেউ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহলৈ বৰ্তি আছিল। মধ্য যুগৰ অন্যান্য শাসকসকলেও পিছলৈ এই নীতি অনুসৰণ কৰি যথেষ্ট লাভৱান হৈছিল। মধ্য যুগৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো সামন্তবাদী আছিল। আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ দুটা শ্ৰেণীত বিভক্ত আছিল-সম্ভ্ৰন্ত শ্ৰেণী আৰু অধীনস্থ প্ৰজা বা ৰায়ত। অৱশ্যে পিছলৈ হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা আহোম সমাজ ব্যৱস্থাত সামাজিক ব্যৱধান বাঢ়িছিল। মধ্য যুগৰ মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল। আহোম বুৰজ্ঞীৰ পাত লুটিয়ালে এই কথা স্পষ্ট হয়। ক্ষেত্ৰ বিশষে মহিলাসকলে দৌল-দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল,বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। মধ্য যুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম-কাজতে আবদ্ধ নাছিল তেওঁলোকে সময় সাপেক্ষে যুদ্ধত অংশ গ্ৰহন কৰাৰ উপৰি ৰাজ সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। ৰুচি সম্পন্ন স্বকীয় সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰা কৰা সেই সময়ৰ ৰমণীসকলক সমাজত যথেষ্ট সন্মন কৰা হৈছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামুলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত 'মহিলাৰ স্থান উচ্চ' সম্ভৱত এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল। মধ্য যুগত অসমৰ লোকসকলৰ সাজপাৰ  ৰুচিপূৰ্ণ আছিল। পুৰুষ-মহিলা উভয়ে নিম্ন ভাগত আহল-বহল বস্ত্ৰ, গাত দীঘল চোলা পৰিধান কৰিছিল আৰু পুৰুষসকলে মূৰত পাগুৰি মাৰিছিল। কালক্ৰমত মহিলাসকলে মেখেলা-চাদৰ পৰিধান কৰিবলৈ লৈছিল। সাজপাৰ মানুহৰ সামাজিক মৰ্যাদা নিৰূপন কৰিছিল। পশ্চিমৰ পৰা হোৱা বিদেশী আক্ৰমণে এই ক্ষেত্ৰতো প্ৰভাৱ পেলাইছিল। পাট-মুগা, এৰি কাপোৰ অসমীয়া সমাজত তাহানি কালৰ পৰাই প্ৰচলন আছিল। বৰ্তমান বড়োসকলে ব্যৱহাৰ কৰা দখনা মধ্য যুগৰ বড়ো (কছাৰী)সকলেও পৰিধান কৰিছিল। অসমীয়া সাজ-পাৰৰ ক্ষেত্ৰত মধ্যযুগীয় বাৰভূঞাসকলৰ অৱদান কোনোপধ্যেই নুই কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আজিৰ অসমীয়া সমাজত ব্যৱহ্নত টঙালি, হাঁচতি আদি বাৰভূঞাসকলৰেই অৱদান আছিল।

অৰ্থনৈতিক অৱস্থাঃ

মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদ পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাঁহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি  আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয় কৃষি পদ্ধতিৰ  সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীৰ লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল। ডোং বান্দি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিযাৰ ব্যৱস্থা আছিল। বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ-গছনি,শস্য ৰক্ষাৰ কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি  হৈছিল বুলি ক'ব পাৰি। উল্লেখ আছে যে কোচবিহাৰত জান-জুৰিৰ উজনিচ বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰা হৈছিল। আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটিভোগ কৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল। পৰৰৰ্তী সময়ত মছ্জিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে। মধ্যযুগৰ এই ব্যৱস্থা বৰ্তমানেও কাম বেছি পৰিমাণে প্ৰচলন হৈ থকা দেখা যায়। অসম মধ্যযুগৰ পৰাই কুটিৰ ক্ষুদ্ৰ শিল্পত চহকী। সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰ-শি়ল্প, বয়ন শিল্প, ৰঞ্জন (ৰং কৰা) শিল্প, হাতীদাঁতৰ শিল্প, মৃৎ শিল্প, ধাতুশিল্প আদিয়েই প্ৰধান। পুৰুষ-মহিলা উভয়ে শিল্পসমূহৰ লগত জড়িত আছিল। সেই সময়ত  প্ৰতিটোপৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। উল্লেখ আছে যে কামৰূপ-কমতাৰ কোনে কোনে অঞ্চলত পুৰুষ-মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল। শুৱালকুছি বৰপেটাৰ তাঁতী কুছিৰ উৎপত্তি তেনেদৰেই হৈছিল বুলি অনুমান কৰাৰ থল আছে। মধ্যযুগৰ বাণিজ্যিক আদান-প্ৰদান আছিল যথেষ্ট সীমিত। আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আনৰ পৰা বস্তু আন বা আনক বস্তু দিয়াতো বিশেষভাৱে পৰিলক্ষিত নহৈছিল। আহোমসকলে ওচৰ-চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। বিভিন্ন উৎসৰ জনা যায় য়ে আহোমসকলৰ বংগদেশ, তিব্বত, চীন আদি দেশৰ লগত বাণিজ্যিক সুসম্পৰ্ক আছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায়-বাণিজ্যিই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। ব্যৱসায়-বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ভিতৰত ৰাস্তা-পদূলি নিৰ্মান, মুদ্ৰাৰ প্ৰচলন ইত্যাদি। মধ্যয়ুগৰ আদিতে বিনিময় প্ৰথাৰে ব্যৱসায়-বাণিজ্য চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল। 


Class 8 Social Science 

Type: Dimi Bora