উপকূল অঞ্চলঃ

    দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগােপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত । সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত । ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক । ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি । পূব উপকূল অঞ্চলটো এফালে বংগােপসাগৰ আৰু আনফালে পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত । ই গঙ্গা নদীৰ মােহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত । প্রায় ১,১০০ কিলােমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে ১২০ কিলােমিটাৰ বহল । ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু বদ্বীপৰ দ্বাৰা গঠিত । সেয়েহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা । এই উপকূলত চিল্কা , কোলাৰ আৰু পলিকট নামে তিনিটা হ্রদ আছে । পূর্ব উপকূলটোৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা বেলেগ বেলেগ নামেৰে পৰিচিত । কৃষ্ণা নদীৰ মােহনাৰ পৰা গঙ্গা নদীৰ মােহনালৈকে ইয়াৰ উত্তৰৰ অংশটো ‘ উত্তৰ সৰকাৰ উপকুল ’ আৰু কৃষ্ণা মােহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত দক্ষিণৰ অংশটো কৰমণ্ডল উপকুল ’ নামে জনাজাত ।


    পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পর্বতৰ মাজত অৱস্থিত । ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত । এই উপকূল অঞ্চলটো দীঘল কিন্তু ঠেক । ইয়াৰ দৈর্ঘ্য প্রায় ১,৫০০ কিলােমিটাৰ আৰু প্রস্থ ১০ কিলােমিটাৰৰ পৰা ১৫ কিলােমিটাৰৰ ভিতৰত । পূর্ব উপকূলৰ দৰে ইয়াৰ উত্তৰ আৰু দক্ষিণৰ অংশ দুটাৰ নামাে বেলেগ বেলেগ । কাম্বে উপসাগৰ আৰু গােৱাৰ মাজত উত্তৰ অংশটোৰ নাম হৈছে কংকন উপকূল ’ আৰু গােৱাৰ পৰা কুমাৰিকালৈকে দক্ষিণৰ অংশটোৰ নাম হৈছে মালাৱাৰ উপকুল ।


    ওপৰত উল্লেখ কৰা চাৰিটা প্রধান ভূ - প্রাকৃতিক বিভাগৰ বাহিৰেও ভাৰতীয় দ্বীপসমূহক এটা সুকীয়া ভাগ হিচাপে ধৰিব পাৰি । ভাৰতীয় দ্বীপসমূহ দুটা গােট বা দ্বীপপুঞ্জত বিভক্ত । ইয়াৰে এটাক লাক্ষাদ্বীপপুঞ্জ আৰু আনটোক আন্দামান - নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায় । এই দুয়ােটা দ্বীপপুঞ্জই ভাৰতৰ দুটা কেন্দ্রীয় শাসিত অঞ্চল । লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্রমে কাভাট্টি আৰু পৰ্ট ব্লেয়াৰ । লাক্ষা দ্বীপপুঞ্জ মালাৱৰ উপকূলৰ পশ্চিমে আৰৱসাগৰত অৱস্থিত । এই দ্বীপপুঞ্জ লাক্ষাদ্বীপ , মিনিকয় আৰু আমিনদ্বীপ নামেৰে তিনিটা প্রধান দ্বীপেৰে গঠিত যদিও ই দৰাচলতে ২৫ টা সৰু বৰ দ্বীপৰ সমষ্টি । এই দ্বীপসমূহৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা হৈছে ৩-৫ মিটাৰ । কেন্দ্রীয় শাসিত ৰাজ্য হিচাপে লাক্ষা দ্বীপপুঞ্জৰ মাটিকালি ৩২ বর্গ কিলােমিটাৰ । আনহাতে আন্দামান - নিকোবৰ দ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগােপসাগৰত অৱস্থিত । আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ টা সৰু বৰ দ্বীপক লৈ মুঠ ২১৫ টা দ্বীপৰ সমষ্টিৰে গঠিত হৈছে আন্দামান - নিকোবৰ দ্বীপপুঞ্জ । এই দ্বীপপুঞ্জটো দীঘলে প্ৰায় ৫৯০ কিলোমিটাৰ আৰু বহলে প্ৰায় ৫৮ কিলোমিটাৰ । ইয়াৰ মাটিকালি ৮,২৪৯ বৰ্গ কিলোমিটাৰ । সাগৰপৃষ্ঠৰ পৰা দ্বীপসমূহৰ উচ্চতা ৫ মিটাৰ বেছি নহয় । সাগৰীয় পৰিৱেশত অৱস্থিত হোৱাৰ বাবে এই দুয়োটা দ্বীপপুঞ্জৰে ভূ- প্ৰকৃতি জলবায়ুৰ উদ্ভিদ, জনজীৱন আৰু আৰ্থসামাজিক অৱস্থা ভাৰতৰ বাকী ভূ- প্ৰাকৃতিক অঞ্চল কেইটাতকৈ কিছু বেলেগ । 

Type Sumit Patar

Class 9 Social Science Geography