ভৱেন বৰঠাকুৰৰ গীত


কোন সেই ৰূপৱতী যায় যায়

কোন সেই ৰূপৱতী যায় যায়

কপালত সূৰুয জ্বলাই

দুকাষৰ ধাননি কঁপায়।


সৌ নিয়ৰৰে থুল

কাৰ মেখেলাৰে ফুল

কেচা ৰ’দৰ ৰহণ

যেন শৰীৰৰে বৰণ

পকাধানে বুলীয়া ৰিহা জিকেমিকায়।


সবল সুঠাম সৰুকণৰ

হাতত এটি ক’লা ছাটি 

ডিঙিত অঁৰা পাটৰ চেলেং

লাজুক লাজুক চকু দুটি

সি আগে আগে যায়

বাটটি চিনোৱাৰ চলে

ঘূৰি ঘূৰি চায়

বনৰ ফুলৰ মিঠা ৰাগী

যে উটি উটি আহে

হাতত নিয়া টিনৰ পেৰাৰ

গোলাপ পাহিয়েও হাঁহে

অ’ তাই লাজত মৰি যায়

কেউফালে চায়

এৰণিখন আৰু টানি লাজ আঁতৰায়।






Post ID : DABP005716