বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত
১/ লগন উকলি গ’ল
তেওঁ যে ন’হল কোৱা,
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।
কিমান হেঙুলি ঊষা
কিমান জোনালী নিশা,
মিছাতেইগ’ল মোৰ
কিমান গধূলি পুৱা।
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে,
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে।
শুনিছানে সেই সুৰ
পৰাণত তোৱা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা ভালপোৱা।।
২/ অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল?
দূৰ্গম নদ পাহাৰ গিৰি ট
লংঘিছিলে ডেকাগিৰি
সুন্দৰ শংকাৰে লৰি
কৰিছিলে তল,
দেখুৱাইছিল জগত জুৰি
অসমীয়া বাহুৰ বল
সিও য়ে তোৰ
নাইকিয়া হ’ল
কীৰ্ত্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য
নাট, গীত, নাম, বৰগূত
আহি তেওঁৰ এই অসমৰ
হওঁক অসীম বীৰ্য
অসমীয়া। সমনীয়া।।
৩/ উলাহেৰে নাচি বাগি
উলাহেৰে নাচি বাগিহ’লি বিয়াকুল
তালে তালে হালি জালি
কৰিলি আকুল।
গালতে তই বোলোৱালি
সেন্দুৰীয়া বোল
কাণতে তই আঁৰি ল’লি
সোণাৱালী দুল
খোপাতে তই গুজি ল’লি
ৰুপৰ কপৌ ফুল
ছেঁৱে ছেঁৱে হালি জালি
কৰিলি আকুল
কৰিলি বিভোল।।
৪/ সুৰৰে দেউলৰে
সুৰৰে দেউলৰে
ৰুপেৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’
সুন্দৰ পূজাৰী
যাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
-পূজাৰী অ’
সুন্দৰ পূজাৰী।
তোৰে পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি ৰাগৰে মূৰতি
উটি ভাহি ফুৰে উৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী।
‘থাপনা থাপিলি
প্ৰতিমা বহালি
পূজাও কৰিলি
সুৰেৰে মূৰতি গঢ়ি
পূজাৰী অ’
সুন্দৰ পূজাৰী।
শংখ বজোৱা
বৰকাঁহ বজোৱা
আঁৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি।
পূজাৰী অ’....
৫/ বিশ্বৰ ছন্দে ছন্দে
বিশ্ব ছন্দে ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা
নাছা তমোহৰ দেউ!নাচা!
বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ কমল বন্দে।
জ্বলোৱা সান্নিক
তপো-হোম-বহিৃ
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰ দেউলত
জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশি
পুলকানন্দ।...
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি।
আমোল মোল কৰে শুৱনী ধৰণী
পুষ্পিত সুবাসিত গন্ধে।।
৬/ নাহৰ ফুলে নুশুৱায়
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব।
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব।
কপৌ ফুলে নুশুৱায়
(যদি) ঘিলা খোপাতচে তোৰ,
হিয়া ফুল পাৰি দিম
(গুজি) খোপাতে মানোহৰ
মহাযানৰ সিঁচি আনিম
সাত মাণিকৰ ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলি ফুল শুৱণ;
মাণিকফুলে নুশুৱায়
(যদি) সাতৰীতে তোৰ
(হিয়া) ফালি উলিয়াই পিন্ধাম
তেজাল পোৱালমণি মোৰ।।
৭/ কাষতে ক’লচি ল’ই
কাষতে ক’লচি ল’ই
যাই অ’ ৰচকী বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱলা সুৰেৰে এচাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ’ ৰচকী বাই।
মলয়াৰ চুমাৰে ক’লা চুলিটাৰি
ভুতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী
কাষতে ফুলনি উজ্বলাই ৰচকী বাই।
৮/ বিলতে হালিছে
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখীলাই চুমিছে
সানিছে ৰেণুৰে বোল।।
ফুলৰ ডালতে গাইছে কুলীয়ে
কুউ কুউ কই।
দুৰ দুৰণিতে জুৰিটি নাচিছে
তিৰ বিৰ তিৰ বিৰ কই
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰ’ই
৯/ মোৰ কবিতাৰ ছন্দ লাগি
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন সুৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
নাচে তৰা ছন্দে ছন্দে
বিশ্বভৰা মহামন্দে
সেই উলাহতে হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্দ্ৰে ৰন্দ্ৰে তুলি সুৰ
বাজে মন বাঁহি মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ!
ছেৱে ছেৱে ফুলে ফুলে
গোন্ধতে আমোল-মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে?