আহোম ৰাজ্য  

ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোকে গ ঊনৈশ শতিকাৰ আগভাগলৈ পায়  ৬০০বছৰ কাল ৰাজত্ব কৰিছিল। বিশ্বৰ ইতিহাসত ইমান দীৰ্ঘকালৰ বাবে একেটা ৰাজবংশই ৰাজত্ব কৰাৰ উদাহৰণ বিৰল। চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। আজিৰ পৰা প্ৰায় ৭৮৪বছৰ আগেয় মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ এই সময়চোৱাত চুকাফাই খিলজ্ঞীয়া লোকসকলৰ বহু প্ৰত্যাহবাদৰ সন্মুখীন হৈছিল। চকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অদীনত আছিল। মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পাণি গ্ৰহণ কৰিছিল। চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। অসমলৈ আহোতে লগত অনা বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামৰ মন্ত্ৰী দুজনাৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল। সুদীৰ্ঘ ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বৰ্গী হয়। চুকাফাৰ পিচত আহোম  ৰাজ্যবংশৰ ৩৯ জন ৰজাই ৰাজত্ব কৰিছিল। আহোমসকলৰ এই ৬০০বছৰীয়া ৰাজত্বকালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত সততে সংঘৰ্ষ হৈছিল। ফলত আহোম ৰাজ্যৰ সীমা প্ৰয়ে বঢ়া-টুটা হৈছিল। প্ৰথমৱস্থাত জনজাতীয় ধৰ্ম পৰম্পৰা ৰক্ষা কৰা আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা-অৰ্চনা কৰিছিল। আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোৱৰৰ দিনৰ পৰা আহোম শাসনত হিন্দু ধৰ্মৰ পভাৱ পৰে। তেওঁ বৰ্তমানৰ শিৱসাগৰ নগৰৰ পৰা পায় ১৭ কিল'মিটাৰ আঁতৰৰ 'চৰগুৱা' নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। আহোমৰ চতুদৰ্শ স্বৰ্গদেউ চুহুংমুং বা দিহিঈিয়া ৰজাৰ দিনত মুছলমানসকলে তুৰ্বক খানৰ নেতৃত্বত কেইবাবাৰো অসম আক্ৰমণ কৰে। এই ৰণতেই ফ্ৰাচেংমং বৰগোঁহাই পত্নী মূলাগাভৰুৱে স্বামীহান্তাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিয়ে। স্বৰ্গদেউ চুহুংমং দিহিঈিয়া ৰাজত্ব দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰে। 'স্বৰ্গ নাৰায়ণ' চুহুংমুঙৰ হিন্দু নাম। এইজনা স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰে স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম-চুটিয়া ৰণ এটি প্ৰধান ঘটনা। এই ৰণত চুটিয়াসকলৰ পৰাস্ত হয় আৰু ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হয়। চুটিয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে শদিয়াখোৱা গোঁহাইক দায়িত্ব দিয়ে। শ্ৰীমন্ত শংকৰদেৱে এওঁৰ দিনতেই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পাতনি মেলে। ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম বুৰজ্ঞীৰ সংকটকাল। এই সময়ছোৱাত আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষ হয়। আহোমৰ সপ্তদশ স্বৰ্গদেউ পতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰে। লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি ৰামসিংহৰ পৰাজয় এই সময়ছোৱাৰউল্লেখযোগ্য ঘটনা। বংগৰ নবাব মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত আক্ৰমণ কৰে। মিৰজুমলাৰ হাতত আহোমসকলৰ পৰাজয় হয়। আৰু গড়গাঁও মিৰজুমলাই দখল কৰে। ১৬৬৩ খ্ৰীষ্টাব্দত মিৰজুমলাৰ লগত আহোম সন্ধি হয়। এই সন্ধি মতে ব্ৰক্ষপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ কলং নৈ আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয়। মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ  লেখকজনে অসমলৈ আহি অসম দেশ, অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ যায়।জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম-মোগলৰ সংঘৰ্ষ হয়। মোগল সম্ৰাট ঔৰংজেৱে ৰামসিংহৰ অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাই ঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান, গৌৰৱ উদ্ধাৰ কৰিছিল। ১৬৭৩ খ্ৰীষ্টাব্দলৈ এই এঘাৰ বছৰ অসম বুৰজ্ঞীৰ বিপ্লৱৰ যুগ। এই সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতা লোভী, স্বাৰ্থপৰ উচ্চ বিষয়াসকলে কৰা ষড়যন্ত্ৰৰ ফলত ৰাজ্য থৰক বৰক হৈ পৰে। শেষত ১৬৮১ খ্ৰীষ্টাব্দত এই সকলো ষড়যন্ত্ৰ, বিপ্লৱৰ অন্ত পেলাই গদাধৰ সিংহাসনত বহি আহোম ৰাজ্যত শান্তি পতিষ্ঠা কৰে। ১৬৮২ খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিত আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন হয়। ১৬৮২ খ্ৰীষ্টাব্দৰ ইটাখুলিত হোৱা এই যুদ্ধৰ পিছত মানাহ নৈয়েই আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয় গজাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। বুদ্ধিমান আৰু কৌশলী যোদ্ধা ৰুদ্ৰসিংই ৰাজত্বৰ বেছিভাগ সময় কছাৰী আৰু জয়ন্তীয়াসকলৰ বিদ্ৰোহ দমনত ব্যস্ত থাকিবলগীয়া হ'লেও তাৰ মাজতে প্ৰজাৰ মংগলৰ বাবে বহুতো কল্যাণমূলক কাম কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসুত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল। সম্ভৱত ইয়াৰ উদ্দেশ্য আছিল সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমনণ পৰা অসমখন ৰক্ষা কৰা আৰু সম্ভৱ হ'লে অসমৰ পশ্চিম সীমা কৰতোয়া নদীলৈ পুণৰ সম্প্ৰসাৰণ ঘটোৱা। এই উদ্দেশ্যে আহোমৰ দাঁতিকাষৰীয়া সকলো ৰাজ্যৰ পৰা সহায় লৈ এটি উমেহতীয়া সৈন্যদলো গঠন কৰিছিল। কিন্তু অভিযান আৰম্ভ কৰাৰ আগতেই হঠাৎ নৰিয়াত পৰি ১৭১৮ খ্ৰীষ্টাব্দত তেওঁ স্বগী হয়। ৰুদ্ৰসিংহৰ মৃত্যুৰ  লগে লগে তেওঁৰ এই পৰিকল্পনাৰো ইতি পৰে। ৰুদ্ৰসিংহৰ পিছত  স্বৰ্গদেউ শিৱসিংহ আহোম ৰজা হয়। কিন্তু তেওঁ নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে। ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বৰ সময়ছোৱাত আহোম স্বৰ্গদেউসকল ক্ৰমাগতভাৱে হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আকৰ্ষিত হয়। ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ  লক্ষী সিংহ আহোম সিংহাসনত আৰোহন কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয়। পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত হোৱা ঘৰুৱা কন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱাদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ৰাবু সন্ধিৰ ফলত আহোম ৰাজ্য বৃটিছৰ অধীনস্থ হয আৰু তাৰ লগে লগে ৬শ বছৰীয়া গৌৰৱোজ্বল আহোম শাসনৰো অন্ত পৰে




Class 8 Social Science

Type: Dimi Bora