ব্ৰজেন বৰুৱাৰ গীতসমূহ
১/ আঁকিলা মোৰ পদুলিত
আঁকিুলা মোৰ পদুলিত
সাত বৰণৰ আল্পনা
লাজুকী লাজুক ৰঙে
তুমি যে নিজেই ৰঞ্জনা।।
কঁপালা মোৰ হৃদয়ৰ
শুপ্তি মাগন ফুলৰ পাহি
জগালা মোৰ ফাগুনৰ
স্নিগ্ধ কোমল ওঁঠৰ হাঁহি
অসীমৰ ছন্দ দিলা অ’ অসীমা চন্দনা।।
পাপৰি তোমাৰ ফলৰ
পৰশ কোমল আলফুলীয়া
ভাগৰি শ্ৰান্ত নহয়
মোৰ জীৱনৰ মৌ-পিয়া
সেন্দুৰী প্ৰণয় পথত যাত্ৰী আমি উন্মনা।।
২/ এইখন সমাজ আমাৰ সমাজ
এইখন সমাজ আমাৰ সমাজ
ইউৰো অসমীয়াৰ ৰাতিৰ সমাজ
ইকুল নাপাওঁ আমি সিকুল নাপাওঁ
যেন মাজ পানীত ৰৈ অচল জাহাজ।
অতিকৈ চেন্হৰ মুগাৰে মহুৰা
তাতকৈ চেনেহৰ ৰিহা
তাতকৈ চেনেহৰ টেৰেলিন শাৰীয়ে
শুৱনি কৰে যে দেহা।
Mrs.kakati-How do you do.
উদং বাহু উদং পিঠি
নাইলন চুলিৰে লেডী কৈলাসপতি
আহিলে ইয়ালৈ পাব অতি লাজ
এঙাৰ কলীয়া ৰং হ’লেও
বিলাতী চাহেব ঢং
বিহুগীত নালাগে বৰগীত নালাগে
গাওঁ আমি মডাৰ্ণ পপ চং
Mrs. Potongia- How do you do.
ভাত নাখাওঁ আমি খাওঁ ডিনাৰ লান্স
গামোচাৰে মুখ মচি নাচো ব’ল ডান্স
শুনা শুনা সৰ্বজন ৰাম চৰিত বিতোপন
ৰাম ৰস পান কৰাত নাওই কোনো লাজ।
৩/ মইনা কোনে বিধাতাই সাজিলে
মইনাই কোনে বিধাতাই সাজিলে
তোমাৰ পদুম চকুটি
চমক নীলা বিজুলীৰে
গোলাপ কোমল পাহিটি
সেই চমকৰ ভমক লাগি
দহি মৰে মনটি।।
পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি
ক’ত পাবানো মেলিলে হাত দুখনি
অ’ মইনা হাত নেমেলো আনিবলৈট
দূৰ আকাশৰ মণিটি
মোৰ মন হাকুটি লগাই পাৰিম
সেই পূৰ্ণিমাৰ জোনটি।।
নন্দন বনত ফুলি আছে ফুল পাৰিজাত
কৃষ্ণ গোসাই ৰখি আছে নেমেলিবা হাত
অ’ মইনা হাত নেমেলো ফুল নিছিঙো
নিছিঙো মই কলিটি
মোৰ প্ৰাণ পখিলাই চুমি যাব
সেই পাৰিজাত ফুলটি।
চগাৰ পাখি লাহি লাহি এন্ধাৰতহে উৰে
বন্তিৰ উজ্বল শিখাত পৰি জ্বলি জ্বলি মৰে
অ’ মইনা নাই পাখি মোৰ উৰিবলৈ
নহ’লো মই চগাটি
মোৰ প্ৰেম তুলসী তলত জ্বলাম
সেই সোণৰে বন্তি।।
Post ID : DABP006686
0 Comments