অম্ল, ক্ষাৰক আৰু লৱণ 

অম্ল আৰু ক্ষাৰক  

দৈ, নেমুটেঙাৰ ৰস; কমলাৰ ৰস আৰু ভিনেগাৰৰ সােৱাদ টেঙা। অম্ল বা এছিড থকা বাবে ইহঁতৰ সােৱাদ টেঙা হয়। এনে ধৰণৰ বস্তুবােৰৰ ৰাসায়নিক গুণ, আম্লিক হয়। Acid শব্দটো লেটিন ভাষাৰ শব্দ acere ৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হ'ল টেঙা। এই বস্তুবােৰত থকা অম্লবােৰ হ’ল প্রাকৃতিক অম্ল।

 বেকিং ছডা কি? ইয়াৰ সােৱাদো টেঙানে? যদি নহয়, ইয়াৰ সােৱাদ কেনেকুৱা বাৰু? ইয়াৰ সােৱাদ টেঙা নহয় অর্থাৎ ইয়াত অম্ল নাই। ই সােৱাদত তিতা। তােমালােকে যদি ইয়াৰ দ্ৰৱ আঙুলিৰ মাজত লৈ ঘঁহা, তেনেহলে চাবােন পানীৰ দৰে পাবা। এনেধৰণৰ বস্তুসমূহ, যিবােৰৰ সােৱাদ তিতা আৰু চুলে চাবােন পানীৰ দৰে লাগে সেইবােৰক্ষাৰক বােলে। এনেধৰণৰ বস্তুসমূহৰ প্রকৃতি ক্ষাৰকীয় বুলি কোৱা হয়।

         আমি যদি প্রত্যেকটো বস্তুৰ সােৱাদ ল'ব নােৱাৰোঁ, তেনেহলে আমি এইবােৰৰ প্রকৃতি কেনেকৈ জানিব পাৰোঁ বাৰু? 

        কোনাে এটা পদার্থ আম্লিক নে ক্ষাৰকীয়, সেয়া পৰীক্ষা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ দ্রব্য ব্যৱহাৰ কৰা হয়। এই দ্রব্যবােৰক সূচক বুলি জনা যায়। যেতিয়া কোনাে ক্ষাৰকীয় বা আম্লিক পদার্থ থকা দ্ৰৱত সূচক যােগ কৰা হয় তেতিয়া সূচকৰ ৰং সলনি হয়। হালধি, লিটমাছ, জবাফুলৰ পাহি আদি কিছুমান প্রাকৃতিকভাৱে পােৱা সূচক।


তোমালোকে জানানে?

অম্লৰ নাম

ত পোৱা যায়

এছিটিক এছিড

ভিনেগাৰ

ফৰমিক এছিড

পৰুৱাৰ শুং

ছাইট্ৰিক এছিড

নেমুডজাতীয় ফল যেনে- কমলা, নেমু, আদি

লেক্টৰ এছিড

দৈ

অক্সালিক এছিড

পালেং শাক

এছকৰবিক এছিড (খাদ্যপ্ৰাণ গ)

অমলখি, নেমুজাতীয় ফল

টাৰটাৰিক এছিড

তেঁতেলী, আঙুৰ, কেঁচা আম আদি।

ওপৰত উল্লেখ কৰা আটাইবোৰ অম্লক প্ৰকৃতিক পোৱা যায়

ক্ষাৰকৰ নাম

ত পোৱা যায়

কেলছিয়াম হাইড্ৰক্সাইড

চূণপানী

এমনিয়াম হাইড্ৰক্সাইড

খিৰিকী পৰিষ্কাৰ কৰা সামগ্ৰীত

ডিয়াম হাইড্ৰক্সাইড/

পটেছিয়াম হাইড্ৰক্সাইড

মেগনেছিয়া হাইড্ৰক্সাইড

 

চাবোন

মেগনিছিয়াম দুগ্ধ


৫.২ আমাৰ চাৰিওফালে থকা প্রাকৃতিক সূচকবােৰ  ঃ লিটমাছ ও এবিধ প্রাকৃতিক ৰঞ্জক সাধাৰণতে ব্যৱহাৰ হােৱা এবিধ প্রাকৃতিক সূচক হ’ল লিটমাছ । ইয়াক ছত্রক শৈৱাল ( lichen ) ৰ পৰা আহৰণ কৰা হয় ( চিত্র ৫.১ ) । পাতিত পানী ( distilled water ) ত ইয়াৰ বৰণ বেঙুণীয়া হয় । আম্লিক দ্ৰৱত ইয়াক মিহলালে ইয়াৰ ৰং ৰঙা হয় আৰু ক্ষাৰকীয় দ্রৱত নীলা হয় । ইয়াক দ্ৰৱ হিচাপে বা লিটমাছ কাগজৰ টুকুৰা হিচাপে পােৱা যায় । এই লিটমাছ কাগজ সাধাৰণতে ৰঙা আৰু নীলা ৰঙৰ হয় ।








ক্রিয়াকলাপ ৫.১

প্লাষ্টিকৰ কাপ/পৰীক্ষা নলী/গিলাচ এটাত নেমুৰ ৰসৰ সৈতে অলপ পানী মিহলােৱা।

ড্রপাৰৰ সহায়েৰে ওপৰৰ দ্ৰৱৰ টোপাল এটা ৰঙা লিটমাছ কাগজৰ টুকুৰাত পৰিবলৈ দিয়া। ৰঙৰ কিবা পৰিৱৰ্তন হ’লনে? 

একেটা পৰীক্ষা পুনৰ নীলা লিটমাছ কাগজত লৈ কৰা।

 ৰঙৰ যদি কিবা পৰিৱৰ্তন হৈছে তাক লিখি ৰাখা। একেটা ক্রিয়াকলাপকে তােমালােকে তলত দিয়া বস্তুবােৰেৰে কৰি চোৱা। টেপৰ পানী, অপমার্জকৰ দ্ৰৱ, ছডা পানী, চাবােন পানী, চেম্পু , খােৱা লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, ভিনেগাৰ, বেকিং ছ'ডাৰ দ্ৰৱ, মেগনেছিয়া দুগ্ধ, কাপােৰ ধােৱা ছডাৰ দ্ৰৱ, চুণপানী। যদি সম্ভৱ হয় দ্ৰৱবিলাক পাতিত পানীৰে প্ৰস্তুত কৰিবা।

     তােমাৰ পর্যবেক্ষণ তালিকা ৫.২ ত লিখা লিটমাছৰ ক্রিয়া নথকা কিবা দ্রব্য তােমালােকৰ তালিকাখনত আছেনে? সেইবােৰৰ নাম লিখা। যি দ্ৰৱই নীলা বা ৰঙা লিটমাছৰ ৰং সলনি নকৰে, তাক প্ৰশম দ্ৰৱ (neutral solution) বােলে। এই দ্রবিলাক আম্নিকো নহয়, ক্ষাৰকীয় নহয়।

হালধী হ'ল এবিধ প্ৰাকৃতিক  সূচকঃ

ক্ৰিয়াকলাপ ৫.২

এচামুচ হালধী গুড়ী লোৱা। ইয়াতে অলপ পানী ঢালি এটা লেই (paste) প্ৰস্থত কৰা। 

ব্লাটিং কাগজ বা ফিল্টাৰ কাগজত হালধিৰ লেইটো সানি পাছত শুকাবলৈ দি হালধি কাগজ বনোৱা। হালধি কাগজখনক সৰু সৰুকৈ কাটা। 

এতিয়া হালধি কাগজ টুকুৰাৰ ওপৰত এটোপাল চাবোন পানী পৰিবলৈ দিয়া ।

তোমালোকে কি দেখিলা ?

সূচক হিচাপে জবাফুলঃ

ক্ৰিয়ৈকলাপ ৫.৩ 

জবাফুলৰ পাহি অলপ সংগ্ৰহ কৰি এটা বিকিৰত লোৱা। তাত অলপ গৰম পানী মিহলোৱা ৰঙীণ হোৱালৈকে মিশ্ৰণটো কিছুমান থৈ দিয়া। ৰঙীণ পানীখিনিক সূচক হিচাপে ব্য়ৱহাৰ কৰা।

    আম্লিক, ক্ষাৰকীয়া আৰু প্ৰশম দ্ৰৱবোৰত সূচক যোক কৰি কি ফল পালা? জবাফুলৰ সূচকে (চিত্ৰ ৫.৩) আম্লিক দ্ৰৱক সেউজীয়া বৰণলৈ পৰিৱৰ্তন কৰে।

ক্ৰিয়াকলাপ ৫.৪

নিজৰ বিদ্যালয়খনৰ পৰীক্ষাগাৰ ওচৰৰ বিদ্যালয়ৰ পৰা তলত দিয়া দ্ৰব্য়বোৰে আনিবলৈ শিক্ষতকক অনুৰোধ কৰা হ'লঃ হাইড্ৰ'ক্লৰিক এছিড, ছালফিউৰিক এছিড, নাইট্ৰিক এছিড, এছিটিক এছিড, ছ'ডিয়াম হাইড্ৰ'ক্সাইড এছিড, এমনিয়াম হাইড্ৰ'ক্সাইড, কেলছিয়াম হাইড্ৰ'ক্সাইড (চূণপানী)। পু্ৰত্য়েকটো দ্ৰৱতে তিনিওটা সূচকৰ ফল পৰীক্ষা কৰি চোৱা। তালিকা ৫.৫ তোমালোকে পৰ্যবেক্ষণসমূহ লিখিবা।

 এছিড বৰষুণৰ নামটোৰ সৈতে তােমালােক পৰিচিত নে ? এছিড বৰষুণৰ ক্ষতিকাৰক ফলাফলৰ বিষয়ে তােমাললাকে শুনিছানে ? নামৰপৰাই অনুমান কৰিব পাৰি যে যি বৰষুণত অধিক পৰিমাণে অম্ল ( এছিড ) থাকে , সেয়াই এছিড ৰষুণ । এই অম্লবােৰ ক'ৰ পৰা আহে ? বৰষুণৰ পানী আম্লিক হৈ পৰাৰ কাৰণ হ’ল কার্বন - ডাই - অক্সাইড , ছালফাৰ ডাই - অক্সাইড আৰু নাইট্রজেন - ডাই - অক্সাইড ( যিবােৰ প্ৰদূষক হিচাপে বায়ুত যােগ হয় ) বৰষুণৰ টোপালত দ্ৰৱীভূত হৈ ক্রমে কার্বনিক এছিড , ছালফিউৰিক এচিড আৰু নাইট্রিক এছিড উৎপন্ন কৰে । এই এছিড় বৰষুণে অট্টালিকা , বুৰঞ্জীমূলক কীর্তিস্তম্ভ , উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি কৰিব পাৰে ।

 সকিয়নি 

পৰীক্ষাগাৰৰ অম্ল আৰু ক্ষাৰকৰ ব্যৱহাৰ কৰোঁতে অতি সাৱধান হ’ব লাগে কাৰণ এইবােৰ ক্ষয়কাৰী প্ৰকৃতিৰ। ইহঁতে ছালত পােৰণি তােলে আৰু ইয়াৰ ক্ষতি কৰে।