কেশৱ মহন্তৰ গীতসমূহ
১/ কাউৰী পৰে
কাউৰী পৰে
কলৰে পাততে কাউৰী পৰে
আগলতি চিত মোৰ লৰে চৰে
ডুম ডুম ডবাতে কোনে কোব মাৰে
আহাৰৰ ডাৱৰৰ আঁৰে আৰে
জেউতী অ’
তোলৈ মোৰ মনত পৰে।।
পখি লগাই পাখি
জাকি মাৰি উৰে বগ
জাকি মাৰি উৰে
উৰণীয়া মন মোৰ বান্ধিব নোলাৰোঁ
জেউতি তোৰ কাষলে উৰা মাৰে।।
পথাৰত যদিহে উঠিছে ঢল
হেৰুৱাই নিদিবি মনৰে বল
ৰাইজে বান্ধিব ওখলৈ ভটা
ঢলে এৰি যাব পলসৰ এঠা
বাৰিষা আহিছে ধাৰাষাৰে
মৈ দিয়া বোকাই মোৰ মন কাঢ়ে।।
চকুৰে নেদেখা দূৰণিতে
আছোঁহি পিয়নৰ চাকৰিতে
কোমল ধানৰ কঠিয়া পৰালি নে নাই
বকুল বৰাৰ জোছ ললি নে নাই
মন মোৰ উচপিচ কৰে।।
চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কাঢ়িয়াওঁ
মোৰহে চেনেহীযে কিনো ভাবিছে
তাৰ একো গমকে নেপাওঁ
যোৱাবেলি আঘোণতে জেউতিৰে কোলাতে
এৰি অহা পোনাটিৰ
আজি থুনুক থানাক মাতটি
ঘুনুক ঘানক উটি আহে
দেউতা বেগতে আহিবি
আহোতে জুনুকা আনিবি
আবুজ চকুলো মোৰ সৰে সৰে।।
জেউতি অ’
পোণাটি অ’
কুশলে আছনে চাগে।।
২/ মা আমি শদিয়ালৈ....
মা আমি শদিয়ালৈ, যামেই
মা আমি সত ফুল খামেই
বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ।।
শদিয়া নো কি ৰিং এটাৰ বাট
সত ফুলবোৰ ফুলি থাকে তাত
যিহে হালে জালে
নাচৰ তালে তালে
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ।।
শদিয়া নো কি আৰু উজাই যাম
গৈ গৈ গৈ চাংপো নৈ পাম
মানস সৰোবৰত
ৰাতিপুৱাৰ পৰত
এবাৰ গা ধুই চাম
হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকাঁচোন।।
৩/ এই পূৰ্ণিমা ৰাতি
এই পূৰ্ণিমা ৰাতি
এই পাহৰৰ দাতি
আমি ডেকা গাভৰুৱে নাচো জুম
পাতি।।
আকাশত জোনাকৰ পাৰাপাৰ
বননিত নামে আজি ঢৌ তাৰ
বিয়াকুল মাটি
পৰাণত উছবৰ তোলপাৰ
আছা আজি মৰমৰ কোন কাৰ
লোৱা কথা পাতি।।
বনৰ আন্ধাৰ দূৰ কৰে জোনে
মনৰ আন্ধাৰ দূৰ কৰে কোনে
কোনে কাণে কাণে কয় আহি
গীত গাই নাচা হাঁহি হাঁহি
জাক পাতি পাতি।
কোনে কয় পৃথিৱীৰ আন্ধাৰ
কৰা কৰা পোহৰেৰ শেষ তাৰ
শুনা কাণ পাতি।।
৪/ শিলে শিলে ঠেকা খালে
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ’দে ৰং দিলে সানি।
বৰণীয়া বনৰীয়া আলসুৱা ফুলে
হালি জালি মন ঢালি কিনো কথা ক’লে
মনে যে বিচাৰে মন কোনে দিব আনি।।
বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং
মই নামনিৰ দুখ তুমি ওখ টিং
টিঙে টিঙে কাৰ ৰিঙে তুলি গ’ল ঢৌ
কাণে কাণে কাৰ গানে বৰষিলে মৌ
নাচনী নিজৰাজনী কাৰ পাটৰাণী।।
৫/ বৰষুণৰ বতৰত.....
বৰষুণৰ বতৰত মইনা নুঠে মটৰত
পিছল বাটত উচল লাগি
ধুপুচ্ ধুপুচ্ পৰে
মইনাৰে মনটো
বৰদৈচিলা হৈ মেঘলৈ উৰা মৰে
মেঘলৈ উৰা মাৰে।
পশ্চিমৰ পৰা পূবলৈ
মেঘ হৈ ঠিলি ঘৰ ঘৰ কৈ
মইনাই হে পৃথিৱীত বৰষুণ জাক পৰে
পিছল বাটত উচল লাগি
ধুপুচ্ ধুপুচ্ পৰে
মইনাৰে মনটো বৰদৈচিলা হৈ মেঘলৈ উৰা মাৰে
মেঘলৈ উৰা মাৰে
বৰষুণৰ বতৰত মইনা নুঠে মটৰত।
বোকাত চোলা লেটি-পেটি পেনৰ পেটি নাই
জোতাৰ ফিটা পানীত তিতা মোজাৰ গতি নাই।
বোলো, লগ দেখোন নাই মইনা খেলিবানে কাৰে।
পিছল বাটত উচল লাগি ধুপুচ্ ধুপুচ্ পৰে মইনা
ধুপুচ্ ধুপুচ্ পৰে
মইনাৰে মনটো বৰদৈচিলা হৈ মেঘলৈ উৰা মাৰে
মেঘলৈ উৰা মাৰে।
অ’ আজি হেনো মইনাৰ লগৰ দৰকাৰ।
হুৰ হুৰ বৰষণ আছে। হুম হুম বতাহ
আৰু আছে গাজনিৰ কাণ তাল মৰা আটাহ
চমক চমক বিজুলি আছে আগ জাননী।
মইনাই উমলিব তাৰে
পিছল বাটত উচল লাগি
ধুপুচ্ ধুপুচ্ পৰে মইনা। ধুপুচ্ ধুপুচ্ পৰে
মইনাৰে মনটো বৰদৈচিলা হৈ মেঘলৈ উৰা মৰে এ
মেঘলৈ উৰা মাৰে।
বৰষুণৰ বতৰত....
৬/ আলি ঢালি পৰ শালিকী
আলি ঢালি পৰ শালিকী
অগা-ডেৱা কৰ শালিকী
তই জানো জান মোৰ কথা
মনৰ সাঁচতীয়া কথা
সি স’তে ৰাখিছ ঢাকি।।
বা লাগি ছাঁ লৰিলে
ধাননি লাহতে হালে জালে
ৰূপহী ৰূপহী কঁহুৱা ফুলনি
ৰ’দত তিৰবিৰাই জ্বলে
কোনে জ্বলাবহি মোৰ
হিয়াৰে ফুলৰে চাকি।।
বা লাগিলে ছাঁ লৰিলে
জুৰিটি ৰঙতে নাচে-বাগে
আজলী আজলী আজলী কাজলী পানীৰে
আজলী হিয়াই কি মাগে
মনে বিচাৰিছে যাক
তেওঁ জানোচা চিনাকি।।
৭/ পাৰৰ পাখিত গাঁথি দিলোঁ
পাৰৰ পাখিত গাঁথি দিলোঁ
ফুলাম চিঠিখনি
জনাও বুলি জগতখনকট
বিহুৰ ওলগনি।।
লিখিছোঁ তাত কি কি মাত শুনি ভাল পাওঁ
আৰু লিখিলোঁ কি কি মাত শুনি বেয়া পাওঁ
বাঘৰ গোজৰ
গুলীৰ গুৰুম
খং-শিঙাৰ ধ্বনি
বেয়া লাগিব হাই-কাজিয়া
আৰু হনাহনিয়।।
কোৱা যদি মানুহ আমাৰ ভাই-ভনী বুলি
লোৱা যদি সদৌটিকে বুকুত আকোঁৱালি
ভাল লাগিব
কাৰ যদি
ৰং-শিঙাৰ ধ্বনি
ডাঁৰৰ খবৰ
বিহুৰ ওলগনি।।
৮/ আই আমাৰ কপালতে
আই আমাৰ কপালতে
ৰঙা সেন্দুৰেৰে
তিলক আঁকি দিযা
ডাৱৰ ফালি ৰং মেলালৈ যাওঁ।
সৌ চোৱা ৰঙা বেলি
ৰং আহে পাখি মেলি
জিলিঙনি জিলিমিলি
মন আমাৰ খেলিমেলি
হেঁপাহ গুচাই ৰঙৰ মেলা চাওঁ।
আমাৰ চকুত জ্বলে চোৱা
হেঙুলীয়া ৰাতিপুৱা
আই অ’ আই সেন্দুৰীয়া
ফোট এটি আঁকি দিয়া
মন ঢালি ৰঙৰ গান গাওঁ।
৯/ যায় অ’ কানু বায় বেণু
যায় অ’ কানু বায় বেণু
কোন দূৰণিৰ মথুৰালৈ যায়।।
সোণৰ ৰথে ৰথে পথে সাজ বহুৱাই
শুদা মন বিৰিন্দাবন উঠে উচপ্ খাই।।
উমি উমি জ্বলে হেঁপাহ
জুমি জুমি চাওঁ
দূৰে দূৰে থাকা তুমি
সুৰে সুৰে পাওঁ
অ’ গাৰ লগৰ ছাঁ এই মন
কতো নেহেৰায়।।
হিয়া জুৰি বাজে হাঁহীৰ
জুৰণীয়া মাত
উখল-মাখল মন জিৰায়
কদমৰে ছাঁত
অ’ বুকুত পালো এয়া তুমি
আছিলা লুকাই।।
১০/ নদী মাথোঁ বয়
নদী মাথোঁ বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
আছে সাগৰেৰে যাৰ ভাল পোৱা।
সাগৰেৰে সি মিলিব জানে।।
জাকে জাকে আহে যায় ধুমুহা
লৰে জানো পাহাৰৰ ওখ গা
ঢলে পৰে ভাঙে
জাঁজী ভাঙি আনে
নৈয়ে কি বিঘিনি মানে।।
মনে মনে বৰিলোঁ তোমাকে
তুমি মোৰ আউসীয়ে জোনাকে
মন কিয় ভাগে
ভয় কিয় জাগে
বান্ধোন ছিঙিব কোনে।।
চৌয়দ আব্দুল মালিক
জীৱনে মৰণে মই চিৰদিন অসমীয়া
জীৱনে মকণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে-প্ৰাণে মই
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ব অসমৰ অমিয়া মৰণ।
অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্ৰাণৰ আপোন।
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্ৰকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া।।
শিৱ ভট্টাচাৰ্য
আৰু নবজাবি বীণ
আৰু নবজাবি বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নাই তোৰ এতিয়া সপোন সুৰীয়া
তাহানিৰ সোণালী দিন।
জীৱনৰ হাটতে কৰিলি বেহানি
হেৰুৱালি তোৰ মূল
বীণখনি বাই কি হ’ব বিনালে
ই যে তোৰ জীৱনৰ ভুল
বকুল তলৰ সমাধি চাই
নবজাবি বাটৰুৱা বীণ।।
Post ID : DABP006680