কৃষিজ সম্পদঃ

ধানঃ ধান  অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ ৬৪.৫২ ভাগ মাটিত ধান খেতি কৰা হয়। অসমত  বিভিন্ন জাতৰ শালি ধান উৎপাদন উপৰি আহু, বাও আৰু বৰো ধানো উৎপাদন হয়। বানপানী হোৱা অঞ্চলত শীতকালত বৰো খেতিৰ জৰিয়তে অসমত প্ৰচুৰ ধান উৎপাদন কৰা হৈছে। অসমৰ মুখ্য ধান উৎপাদন অঞ্চল দুটি হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপত্যকা অঞ্চল। ইয়াৰ উপৰি পাহাৰীয়া জিলা দুখনৰ ঠায়ে ঠায়ে ঝুম আৰু বেদিকা কৃষি প্ৰণালীৰে কিছু পৰিমাণে ধান উৎপাদন কৰা হয়। 

মৰাপাটঃ মৰাপাট অসমৰ এবিধ উল্লেখযোগ্য উপাৰ্জক কৃষিজাত দ্ৰব্য। নামনি অসমৰ জিলাকেইখনৰ দ' পলসুৱা অঞ্চলত মৰাপাট যথেষ্ট পৰিমাণে হয়।

কুঁহিয়াৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়কেইখন জিলাতে কুঁহিয়াৰ উৎপাদন কৰা হয়। তুলনামূলকভাৱে নগাঁও, গোলাঘাট, যোৰহাট আৰু কৰিমগঞ্জ জিলাত কুঁহিয়াৰ অধিক  পৰিমানে হয়।

ঘেঁহুঃ নামনি অসমৰ জিলাকেইখন, যেনে- ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ আদিত কিছু পৰিমাণে ঘেঁহু উৎপাদন হয়।

মধ্য আৰু নামনি অসমৰ জিলাকেইখনত বিশেষকৈ গোৱালপাৰা, বৰপেটা, কামৰূপ, দৰং, নগাঁও আৰু মৰিগাঁও জিলাত বিভিন্ন মাহ জাতীয় শস্য উৎপাদন হয়। অসমৰ প্ৰায় সকলো জিলাতে কম বেছি পৰিমাণে সঁৰিয়হ, তিল, মাকৈ, আদা, হালধি আদি উৎপাদন হয়। 

অসমৰ প্ৰায়বোৰ জিলাতে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি উৎপাদন হয়।ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে থকা ওখ বালিচহীয়া মাটি শাক-পাচলিৰ খেতিৰ বাবে অধিক উপযোগী। কাৰ্বি আংলাং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া ঢালত যথেষ্ট পৰিমাণে শাক-পাচলি উৎপাদন হয়। তামোল-পাণ, নাৰিকল, কল, সুমথিৰা, নেমু আদি অনেক কৃষিজ দ্ৰব্য অসমৰ প্ৰায়বোৰ ঠাইতে কম বেছি পৰিমাণে হয়। 

চাহঃ চাহ এবিধ ৰোপণ কৃষি। অসম চাহ খেতিৰ বাবে বিখ্যাত। অসমৰ চাহ ৰঙৰ বাবে বিদেশত জনপ্ৰিয়। অসমত প্ৰায় ৮৫০ খন ডাঙৰ চাহ বাগিচা আছে। তাৰোপৰি বৰ্তমান থলুৱা কৃষকসকলে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে। উজনি অসমৰ জিলাসমূহৰ উপৰি মধ্য আৰু নামনি অসমৰ এঢলীয়া ওখ ভূমিত চাহ বাগিচাসমূহ অৱস্থিত। শেহতীয়াভাৱে কাৰ্বি আংলাং জিলাত ৰবৰ আৰু কফি খেতিৰ পাম গঢ়ি উঠিছে।

কৃষিকাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰে অসমত কৃষি উৎপাদন কিছু পৰিমাণে বঢ়াইছে। তথাপি ভূমিৰ ভগ্ন আকাৰ, বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীলতা, পৰম্পৰাগত কৃষি প্ৰণালী অনুসৰণ, বানপানীৰ প্ৰভাৱ আদিৰ বাবে বৰ্তমানেও কৃষি কাৰ্যই বাণিজ্যিক ৰূপ পোৱা নাই।


Class 7 Social Science 

Type: Nayan Moni Deka