শ্ৰী শ্ৰী শংকৰদেৱৰ গীতসমূহ


১/ পাৱে পৰি হৰি কৰোহোঁ কাতৰি 


পাৱে পৰি হৰি কৰোহোঁ কাতৰি 

প্ৰাণ ৰাখবি মোৰ।।

বিষয় বিষধৰ,বিষে জৰ জৰ,

জীৱন নাৰহে মোৰ।

প্ৰাণ ৰাখবি মোৰ।

অথিৰ ধন জন জীৱন যৌৱন 

অথিৰ এহু সংসাৰ 

পুত্ৰ পৰিবাৰ সবহি অসাৰ 

কৰবো কাহেৰি সাৰ।। 

কমল দল জল চিত্ত চঞ্চল

থিৰ নোহে তিল এক।

নাহি ভয়ো ভৱ ভোগে হৰি হৰি 

পৰম্পদ পৰতেক।।

কহতু শঙ্কৰ এদঃখ সাগৰ 

পাৰ কৰা হৃষীকেষ।

তুহ গতি মতি দেহু শ্ৰীপতি 

তত্ত্ব পন্থ উপদেশ।

প্ৰাণ ৰাখবি মোৰ।।

পাৱে পৰি হৰি কৰোহোঁ কাতৰি 

প্ৰাণ ৰাখবি মোৰ।।



২/ শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ 


শুন শুন ৰে সুৰ বৈৰী প্ৰমান 

নিশাচৰ নাশনিদান।।

ৰাম-নাম যম সমৰক সাজি

সমদলে কয়লি পয়াণ।।


ঠাট প্ৰকট পটু কৌটি কৌটি কপি 

গিৰি গৰ পদ ঘাৱে।।

বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি 

ধৰি ধৰি সমৰক ধাৱে।

হাট ঘাট বহু বাট বিয়াপি 

চৌগড়ে বেড় হৰি লংকা।

গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জন

শ্ৰৱণয়ে জনময়ে শংকা।।

ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ

ৰাৱণ তুৱা পৰি ঝম্পে।।

সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ

মহীধৰ তৰসি প্ৰম্পে।

অন্ধ মুগুধ দশকন্ধ পাপ বুধ 

জানকী শিৰত চড়াই।।

ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ 

শংকৰ কহৰু উপায়।

শুন শুন ৰে সুৰ বৈৰী প্ৰমান 

নিশাচৰ নাশনিদান।।

ৰাম-নাম যম সমৰক সাজি

সমদলে কয়লি পয়াণ।।

শুন শুন ৰে সুৰ বৈৰী প্ৰমান 

নিশাচৰ নাশনিদান।।

শুন শুন ৰে সুৰ বৈৰী প্ৰমান 

নিশাচৰ নাশনিদান। 



৩/ গোপালে কি গতি কৈলে


গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।

নাথ বিফলে বয়স সৱ গেলৰে।।

গোবিন্দে কি মতি দিলে।

গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।

এ ভব গহন বন আতি মোহ পাশে ছন্ন 

তাতে হামু হৰিণা বেড়াই।

ফান্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে 

কাম ক্ৰোধ কুত্তা খেদি খাই।।

গোবিন্দে কি মতি দিলে।

গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।

হৰাইলো চেতন হৰি নাজানো কি মতে তৰি 

শুনিতে দগধ ভৈল জীৱ।।

লোভ মোহ দুহোঁ বাঘ সততে নাছাৰে লাগ 

ৰাখু ৰাখু এ সদাশিৱ।।

গোবিন্দে কি মতি দিলে।

গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।

পলাইতে নেদেখে সন্ধি দিনে দিনে দৃঢ় বন্দী 

ভৈলো মন্দ মনেৰে যুগুতি। 

তুৱা হৰি লাগো গোড় মোৰ মায়া পাশ ছোড় 

শঙ্কৰ কৰয় কাকুতি।।

গোবিন্দে কি মতি দিলে।

গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।

নাথ বিফলে বয়স সৱ গেলৰে।।

গোবিন্দে কি মতি দিলে।

গোপালে কি গতি কৈলে

গোবিন্দে কি মতি দিলে।।



৪/ মন মেৰি ৰাম চৰণেহি লাগু  


মন মেৰি ৰাম চৰণেহি লাগু।

তই দেখনা অন্তক আগু।। 

মন আয়ু ক্ষেমে টুটে।

দেখো প্ৰাণ কোন দিনেছুটে।।

মন কাল অজগৰে গিলে।

জান তিলেকে মৰণ মিলে।।

মন নিশ্চয় পতন কায়া। 

তই ৰাম ভজ তেজি কায়া।।

ৰে মন ইসব বিষয় ধান্ধা। 

কেনে দেখি নেদেখহ আন্ধা।।

মন সুখে পাৰ কৈছে নিন্দ।

তুমি চেতিয়া চিন্ত গোবিন্দ।।

মন জানিয়া শংকৰ কহে। 

দেখো ৰাম বিনে গতি নহে।



৫/ নাহি নাহি ৰময়া বিনে 


নাহি নাহি ৰময়া বিনে তাপ তাৰক কোই।

পৰমানন্দ পদ মকৰন্দ সেবহু মন নোই।।

তীৰথ বৰত তপ জপ যাগ যোগ যুগুতি। 

মন্ত্ৰ পৰম ধৰম কৰম কৰত নাহি মুকুতি।। 

মাতা পিতা পতনী তনয় জনয় সৱ মৰণা।

ছা়ড়হ ধন্ধ মানস অন্ধা ধৰতু হৰি চৰণা।।

কৃষ্ণ কিঙ্কৰ শঙ্কৰ কহ বিছুৰি বিষয় কামা।

ৰাম চৰণ লেহুঁ শৰণ জপ গোবিন্দক নামা।।



৬/ বালেক গোপালে  


বালেক গোপালে কৰতৰে কেলি 

উচ্চায়া পাঞ্চনী নাচে হাসে গোপ মেলি 

নীল তনু পীত, পট ধটি লটি লোৰ। 

নৱঘন ঘন যৈচে বিজুৰি উজোৰ।।

শিৰে শিখণ্ডক দোলে গলে গজমতি। 

কোটি মদন মন মোহন মুৰুতি।।

চৰণে মঞ্জীৰ ঝুৰে উৰে হেম হাৰু।

শঙ্কৰ কহ ওহি হৰিক বিহাৰু।।



Post ID : DABP005718