আমাক সমবিধান কিয় লাগ?

সংবিধান কি ? ইয়াৰ কাৰ্য্যবোৰ কি কি ? সমাজত ই কেনেধৰণৰ  ভূমিকা পালন কৰে ? আমাৰ  দৈনন্দিন জীৱনৰ সৈতে সংবিধান কিদৰে জড়িত? তুমি ভবাৰ দৰে এই প্ৰশ্নবোৰৰ উত্তৰ  ইমান জটিল নহয় ।

সংবিধানঃ এতক সমন্বয় আৰু আশ্বাস ।

 ধৰিলোৱা তুমি এটা ডাঙৰ গোষ্ঠীৰ সদস্য ।আকৌ ভাবা এই গোষ্ঠীৰ তলত দিয়া বৈশিষ্ট্য সমূহ আছে । গোষ্ঠীৰ  সদস্যসকল ভিন্ন  ধৰণৰ । তেওঁলোকৰ ধৰ্মীৰ  আনুগত্য বেলেগ বেলেগ । তাৰে কিছুমান কিন্দু, কিছুমান মুছলমান,  কিছুমান খ্ৰীষ্টীয়ান  আৰু কিছুমান কোনো ধৰ্মীয় আনুগত্য নাই । আন বহুবোৰ  দিশতো তেওঁলোক  বেলেগ বেলেগ । তেওঁলোকে বেলেগ বেলেগ  কাম কৰে , তেওঁলোকৰ সামৰ্থ বেলেগ বেলেগ  তেওঁলোকৰ  পচন্দ  বেলেগ বেলেগ  আৰু বোলছবি পৰা আৰম্ভ কৰি কিতাপলৈকে তেওঁলোকৰ ৰুচিবোধ বেলেগ বেলেগ  । তাৰে আকৌ কিছুমান ধনী আৰু দুখীয়া । কিছুমান ডেকা আৰু  কিছুমান বুঢ়া । ধৰিলোৱা এই গোষ্ঠীৰ  সদস্যসকলৰ মাজত অচিৰেই জীৱনৰ বিভিন্ন দিশ  সম্বন্ধে  বিবাদ  সষ্টি হব । এওঁলোকৰ প্ৰত্যককে কিমান  সম্পত্তি ৰাখিবলৈ দিয়া হব ? প্ৰত্যক শিশুকেই স্কুললৈ যাব দিয়া উচিত বা অভিভাৱকে সেইবিষয়ে সিদ্ধন্ত লব ।  গোষ্ঠীৰটোৰ কিছুমান সদস্যৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিবলৈ দিয়া হবলে ?ইয়াৰ  প্ৰত্যকটো প্ৰশ্নৰেই বেলেগ বেলেগ  উত্তৰ পোৱা যাব । কিন্তু গোষ্ঠীৰটোৰ সকলো ভিন্নতা স্বত্তেও গোষ্ঠীৰটোৰ সদস্যসকল একলগ হৈ থাকিব লাগিব । তেওঁলোকৰ প্ৰত্যককে প্ৰত্যকৰ সহযোগিতা আৱশ্যক হব। এই গোষ্ঠীৰটো শান্তীৰে থাকিবলৈ সহায় কৰিব ।

    কোনোবা এজনে কব পাৰে যে গোষ্ঠীটোৱে একেলগে থাকিব পাৰিব যদিহে তেওঁলোকে কিছুমান  মৌলিক নিয়ম মানি চলে । এতিয়া প্ৰশ্ন হৈছে যে গোষ্ঠীটোক কিছুমান মূল নীতিৰ  কিয় প্ৰয়োজন ? কিছুমান মূল নীতিৰ  অভাৱত কেনে এক পৰিস্থিতি সৃষ্টি হব । এনে এক অৱস্থাত প্ৰত্যকেই নিৰাপত্তাৰহীনতাত ভূুগিব কিয়নো গোষ্ঠীটোৰ এজন সদস্যই আন এজন সদস্যক কি কৰিব পাৰে সেই সম্পৰ্কে তেওঁলোকৰ জ্ঞান নাথাকিব । প্ৰত্যক গোষ্ঠীটো প্ৰত্যকেই জানিব পাৰিব যে মৌলিক নীতিসমূহৰ ৱ আইনসংগতভাৱে বলবৎ কৰিবও লাগিব ।  যদি নাগৰিক  সকলে ভাবে যে আনে এইবোৰ  নীতি নিয়ম মানি নচলিব তেতিয়া তেওঁলোকেও সেইবোৰ নীতি নিয়ম মানি নচলা হব । কিন্তু যেতিয়া প্ৰত্যকেই জানিব  পাৰিব  যে মৌলিক নীতিসমূহ আইনসংগতভাৱে বলবৎ কৰা হব তেতিয়া প্ৰত্যকেই সেই নীতিসমূহৰ ভংগ কৰিলে আইনমতে দগুনীয় হব ।

    সংবিধানৰ প্ৰথম কামটো হৈছে এনে কিছুমান নীতি - নিয়ম আগবঢ়োৱা যিবোৰে সমাজৰহ  লোকসকলৰ মাজত নুন্যতম সমন্বয় বজাই ৰাখিব ।

Type Sumit Patar

Class 11 Political Science