সংবিধানৰ কৰ্তৃত্ব

    ইতিমধ্যে আমি কোনো এখন দেশৰ সংবিধান কাৰ্যৱলীৰ সম্পৰ্কত আলোচনা কৰিছো ।  এই কাৰ্যৱলীসমূহে সমাজ এখনে কিয় সংবিধান মানি চলে তাৰ ব্যাখ্যা আগবঢ়াইছে । কিন্তু ইয়াতো আমি সংবিধানকলৈ  তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব পাৰো-

(ক) সংবিধান মানে কি?

(খ) এখন সংবিধান কেনেকৈ সফল হয় ?

(গ) সংবিধান এখন বিধি সন্মত হয়নে ?

 বহুতো দেশত সংবিধান হৈছে কিছুমান অনুচ্ছেদ সন্নিবিষ্ট  এখন জটিল দলিল  যত ৰাষ্ট্ৰখনৰ সংগঠিত  ৰূপটোৰ লগতে ৰাষ্ট্ৰখনে পালন  কৰিবলগীয়া নীতি  নিৰ্দেশনা সমূহ  ব্যাখ্যা কৰা হয় । আমি যেতিয়া এখন দেশৰ সংবিধানৰ কথা সুধিম সাধাৰণতে এই শ্ৰেণী দলিলৰ কথাকে বুজায় । কিন্তু ইংলেগুৰ দৰে কিছুমান দেশত সংবিধান বুলি কব পৰাকৈ এখনো দলিল নাই । ইয়াৰ পৰিবৰ্ত্তে তেওঁলোকে সামূহিকভাৱে গ্ৰহণ কৰা কিছুমান সিদ্ধান্ত আৰু দলিলক সংবিধান হিচাপে অভিহিত কৰা হৈছে ।সেই কাৰণে আমি কব পাৰো যে সংবিধান হল এখন দলিল বা কিছুমান দলিলৰ সমষ্টি যাক আমি ওপৰত উল্লেখ কৰা ধৰণে কাৰ্যত ৰূপায়ণ কৰিব পাৰো ।

    পৃথিৱীৰ বহু সংবিধান কেৱল মাত্ৰ কাগজৰ লিখনীতে সীমাবদ্ধ হৈ আছে । সেইবোৰ কাগজত থকা কিছুমান শব্দ মাথো । এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে - এখন সংবিধান কিমান দূৰ কক্ৰিয় ? কি কি কাৰকে ইয়াক সক্ৰিয় কৰি ৰাখে । কিহে সুনিশ্চিত কৰে যে জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ এক প্ৰকৃত প্ৰভাৱ আছে । সাধাৰণতে এখন সংবিধান সক্ৰিয় হৈ থকাটো বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ।

সংবিধান বলবৎ কৰাৰ উপায় (Mode Of Promulgation)

   ইয়াৰ অৰ্থ হৈছে কিদৰে এখন সংবিধান কাৰ্যত  বলবৎ কৰা হৈছে ।  কোনে সংবিধানখন ৰচনা কৰিছে আৰু ইয়াত তেওঁলোকৰ কৰ্তৃত্ব কিমান? কিছুমান দেশত সংবিধান কাৰ্যকাৰিতাই সফলতা লাভ কৰিব নোৱাৰে কিয়নো এনে সংবিধান কিছুমান সেনা বিষয়াই প্ৰস্তুত কৰিছিল বা এনে কিছুমান নেতাই প্ৰস্তুত কৰিছিল যি সকলে জনসাধাৰণক লগত লৈ কাম কৰিবলৈ অপাৰগ আছিল । আটাইতকৈ সফল হিচাপে স্বীকৃতি পােৱা ভাৰত , দক্ষিন আফ্রিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান কেইখন তেওঁলােকৰ স্বাধীনতা আন্দোলনৰ পাছতে ৰচনা কৰা হৈছিল । যদিও ভাৰতীয় সংবিধানখন ১৯৪৬ চনৰ ডিচেম্বৰৰ পৰা ১৯৪৯ চনৰ নৱেম্বৰৰ ভিতৰত সংবিধান সভাই আনুষ্ঠানিকভাৱে প্রস্তুত কৰি উলিয়াইছিল । ইয়াক ভাৰতীয় স্বাধীনতা আন্দোলনৰ ভিত্তিত প্রস্তুত কৰাৰ কাৰণে ই ভাৰতীয় সকলাে শ্ৰেণীৰ লােককে সাঙুৰি ল'বলৈ সক্ষম হৈছিল । ভাৰতীয় সংবিধানে জনসাধাৰণৰ পৰা সম্পূর্ণ বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছিল । সেই কাৰণে বিভিন্ন শ্রেণীৰ মানুহৰ পৰা যথাযােগ্য সন্মান পাবলৈ সক্ষম হৈছিল । লগতে সংবিধানখন ব্যক্তিগত শক্তি বৃদ্ধিৰ আহিলা নহয় বুলিও ইয়াক মান্তি কৰাব পাৰিছিল । সংবিধানৰ মূখ্য দলিলখনে বিস্তৃতভাৱে ভাৰতবৰ্ষৰ জাতীয় ঐক্যমতক প্রতিফলিত কৰিছিল । 

    কিছুমান দেশত সংবিধানখনক পূৰ্ণ পৰ্য্যায়ৰ গণভােটলৈ আগবঢ়াই দিয়া হয় যাতে জনসাধাৰণে সংবিধানৰ প্রয়ােজনীয়তাৰ ওপৰত নিজস্ব ভােটাধিকাৰ প্ৰদান কৰিব পাৰে । ভাৰতীয় সংবিধানখনে এনে ধৰণৰ গণভােটৰ ভিত্তিত প্রস্তুত কৰা হােৱা নাই , তথাপিও ইয়াত ৰাইজৰ পূৰ্ণ কর্তৃত্ব আছে কাৰণ ই ৰাইজৰ ঐক্যমতৰ ওপৰত আৰু জনপ্রিয় নেতা । সকলৰ সমর্থনৰ ভিত্তিত গঢ়ি উঠিছে । যদিও ইয়াক গণভােটৰ ভিত্তিত প্রস্তুত কৰা হােৱা নাই , জনসাধাৰণে ইয়াক নিজৰ সংবিধান হিচাপে গ্রহণ । কৰিছে আৰু ইয়াত সন্নিবিষ্টনীতি নির্দেশনাবােৰ মানি চলিছে । সেই কাৰণে জনসাধাৰণৰ যি কর্তৃত্বৰ ভিত্তিত প্রণয়ন কৰা হৈছে সেই কতৃত্বই সংবিধানৰ সফলতা আংশিকভাৱে হ'লেও নির্ণয় কৰিছে ।   

 Type Sumit Patar

Class 11 Political Science